ৰঙালাও গুটিৰ ঔষধী গুণ আৰু উপকাৰীতা।
ৰঙালাও যিদৰে আমাৰ স্বাস্থ্যৰ বাবে উপকাৰী, ঠিক তেনেদৰে ৰঙালাও গুটিও উপকাৰী।
ৰঙালাও গুটিত প্ৰচুৰ পৰিমাণে ভিটামিন বি কম্প্লেক্স , ভিটামিন C, ভিটামিন E, ভিটামিন K, প্ৰটিন,আঁহ , আইৰণ, কেলচিয়াম, মেগনেছিয়াম, মেংগানিজ, ফচফৰাছ,জিংক, চডিয়াম, পতাচিয়াম আদি পুষ্টিতত্বৰে ভৰপূৰ।
আপুনি বাৰু ৰঙালাও গুটি পেলাই দিয়ে নেকি?
আজিৰ পৰা পেলাই নিদিব।
জানো আহক ৰঙালাও গুটিৰ ঔষধী গুনসমূহ-
1. ডায়েবেটিচ ৰোগীৰ বাবে ৰঙালাও গুটি উপকাৰী।
ইয়াত থকা কিছুমান জিংকে তেজৰ শৰ্কৰা বা ব্লাড চুগাৰ নিয়ন্ত্ৰণ কৰাত সহায় কৰে।
2. পুৰুষৰ প্ৰষ্ট্ৰেট গ্ৰন্থিৰ সমস্যাত ৰঙালাও গুটি উপকাৰী।
ইয়াত থকা জিংকে প্ৰষ্ট্ৰেট গ্ৰন্থিৰ কাৰ্যক্ষমতা অটুট ৰাখে।
3. গাঁঠিৰ বিষত ৰঙালাও গুটি খালে সুফল পোৱা যায়।
ইয়াত থকা আঁহ বা ফাইবাৰে শৰীৰৰ অলাগতিয়াল চৰ্বি কমাই ওজন নিয়ন্ত্ৰণ কৰাত সহায় কৰে।
4. লিভাৰৰ বাবেও ৰঙালাও গুটি উপকাৰী।
5. ৰঙা লাওৰ গুটিত ফেটি এচিড যথেষ্ট পোৱা যায়।
যিয়ে ক্ষতিকাৰক কলেষ্টৰেল কমায় আৰু ওজন কমাব পাৰে।
6. ৰঙা লাওৰ গুটি খালে ভাল টোপনি আহে, ই স্নায়ুবোৰ নিয়ন্ত্ৰণ কৰে কাৰণে ৰঙা লাওৰ গুটিক প্ৰাকৃতিক টোপনিৰ বড়ি বোলা হয়।
7. ৰঙালাওৰ গুটিয়ে বাত বিষ কমায়।
8. ৰঙালাও গুটিয়ে ৰোগ প্ৰতিৰোধ কৰিব পাৰে।
গতিকে আজিৰ পৰা ৰঙালাও গুটি খাওঁক আৰু নিৰোগী হৈ থাকক।
বিঃদ্ৰঃ- এই তথ্যখিনি বিভিন্ন উৎসৰ পৰা সংগৃহীত। অধিক তথ্য জানিবৰ বাবে চিকিৎসকৰ পৰামৰ্শ গ্ৰহণ কৰিব।
লেখনিটো পঢ়ি কেনেকুৱা পালে তলৰ কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব ।
ধন্যবাদ।
News Editor Sangita Dutta R News India 24