৫ মিনিটত ২০টা গুৰুত্বপূৰ্ণ খবৰ। - RnewsIndia24
Skip to content
Rnewsindia24.com Assam May 7/2023:-
1. বাংগালুৰুত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ মেগা ৰোড শ্ব’।
১০ কিলোমিটাৰজোৰা ৰোড শ্ব’ত অংশগ্ৰহণ কৰে প্ৰধানমন্ত্ৰী গৰাকীয়ে।
৪খনকৈ জনসভাতো অংশগ্ৰহণ প্ৰধানমন্ত্ৰী মোদীয়ে।
2. বাংগালুৰুত কৰ্ণাটকৰ নিৰ্বাচন সন্দৰ্ভত মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ সংবাদমেল।
সংবাদমেলত ৰাহুল গান্ধীক পুনৰবাৰ ‘পলৰীয়া’ আখ্যা দিয়ে মুখ্যমন্ত্ৰীয়ে।
‘PFIক সন্ত্ৰাসবাদী সংগঠন’ বুলি মন্তব্য কৰে হিমন্ত বিশ্ব শৰ্মাই।
3. গুৱাহাটীৰ অপৰাধমূলক গোচৰসমূহ সামাজিক মাধ্যমত শ্বেয়াৰ কৰাৰ ক্ষেত্ৰত সকলোকে সাৱধান হোৱাৰ আহ্বান।
টুইটযোগে এই আহ্বান জনালে DGP জি পি সিঙে।
4. গুৱাহাটীত মুকলি হ’ল ‘জীৱন জ্যোতি’সংগঠন।
নেমকেয়াৰ হাস্পতালৰ সামাজিক গোট, বাৰ্ণ কেয়াৰ ফাউণ্ডেশ্বনৰ উদ্যোগত মুকলি কৰা হয় এই সংগঠনটো।
অগ্নিদগ্ধ হৈ নিৰাময় লাভ কৰা লোকসকলৰ বাবে মুকলি কৰা হয় এই ‘জীৱন জ্যোতি’ সংগঠনটো।
সংগঠনটো উদ্বোধন কৰে বিশিষ্ট অভিনেত্ৰী চেতনা দাসে।
5. কণ্ঠশিল্পী সুদক্ষিণা শৰ্মাৰ পুত্ৰ ঋষিৰাজ শৰ্মাৰ মৃত্যু।
GMCH চিকিৎসাধীন অৱস্থাতে মৃত্যু হয়।
মাতৃ সুদক্ষিণা শৰ্মাও সম্প্ৰতি শয্যাগত।
কিছুদিন পূৰ্বে কলকাতাৰ চিকিৎসালয়ত বৃক্ক সংৰোপণ কৰা হৈছিল ঋষিৰাজ শৰ্মাৰ।
আজি হঠাৎ অসুস্থ হৈ পৰাত ভৰ্তি কৰোৱা হৈছিল GMCHত।
6. ডিব্ৰুগড়ত জকাই আঞ্চলিক ৰঙালী বিহু সন্মিলন।
বিহু সন্মিলন মুকলি কৰে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে।
নৱনিৰ্মিত জকাই আঞ্চলিক ৰংগমঞ্চও মুকলি কৰে মন্ত্ৰী গৰাকীয়ে।
7. ‘এই কাণ্ড অত্যন্ত জঘন্য।’কঠোৰ ব্যৱস্থা লোৱা হ’ব। শিশু নিৰ্যাতনকাৰীৰ বিৰুদ্ধে চৰকাৰে শূন্য সহনশীল নীতি গ্ৰহণ কৰিছে।’ চিকিৎসক দম্পতীৰ বিৰুদ্ধে প্ৰতিক্ৰিয়া মন্ত্ৰী পীযূষ হাজৰিকাৰ।
8. জাতীয় বিদ্যালয়ৰ ৰাজ্যিক সমাৰোহ ২০২৩ৰ আজি অন্তিমটো দিন।
অন্তিম দিনৰ প্ৰথম কাৰ্যসূচী হিচাপে উলিওৱা হয় বাৰেৰহণীয়া সাংস্কৃতিক শোভাযাত্ৰা।
শোভাযাত্ৰা উদ্বোধন কৰে বিশিষ্ট অভিনেতা বিষ্ণু খাৰঘৰীয়াই।
9. শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত নেত্ৰদানৰ বিশাল কাৰ্যসূচী।
২০০ গৰাকী ব্যক্তিয়ে স্ব-ইচ্ছাই গ্ৰহণ কৰে নেত্ৰদান মানপত্ৰ।
মন্ত্ৰী কেশৱ মহন্তইও নেত্ৰদান মানপত্ৰ গ্ৰহণ কৰে।
10. উত্তৰ আমেৰিকাৰ ডালাছ মহানগৰত বন্দুকধাৰীৰ নিৰ্বিচাৰ গুলিচালনা।
ঘটনাত ৮ জনৰ মৃত্যু হয় আৰু আহত হয় ৭গৰাকী লোক।
ঘটনাৰে জড়িত থকাৰ সন্দেহত এজনক গুলিয়াই হত্যা কৰে আৰক্ষীয়ে।
11. মুকালমুৱাৰ ১নং জয়সাগৰত জুৱাৰ ঘাটি উৎখাত কৰা হয়।
নগদ ধনসহ ২নং জয়সাগৰৰ জুৱাৰী ইকৰাম হুছেইনক গ্ৰেপ্তাৰৰ লগতে আৰক্ষীয়ে জব্দ কৰে ৩খন দুচকীয়া বাহন আৰু জুৱাত ব্যৱহৃত সামগ্ৰী।
আৰক্ষীৰ অভিযানৰ উমান পাই বহুকেইটা জুৱাৰীৰ পলায়ন কৰে।
12. বকোত নিশা ভয়ংকৰ পথ দুৰ্ঘটনা।
বকোৰ শিংৰাত নিয়ন্ত্ৰণ হেৰুৱাই গছত খুন্দা মাৰে বৰযাত্ৰী কঢ়িওৱা অল্ট’ বাহনে।
দুৰ্ঘটনাটোত থিতাতে নিহত ৩জন আৰু আহত হয় ৩জন লোক।
আনহাতে বকোৰ চকাবাহাতো সংঘটিত হয় এক দুৰ্ঘটনা।
অচিনাক্ত বাহনৰ খুন্দাত নিহত হয় আৰু দুজন আঘাতপ্ৰাপ্ত হয়।
দুয়োটা দুৰ্ঘটনাত আহতসকলক GMCHলৈ প্ৰেৰণ কৰা হয়।
13. হাইলাকান্দিৰ লালাছড়াত ভয়ংকৰ পথ দুৰ্ঘটনা।
নিশা বাইক আৰু এক্সকেভেটৰৰ মাজত হোৱা মুখামুখি সংঘৰ্ষৰ ফলত দুই বাইক আৰোহীয়ে হেৰুৱালে প্ৰাণ।
বিধায়ক সুজামুদ্দিন লস্কৰে পৰিয়াল দুটাক আৰ্থিক সাহায্য প্ৰদানৰ আশ্বাস দিয়ে।
14. মঙলদৈত ভয়ানক ঘটনা।
কুকুৰে কামুৰি আনিলে নৱজাতকৰ মৃতদেহ।
মঙলদৈৰ কেন্সাৰ কেয়াৰ চেণ্টাৰৰ সমীপত সংঘটিত হয় এই ঘটনা।
কেন্সাৰ কেয়াৰ চেণ্টাৰৰ সন্মুখতে পেলাই থৈ গ’ল নৱজাতকৰ মৃতদেহ।
ঘটনাস্থলীত উপস্থিত ঘয় আৰক্ষী, দণ্ডাধীশ।
15. গোলাঘাট সমন্বয় ক্ষেত্ৰত অনুষ্ঠিত হৈছে শ্ৰীমন্ত শঙ্কৰদেৱ সংঘৰ কেন্দ্ৰীয় বহাগী উৎসৱ ।
দিবা-নৈশ বৰ্ণাঢ্য কাৰ্যক্ৰমনিকাৰে অনুষ্ঠিত হোৱা উৎসৱত উলিওৱা হয় বাৰেৰহণীয়া সাংস্কৃতিক শোভাযাত্ৰা।
16. তামুলপুৰৰ কুমাৰীকাটাত বন বিভাগৰ অভিযান।
অভিযানত জব্দ কৰে অবৈধ কাঠ সৰবৰাহ কৰা দুখন ডিআই বাহন।
জব্দকৃত চোৰাং কাঠখিনিৰ বজাৰ মূল্য ৩ লক্ষাধিক টকা।
17. হাইলাকান্দিৰ লালাচৰাত ভয়ংকৰ দুৰ্ঘটনা।
এক্সকেভেটৰত প্ৰচণ্ড খুন্দা মাৰে বাইক আৰোহীয়ে ।
দুৰ্ঘটনাত থিতাতে নিহত হয় বাইক আৰোহী।
18. ডাঃ সংগীতা দত্ত আৰু ৱালিউল ইছলামৰ বিৰুদ্ধে POCSO আইনৰ অধীনত গোচৰ ৰুজু কৰা হৈছে।
মহানগৰ আৰক্ষী আয়ুক্তই সংবাদমেলত জনালে এই কথা৷
19. মিজোৰামত ভয়ংকৰ পথ দুৰ্ঘটনা।
দুৰ্ঘটনাত থিতাতে নিহত হয় ৮জনকৈ লোক।
লংটিলাই জিলাৰ নিৰ্বাচনী প্ৰচাৰৰ পৰা ওভতাৰ পথত গেৰাকুলুকচৰা গাঁৱত সংঘটিত ঘয় এই ঘটনা।
20. গুৱাহাটীৰ সাতগাঁৱত জালনোট প্রস্তুত কৰা মেচিন জব্দ কৰা হৈছে।
সাতগাঁও আৰক্ষীৰ অভিযানত জব্দ কৰে দুটাকৈ মেচিন।
অভিযানত এগৰাকী মহিলা, এজন যুৱকক গ্রেপ্তাৰ কৰা হয়।