৫ মিনিটত ২০টা গুৰুত্বপূৰ্ণ খবৰ। - RnewsIndia24
Skip to content
মিচিং স্বায়ত্বশসিত পৰিষদৰ বিজ্ঞাপনৰ সবিশেষ।
Rnewsindia24.com Assam May 15/2023:-
1. ৰাজ্যিক কৰ্মচাৰীলৈ সু-খবৰ৷
২০২৪ৰ ৩১ মাৰ্চ পৰ্যন্ত ১শতাংশ সুদত ‘আপোন ঘৰ’ শীৰ্ষক আঁচনিৰ সহায়ত লাভ কৰিব গৃহ ঋণ৷
এই সম্পৰ্কত ৰাজ্য চৰকাৰৰে গুৰত্বপূৰ্ণ অধিসূচনা জাৰি কৰিছে।
2. আজিৰে পৰা তিনিচুকীয়াত উপায়ুক্ত সন্মিলন৷
প্ৰশাসনিক ব্যৱস্থাত নতুনত্বৰ উদ্দেশ্যৰে সন্মিলনৰ আয়োজন কৰা হৈছে।
তিনিদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হ’ব পঞ্চমখন সন্মিলন৷
প্ৰশাসনিক ব্যৱস্থাৰ সংস্কাৰৰ ৰূপৰেখা অংকন কৰা হ’ব সন্মিলনত৷
ডিব্ৰুগড়, ডিগবৈতো দুখনকৈ বৈঠকত অংশগ্ৰহণ কৰিব উপায়ুক্তসকলে৷
৫ জনকৈ অতিৰিক্ত মুখ্য সচিবৰ তত্ত্বাৱধানত হ’ব এই বৈঠক৷
১৬, ১৭ মে’ত মুখ্যমন্ত্ৰীৰেও বৈঠকত বহিব প্ৰতিখন জিলাৰ উপায়ুক্তসকল৷
3. চিৰাঙৰ JSB অসামৰিক চিকিৎসালয়ৰ চিকিৎসক দ্বীপেন কলিতা, খ্ৰীষ্টান ব্লেচিং আৰু নাৰ্ছ নিধি পালক নিলম্বন কৰা হৈছে।
চিকিৎসালয়তে সুৰাপান কৰিছিল দুই চিকিৎসক আৰু নাৰ্ছে৷
চিকিৎসালয়ৰ বন্ধ কোঠাত সুৰাপান কৰাৰ দৃশ্য বন্দী হৈছিল কেমেৰাত৷
নিলম্বনৰ কথা সদৰী কৰে ডাঃ ৰেহেনা বেগমে৷
চিৰাং জিলা স্বাস্থ্য বিভাগৰ যুটীয়া সঞ্চালিকা ৰেহেনা বেগম৷
4. কংগ্ৰেছ অধ্যক্ষ মল্লিকাৰ্জুন খৰ্গেলৈ আদালতৰ চমন৷
পঞ্জাবৰ চাংৰুৰ আদালতে দিছে চমন৷
১০ জুলাইত আদালতত হাজিৰ হোৱাৰ নিৰ্দেশ৷
কংগ্ৰেছ দলৰ নিৰ্বাচনী ইস্তাহাৰত বজৰং দলক নিষিদ্ধ কৰাৰ ঘোষণা৷
নিৰ্বাচনী প্ৰচাৰ সভাত বজৰং দলক লৈ আপত্তিজনক মন্তব্য কৰাৰ অভিযোগ৷
বজৰং দল হিন্দৰ প্ৰতিষ্ঠাপকে দাখিল কৰা আবেদনৰ ভিত্তিত আদালতৰ এই নিৰ্দেশ৷
5. উত্তৰ-পূবৰ কেইবাখনো ৰে’লৰ যাত্ৰা বাতিল৷
ৰে’লপথৰ কাম চলি থকাৰ বাবে এই সিদ্ধান্ত NF ৰে’লৱেৰ৷
২৪ মে’লৈ নিউ বঙাইগাঁও-গুৱাহাটী যাত্ৰীবাহী ৰে’ল বাতিল কৰা হৈছে৷
বহুকেইখন দূৰণিবটীয়া ৰে’লৰো যাত্ৰাপথ সলনি কৰা হয়।
6. চত্তীশগড়ৰ বালোদা বজাৰত শোকাৱহ পথ দুৰ্ঘটনা৷
এখন ট্ৰাকৰ সৈতে পিকআপ ভানৰ ভয়ানক সংঘৰ্ষ৷
দুৰ্ঘটনাত একেটা পৰিয়ালৰ ৬ গৰাকীকৈ লোকৰ মৃত্যু হয়।
দুৰ্ঘটনাত আহত কমেও ২৫ গৰাকী লোক৷
7. লাহৰীঘাটৰ দক্ষিণ টেঙাগুৰিত অগ্নিকাণ্ড৷
অগ্নিকাণ্ডত সম্পূৰ্ণৰূপে ভস্মীভূত হয় ২টাকৈ বাসগৃহ৷
জুইত জাহ যায় লক্ষাধিক টকাৰ সা-সম্পত্তি৷
স্থানীয় ৰাইজ, অগ্নিনিৰ্বাপক বাহিনীৰ সহযোগত জুই নিৰ্বাপণ কৰে।
8. তামিলনাডুৰ উত্তৰ অঞ্চলত ভয়ংকৰ ঘটনা।
বিষাক্ত সুৰা সেৱন কৰি ১০ গৰাকী লোকৰ মৃত্যু হয়।
চেংগালপট্টু, ভিল্লুপুৰম জিলাত সংঘটিত এই ঘটনা।
সম্প্ৰতি ৬ জনকৈ লোকক গুৰুতৰ অৱস্থাত চিকিৎসাধীন হৈ আছে।
9. ‘মোদী তৃতীয় বাৰলৈ প্ৰধানমন্ত্ৰী নহ’লে মই ৰাজনীতি এৰিম’- মন্তব্য ৰূপজ্যোতি কুৰ্মীৰ।
10. বাংলাদেশ আৰু ম্যানমাৰত সাগৰীয় ঘূৰ্ণি মোকাৰ তাণ্ডৱ।
ধুমুহাত তচনচ বাংলাদেশৰ টেকনাফ আৰু ছেণ্ট মাৰ্টিন অঞ্চল।
ধুমুহাত মহিলাসহ ৩ লোক মৃত্যু হয়।
11. শদিয়াৰ ১১৫নং ৰাষ্ট্রীয় ঘাইপথত ভয়াৱহ দুৰ্ঘটনা।
দুখন বাহনৰ মুখামুখি সংঘৰ্ষ।
থিতাতে নিহত হয় ৩ গৰাকী।
12. শিক্ষকৰ বদলিক লৈ ছাত্ৰ-ছাত্ৰীৰ প্ৰতিবাদী কাৰ্যসূচী।
বৰমাৰ বাদুলীপাৰা সাউকুছি মিলন মধ্য ইংৰাজী বিদ্যালয়ত ছাত্ৰ-ছাত্ৰীয়ে কৰে প্ৰতিবাদ।
৪ শিক্ষকক বদলিৰ পাছতেই পাঠদানৰ সুবিধাৰ পৰা বঞ্চিত শিক্ষাৰ্থী।
শীঘ্ৰে নতুন শিক্ষক নিযুক্তি প্ৰদান কৰাৰ দাবীৰে প্ৰতিবাদ সাব্যস্ত কৰে।
13. শিশুৰ বিৰুদ্ধে আপত্তিজনক পোষ্ট দি গ্ৰেপ্তাৰ হয় ডবকাৰ ৩ যুৱক।
ধৃত ৩ যুৱক আব্দুল চুবুৰ, আলী আহমেদ, মহিদুল ইছলাম।
সামাজিক মাধ্যমত আপত্তিজনক পোষ্ট দিছিল যুৱককেইজনে।
CIDৰ চাইবাৰ টীমে ধৰা পেলায় যুৱককেইজনৰ কুকাৰ্য।
যুৱককেইজনক আদালতত হাজিৰ কৰোৱাই ন্যায়ালয়লৈ প্ৰেৰণ কৰা হয়।
14. ‘কৰ্ণাটকত যাৰ চৰকাৰ হয় কেন্দ্ৰত তাৰ বিপৰীত দলৰ চৰকাৰ হয়।
মই কৰ্ণাটকৰ কথা ইমান নাজানো, তাত ভাল কাম কৰা নাই বাবেই চাগে হাৰিছে।
কৰ্ণাটক নিৰ্বাচনৰ ফলাফলক লৈ প্ৰতিক্ৰিয়া মন্ত্ৰী পীযূষ হাজৰিকাৰ।
15. নাজিৰাৰ টেঙাপুখুৰীত চ্যুকাফা গ’ল্ডেন বেবী লীগ৷
অমৰজ্যোতি সংঘৰ উদ্যোগত এই প্ৰতিযোগিতা অনুষ্ঠিত হয়।
সামৰণি অনুষ্ঠানত উপস্থিত থাকে সাংসদ তপন কুমাৰ গগৈ আৰু বিধায়ক যোগেন মহন৷
16. বোকাপথাৰত ভয়ংকৰ পথ দুৰ্ঘটনা৷
ডাম্পাৰ-বলেৰ’ পিকআপ ভানৰ মাজত মুখামুখি সংঘৰ্ষ৷
এগৰাকী মহিলাসহ থিতাতে নিহত দুজন লোক৷
ধলা-শদিয়া সংযোগী ভূপেন হাজৰিকা সেতুৰ সমীপত এই ঘটনা সংঘটিত হয়।
সংকটজনক অৱস্থাত আহতসকলক চিকিৎসালয়লৈ প্ৰেৰণ কঐা হয়।
বলেৰ’ পিকআপ ভানখনত আছিল মুঠ ৫ গৰাকী যাত্ৰী৷
17. ব’হাগী বিদায় উৎসৱৰ মাজতে গোগামুখত ভয়ংকৰ কাণ্ড৷
কণ্ঠশিল্পী ৰোহিত সোণাৰৰ সংগীতানুষ্ঠানত একাংশৰ উদ্ভণ্ডালি৷
ভাঙি চূৰমাৰ কৰে হাজাৰ হাজাৰ চকী, আছু কৰ্মীকো প্ৰহাৰ কৰে একাংশই।
কাৰ্যালয় ভাঙিও লণ্ডভণ্ড কৰে একাংশই৷
গোগামুখ আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈছিল ব’হাগী বিদায়৷
দোষীক কৰায়ত্ত কৰি শাস্তি প্ৰদানৰ দাবীত স্থানীয় বন্ধ ঘোষণা আছুৰ৷
18. *চতিয়াত ভয়ংকৰ অগ্নিকাণ্ড।
ৰাজপথত দাওদাওকৈ জ্বলিল এখন বাইক।
চতিয়াৰ খাটোৱাল গাঁৱৰ বন্ধন বেংকৰ সন্মুখত সংঘটিত হৈছে এই ঘটনা।
*কাছাৰৰ সোনাই স্বাধীন বজাৰত ভয়ংকৰ অগ্নিকাণ্ড ।
জুইত জাহ গল বজাৰৰ প্ৰায় ১৬খনকৈ শাকপাচলিৰ দোকান ।
দুষ্কৃতিকাৰীয়ে অগ্নিসংযোগ কৰাৰ সন্দেহ প্ৰকাশ কৰিছে।
*সোণাৰিৰ ৰাজপথত দপদপাই জ্বলিল এখন বাহন।
এজন ব্যৱসায়ীৰ বাহনত লাগে জুই।
19. উত্তৰ প্ৰদেশৰ হাপুৰত চাঞ্চল্যকৰ ঘটনা৷
মৃত অৱস্থাত উদ্ধাৰ কৰে প্ৰায় ৪০টা বান্দৰ৷
খাদ্যত বিষক্ৰিয়া হৈ মৃত্যু হোৱাৰ সন্দেহ কৰা হয়।
20. তিতাবৰত শোকাৱহ ঘটনা৷
বাসগৃহৰ ভিতৰত অগ্নিদগ্ধ হৈ মৃত্যু হয় এজন যুৱক৷
নাম চিদনাথ মিশ্ৰ।
অগ্নিকাণ্ডত সম্পূৰ্ণৰূপে ভস্মীভূত বাসগৃহতো৷
অগ্নিনিৰ্বাপক বাহিনী উপস্থিত হৈ নিৰ্বাপণ কৰে জুই৷
Post navigation
Go Top