৫ মিনিটত ২০টা গুৰুত্বপূৰ্ণ খবৰ।
Rnewsindia24.com Assam May 24/2023:-
1. কইনাধৰাত অসম-মেঘালয়ৰ মুখ্যমন্ত্ৰীৰ বৈঠক।
দুয়ো ৰাজ্যৰ সীমা সমস্যাক লৈ অনুষ্ঠিত হৈছে এই বৈঠক।
৬টা বিবদমান অঞ্চলক লৈ আলোচনা কৰা হয় বৈঠকত।
উপস্থিত থাকে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা, কনৰাড চাংমা, মন্ত্ৰী পিযুষ হাজৰিকা , মেঘালয়ৰ উপ-মুখ্যমন্ত্ৰীদ্বয় ক্ৰমে Prestone Tynsong , Sniawbhalang Dhar, কেবিনেট মন্ত্ৰী অতুল বৰা, চন্দ্ৰ মোহন পাটোৱাৰীৰ লগতে দুয়োখন ৰাজ্যৰ মুখ্য সচিব আৰু গণ্যমান্য ব্যক্তি।
2. কৰিমগঞ্জৰ ভাৰত-বাংলা সীমান্ত পৰিদর্শন কৰে অসমৰ ৰাজ্যপাল গুলাব চান্দ কাটাৰিয়াই।
কৰিমগঞ্জৰ প্ৰশাসনিক বিষয়াসকলৰ সৈতে আলোচনাত মিলিত হয় ৰাজ্যপালগৰাকী।
3. শেহতীয়াকৈ প্ৰাদেশিকৃত চাহ বাগিচা পৰিচালিত ৪২২খন বিদ্যালয়ত ৮৫০টা শিক্ষকৰ পদ সৃষ্টি।
নিম্ন প্ৰাথমিক, উচ্চ প্ৰাথমিক আৰু হাইস্কুল পৰ্যায়ত নতুন পদৰ সৃষ্টি।
এই কথা সদৰী কৰে শিক্ষামন্ত্ৰী ৰণোজ পেগুৱে।
4. UPSCৰ ফলাফলত ৮৪৮ সংখ্যক স্থান দখল কৰিছিল নিবেদিতা দাসক সম্বৰ্দ্ধনা জনাই মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে।
5. জনপ্ৰিয় অভিনেতা নিতিশ পাণ্ডেৰ হৃদক্ৰিয়া বন্ধ হৈ মৃত্যু হয়।
ডাবাং,ঔম শান্তি ঔম,খৌচলা কা ঘৌচলা,অনুপমাৰ দৰে বহু জনপ্ৰিয় ছবিত অভিনয় কৰিছিল অভিনেতাগৰাকীয়ে।
6. SI জোনমণি ৰাভাৰ মৃত্যুৰ নিৰপেক্ষ তদন্তৰ দাবীত ওদালগুৰি চহৰত বিশাল প্ৰতিবাদী সমদল।
নিখিল ৰাভা ছাত্ৰ সন্থা, নিখিল ৰাভা সাহিত্য সভা, নিখিল ৰাভা মহিলা পৰিষদ, নিখিল ৰাভা জাতীয় পৰিষদ আৰু ৰাভা গণমঞ্চৰ উদ্যোগত প্ৰতিবাদ সাব্যস্ত কৰে।
আনহাতে, কচুগাঁৱৰ ইছলামপুৰ SI জোনমণি ৰাভাৰ মৃত্যুৰ তদন্তৰ দাবীৰে ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ শতাধিক পুৰুষ-মহিলাৰ আৰু ছয়গাঁৱৰ বামুণীগাঁৱত আৰছুৰ ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ।
7. কামৰূপ মহানগৰ জিলাক ড্ৰোণ উৰণ নিষিদ্ধ এলেকা ঘোষণা।
কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ গুৱাহাটী আগমনৰ পৰিপ্ৰেক্ষিতত এই সিদ্ধান্ত।
কামৰূপ মহানগৰৰ জিলা দণ্ডাধীশে জাৰি কৰিলে এই নিৰ্দেশনা।
২৫ মে’ত গুৱাহাটীলৈ আহিব কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ।
8. নাজিৰাৰ বিহুবৰত নৰবলিৰ অপচেষ্টা।
গুপ্ত ধনৰ সন্ধানত এগৰাকী যুৱতীক বলি দিয়াৰ চেষ্টা।
ঘটনা সন্দৰ্ভত আৰক্ষীৰ কাষ চাপিছে ভুক্তভোগী যুৱতীগৰাকীয়ে।
9. SP আনন্দ মিশ্ৰৰ ভয়ত কম্পমান জালনোট, নকল সোণৰ ব্যৱসায়ী।
বিগত ৪৮ ঘণ্টাত ৩১জন নকল সোণ বেপাৰীৰ আত্মসমৰ্পণ।
আবু, জাকিৰ হুছেইন, মিজানুৰ ৰহমান ওৰফে মিজো, ছাইদুল ইছলাম ওৰফে ছাইদুল্লাহ, শ্বাহাবুদ্দিন, আব্দুৰ ৰেজ্জাকৰ, বুৰহান উদ্দিন, অলাল উদ্দিন, মজিবুৰ ৰহমান, ছামচুল হুছেইন, মতিউৰ ৰহমান, নাজিবুৰ ৰহমান আৰু আতিকুল ইছলামৰ আত্মসমৰ্পণ।
আত্মসমৰ্পণ কৰা বহুকেইজনৰ নাম জানিব পৰা হোৱা নাই।
10. জম্মু-কাশ্মীৰৰ কিষ্টৱাৰত ভয়ংকৰ দুৰ্ঘটনা।
দ খাৱৈত বাহন বাগৰি ৭ জনৰ মৃত্যু হয়।
শ্ৰমিক কঢ়িওৱা বাহনখন নিয়ন্ত্ৰণ হেৰুৱাই সংঘটিত হয় দুৰ্ঘটনা।
আহত হৈছে কেইবাগৰাকীও শ্ৰমিক।
11. তামুলপুৰৰ দ্বাৰকুছিত ভয়ংকৰ পথ দুৰ্ঘটনা।
টিউচনলৈ যোৱাৰ পথতে বাছে মহটিয়াই নিয়ে ছাত্ৰীগৰাকীক।
হিমানী দাস নামৰ কিশোৰীগৰাকীৰ থিতাতে মৃত্যু হয়।
গোপালপুৰ আদৰ্শ হাইস্কুলৰ দশম শ্ৰেণীৰ ছাত্ৰী আছিল হিমানী।
দুৰ্ঘটনাৰ পাছতে ৰাইজে বন্ধ কৰি দিয়ে পথছোৱা।
12. কাৰ্বি আংলং আৰক্ষীৰ জালত পৰিছে মহিলাসহ ২ ড্ৰাগছ সৰবৰাহকাৰী।
খটখটিৰ জনকপুখুৰীৰ পৰা ২ সৰবৰাহকাৰীক আটক কৰে আৰক্ষীয়ে।
13. কাছাৰত ৪ কোটি টকা মূল্যৰ বাৰ্মিজ চুপাৰি জব্দ কৰা হৈছে।
দিগৰখাল আৰু কালাইনৰ পৰা জব্দ কৰে ৫খন চুপাৰিভৰ্তি ট্রাক।
আৰক্ষীয়ে ট্ৰাক কেইখনৰ চালক আৰু হেণ্ডীমেনকে ধৰি ৯ জনক আটক কৰে।
14. জামুগুৰিহাটত জালনোটসহ গ্রেপ্তাৰ এজন।
আৰক্ষীয়ে সৰবৰাহ কাৰীটোৰ পৰা জব্দ কৰে ১২ হাজাৰ টকাৰ ৫০০ টকীয়া জালনোট।
নাম ইয়ানোচ আলী।
15. জোনাইত ৰহস্যজনক ঘটনা।
জোনাই মহকুমা তথ্য আৰু জনসংযোগ বিষয়া সুপ্ৰতীম দে’ৰ চৰকাৰী আৱাসত আত্মহত্যা।
16. দিছপুৰ প্ৰেছ ক্লাবত অসমীয়া যুৱ মঞ্চৰ সংবাদমেল।
জোনমণি ৰাভাৰ ৰহস্যজনক মৃত্যু লগতে নকল সোণ আৰু নকল টকাৰ পয়োভৰকলৈ অনুষ্ঠিত হয় এই সংবাদমেল ।
জোনমণিৰ পৰিয়ালক ন্যায়ৰ দাবী অসমীয়া যুৱ মঞ্চৰ।
17. মটক জনগোষ্ঠীৰ উদ্যোগত ২২১সংখ্যক স্বৰ্গদেউ সৰ্বানন্দ সিংহ দিৱস উদ্যাপন।
গুৱাহাটীৰ লগতে ডিব্ৰুগড়তো কেন্দ্ৰীয়ভাৱে উদ্যাপন কৰা হৈছে এই দিৱস।
অনুষ্ঠানত অংশ লয় মটক জনগোষ্ঠীৰ লোকসকলে।
18. ছবি জগতৰ পৰা আন এক দুঃখবৰ।
পথ দুৰ্ঘটনাত মৃত্যু হয় সৰু পৰ্দাৰ জনপ্ৰিয় অভিনেত্ৰী বৈভৱী উপাধ্যায়ৰ ।
ভাৱী স্বামীৰ সৈতে হিমাচল প্ৰদেশত প্ৰমোদ ভ্ৰমণৰ সময়তে বাহন দুৰ্ঘটনাত মৃত্যু ঘটে অভিনেত্ৰীগৰাকীৰ।
19. ওদালগুৰিত ভেকুলী বিয়া।
কৃষিজীৱি ৰাইজে খৰাং বতৰত বৰষুণ বিচাৰি মাংগলিক ঋতি নীতিৰে সম্পন্ন কৰিলে ভেকুলী বিয়া।
ওদালগুৰিৰ দক্ষিণ শইকীয়াপাৰাত মহিলা গোটৰ উদ্যোগত অনুষ্ঠিত হয় এই ভেকুলীৰ বিবাহ অনুষ্ঠান।
20. লামডিঙৰ ক্ৰীড়া জগতলৈ সুখবৰ৷
ভূপালত অনুষ্ঠিত হ’ব লগা ৰাষ্ট্ৰীয় জুডো প্ৰতিযোগিতালৈ নিৰ্বাচিত হৈছে দেৱ দাস আৰু বৰ্ষা মজুমদাৰ৷
অহা ৬-১২ জুনলৈ অনুষ্ঠিত হ’ব মেগা প্ৰতিযোগিতাখন।