৫ মিনিটত ২০টা গুৰুত্বপূৰ্ণ খবৰ। - RnewsIndia24
Skip to content
মিচিং স্বায়ত্বশসিত পৰিষদৰ বিজ্ঞাপনৰ সবিশেষ।
Rnewsindia24.com Assam June 1/2023:-
1. ছবিপ্ৰেমী সকলৰ বাবে দু-খবৰ।
কাইলৈ মুক্তিলাভ কৰিবলগীয়া ‘শ্ৰীৰঘুপতি’ ছবিখন অনিৰ্দিষ্টকালৰ বাবে মুক্তিত নিষেধাজ্ঞা ন্যায়ালয়ৰ।
পূৰ্বৰ প্ৰযোজক শৈলেন কুমাৰ শৰ্মাৰ সৈতে হোৱা চুক্তি উলংঘা কৰাৰ অভিযোগ৷
শৈলেন কুমাৰ শৰ্মাৰ পুত্ৰ ধৃতিমান শৰ্মাই কামৰূপ মহানগৰ সত্ৰ ন্যায়াধীশ আদালতত তৰিছিল গোচৰ৷
আজি শুনানিৰ অন্তত ছবিখনি মুক্তিত বাধা প্ৰদান কৰে ন্যায়াধীশে৷
2. শিক্ষাৰ্থীৰ বাবে ইউনিক আইডিৰ ব্যৱস্থা৷
শিক্ষা সেতু এপৰ জৰিয়তে শিক্ষাৰ্থীয়ে লাভ কৰিব এই আইডি৷
আইডিৰ জৰিয়তে শিক্ষাৰ্থীয়ে লাভ কৰিব শিক্ষাজীৱনৰ বহু তথ্য৷
ব্যক্তিগত বিদ্যালয়ৰ ক্ষেত্ৰতো প্ৰযোজ্য হ’ব এই নিয়ম৷
ঘোষণা শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৰ।
3. গুৱাহাটী-শিলচৰৰ মাজত ঘৰুৱা বিমান সেৱা আৰম্ভ হয়।
অসম পৰ্যটন বিভাগৰ উদ্যোগত এই সেৱা আৰম্ভ কৰা হৈছে।
এই বিমান সেৱাৰ ফ্লেগঅফ কৰে মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই।
4. ‘মণিপুৰৰ ৰাজ্যপালৰ নেতৃত্বত গঠন কৰা হ’ব শান্তি কমিটী৷
শান্তি কমিটীত থাকিব চিভিল ছ’চাইটিৰ প্ৰতিনিধি’৷
মণিপুৰৰ অগ্নিগৰ্ভা পৰিস্থিতি সন্দৰ্ভত ঘোষণা কৰে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে৷
5. মণিপুৰৰ সিংসাত্মক পৰিস্থিতিৰ মাজতে IPS বিষয়া ৰাজীৱ সিঙক মণিপুৰৰ আৰক্ষী সঞ্চালকপ্ৰধান হিচাপে নিযুক্তি প্ৰদান কৰা হয়।
পূৰ্বে CRPF ৰ মহাপৰিদৰ্শক হিচাপে কৰ্তব্যৰত আছিল ৰাজীৱ সিং
6. উৰণ প্ৰশিক্ষণৰ সময়তে ভাৰতীয় বায়ু সেনাৰ এয়াৰক্ৰাফ্ট দুৰ্ঘটনাগ্ৰস্ত।
কৰ্ণাটকৰ সামৰাজ নগৰত দুৰ্ঘটনাতপতিত এয়াৰক্ৰাফ্টখনত থকা দুয়োজন চালকক সুকলমে উদ্ধাৰ কৰা হয়।
ঘটনাক লৈ তদন্ত ঘোষণা কৰে ভাৰতীয় বায়ু সেনাই।
7. বিশিষ্ট অভিনেত্ৰী আৰতি বৰুৱাৰ দেহাৱসান।
লুইত কোঁৱৰ ৰুদ্ৰ বৰুৱাৰ সহধৰ্মিনী আছিল আৰতি বৰুৱা।
8. বন মাফিয়াৰ আক্ৰমণত নিহত বনকৰ্মী ৰাজবীৰ আহমেদৰ ঘৰত ভূপেন বৰা।
কৃষ্ণাইস্থিত ঘৰলৈ গৈ প্ৰদেশ কংগ্ৰেছৰ সভাপতিজনে ৰাজবীৰৰ পৰিয়ালক সাক্ষাৎ কৰি কিছু আৰ্থিক সাহায্য আগবঢ়ায়।
লগতে চৰকাৰক তীক্ষ্ণ সমালোচনা কৰে ভূপেন বৰাই।
9. তিনিচুকীয়াত ভয়ংকৰ ঘটনা।
ৰাজপথতে দপদপাই জ্বলি উঠিল এখন বাছ।
সম্পূৰ্ণৰূপে ভস্মীভূত হয় ৰখাই থোৱা ASTCৰ বাছখন।
জানিব পৰা নাই জুই লগাৰ কাৰণ।
10. স্বীকৃতি বাতিলৰ পথত দেশৰ প্ৰায় ১৫০খন চিকিৎসা মহাবিদ্যালয়।
তালিকাত অন্তৰ্ভুক্ত হৈছে অসম, গুজৰাট, পুডুচেৰী, অন্ধ্ৰপ্ৰদেশ, তামিলনাডুৰ চিকিৎসা মহাবিদ্যালয়ৰ নাম।
11. ৰঙিয়াৰ চেপ্তিত দুৰ্ঘটনা।
বিদ্যালয়ৰ বাছত খুন্দা মাৰিলে যাত্ৰীবাহী বাছে।
দুৰ্ঘটনাৰ ফলত ২০গৰাকী যাত্ৰী আঘাতপ্ৰাপ্ত হয়।
আহতসকলক ততাতৈয়াকৈ ভৰ্তি কৰোৱা হৈছে হাস্পতালত।
12. হ্ৰাস পালে ৰন্ধন গেছৰ বাণিজ্যিক চিলিণ্ডাৰৰ দাম।
আজিৰে পৰা কাৰ্যকৰী হোৱাকৈ প্ৰতিটো চিলিণ্ডাৰৰ দাম ৮৩.৫০ টকাকৈ হ্ৰাস।
13. গুৱাহাটীৰ নয়নপুৰৰ ২নং বাইলেনত নিশা শিহৰণকাৰী ঘটনা।
সুৰাৰ ৰাগীত কুঁৱাত পৰিল এজন লোক।
ঘটনাস্থলীত SDRF আৰু আৰক্ষীৰ দল উপস্থিত হৈ বহু সময় ধৰি চেষ্টা চলোৱাৰ অন্তত জীৱন্তে উদ্ধাৰ কৰিবলৈ সক্ষম হয় ।
নাম ৰিন্তু বৰুৱা।
প্ৰায় ৪ ঘণ্টা ধৰি কুঁৱাটোতে আবদ্ধ হৈ থাকে লোকজন।
14. বৰপেটাৰোডত গুলীচালনাৰ ঘটনা।
ষ্টেট বেংকৰ এটা CSP চেণ্টাৰত দুৰ্বৃত্তৰ গুলীচালনা।
ধন দাবী কৰি দুই জাঁইকৈ গুলীচালনা কৰে দুৰ্বৃত্তই।
এটা দুৰ্বৃত্তক কৰায়ত্ত কৰে ৰাইজে।
ঘটনাত হতাহত হোৱা নাই কোনো লোক।
15. হাজো আৰক্ষীৰ ড্ৰাগছ বিৰোধী অভিযান।
দলৈতোলাত জব্দ কৰে ৪৫ টা নিষিদ্ধ কফ ছিৰাপৰ বটল।
আৰক্ষীয়ে আটক কৰে তিনি সৰবৰাহকাৰীক।
16. গোৱালপাৰাৰ দোস্তিনগৰত উত্তপ্ত পৰিস্থিতি।
৫ পুৰুষ-মহিলাসহ হোটেলৰ স্বত্বাধিকাৰীক আটক কৰে।
দীৰ্ঘদিনে হোটেলখনত নাৰীদেহ ব্যৱসায় চলি অহাৰ অভিযোগ স্থানীয় ৰাইজৰ।
17. বৰপেটাৰোড পাচলি বজাৰত গুলীচালনাৰ ঘটনা।
শক্তি নগৰত SBIৰ গ্রাহ সেৱা কেন্দ্রত গুলীচালনা কৰে ২ দুৰ্বৃত্তই।
SBIৰ CSP কেন্দ্রটোত পিষ্টল দেখুৱা টকা লুট কৰাৰ চেষ্টা।
18. গুৱাহাটী মহানগৰীত আন এক চাঞ্চল্যকৰ ঘটনা৷
বাকচৰ ভিতৰত উদ্ধাৰ হ’ল মহিলাৰ মৃতদেহ৷
মহানগৰীৰ লালুংগাঁৱত সংঘটিত হৈছে এই ঘটনা ৷
19. SCERT কেলেংকাৰিত জড়িত হাউলী DIETৰ কৰ্মচাৰী সোণমণি নাথক গ্ৰেপ্তাৰ কৰা হৈছে।
দিনজোৰা জেৰাৰ অন্তত গ্ৰেপ্তাৰ কৰে সোণমণিক।
গ্ৰেপ্তাৰৰ পাছতে সোণমণিক স্বাস্থ্য পৰীক্ষাৰ বাবে চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয়।
20. ভাৰতীয় উপকূলৰক্ষী বাহিনী আৰু ৰাজহ চোৰাংচোৱাৰ যৌথ অভিযানত জব্দ কৰে প্ৰায় ৩২.৬৮৯ কিলোগ্ৰাম সোণ।
শ্ৰীলংকাৰ পৰা ভাৰতলৈ সৰবৰাহ কৰি থকাৰ সময়তে দুখন মাছ ধৰা নাওৰ পৰাও উদ্ধাৰ কৰে ২০.২ কোটি টকা।
Post navigation
Go Top