৫ মিনিটত ৫ টা গুৰুত্বপূৰ্ণ খবৰ। - RnewsIndia24
Skip to content
Rnewsindia24.com Assam June 8/2023:-
1. আজি চানডুবিত অসম চৰকাৰৰ পৰিৱেশ আৰু বন বিভাগে আয়োজন কৰে “অমৃত গছপুলি ৰোপণ” কাৰ্যসূচী।
উপস্থিত থাকে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা, ৰাজ্যপাল গোলাব চান্দ কাটাৰিয়া, বন মন্ত্ৰী চন্দ্ৰ মোহন পাটোৱাৰী, মন্ত্ৰী পিযুষ হাজৰিকা, মন্ত্ৰী ৰঞ্জিত দাস আৰু সাংসদ, বিধায়ক সকল।
2. ৰঙিয়া, হাজোত মথাউৰি নিৰ্মাণৰ কাম পৰিদৰ্শন কৰে মন্ত্ৰী পীযূষ হাজৰিকাই।
মথাউৰিৰ কাম পৰ্যবেক্ষণ কৰাৰ লগতে স্থানীয় ৰাইজৰ সৈতে মত-বিনিময় কৰে মন্ত্ৰীগৰাকীয়ে।
বিভাগীয় অভিযন্তা, ঠিকাদাৰক আপোচবিহীনভাৱে নিৰ্মাণ কাৰ্য কৰি যাবলৈ নিৰ্দেশ দিয়ে মন্ত্ৰী পীযূষ হাজৰিকাই।
3. দূৰদৰ্শনৰ প্ৰথম ইংৰাজী বাতৰি পৰিৱেশক গীতাঞ্জলি আয়াৰৰ দেহাৱসান।
৩০ বছৰ ধৰি দূৰদৰ্শনৰ বাতৰি পৰিৱেশকৰ দায়িত্বত আছিল গীতাঞ্জলি আয়াৰ।
চাৰিবাৰকৈ শ্ৰেষ্ঠ বাতৰি পৰিৱেশকৰ সন্মান লাভ কৰিবলৈ সক্ষম হৈছিল গীতাঞ্জলি আয়াৰ।
4. পাইৰেচীৰ কবলত পৰিল সদ্যমুক্তিপ্ৰাপ্ত অসমীয়া ছবি শ্ৰীৰঘুপতি।
চিনেমা হললৈ গৈ ছবিখনৰ কিয়দাংশ মোবাইলত ৰেকৰ্ড কৰি একাংশই আপলোড কৰিলে ফেচবুক পেজ তথা ইউটিউব চেনেলত।
ঘটনা সন্দৰ্ভত ৰুজু কৰা হৈছে গোচৰ।
5. ৬৬সংখ্যক ৰাষ্ট্ৰীয় স্কুল গেমছত অসমৰ ক্ৰীড়াবিদৰ সাফল্য।
সাঁতোৰ প্ৰতিযোগিতাত জনঞ্জয় জ্যোতি হাজৰিকাৰ স্বৰ্ণ জয়।
অংশুমান কাশ্যপ, জাহ্নৱী কাশ্যপে লাভ কৰে ব্ৰঞ্জৰ পদক।
6. বঙাইগাঁৱৰ বইটামাৰীত ভয়ংকৰ অগ্নিকাণ্ড।
ছয় খনকৈ দোকান সম্পূৰ্ণ ৰূপে ভস্মিভূত হয়।
গেছ চিলিণ্ডাৰ বিস্ফোৰণৰ ফলত এই অগ্নিকাণ্ডৰ সূত্ৰপাত হয় বুলি জানিব পৰা গৈছে।
7. লিডুৰ অবৈধ কয়লাখনিত পুনৰ ভয়ানক ঘটনা।
অবৈধভাৱে কয়লা খনন চলাওঁতে ২জন যুৱকৰ মৃত্যু হয়।
ধনৰ প্ৰলোভন দি সমগ্ৰ ঘটনা গাপ দিয়াৰ চেষ্টা কয়লা মাফিয়াৰ।
বুধবাৰে খনন চলাই থকাৰ সময়ত দুজনকৈ শ্ৰমিকৰ মৃত্যু ঘটে।
8. ৰাজ্যত এক শোকাৱহ ঘটনা।
বৰ্ণিহাট জলপ্রপাতত গা ধুবলৈ গৈ মৃত্যু হয় USTM ছাত্ৰ।
মৃত ছাত্ৰজনৰ নাম ৰোহন গগৈ।
9. কাজিৰঙাৰ মিহিমুখত প্ৰকাণ্ড চকৰি ফেঁটী উদ্ধাৰ কৰা হয়।
এজন লোকৰ বাৰীৰ পৰা পৰিৱেশ কৰ্মী মনোজ গগৈয়ে উদ্ধাৰ কৰে প্ৰকাণ্ড চকৰি ফেঁটীডাল।
10. গুৱাহাটীত পুৱাই শোকাৱহ দুৰ্ঘটনাত।
থিতাতে নিহত হয় এগৰাকী যুৱতী।
নাম প্ৰিয়া কুমাৰী।
ৰয়েল গ্ল’বেল স্কুলৰ বাছৰ চকাৰ তলত সোমাই পৰিছিল লিটল ফ্লাৱাৰ স্কুলৰ ছাত্ৰীগৰাকী।
11. লংকাৰ নখুঁটী খাগৰিজানত নিশা অগ্নিকাণ্ড।
বিধ্বংসী জুইত জাহ গ’ল আবুল হুছেইন নামৰ লোকজনৰ দুটাকৈ ঘৰ।
নগদ ১০ হাজাৰ টকা, সোণ-ৰূপৰ অলংকাৰ, প্ৰয়োজনীয় নথিপত্ৰ, আচবাবকে ধৰি বহু সা-সামগ্ৰী জুইত ভস্মীভূত।
ঘৰৰ চৌকাৰ পৰা সূত্ৰপাত ঘটে অগ্নিকাণ্ডৰ।
12. যোৰাবাটৰ ১১ মাইলত আৰক্ষীৰ অভিযান।
এখন ট্ৰাকৰ পৰা জব্দ কৰে ৩০০ কাৰ্টন অবৈধ বিলাতী সুৰা।
13. সদ্য ঘোষিত উচ্চতৰ মাধ্যমিকৰ ফলাফলত ধেমাজি পাপলিক একাডেমী বিদ্যালয়ৰ পৰা চিচিমুখ দক্ষিণ দুমকটা গাৱঁৰ জন দলেয়ে বিজ্ঞান শাখাত তিনিটা বিষয়ত লেটাৰ নম্বৰ সহ 76.4% লৈ সুখ্যাতিৰে উত্তীৰ্ণ হয়।
14. উৎকট গৰমত মৰাণৰ খোৱাঙত মৃত্যু এগৰাকী বৃদ্ধাৰ।
উৎকট গৰমৰ বাবে মৃত্যু হয় সৰগফলা বেজগাঁৱৰ অনু সন্দিকৈৰ।
জ্যেষ্ঠ পুত্ৰৰ ঘৰলৈ যোৱাৰ পথতে মৃত্যু বৃদ্ধাগৰাকীৰ।
পৰিয়ালৰ লোকে পথাৰত উদ্ধাৰ কৰিছে অনু সন্দিকৈৰ মৃতদেহ।
15. ডিব্ৰুগড়ত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ প্ৰতিবাদ।
ধেমাজিৰ পাণবাৰীৰ ঘটনাৰ ন্যায় বিচাৰি প্ৰতিবাদ সাব্যস্ত কৰে।
16. মহানগৰীৰ বশিষ্ঠৰ পাটৰকুছিত চুৰিকাণ্ড।
নিশা বলেৰ’ বাহন লৈ উধাও হয় চোৰ।
নিশা সংঘটিত হয় এই চুৰি কাণ্ড।
চোৰক বিচাৰি অভিযান অব্যাহত ৰাখিছে আৰক্ষীয়ে।
17. কাৰ্বি পৰম্পৰা ধৰ্ম-সংস্কৃতিৰ অন্যতম ‘ৰেকপি ৰংকেৰ’ উৎসৱ উদযাপন খেৰনিত।
কপিলী নৈৰ পাৰত কাৰ্বি জনগোষ্ঠীয় লোকে পালন কৰে এই উৎসৱ।
18. গুৰুকুল গ্ৰামাৰত ভয়ংকৰ ৰেগিং কাণ্ড।
অভিভাৱককো প্ৰহাৰ কৰে একাংশ উদণ্ড ছাত্ৰই।
দ্বাদশ শ্ৰেণীৰ ছাত্ৰই প্ৰহাৰ কৰিলে কনিষ্ঠ ছাত্ৰৰ পিতৃক।
19. হাইকালন্দিৰ পাচগ্রামত ৩০ লাখ টকাৰ হেৰ’ইন জব্দ।
এখন i10 বাহনৰ পৰা জব্দ কৰে ড্রাগছখিনি।
আৰক্ষীয়ে গ্রেপ্তাৰ কৰিছে দুই ড্রাগছ সৰবৰাহকাৰীক।
20. ‘তাপমাত্ৰা বহুত বাঢ়িছে, মাজে মাজে কাৰিকৰী অসুবিধাও হৈছে৷
তাঁৰ জ্বলি গৈছে, সেয়ে অঞ্চলসমূহত বিদ্যুৎ ব্যাহত হৈছে’৷
লোডশ্বেডিঙক লৈ এই মন্তব্য মন্ত্ৰী নন্দিতা গাৰ্লোছা।