৫ মিনিটত ২০টা গুৰুত্বপূৰ্ণ খবৰ। - RnewsIndia24
Skip to content
মিচিং স্বায়ত্বশসিত পৰিষদৰ বিজ্ঞাপনৰ সবিশেষ।
Rnewsindia24.com Assam June 9/2023:-
1. বিদ্যুতৰ ব্যৱহাৰ বেছি হোৱা বাবে বিদ্যুতৰ বিল বেছি আহিছে।
বিদ্যুতৰ বিল বঢ়া নাই – মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ।
2. লখিমপুৰৰ নাওবৈচাত প্রাথমিক বিদ্যালয়ত উপায়ুক্তৰ ছাডেন ভিজিট।
৯.৩০ বজালৈ উপস্থিত নাই প্রধান শিক্ষয়িত্রী আৰু সহকাৰী শিক্ষক।
উপায়ুক্ত উপস্থিত হোৱাৰ পিছত অহা দুই শিক্ষক
প্রধান শিক্ষক আৰু সহকাৰী শিক্ষকৰ বিৰুদ্ধে ব্যৱস্থা গ্রহণৰ নির্দেশ দিয়ে উপায়ুক্ত সুমিত সাত্তাৱনে।
3. ২২ জুনৰ পৰা অম্বুবাচী মেলা আৰম্ভ।
অম্বুবাচীৰ প্ৰবৃত্তি ২২ জুনৰ নিশা ২.৩০ বাজি ৪২ ছেকেণ্ডত।
২৬ জুনত হ’ব অম্বুবাচীৰ নিবৃত্তি।
4. ‘ছিণ্ডিকেটৰ বাপেক বিধায়ক অখিল গগৈ৷
অখিল গগৈৰ অনুমতি নোহোৱাকৈ অসমত কোনেও ছিণ্ডিকেট চলাব নোৱাৰে’৷
মন্ত্ৰী পীযুজ হাজৰিকাই অখিল গগৈৰ সন্দৰ্ভত এইদৰে মন্তব্য কৰে৷
5. পুনৰ উৎকোচ লৈ হাত দাঙিলে লাট মণ্ডলে৷
ৰহাত দুৰ্নীতি নিবাৰকৰ জালত লাট মণ্ডল দিলীপ ৰয়৷
ৰহা ৰাজহ চক্ৰৰ কাৰ্যায়লয়ৰ পৰা গ্ৰেপ্তাৰ হয় দিলীপ ৰয়ক৷
6. মন্ত্ৰী যোগেন মহনৰ নামত ভুৱা ছীল, পেড ব্যৱহাৰ দুষ্টচক্ৰৰ।
ইয়াৰ জৰিয়তে বিভিন্নজনক প্ৰলোভন কৰাৰ অভিযোগত দিছপুৰ থানাত মন্ত্ৰীগৰাকীয়ে দাখিল কৰিলে এজাহাৰ।
7. অচিৰেই আৰম্ভ হ’ব ৩খন ITI আৰু ৩খন পলিটেকনিকত পাঠ্যক্ৰম।
ITI নগাঁও, তিনিচুকীয়া, কাজলগাও আৰু শোণিপুৰ, নলবাৰী, লখিমপুৰ পলিটেকনিত হ’ব পাঠদান।
ছেপ্তেম্বৰ মাহৰ পৰা ইয়াৰ পাঠ্যক্ৰম আৰম্ভ।
আগষ্টৰ পৰা প্ৰপত্ৰ পূৰণ কৰিব পাৰিব এই প্ৰতিষ্ঠানৰ বাবে।
মুঠ ঘোষিত ৭৭খন প্ৰতিষ্ঠানৰ ভিতৰত এই ৬খনত চলিব পাঠদান।
8. আজিৰে পৰা জিলাভিত্তিত Reels, Shorts আৰু ফটোগ্ৰাফী প্ৰতিযোগিতা অনুষ্ঠিত হ’ব৷
#jjm লিখি নিজৰ নিজৰ ছ’চিয়েল মিডিয়াত আপলোড কৰিব লাগিব৷
১০হাজাৰ, ৭হাজাৰ, ৩হাজাৰ টকাকৈ তিনিজনক পুৰস্কৃত কৰা হ’ব৷
জিলাৰ পাছত ৰাজ্যিক ভিত্তিটো এই প্ৰতিযোগিতা অনুষ্ঠিত কৰা হ’ব৷
১৫ আগষ্টত পুৰস্কাৰসমূহ প্ৰদান কৰা হ’ব৷
জলজীৱন মিছনৰ সজাগতা বৃদ্ধিৰ বাবেই এই পদক্ষেপ লোৱা হৈছে।
9. বাক্সাৰ শালবাৰীত PFI সদস্যক আটক কৰা হৈছে।
শালবাৰীৰ গোৱৰ্দ্ধনাত দুজন PFI সদস্যক আটক।
আটকাধীন PFI সদস্য দুজন- ৰুহুল আমিন আহমেদ, টোটা মিয়া।
মুখ্যমন্ত্ৰীৰ নিৰ্দেশৰ পাছতে আৰক্ষীয়ে চলাইছিল PFI বিৰোধী অভিযান।
অভিযানৰ সময়ৰে পৰা পলাতক আছিল PFI সদস্য দুজন।
সম্প্ৰতি গোৱৰ্দ্ধনা আৰক্ষীৰ জিম্মাত PFI সদস্যদ্বয়।
১২৯/২২ নম্বৰত ৰুজু কৰা হৈছে গোচৰ।
10. নগাঁৱৰ পাছত নলবাৰী আৰক্ষীত বৃহৎ সাল-সলনি।
একেদিনাই ৪৮ জনকৈ আৰক্ষী কনিষ্টবলক বদলি কৰা হৈছে।
বিগত ৩-৪ বছৰ ধৰি নিয়োজিত হৈ আছিল একেখন থানাতে।
নলবাৰীৰ আৰক্ষী অধীক্ষক সুধাকৰ সিঙৰ নিৰ্দেশত এই সাল-সলনি কৰা হয়।
নলবাৰী, ঘগ্ৰাপাৰ, বেলশৰ. টিহু, মুকালমুৱা থানাৰ কনিষ্টবলক বদলি কৰে।
11. বঙাইগাঁও জিলাৰ চাপৰাকাটা SSBৰ ফায়াৰিং ৰেঞ্জত পিষ্টল উদ্ধাৰ।
CRPFৰ দলে উদ্ধাৰ কৰে পিষ্টলটো।
চোৰাংচোৱাৰ তথ্যৰ ভিত্তিত চলিছিল অভিযান।
ভাৰতত নিৰ্মাণ কৰা পিষ্টলটো উদ্ধাৰক লৈ অঞ্চলটোত চাঞ্চল্য।
12. মাজুলীত দশম শ্ৰেণীৰ ছাত্ৰৰ মৃত্যু।
গা ধুবলৈ গৈ ঘৰৰ সন্মুখৰ পুখুৰীত পৰি মৃত্যুক সাৱটিলে তৰুণ হাজৰিকা নামৰ ছাত্ৰজনে।
13. শিৱসাগৰত বজ্ৰপাতত দুজনৰ কৰুণ মৃত্যু।
পথাৰত কাম কৰি থাকোঁতেই বজ্ৰ পৰাত মৃত্যুক সাৱটিলে দুজন ব্যক্তিয়ে।
শিৱসাগৰ চেনীমৰা গাৱত সংঘটিত হয় এই ঘটনা।
14. কৰিমগঞ্জৰ ৰামকৃষ্ণ নগৰত শোকাৱহ ঘটনা।
ষাঁড় গৰুৰ আক্ৰমণত প্ৰাণ হেৰুৱালে এটি কণমানিয়ে।
ঈশানছেৰা উপ স্বাস্থ্যকেন্দ্ৰত টিকাকৰণৰ বাবে পিতৃয়ে নিছিল শিশুটিক।
তেনে সময়তে আদবাটতে ষাঁড়টোৱে আক্ৰমণ কৰে পিতৃক।
ষাঁড়টোৰ আক্ৰমণত পিতৃৰ কোলাৰ পৰা ছিটিকি পৰে শিশুটি।
ষাঁড়ৰ আক্ৰমণত আহত পিতা-পুত্ৰক প্ৰেৰণ কৰা হয় হাস্পতাললৈ।
চিকিত্সালয়লৈ নিয়াৰ পথতে মৃত্যুমুখত পৰে আঘাতপ্ৰাপ্ত শিশুটিৰ।
15. গোৱালপাৰাৰ হাদলাপাৰাত চাঞ্চল্যকৰ ঘটনা।
নিৰ্জন ঠাইত উদ্ধাৰ গুলীবিদ্ধ এজন যুৱক।
বিহাৰৰ ৰাহুল কুমাৰ নামৰ যুৱকজনৰ মূৰত দেখা গৈছে আঘাতৰ চিন।
কাষতে পৰি আছে পিষ্টল আৰু স্কুটাৰ।
পুৱা ৰবৰ কাটিবলৈ যোৱা শ্ৰমিকে প্ৰত্যক্ষ কৰে যুৱকজনক।
ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ যুৱকজনক প্ৰেৰণ কৰে হাস্পতাললৈ।
16. মহানগৰীৰ বিৰুবাৰীত অগ্নিকাণ্ড৷
অগ্নিকাণ্ডক লৈ অঞ্চলজুৰি আতংক৷
উচ্চক্ষমতাসম্পন্ন তাঁৰত অগ্নিকাণ্ড৷
ৰাইজ আৰু অগ্নিনিৰ্বাপক বাহিনীৰ তৎপৰতাত জুই নিৰ্বাপণ৷
17. চোৰাং কাঠৰ বিৰুদ্ধে চিৰাঙৰ বাসুগাঁৱত অভিযান।
চোৰাং কাঠ সৰবৰাহৰ সময়তে আৰক্ষীৰ জালত পৰে সৰবৰাহকাৰী।
18. ডিব্রুগড়ত ভয়ংকৰ দুৰ্ঘটনা।
পানী যোগানৰ পাইপ স্থাপনৰ বাবে খান্দি ৰখা হৈছিল গাঁত।
সেই গাঁতত পৰি মৃত্যু হয় এজন যুৱক।
19. ধেমাজিত ধুমুহাত গছ বাগৰি এজনৰ মৃত্যু।
ধেমাজি SPৰ আৱাসৰ সন্মুখত এই ঘটনা৷
প্ৰচণ্ড ধুমুহাত উভালি পৰিল এজোপা বৃহৎ গছ৷
গছ বাগৰি মৃত্যু বাইক আৰোহী পিটি আৰন্ধৰাৰ৷
ঘটনাত আহত হয় আন এজন লোক।
20. তিনিচুকীয়াৰ তেল চোৰৰ সৈতে নগদ ২ লাখ টকা লৈছিল DSP হিৰণ্য কুমাৰ বৰাই৷
১০ জুনত টালি-টোপোলা লৈ মুখ্য কাৰ্যালয়ত হাজিৰৰ নিৰ্দেশ৷
এমাহৰ বাবে গুৱাহাটীত থাকিব লাগিব বিষয়াগৰাকী৷
Post navigation
Go Top