৫ মিনিটত ২০টা গুৰুত্বপূৰ্ণ খবৰ।
Rnewsindia24.com Assam June 11/2023:-
1. ৰাজ্যত অহা ৫ দিনত হ’ব প্ৰবল বৰষুণ।
ভিডিঅ’ কনফাৰেন্সৰ জৰিয়তে প্ৰতি জিলাৰ উপায়ুক্ত এলাৰ্ট কৰিলে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই
ছুটীত থকা উপায়ুক্তক সোমবাৰৰ ভিতৰত যোগদান কৰিবলৈ নিৰ্দেশ মুখ্যমন্ত্ৰীৰ।
2. আজি অসম বিধান সভাৰ নিৰ্মীয়মান ভৱন পৰিদৰ্শন কৰে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই।
মুখ্যমন্ত্ৰী গৰাকীক সংগ দিয়ে বিধান সভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰী, মন্ত্ৰী পিযুষ হাজৰিকা, মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী।
3. প্ৰয়োজনত জিলা উপায়ুক্তসকলে বদলি কৰিব পাৰিব শিক্ষকক।
টুইটযোগে ঘোষণা কৰে শিক্ষামন্ত্ৰী ৰণোজ পেগুৱে।
এই পদক্ষেপ লোৱাৰ বাবে শীঘ্ৰেই https://hrmsassam.xn--in-wzf/ উপলব্ধ কৰা হ’ব ব্যৱস্থা।
4. ১২ অক্টোবৰৰ পৰা ১৭ নৱেম্বৰলৈ ভাৰতত অনুষ্ঠিত হ’ব ‘জুৱেলাৰী শ্বপিং ফেষ্টিভেল’।
অল ইণ্ডিয়া জেম এণ্ড জুৱেলাৰী ডমেষ্টিক কাউন্সিলৰ উদ্যোগত দেশৰ বিভিন্ন স্থানত এই ফেষ্টিভেলৰ আয়োজন।
ভাৰতক জুৱেলাৰী হাব হিচাপে বিশ্বত প্ৰতিষ্ঠা কৰাৰ লক্ষ্যৰে আয়োজন কৰা হৈছে ‘জুৱেলাৰী শ্বপিং ফেষ্টিভেল’।
5. অসমীয়া ছবি জগতৰ বাবে এটা সুখবৰ।
‘শ্ৰীৰঘুপতি’-এ গঢ়িলে অভিলেখ।
সৰ্বকালৰ অভিলেখ ভংগ কৰি শনিবাৰৰ দিনটোত বক্স অফিচত ৬৫ লক্ষাধিক টকা উপাৰ্জন কৰিলে অসমীয়া ছবিখনে।
৬টা দিনত ছবিখনে উপাৰ্জন কৰিলে ২.৫ কোটি।
6. দিছপুৰৰ মন্ত্ৰী আৱাস চৌহদত ১,০০০ গছপুলি ৰোপণ কাৰ্যসূচী।
কাৰ্যসূচী শুভাৰম্ভ কৰে মন্ত্ৰী পীযুষ হাজৰিকাই।
সকলোকে প্ৰকৃতি সংৰক্ষণৰ সংকল্প ল’বলৈ আহ্বান জনাই মন্ত্ৰী গৰাকীয়ে।
6. মুখ্যমন্ত্ৰীৰ নিৰ্দেশত কাইলৈ দিল্লীলৈ যাব DGP জি পি সিং।
CBIৰ মুখ্য কাৰ্যালয়ত জোনমণি ৰাভাৰ মৃত্যুৰ গোচৰ সন্দৰ্ভত আলোচনা কৰিব DGP-এ।
7. নগাঁও, কোকৰাঝাৰ আৰু নলবাৰী চিকিৎসা মহাবিদ্যালয়ত এইবৰ্ষত ১০০গৰাকীকৈ ছাত্ৰ-ছাত্ৰীয়ে নামভৰ্তি কৰিব।
ছেপ্টেম্বৰ-অক্টোবৰ মাহত হ’ব নামভৰ্তি প্ৰক্ৰিয়া।
কলিয়াবৰত এই কথা জনালে স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তই।
8. বদৰপুৰৰ ৬নং ৰাষ্ট্ৰীয় ঘাইপথত ভয়ংকৰ দুৰ্ঘটনা।
দুখন ট্ৰাকৰ মাজত মুখামুখি সংঘৰ্ষৰ ফলত বাবৰ হুছেইন নামৰ এজন চালক থিতাতে নিহত হয়।
গুৰুতৰভাৱে আহত হোৱা বিকাশ দাস নামৰ চালকজনক হাস্পতালত ভৰ্তি কৰোৱা হয়।
9. কৰিমগঞ্জত মাৰণাস্ত্ৰসহ ৫টাকৈ ডকাইত আটক কৰা হৈছে।
মাজনিশা আৰক্ষীৰ জালত পৰিল ডকাইত আব্দুল লতিফ, ময়নুল হক, মণিৰ উদ্দিন, জমিৰ উদ্দিন আৰু হালিম উদ্দিন।
10. ‘মই ওৰে নিশা শোৱা নাই, ১০০জন গ্ৰাহকৰ বিদ্যুতৰ বিল পৰীক্ষা কৰিছো।
১০০জনৰে সন্তুষ্ট নহয়, এতিয়া মই ১ হাজাৰ লোকক বিল চাম।
বিদ্যুতৰ বিল অত্যধিক বৃদ্ধি পোৱাক লৈ উদিগ্ন মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা।
11. “সমাজে বেজাৰ পোৱা কথা নক’ব।
ৰাইজৰ মৰমৰ বাবেহে আমি ক্ষমতাত আছোঁ।
আমাৰ কথাই ৰাইজৰ স্বাভিমানত আঘাত কৰিব নালাগে”- মন্তব্য কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ।
12. নকল সোণ, জালনোটৰ বিৰুদ্ধে দলগাঁৱত আৰক্ষীৰ অভিযান।
লখিমপুৰ আৰক্ষীৰ জালত পৰিছে নকল সোণ, জালনোটৰ বেহাত জড়িত ৬জন লোক।
13. ছোমালিয়াত ভয়াৱহ বোমা বিস্ফোৰণ।
বিস্ফোৰণত ২৭জনকৈ লোকৰ মৃত্যু হয়।
নিহতৰ অধিকাংশই আছিল শিশু।
বোমা বিস্ফোৰণত আহত হয় ৫০ৰো অধিক লোক।
14. দলগাঁৱৰ বটাবাৰীত পথ দুৰ্ঘটনা।
তীব্ৰবেগী ডাম্পাৰে মহটিয়াই নিলে চাইকেল আৰোহীক।
ডাম্পাৰৰ খুন্দাত থিতাতে মৃত্যু চাইকেল আৰোহীৰ।
মৃত যুৱকজন বটাবাৰীৰ ৫নং বৰুৱাঝাৰৰ আলাউদ্দিন।
15. মেঘালয়ৰ সোণাপুৰত পুনৰ ভূমিস্খলন।
৬নং ৰাষ্ট্রীয় ঘাইপথৰ সুৰংগ পথত এই ঘটনা সংঘটিত হৈছে।
ভূমিস্খলনৰ ফলত কিছু সময়ৰ বাবে স্তব্ধ হৈ পৰে যাতায়াত।
16. হাওৰাঘাটত বিধ্বংসী অগ্নিকাণ্ড।
অগ্নিকাণ্ডৰ ফলত কেইবা লাখ টকাৰ সম্পত্তি ভস্মীভূত হয়।
17. বদৰপুৰত পিষ্টলসহ আটক কৰে তিনিজনীয়া ডকাইতৰ দলক।
জব্দ কৰা হয় তিনিটাকৈ মাৰণাস্ত্ৰ ,এল্ট’বাহন,এখন বাইক।
18. হাইলাকান্দিত যোগান বিভাগ-লালা আৰক্ষীৰ যৌথ অভিযান ।
অভিযানত জব্দ কৰে ২৩০ কুইণ্টল খাদ্য সুৰক্ষাৰ চোৰাং চাউল।
19. গুজৰাটৰ বোটাডত ভয়ংকৰ অগ্নিকাণ্ড।
পথৰ কাষত থকা এখন ফাৰ্মত জুই লগাৰ ফলত ভস্মীভূত হয় ৫খনকৈ ৰখাই থোৱা বাহন।
ঘটনাস্থলীত উপস্থিত হয় আৰক্ষী, অগ্নিনিৰ্বাপক বাহিনী।
20. শিলচৰ-হাফলং ৰাষ্ট্ৰীয় ঘাইপথত ভয়ংকৰ ভূমিস্খলন।
পাহাৰৰ পৰা খহি পৰে মাটিসহ বৃহৎ বৃহৎ শিল।
কাছাৰৰ বালাচৰাত হোৱা ভূমিস্খলনৰ ফলত আবদ্ধ হৈ পৰে শ শ যান-বাহন।