জি-২০, ৰাষ্ট্ৰীয় শিক্ষানীতি-২০২০ আৰু নিপুণ অসমৰ পটভূমিত জিলা পৰ্যায়ৰ এদিনীয়া কৰ্মশালা।

Spread the love

মিচিং স্বায়ত্বশসিত পৰিষদৰ বিজ্ঞাপনৰ সবিশেষ।
মিচিং স্বায়ত্বশসিত পৰিষদৰ বিজ্ঞাপনৰ সবিশেষ।

Rnewsindia24.com

১২ জুন তাৰিখে ধেমাজি জিলা শিক্ষা বিভাগ আৰু সমগ্ৰ শিক্ষা ধেমাজিৰ উদ্যোগত জি-২০, ৰাষ্ট্ৰীয় শিক্ষানীতি-২০২০ আৰু নিপুণ অসমৰ পটভূমিত ধেমাজি মহাবিদ্যালয়ৰ প্ৰেক্ষাগৃহত এদিনীয়া কাৰ্যসূচীৰে জিলা পৰ্যায়ৰ এখনী কৰ্মশালা অনুষ্ঠিত হয়।

পুৱা ৯ বজাত জিলা তথা খণ্ড পৰ্যায়ৰ বিষয়াসকল, শিক্ষক, ছাত্ৰ-ছাত্ৰী, অভিভাৱক আৰু আমন্ত্ৰিত বিশিষ্ট অতিথিসকলৰ উপস্থিতিত জি-২০, ৰাষ্ট্ৰীয় শিক্ষানীতি-২০২০ আৰু নিপুণ অসমৰ অধীনত ৰূপায়িত হৈ থকা বুনিয়াদী সাক্ষৰতা আৰু সাংখ্যিকতা অভিযান সম্পৰ্কে সজাগতা সমদল উলিয়াই ।

কৰ্মশালাখনি সমবেত সংগীতেৰে শুভাৰম্ভ কৰে।

আদৰণি ভাষণ প্ৰদান কৰে বিদ্যালয় সমূহৰ পৰিদৰ্শক তথা জিলা প্ৰাথমিক শিক্ষা বিষয়া আৰু জিলা মিছন সমন্বয়ক কবিতা ডেকাই ।

মুখ্য অতিথি হিচাপে উপস্থিত থাকে ধেমাজি জিলাৰ অতিৰিক্ত উপায়ুক্ত (শিক্ষা) সঞ্জীৱ ফুকন।

কৰ্মশালাখনিত সমল ব্যক্তি উপস্থিত থাকে মৰিধল মহাবিদ্যালয়ৰ শিক্ষাতত্ব বিভাগৰ মুৰব্বী অধ্যাপক ড° লেখন গগৈ।
তেখেতে ৰাষ্ট্ৰীয় শিক্ষানীতি-২০২০ ৰ ওপৰত আলোকপাত কৰে ।

কৰ্মশালাখনত বক্তব্য আগবঢ়াই বুনিয়াদী সাক্ষৰতা আৰু সাংখ্যিকতা অভিযান ৰ জিলা পৰামৰ্শদাতা ৰশ্মি দলে, ধেমাজি জিলা শিক্ষাগ্ৰহণ আৰু প্ৰশিক্ষণ প্ৰতিষ্ঠানৰ প্ৰবক্তা মায়াশ্ৰী চেতিয়া ফুকনে।

কৰ্মশালাখনিত ২ নং ভৰালীচুক প্ৰাথমিক বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলে যোগাভ্যাস প্ৰদৰ্শন কৰাৰ লগতে নলনিপাম প্ৰাথমিক বিদ্যালয় ছাত্ৰ-ছাত্ৰীসকলে আবৃত্তি-পঠন আদিত অংশগ্ৰহণ কৰে ।

কৰ্মশালাৰ সৈতে সংগতি ৰাখি বিদ্যালয়সমূহৰ মাজত উদ্ভাৱনীমুলক শিক্ষণ-শিকণ সামগ্ৰীৰ প্ৰদৰ্শন ও প্ৰতিযোগিতা অনুষ্ঠিত কৰে।
প্ৰতিযোগিতাখনি উদ্ধোধন কৰে ধেমাজি মহাবিদ্যালয়ৰ অধ্যক্ষ ড° দিপক নেওগে।

স্থানপ্ৰাপ্ত বিদ্যালয়সমূহক শিক্ষা ধেমাজিৰ তৰফৰ পৰা মান-পত্ৰ আৰু পুৰস্কাৰ প্ৰদান কৰে।

কৰ্মশালাখনিত উপস্থিত থাকে শিক্ষা ধেমাজিৰ জিলা আঁচনি বিষয়া পংকজ বৰা, অৱনী নাথ, অৰুনিমা দুৱৰা, লক্ষীমপুৰ ডায়েটৰ প্ৰবক্তা ইন্দ্ৰজিত গাম, বিবেকানন্দ্ৰ কেন্দ্ৰীয় বিদ্যালয়ৰ অধ্যক্ষ , মাডাৰছ প্ৰাইড বিদ্যালয়ৰ পৰিচালন সঞ্চালক , খণ্ড সমল ব্যক্তি কনক গগৈ, মুকুল সুত, ৰূপশিখা গগৈ, প্ৰণতি দেৱী, মণ্ডল সমল কেন্দ্ৰ সমন্বয়ক ৰিতু দাস, বিপুল কাকতি, জ্যোতিপ্ৰসাদ বৰা, তুলন শইকীয়া, জিনি ফুকন।

 

Leave a Reply

Your email address will not be published. Required fields are marked *