বিশ্ব ৰক্তদাতা দিৱস।
আজি বিশ্ব ৰক্তদাতা দিৱস(World Blood Donor Day).
প্ৰতি বছৰে ১৪ জুন তাৰিখে বিশ্ব ৰক্তদাতা দিৱস পালন কৰা হয়।
২০০৪ চনত প্ৰথমবাৰৰ বাবে বিশ্ব স্বাস্থ্য সংস্থায়ে ৰক্তদানৰ মহত্ত্বৰ বিষয়ে সজাগতা সৃষ্টিৰ উদ্দেশ্যে আৰু স্বেচ্ছাসেৱক ৰক্তদাতাসমূহক জীৱনদায়িনী তেজ দানৰ আৰু ধন্যবাদসূচক আচৰণৰ বাবে এই দিৱস উদযাপন কৰিছিল।
১৮৬৮ চনৰ ১৪ জুনত জন্ম লাভ কৰা কাৰ্ল লেণ্ডষ্টেইনাৰৰ জন্ম বাৰ্ষিকী হিচাপে প্ৰতি বছৰে এই দিনটোত বিশ্ব ৰক্তদাতা দিৱস উদযাপন কৰা হয়।
এই দিৱসত ৰক্তদাতাসকলে অভাৱগ্ৰস্ত লোকক ৰক্তদান কৰি জীৱন দান দি এক মুখ্য ভূমিকা পালন কৰে ।
বিশ্ব ৰক্তদাতা দিৱস পালনৰ দ্বাৰা সকলো ৰক্ত দাতাক ৰাষ্ট্রীয় আৰু আৰ্ন্তৰাষ্ট্রীয় পৰ্যায়ত ৰক্ত দান কৰাৰ সূযোগ প্ৰদান কৰাৰ লগতে কাৰ্ল লেণ্ডষ্টেইনাৰৰ জন্ম বাৰ্ষিকী উদযাপন কৰা হয়।
(কাৰ্ললেণ্ডষ্টেইনাৰ হ’ল এজন প্ৰসিদ্ধ বিজ্ঞানী যিয়ে এ, বি, অ. ৰক্তগোষ্ঠীৰ আৱিস্কাৰৰ বাবে ন’বেল বটা জয় কৰিছিল) ।
বিশ্ব ৰক্তদাতা দিৱস উদযাপনৰ দ্বাৰা ৰক্তৰ প্রয়োজন হোৱা বিশ্বৰ যিকোনো ব্যক্তিলৈ ৰক্ত সৰবৰাহ আৰু ৰক্তজাত দ্ৰব্যৰ সৰবৰাহৰ প্রয়োজনীয়তা পৰিপূৰ্ণ কৰা হয়।
এই প্রচেষ্টাৰ দ্বাৰা প্ৰতি বছৰে দহ মিলিয়নতকৈ অধিকলোকৰ জীৱন ৰক্ষা কৰা হয় আৰু ৰক্ত লাভ কৰা ব্যক্তি গৰাকীৰ মুখত হাঁহি বিৰিঙাবলৈ সক্ষম হয়।
ৰক্ত সৰবৰাহৰ দ্বাৰা বিভিন্ন জীৱনৰ প্ৰতি হানিকাৰক স্বাস্থ্যৰ পৰিস্থিতিত ভুগি থকা ৰোগীক সহায় কৰা হয় আৰু তেওঁলোকক এক দীৰ্ঘ আৰু উন্নত জীৱনযাপন কৰিবলৈ উদ্দীপনা যোগাই।
২০১৩ বৰ্ষৰ বিশ্ব ৰক্ত দাতা দিৱসৰ শ্লোগান আছিল ”জীৱন দান কৰক ৰক্ত দান কৰক” আৰু এই বৰ্ষত এই প্রচেষ্টাই ৰোগীক ৰক্ত দান কৰা মূল্যৰ প্ৰতি গুৰুত্ব আৰোপ কৰাৰ ১০ বছৰ বৰ্ষপুৰ্তি উদযাপন কৰিছিল ।
এনেদৰে দান কৰা ৰক্তৰ দ্বাৰা গুৰুতৰ ভাৱে ৰক্তহীনতাত ভোগা মহিলা, শিশু, অধিক ৰক্তক্ষৰণ হোৱা দুৰ্ঘটনাগ্ৰস্ত লোক, শল্য চিকিৎসাধীন ৰোগী, কৰ্কট ৰোগী, হেম’ফিলিয়া ৰোগত আক্ৰান্ত ৰোগী, লোহিতৰক্ত কোষিকা ৰক্তহীনতা, ৰক্তজাত ব্যাধি, তেজ গোটমৰা ব্যাধি আৰু অন্যান্য বহুতো ৰোগীৰ প্ৰাণ ৰক্ষা কৰা হয়।
এই দিৱসৰ উদযাপনৰ দ্বাৰা সমগ্র বিশ্বতে স্বেচ্ছাকৃত ৰক্তদান কৰিবলৈ ৰক্তাদাতাসকলক অনুপ্রেৰণা যোগোৱা হয়।
ৰক্তদান লাভ কৰা ৰোগীৰ প্ৰতি কৰা এই দান এক মূল্যবান উপহাৰ হিচাপে গণ্য কৰা আৰু এটা নতুন জীৱন দান কৰা হয়।
বিশ্ব ৰক্তদাতা দিৱসৰ শ্লোগান সমূহ হৈছে –
২০১৫ চন ”মোৰ জীৱন ৰক্ষাকৰাৰ বাবে ধন্যবাদ”।
২০১৪ চন “সুৰক্ষিতৰক্তদানৰ দ্বাৰা মাতৃৰ জীৱন ৰক্ষা”।
২০১৩ চন ”জীৱন দান দিয়ক : ৰক্ত দান কৰক”।
২০১২ চন ”প্ৰতিজন ৰক্তদাতাই একোজন নায়ক (হিৰ’)”।
২০১১ চন ”অধিক ৰক্তদান, অধিক জীৱন”।
২০১০ চন ”বিশ্বৰ বাবে নতুন ৰক্ত”।
২০০৯ চন ”১০০ শতাংশ অবৈতনিক ৰক্ত আৰু ৰক্তজাত দ্ৰব্যৰ দান লাভ কৰা”।
২০০৮ চন ”নিয়মিত ভাৱে ৰক্ত দান কৰক”।
২০০৭ চন ”সুৰক্ষিত মাতৃত্বৰ বাবে সুৰক্ষিত ৰক্ত”।
২০০৬ চন ”বিশ্বজনীনভাৱে সুৰক্ষিত ৰক্ত লাভ কৰাৰ প্ৰতি অংগীকাৰবদ্ধ”।
২০০৫ চন ”আপোনাৰ ৰক্তৰ উপহাৰ উদযাপন|”
২০০৪ চন ”ৰক্তই জীৱন ৰক্ষা কৰে। সুৰক্ষিত ৰক্ত মোৰ পৰা আৰম্ভণি”।
আপুনি যদি লিখনিটো পঢ়ি ভাল পালে তেন্তে চেয়াৰ কৰিবলৈ একদম নাপাহৰিব।
আপোনালোকৰ উৎসাহ, প্ৰেৰণাই আমাক অধিক কর্মস্পৃহা যোগায়।
ধন্যবাদ।
News Editor Sangita Dutta R News India 24