৫ মিনিটত ২০টা গুৰুত্বপূৰ্ণ খবৰ। - RnewsIndia24
Skip to content
Rnewsindia24.com Assam June 26/2023:-
1. তেজপুৰ আৰক্ষীৰ জালত ভুৱা জিলা উপায়ুক্ত৷
ভুৱা উপায়ুক্ত অংকুৰ শইকীয়াক আটক কৰে আৰক্ষীয়ে৷
তেজপুৰৰ মাজমজিয়াত দেহৰক্ষী লৈ ঘূৰি ফুৰিছিল অংকুৰে৷
ভুৱা উপায়ুক্ত, দেহৰক্ষী, চালকসহ ৯জনক আটক কৰে।
2. ‘অসমত মুখ্যমন্ত্ৰীৰ আসনত কুম্ভকৰ্ণ বহিছে।
মোৰ সন্দেহ হৈছে অসমৰ মুখ্যমন্ত্ৰীয়ে মুখ্যমন্ত্ৰীয়ে মণিপুৰ সদৃশ পৰিস্থিতি অসমত হোৱাটো বিচাৰিছে।’
মন্তব্য ভূপেন বৰাৰ।
3. কলহী নৈত উদ্ধাৰ অপহৃত সাংবাদিক আব্দুৰ ৰৌফৰ মৃতদেহ।
শিঙিমাৰীৰ বাওমুৰাত উদ্ধাৰ হয় সাংবাদিকজনৰ মৃতদেহ।
মৃতদেহৰ বহুকেইটা স্থানত স্পষ্ট আঘাতৰ চিন।
দুষ্কৃতিকাৰীয়ে হত্যা কৰি মৃতদেহ কলহী নৈত পেলাই দিয়াৰ সন্দেহ।
ছয়গাঁৱৰ গৰৈমাৰীৰ পৰা শনিবাৰে অপহৃত হৈছিল সাংবাদিকজন।
4. দুৰ্নীতি নিবাৰক শাখাৰ জালত লাট মণ্ডল নৱজ্যোতি নাথ।
উৎকোচ লওঁতেই হাতে-লোটে গ্ৰেপ্তাৰ কৰে মৰিগাঁও ৰাজহ চক্ৰৰ দন্দুৱাৰ লাট মণ্ডল নৱজ্যোতি নাথক।
5. আজি আন্তৰ্জাতিক ড্ৰাগছ বিৰোধী দিৱস।
ৰাজ্যৰ কেইবাটাও স্থানত আজি কোটি কোটি টকাৰ ড্ৰাগছ আৰু নিচাযুক্ত দ্ৰব্য প্ৰশাসনৰ উদ্যোগত ধ্বংস কৰা হয়।
কৰিমগঞ্জত জ্বলাই দিয়া হয় ২২৫ কোটি টকাৰ ড্ৰাগছ।
6. বৰষুণ আহিলেই বুকুত কঁপনি উঠে মন্ত্ৰী অশোক সিংঘালৰ৷
কাৰণ এজাক বৰষুণতেই গুৱাহাটীত হোৱা বানৰ খবৰ সংবাদ মাধ্যমত প্ৰচাৰ হয়- মন্তব্য মন্ত্ৰী অশোক সিংঘালৰ।
7. উৎকোচ লৈ হাত দাঙিলে খণ্ড উন্নয়ন বিষয়াৰ কাৰ্যালয়ৰ কনিষ্ঠ অভিযন্তাই।
নাম ছাবিবৰ ৰহমান।
কোকৰাঝাৰ দেৱীতোলা খণ্ড উন্নয়ন বিষয়াৰ কাৰ্যালয়ৰ কনিষ্ঠ অভিযন্তা আছিল ছাবিবৰ ৰহমান।
8. মৰিয়নিৰ কুলুংগুৰি বাগিচাৰ পানীৰ টেংকীত আবদ্ধ বন্যহস্তীৰ পোৱালি।
গীবন অভয়াৰণ্যৰ পৰা খাদ্যৰ সন্ধানত ওলাই আহিছিল হাতী পোৱালিটো।
বন বিভাগৰ লোক উপস্থিত হৈ উদ্ধাৰ কৰে হাতী পোৱালিটো।
9. চৰকাৰী নথি জালিয়াতি কৰি গ্ৰেপ্তাৰ হয় অৱসৰপ্ৰাপ্ত লাট মণ্ডল।
কৰিমগঞ্জ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিলে মিহিৰ চন্দক।
২০২২চনত সংঘটিত কৰিছিল চৰকাৰী নথি জালিয়াতি।
10. খোলা খালে শক্তিপীঠ মা কামাখ্যাৰ দুৱাৰ।
মা আশীষ বিচাৰি নীলাচল পাহাৰত ভক্তৰ বিপুল সমাগম।
৪দিনৰ অন্তত ৰাতিপুৱা ৫ বজাত খুলি দিয়া হ’ল মূল দুৱাৰ।
দেওবাৰে নিশা ২.৫৪ বজাত নিবৃত্তিৰ পাছত পম্পৰাগত ৰীতিৰে দেৱীক স্নান।
11. নৈত গা ধুবলৈ গৈ সন্ধানহীন দুই স্কুলীয়া ছাত্ৰ।
সন্ধানহীন দুই ছাত্ৰ চিৰাঙৰ নিছিলাপাৰা গাঁৱৰ নাৰায়ণ বৰ্মন আৰু গোপাল চক্ৰৱৰ্তী।
SDRFৰ অভিযানত উদ্ধাৰ কৰে নাৰায়ণ বৰ্মনৰ মৃতদেহ।
বৰ্তমানেও সন্ধানহীন গোপাল চক্ৰৱৰ্তী নামৰ আনজন ছাত্ৰ।
অষ্টম আৰু সপ্তম মান শ্ৰেণীত অধ্যয়নৰত দুই ছাত্ৰ।
12. নিয়ন্ত্ৰণ হেৰুৱাই কাহিলিপাৰাৰ সৰ্বশিক্ষাৰ কাৰ্যালয়ৰ দেৱাল ভাঙি সোমাল তীব্ৰবেগী চিটীবাছ।
ভঙাগড়ৰ পৰা কাহিলিপাৰালৈ আহি আছিল তীব্ৰবেগী বৰযাত্ৰী বাছখন।
দুৰ্ঘটনাত গুৰুতৰভাৱে আহত হয় ৭জন যাত্ৰী।
13. আমেৰিকাত পণ্ডিত হেমচন্দ্ৰ গোস্বামীৰ জীৱনভিত্তিক তথ্যচিত্ৰৰ প্ৰিমিয়াৰ।
অনুষ্ঠানত উপস্থিত থাকে অভিনেতা আদিল হুছেইন, ৰাষ্ট্ৰপতি জো বাইডেনৰ জ্যেষ্ঠ উপদেষ্টা ড০ ৰূপম শৰ্মা, অসম সাহিত্য সভাৰ সভাপতি সূৰ্যকান্ত হাজৰিকা।
14. বিজনীৰ পাণবাৰী থানাৰ অন্তৰ্গত টেকাইমাৰীত প্ৰকাণ্ড অজগৰ উদ্ধাৰ।
পথৰ কাষৰ পৰা প্ৰায় ২০ কেজি ওজনৰ অজগৰটো উদ্ধাৰ কৰে প্ৰকৃতিপ্ৰেমী ছাইদুৰ ৰহমানে।
15. পলাশবাৰীৰ গৌৰীহাট ভাল্লাত ভয়ংকৰ কাণ্ড।
ছাগলী চুৰিৰ সন্দেহত সুৰধ দাস নামৰ লোকজনক হত্যা।
অঞ্চলটোত চুৰি হৈছিল ছাগলী।
স্থানীয় ২ যুৱকে জবাবদিহি কৰিছিল সুৰধক।
দুয়োকে ছুৰিকাঘাত কৰিছিল সুৰধ দাসে।
ঘটনাৰ পৰিণতিত উত্তেজিত হয় স্থানীয় ৰাইজ।
ৰাইজৰ আক্ৰমণত মৃত্যু হয় সুৰথ দাসৰ।
16. কৰিমগঞ্জৰ ৰামকৃষ্ণনগৰৰ ঈশানছেৰাত আৰক্ষীৰ অভিযান।
এখন বাহনৰ পৰা জব্দ কৰে বুজন পৰিমাণৰ হেৰ’ইন।
আটক কৰে ২ ড্ৰাগছ সৰবৰাহকাৰীক।
২০০টা চাবোনৰ বাকচত আনিছিল ২.৫ কিলোগ্ৰাম হেৰ’ইন।
মিজোৰামৰ পৰা অসমলৈ সৰবৰাহ কৰা হৈছিল ড্ৰাগছখিনি।
17. গোৱালপাৰাৰ ফফগাংত অঘটন।
গছ কাটি থকা সময়ত গছৰ ডাল পৰি বনকৰ্মীৰ মৃত্যু হয়।
নাম ৰজত আলী।
18. তেজপুৰ কেন্দ্ৰীয় বিশ্ববিদ্যালয়ৰ চুড়ান্ত বৰ্ষৰ ফলাফল ঘোষণা।
ৰসায়ন বিজ্ঞানত প্ৰথম শ্ৰেণীৰ প্ৰথম স্থানেৰে উজলি উঠিল শিৱসাগৰৰ নিতাইপুখুৰীৰ নীতিশ নয়ন গগৈ।
19. পৃথিৱীৰ পৰা ১২০,০০০ ফুট উচ্চতাত মুকলি এদিনীয়া বিশ্বকাপ ক্ৰিকেট ২০২৩ৰ ট্ৰফী৷
মহাকাশত মুকলি কৰা ট্ৰফী অৱতৰণ আহমেদাবাদৰ নৰেন্দ্ৰ মোদী ষ্টেডিয়ামত৷
20. অসমীয়া ছবিজগতত অভিলেখ গঢ়িলে শ্ৰীৰঘুপতিয়ে৷
২১ দিনত ১০কোটি টকা উপাৰ্জন কৰে ছবিখনে৷