অসমীয়া শিশু সাহিত্যিক অমল দত্তৰ জীৱনযাত্ৰাঃ - RnewsIndia24
Skip to content
Rnewsindia24.com
অমল দত্ত জন্ম হৈছিল ১৯৪৭ চনৰ ১৯ এপ্ৰিলত শিৱসাগৰত।
অমল দত্ত এগৰাকী শিশু সাহিত্যিক আছিল।
তেওঁক “অচিন মোমাইদেউ” নামেৰেও জনাযাত।
তেখেতৰ পিতৃ আছিল প্ৰখ্যাত এডভোকেট তোষেশ্বৰ দত্ত আৰু মাতৃ আছিল কনকলতা দত্ত।
শিৱসাগৰত স্কুলীয়া শিক্ষা সম্পূৰ্ণ কৰি ১৯৬৫ চনত তেখেতে বিজ্ঞান শাখাত উচ্চতৰ মাধ্যমিক উত্তীৰ্ণ হয়।
১৯৭০ চনত তেখেতে বেনাৰছ হিন্দু ইউনিভাৰ্ছিটিৰ পৰা বুৰঞ্জী বিষয়ত প্ৰথম শ্ৰেণীৰ প্ৰথম হৈ স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰে।
স্নাতকোত্তৰ পাছ কৰি তেখেতে বেনাৰছ হিন্দু ইউভাৰ্ছিটিতে প্ৰবক্তা হিচাপে ১৯৭৮ চনলৈ কাম কৰে।
তেতিয়াই তেখেতে পিএইচডিৰ গৱেষণাৰ কাম আৰম্ভ কৰে যদিও ব্যক্তিগত মনোমালিন্যৰ বাবে সেই কাম বাদ দিয়ে।
তাৰ কিছুদিন পিছত তেখেতে প্ৰবক্তাৰ চাকৰিটোও বাদ দিয়ে।
১৯৮১ চনৰ পৰা ১৯৮৬ চনলৈ তেখেতে দিছপুৰৰ ‘আছাম ষ্টেট আৰ্কাইভ’ত যোগদান কৰে।
মাজতে কিছুদিন তেখেতে ‘ব’ৰ্ডাৰ এৰিয়া ডেভেলপমেণ্ট’ বিভাগত যুটীয়া সঞ্চালক হিচাপেও কাম কৰে।
পিছলৈ তেখেতে ‘অসমৰ ভাষা প্ৰয়োগ সঞ্চালকালয়’ত যোগ দিছিল।
তাত কাম কৰি থকা সময়ত তেখেত ‘চলন্তিকা অভিধান’ৰ সহযোগী সম্পাদক হিচাপে কাম কৰিছিল।
১৯৯৪ চনত তেখেতে চৰকাৰী কামৰ পৰা অব্যাহতি লয়।
ইয়াৰ পিছত অসমৰ ভূতপূৰ্ব মুখ্যমন্ত্ৰী হিতেশ্বৰ শইকীয়াৰ নামত গঠিত হিতেশ্বৰ শইকীয়া ফাউণ্ডেশ্যনৰ সৈতে ১৯৯৯ চনলৈ ঘনিষ্ঠভাৱে কাম কৰিছিল।
তেখেত ‘সাদিন’ কাকতৰ ‘সাদিনৰ চোতাল’ৰ সম্পাদক হৈ মৃত্যুৰ সময়লৈকে ইয়াৰ লগত জড়িত হৈ আছিল।
এই সময়ছোৱাতে তেখেতে ‘Intra-Vision’ নামৰ ব্যক্তিগত খণ্ডৰ কোম্পানী এটাতো যোগ দিছিল।
২০০৫ চনত কম সময়ৰ বাবে তেখেত শিশু আলোচনী ‘সঁফুৰা’ৰ সম্পাদকৰূপেও কাৰ্য্যনিৰ্বাহ কৰিছিল।
অচিন মোমাইদেউ ছদ্মনামেৰে তেখেতে ’ডেম পেহাৰ দূৰবীণ, পিজিৰ সপোন, কণদাইটিৰ সাধু, পিং ক্ৰি ফু, শিশু উপযোগী পদ্য বিং বংৰ লগতে কিৰিটি দত্ত নামেৰে H.P. Levcraftৰ ভৌতিক কাহিনী ‘কেচ অব চাৰ্লছ ডেস্কটাৰ ৱাৰ্ড’ নামৰ কিতাপখন ’বীভৎসু’ নামেৰে অসমীয়ালৈ অনুবাদ কৰিছিল।
ইয়াৰ উপৰিও তেখেতে চুচেন বৰপাত্ৰ, বিপুল কলিতা, বলদেৱ পণ্ডিত ছদ্মনামেৰে নানা সামাজিক, ঐতিহাসিক আৰু ৰাজনৈতিক প্ৰবন্ধ লিখিছিল।
কেইবাখনো মঞ্চনাটৰ পাণ্ডুলিপি প্ৰস্তুত কৰিছিল যদিও সংৰক্ষণৰ অভাৱত সি হেৰাই যায়।
২০০৮ চনৰ ২৯ জুন তাৰিখে ৬১ বছৰ বয়সত তেখেত মৃত্যু হয়।
এনে মহান ব্যক্তিসকলৰ জীৱনযাত্ৰাৰ বিষয়ে জানি থাকিবৰ বাবে চাই থাকিব www.rnewsindia24.com
বিঃদ্ৰঃ- এই তথ্যখিনি বিভিন্ন উৎসৰ পৰা সংগৃহীত।
ধন্যবাদ।