৫ মিনিটত ২০টা গুৰুত্বপূৰ্ণ খবৰ।

Spread the love
মিচিং স্বায়ত্বশসিত পৰিষদৰ বিজ্ঞাপনৰ সবিশেষ।
মিচিং স্বায়ত্বশসিত পৰিষদৰ বিজ্ঞাপনৰ সবিশেষ।

Rnewsindia24.com Assam July 2 / 2023:-

1. ১৬ আগষ্টৰ পৰা আৰম্ভ হ’ব আৰক্ষীৰ বিএমআই ৰেকৰ্ডিং।
অসম আৰক্ষীৰ সকলো জোৱানৰ বাবে ৰাজ্যৰ ৩৬টা স্থানত হ’ব BMI ৰেকৰ্ডিং।
এই কথা সদৰী কৰে DGP জি পি সিঙে।DGP ASSAM

2. ‘AIUDFক সহায় কৰিবলৈ সমষ্টি পুনৰ নিৰ্ধাৰণ কৰিছে মুখ্যমন্ত্ৰীয়ে৷
বৰাকৰ দুটাকৈ সমষ্টি কৰ্তন কৰাটো চূড়ান্ত অন্যায়’৷
সমষ্টি পুনৰ নিৰ্ধাৰণ সন্দৰ্ভত প্ৰতিক্ৰিয়া লুৰীণজ্যোতি গগৈৰ৷

3. ‘এফালে দুৰ্ঘটনা কমোৱাৰ কথা কয় মুখ্যমন্ত্ৰীয়ে, আনফালে সুৰাৰ বিপণি খোলাৰ সময় বৃদ্ধি৷
১১ বজাত মদ খাই মাতাল হৈ গ’লে দুৰ্ঘটনা হ’বই৷
আমি মাতাল হৈ থকাটোৱেই মুখ্যমন্ত্ৰীয়ে বিচাৰে’৷
সুৰাৰ প্ৰচলন বৃদ্ধিক লৈ চৰকাৰক সমালোচনা ৰকিবুল হুছেইনৰ৷

4. টিকটত সলনি হ’ল ঐতিহাসিক দীঘলীপুখুৰীৰ নাম।
এণ্টাৰটিকা দীঘলীপুখুৰী হ’ল নতুন নাম।
পূৰ্বতকৈ বৃদ্ধি পালে দীঘলীপুখুৰীত প্ৰৱেশৰ টিকটৰ দাম৷
পূৰ্বে ৮ বছৰ তলৰ শিশুৰ প্ৰৱেশ টিকটৰ দাম আছিল ৫ টকা৷
এতিয়াৰ পৰা ৩ বছৰ ঊৰ্ধৰ প্ৰতিজনৰ বাবে টিকটৰ দাম ২০ টকা নিৰ্ধাৰণ৷
নতুন প্ৰতিষ্ঠানে দ্বায়িত্ব লোৱাৰ পাছতে দুগুণ বৃদ্ধি পালে টিকটৰ দাম৷

5. মাজুলীত খহনীয়া পৰিদৰ্শন কৰে ব্ৰহ্মপুত্ৰ ব’ৰ্ডৰ উপাধ্যক্ষই ।
ব’ৰ্ডৰ কামক লৈ মন্ত্ৰী পীযূষ হাজৰিকাই অসন্তুষ্টি প্ৰকাশ কৰাৰ পাছতে তৎপৰ হৈছে ব্ৰহ্মপুত্ৰ ব’ৰ্ড।

6. মহাৰাষ্ট্ৰৰ উপ-মুখ্যমন্ত্ৰী ৰূপে শপতগ্ৰহণ কৰে অজিত পাৱাৰে৷
অজিত পাৱাৰৰ লগত ২৫ গৰাকীৰো অধিক বিধায়ক সমৰ্থন থকাৰ দাবী৷
NCPৰ আন ৮গৰাকী বিধায়কৰো মন্ত্ৰী ৰূপে শপতগ্ৰহণ কৰে ৷
ৰাজভৱনত অনুষ্ঠিত হৈছে শপতগ্ৰহণ অনুষ্ঠান৷

7. অসম আৰক্ষীৰ জালত ৭ উগ্ৰপন্থী৷
সদস্যকেইটা KLO, BLA উগ্ৰপন্থী সংগঠনৰ৷
BTRত ধন দাবীত জড়িত ধৃত উগ্ৰপন্থীকেইটা৷
অসম, নাগালেণ্ড, পশ্চিমবংগৰ বিভিন্ন প্ৰান্তৰ পৰা গ্ৰেপ্তাৰ কৰে।
ছ’চিয়েল মিডিয়াযোগে জনালে DGP জি পি সিঙে৷

8. মদ্যপান কৰি তীব্ৰবেগী ডাম্পাৰে মহটিয়ালে বাইকচালকক।
থিতাতে নিহত হয় একে পৰিয়লৰে দুই শিশুসহ বাইকচালক।
ডবকাৰ জাব্ৰাখোৱাৰ ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত হৈছে এই ভয়ংকৰ পথ দুৰ্ঘটনা ।

9. অসম-অৰুণাচল সীমান্তৰ নৰ্গম নৈত উদ্ধাৰ হয় এটি বন্যহস্তীৰ পোৱালি।
৬১ নং ভৈৰৱকুণ্ড SSBৰ জোৱানে উদ্ধাৰ কৰে হাতী পোৱালিটো।
ভূটানৰ পৰা বৈ অহা পাহাৰীয়া নৈত উদ্ধাৰ কৰে SSBয়ে।

10. ঘোচ লৈ দুৰ্নীতি নিবাৰক শাখাৰ জালত খোদ এগৰাকী ASI বিষয়া।
গ্ৰেপ্তাৰ হয় শুৱালকুছি থানাৰ ASI জয়নাল আলী।
জামিন মঞ্জুৰ কৰাৰ বাবে অভিযোগকাৰীৰ পৰা উৎকোচ লৈ গ্ৰেপ্তাৰ হয় জয়নাল আলী ৷
অভিযোগকাৰীৰ পৰা বিচাৰিছিল ২০০০ টকা।

11. অসম আৰক্ষীৰ SI নিপু কলিতাক চাকৰিৰ পৰা বৰ্খাস্ত।
কেইবাটাও অভিযোগৰ ভিত্তিত চাকৰিৰ পৰা টুইটাৰযোগে বৰ্খাস্তৰ নিৰ্দেশ দিয়ে DGP জিপি সিঙে।

12. পুনৰ অশান্ত মণিপুৰ।
বিষ্ণুপুৰ জিলাৰ খজ্জু-মানতাবিত অস্ত্ৰধাৰী দুৰ্বৃত্তৰ আক্ৰমণ।
নিহত ৩গৰাকী সাধাৰণ নাগৰিক।
ঘটনাৰ পাছতে শিথিল কৰা হৈছে কাৰ্ফিউৰ সময়সীমা।
পুৱা ৫ বজাৰ পৰা ১০ বজালৈ শিথিল কৰা হৈছে সান্ধ্য আইন।

13. মহানগৰীৰ কাহিলিপাৰাত অঘটন।
কুঁৱাত পৰি এজন লোকৰ মৃত্যু হয়।
কাহিলিপাৰাৰ দৈনিক বজাৰত এই ঘটনা সংঘটিত হৈছে।
বজাৰৰ ভিতৰত উন্মুক্ত অৱস্থাত আছিল কুঁৱাটো।
বৰ্তমানেও উদ্ধাৰ হোৱা নাই লোকজনৰ পৰিচয়।
কুঁৱাৰ ভিতৰৰ পৰা লোকজনক উদ্ধাৰৰ চেষ্টা অব্যাহত।

14. হাইলাকান্দিত আটক ধৃত প্রৱঞ্চক।
চাকৰি দিয়াৰ নামত সংগ্রহ কৰিছিল হাজাৰ হাজাৰ টকা।
ধৃত প্রৱঞ্চকটোৰ নাম হবিবুৰ ৰহমান লস্কৰ।
চাকৰি দিয়াৰ নামত বহুলোকৰ পৰা সংগ্রহ কৰে ৯০ হাজাৰ টকা।

15. যোৰহাটত ব্ৰহ্মপুত্ৰৰ খহনীয়া অব্যাহত আছে।
উত্তৰ-পশ্চিম যোৰহাটৰ বিভিন্ন প্ৰান্তত খহিছে গৰা।
৭নং আৰু ৮নং শৈল বান্ধৰ কাষত খহনীয়া।
বাঁহেৰে খহনীয়া ৰোধৰ চেষ্টা কৰে বিভাগীয় কৰ্তৃপক্ষই।

16. কলম্বিয়াৰ ভয়ংকৰ বিমান দুৰ্ঘটনা।
প্ৰশিক্ষণৰ সময়তে দুখনকৈ বিমানৰ সংঘৰ্ষ।
ভিলাভিছেঞ্চিঅ’ এয়াৰ বেছত সংঘটিত গৈছে এই দুৰ্ঘটনা।
আকাশতে জুই লাগি ভূপতিত দুখনকৈ বিমান।
দুৰ্ঘটনাত কলম্বিয়া এয়াৰ ফ’ৰ্চৰ দুজনকৈ বৈমানিকৰ মৃত্যু হয়।

17. ৭২ ঘন্টাৰ পাছতো সন্ধান নাই পলাতক OC বিমান ৰয়ৰ৷
পলাতক বিমান ৰয়ক শীঘ্ৰে গ্ৰেপ্তাৰৰ দাবী জনাই নলবাৰীত আছুৰ প্ৰতিবাদ৷
ঘগ্ৰাপাৰ থানাৰ কাণ্ডৰ দোষীক উচিত শাস্তি দিয়াৰ দাবী প্ৰতিবাদকাৰীসকলৰ৷

18. শোণিতপুৰৰ মিছামাৰিত অজগৰ উদ্ধাৰ।
মিছামাৰিৰ সেনা চাৱনিৰ পৰা প্ৰায় ১০ফুট দৈৰ্ঘ্যৰ অজগৰটো উদ্ধাৰ কৰে গাভৰু খণ্ড উন্নয়ন বন বিষয়াই।
উদ্ধাৰ কৰি সোণাই-ৰূপাই বনাঞ্চলত মুকলি কৰি দিয়া হয় অজগৰটো।

19. জোনাইৰ প্ৰস্তাৱিত কবু বনাঞ্চলত ধ্বংসযজ্ঞ।
গছ কাটি তহিলং কৰে চোৰাং বন মাফিয়াই।
ব্ৰহ্মপুত্ৰ আৰু চিয়াং নদীৰ জলপথেৰে বহিঃৰাজ্যলৈ সৰবৰাহ বৃহৎ বৃহৎ গছৰ কুণ্ডা।
বন মাফিয়াৰ ধ্বংসযজ্ঞৰ বিৰুদ্ধে জাঙুৰ খাই উঠিছে প্ৰকৃতিপ্ৰেমী আৰু বিভিন্ন দল-সংগঠন।

20. ‘বন্ধুসকল এয়া ট্ৰেইলাৰহে পিকচাৰ আহিবলৈ দিয়ক, ইমান ভয় খাব নালাগে।
আমি তিনিটাই মাত্ৰ ফটোহে উঠিছো।’
৩ গগৈ একত্ৰিত হোৱাক লৈ বিজেপিৰ সংবাদমেল সন্দৰ্ভত প্ৰতিক্ৰিয়া গৌৰৱ গগৈৰ।

 

Leave a Reply

Your email address will not be published. Required fields are marked *