৫ মিনিটত ২০টা গুৰুত্বপূৰ্ণ খবৰ।

Spread the love
মিচিং স্বায়ত্বশসিত পৰিষদৰ বিজ্ঞাপনৰ সবিশেষ।
মিচিং স্বায়ত্বশসিত পৰিষদৰ বিজ্ঞাপনৰ সবিশেষ।

Rnewsindia24.com Assam July 3/2023:- 

1. নলবাৰীত আজি উৰণ সেতু মুকলি কৰে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই।
হৰি মন্দিৰৰ সমীপত নিৰ্মাণ কৰা হৈছে সেতুখন।
উৰণ সেতুখন প্ৰজ্ঞা সেতু নামেৰে নামকৰণ কৰা হৈছে।
সেতুখনৰ পথছোৱাৰ নাম থৈছে গৌৰৱ পথ।

2. “আমি ৰাজনৈতিক জীৱনত নেদেখা কাম মোদীয়ে কৰিছে।
আমেৰিকাত ডেৰ ঘণ্টা মোদীয়ে ভাষণ দিছে, ৮৯ বাৰ হাত চাপৰি বজাইছে” – মন্তব্য
মন্ত্ৰী পীযুষ হাজৰিকাৰ।

3. কনিষ্টবল সৰস্বতী হাছনুক চাকৰিৰ পৰা বৰ্খাস্ত।
DGP জি পি সিঙে টুইটযোগে সদৰী কৰে হাছনুক বৰ্খাস্ত কৰাৰ কথা।
GRPৰ উপ-পৰিদৰ্শক বদ্ৰী প্ৰসাদ বাৰুৱতীয়ে সৰস্বতীৰ একাউণ্টলৈ প্ৰেৰণ কৰিছিল ধন।
২০২১ত সোণ স্মাগলিঙৰ গোচৰত গ্ৰেপ্তাৰ হৈছিল বদ্ৰী প্ৰসাদ বাৰুৱতী।
বদ্ৰী প্ৰসাদৰ অতি ঘনিষ্ঠ বুলি পৰিচিত সৰস্বতী হাছনু।

4. কাইলৈ গুৱাহাটীলৈ আহিব উপ-ৰাষ্ট্ৰপতি জগদ্বীপ ধনখড়।
IIT গুৱাহাটীৰ দুটাকৈ কাৰ্যসূচীত অংশগ্ৰহণ কৰিব উপ-ৰাষ্ট্ৰপতিগৰাকীয়ে।
মহানগৰীৰ ৰাজপথত বাহন চলাচলৰ ক্ষেত্ৰত বিশেষ নিৰ্দেশনা জাৰি কৰিছে প্ৰশাসনে।
জালুকবাৰীৰ পৰা মহানগৰীত প্ৰৱেশ কৰিব নোৱাৰিব গধুৰ তথা বাণিজ্যিক বাহন।
২৭নং ৰাষ্ট্ৰীয় ঘাইপথটো গধুৰ বাহন চলাচলত নিষেধাজ্ঞা।
মহানগৰীৰ DG ৰোড, MG ৰোড, AT ৰোডত সকলো ধৰণৰ বাণিজ্যিক বাহন চলাচলত নিষেধাজ্ঞা জাৰি।
কেৱল জৰুৰীকালীন সেৱাৰ ক্ষেত্ৰত থাকিব ৰেহাই।
পুৱা ৬বজাৰ পৰা নিশা ৯বজালৈ বাহাল থাকিব এই নিৰ্দেশনা।

5. ‘দাম বাঢ়িলেও সুৰাপায়ীয়ে পাতাল ফালি বিচাৰি হ’লেও সুৰা সেৱন কৰিবই৷
সুৰাৰ চোৰাং বেহা ৰোধ কৰাৰ বাবে চৰকাৰে লৈছে পদক্ষেপ৷
সুৰাৰ দাম বৃদ্ধিয়ে ৰাজহ সংগ্ৰহত নেপেলায় কোনো প্ৰভাৱ’৷
সুৰাৰ বিপণি বৃদ্ধিক লৈ মন্তব্য শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৰ৷

6. ‘প্ৰমোদ বড়োৰ ষড়যন্ত্ৰৰ বলি হ’ল বিটিচিবাসী’৷
ওদালগুৰিত প্ৰতিবাদত বহিল হাগ্ৰামা মহিলাৰী৷
BTCৰ ভিতৰতে ওদালগুৰি লোকসভা সমষ্টি গঠনৰ দাবী জনাই হাগ্ৰামা মহিলাৰীয়ে৷

7. শিলচৰত ‘অগ্নিবীৰ’ নিযুক্তি প্ৰক্ৰিয়াৰ দ্বিতীয় পৰ্যায়ৰ ৰেলী।
ভাৰতীয় সেনাই ঘোষণা কৰে নিযুক্তি পৰীক্ষাৰ দিন।
৬ জুলাইৰ পৰা ৮ জুলাইলৈ অনুষ্ঠিত হ’ব পৰীক্ষা।
মাছিমপুৰ মিলিটেৰী ষ্টেচনত অনুষ্ঠিত হ’ব কাৰ্বি আংলং, পশ্চিম কাৰ্বি আংলং, হোজাই, কৰিমগঞ্জ, হাইলাকান্দি, ডিমা হাছাও আৰু কাছাৰ জিলাৰ প্ৰাৰ্থীৰ নিযুক্তি পৰীক্ষা।

8. অসমবাসীৰ বাবে সুখবৰ।
ভাৰতীয় মহিলা ক্ৰিকেট দলত স্থান লাভ অসম জীয়ৰী উমা চেত্ৰীক বৰ্ষাপাৰাত সম্বৰ্ধনা।
অসম ক্ৰিকেট সন্থাৰ তৰফৰ পৰা ৫ লাখ টকাৰ অনুদান ক্ৰিকেটাৰগৰাকীলৈ।
উমা অসমবাসীৰ গৌৰৱ বুলি মন্তব্য ACAৰ সভাপতি তৰংগ গগৈৰ।

9. শংকৰদেৱ কলাক্ষেত্ৰত বিশ্ব হিন্দু পৰিষদৰ উদ্যোগত নাগৰিক সভা।
সভাত ‘সাদিন-প্ৰতিদিন’ গোষ্ঠীৰ অধ্যক্ষ জয়ন্ত বৰুৱাক জনোৱা হয় সম্বৰ্ধনা।
হেমকোষৰ ব্ৰেইল সংস্কৰণৰ বিশ্ব অভিলেখৰ বাবে জনায় সম্বৰ্ধনা।
বিশ্ব হিন্দু পৰিষদৰ উত্তৰ-পূব প্ৰান্তৰ উদ্যোগত আয়োজন এই অনুষ্ঠান।

10. ঢেকীয়াজুলিত গুদামে গুদামে CM ভিজিলেঞ্চৰ অভিযান।
চোৰাং চাউল কেলেংকাৰিৰে জড়িত ৯ জনক গ্ৰেপ্তাৰ কৰে CMV এ।

11. ড্রাগছৰ বিৰুদ্ধে জুৰীয়া আৰক্ষীৰ অভিযান।
জুৰীয়াৰ উদমাৰীৰ পৰা আটক ড্রাগছ সৰবৰাহকাৰীক।
ধৃত সৰবৰাহকাৰীটোৰ পৰা দুটা ড্রাগছভৰ্তি চাবোনৰ বাকচ জব্দ কৰে।

12. সুদীৰ্ঘ ৩২ টা বছৰে দেশমাতৃৰ সেৱা কৰি অৱসৰ লৈ উভতিল নিজ গৃহলৈ।
বৰপেটা ৰোড ৰে’ল ষ্টেচনত সেনা জোৱান গৰাকীক উষ্ম আদৰণি জনাই গাওঁবাসী এ।
অৱসৰপ্ৰাপ্ত সেনা জোৱান গৰাকী বৰপেটাৰোডৰ বালাভিটাৰ চৈদুল ইছলাম।

13. মন্ত্ৰী-বিধায়কৰ নাম কৈ চাকৰিৰ নামত ধন লৈ গ্ৰেপ্তাৰ প্ৰৱঞ্চক যুৱক।
ধৃত প্ৰৱঞ্চক নগাঁৱৰ শিঙিয়া পুতনিৰ মিণ্টু হাজৰিকা।
মন্ত্ৰী পীয়ূষ হাজৰিকা, বিধায়ক জিতু গোস্বামী আৰু প্ৰাক্তন মন্ত্ৰী ৰাজেন গোহাঁঞিৰ নাম লৈ নিবনুৱা যুৱকৰ পৰা সংগ্ৰহ কৰিছিল লাখ লাখ টকা।
ভুক্তভোগীৰ এজাহাৰৰ ভিত্তিত খানাপাৰাৰ পৰা গ্ৰেপ্তাৰ কৰে নগাঁও আৰক্ষীয়ে।

14. জাগুন ঘাটত ভয়ংকৰ ঘটনা।
নদীৰ মাজতে বিকল হৈ পৰে নাৱৰ ইঞ্জিন।
বুঢ়ীদিহিং নৈৰ কোবাল সোঁতে উটুৱাই লৈ যায় নাওঁখন।
ভয়ংকৰ দুৰ্ঘটনাৰ পৰা কথমপি ৰক্ষা পৰে।

15. সোণাপুৰত তেল পৰিবাহী টেংকাৰৰ পৰা উদ্ধাৰ কৰে গো-ধন।
প্ৰায় ৪০টাকৈ গো-ধন উদ্ধাৰ কৰে সোণাপুৰ আৰক্ষীয়ে।
টেংকাৰৰ চালক-হেণ্ডিমেনক আটক কৰে আৰক্ষীয়ে।

16. তিনিচুকীয়াত আৰক্ষীৰ অভিযান।
আৰক্ষীৰ অভিযানত জব্দ কৰে কাৰ্টুনে কাৰ্টুনে অবৈধ থিনাৰ৷
জিলাখনৰ দেৱীপুখুৰীত কেইবাটাও ব্যৱসায়ীক প্ৰতিষ্ঠানৰ গুদামত চলে আৰক্ষীৰ অভিযান৷
তিনিচুকীয়া আৰক্ষীৰ অপৰাধ শাখাই ASP মইদুল ইচলামৰ নেতৃত্বত চলাইছিল অভিযান৷

17. ওদালগুৰিৰ ভেৰগাঁৱত অঘটন।
ম’বাইল চাৰ্জত দিবলৈ গৈ বিদ্যুত্স্পৃষ্ট হৈ কিশোৰৰ মৃত্যু হয়।
নাম কৌশিক ৰাভা।
ভেৰগাঁৱৰ নিকটৱৰ্তী কছাৰীপাৰাত সংঘটিত হয় এই শোকাৱহ ঘটনা।

18. সমষ্টি নিৰ্ধাৰণৰ খচৰাক লৈ উত্তাল হাজো মনাহকুছি।
হাজো সমষ্টিৰ মনাহকুছি পঞ্চায়তক ৰঙিয়া সমষ্টিত অন্তৰ্ভুক্ত কৰাক লৈ তীব্ৰ ক্ষোভ ৰাইজৰ।
ইয়াৰ বিৰোধিতাৰে ৰাজপথলৈ ওলাই আহিল শ-শ পুৰুষ মহিলা।

19. তাজমহল চাবলৈ অহা পৰ্যটকৰ ভুলৰ বাবে প্ৰাণ গ’ল এটা পোহনীয়া কুকুৰৰ৷
হাৰিয়ানাৰ পৰা অহা পৰ্যটক পৰিয়ালটোৱে ৰ’দত থোৱা এখন বাহনত কুকুৰটো থৈ তাজমহল পৰিদৰ্শন কৰিবলৈ গৈছিল৷
বহু সময় উৎকট গৰমত ৰ’দত থকাৰ বাবেই কুকুৰটোৰ মৃত্যু হয়।
তাজমহলৰ পশ্চিম গেটৰ সন্মুখত সংঘটিত হয় এই ঘটনা।

20. “তিনি গগৈ লগ হৈও একো কৰিব নোৱাৰে।
গগৈ উপাধিৰ মানুহ বিলাক বিজেপিৰ লগত আছে”- মন্তব্য ভৱেশ কলিতাৰ।

Leave a Reply

Your email address will not be published. Required fields are marked *