৫ মিনিটত ২০টা গুৰুত্বপূৰ্ণ খবৰ। - RnewsIndia24
Skip to content
Rnewsindia24.com Assam July 9/2032:-
1. আজি বাইহাটাৰ পুঠিমাৰীত মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ বিশাল জনসভা৷
বাৰোৱাৰী দুৰ্গা মন্দিৰ খেলপথাৰত অনুষ্ঠিত হয় এই জনসভা৷
2. আজি অনুষ্ঠিত হৈছে আৰক্ষীৰ পদোন্নতিৰ পৰীক্ষা৷
৯৫১টা ASIৰ খালী পদৰ বাবে অনুষ্ঠিত হৈছে বিভাগীয় পৰীক্ষা৷
পৰীক্ষাত অৱতীৰ্ণ হৈছে ১০,৮৭০জন প্ৰাৰ্থী৷
ছেবাই অনুষ্ঠিত কৰিছে এই পৰীক্ষা৷
শেষবাৰৰ ২০০৪ চনতে অনুষ্ঠিত হৈছিল পদোন্নতিৰ পৰীক্ষা৷
সামাজিক মাধ্যমত DGP জি পি সিঙে সদৰী কৰে এই তথ্য৷
3. আজি বাংলাদেশত ভাৰতীয় মহিলা ক্ৰিকেট দলৰ প্ৰথমখন T-20 মেচ৷
মীৰপুৰত অনুষ্ঠিত হ’ব খেলখন৷
T-20ৰ উপৰিও এদিনীয়া দলতো স্থান লাভ কৰিছে উমা চেত্ৰীয়ে৷
4. মাজুলীৰ কমলাবাৰী-নিমাতী ফেৰী সেৱা বন্ধ৷
ব্ৰহ্মপুত্ৰৰ জলস্তৰ বৃদ্ধিৰ বাবে বন্ধ হৈ পৰিছে ফেৰী সেৱা৷
ফেৰীঘাটৰ ৰেম্প ডুব যোৱা বাবে এই সিদ্ধান্ত IWTৰ৷
5. গুৱাহাটী মহানগৰ জিলাৰ কিষাণ মৰ্চাৰ উদ্যোগত বাইক ৰেলী৷
ভাৰতীয় জনতা পাৰ্টিৰ ৯ বছৰীয়া বৰ্ষপূৰ্তি উপলক্ষ্যে এই ৰেলী৷
জিলা বিজেপি কাৰ্যালয়ৰ পৰা ৰাজ্যিক বিজেপি কাৰ্যালয়লৈ ৰেলী।
6. মণিপুৰত ইণ্টাৰনেট কৰ্তনৰ নিষেধাজ্ঞা উঠাই ল’বলৈ মণিপুৰ উচ্চ ন্যায়ালয়ৰ নিৰ্দেশনা।
লিজড লাইন ইণ্টাৰনেট সংযোগৰ ক্ষেত্ৰত নিষেধাজ্ঞা বাতিলৰ নিৰ্দেশ ৰাজ্যক।
7. ডিব্ৰুগড়ৰ ফুলবাগানত অচিনাক্ত মৃতদেহ উদ্ধাৰ৷
ব্ৰহ্মপুত্ৰত উটি আহে অচিনাক্ত মৃতদেহটো৷
8. নতুন ৰূপত বন্দে ভাৰত এক্সপ্ৰেছ৷
এতিয়াৰে পৰা নীলা ৰঙৰ লগতে গেৰুৱা ৰঙৰ বন্দে ভাৰত এক্সপ্ৰেছতো যাত্ৰা কৰিব পাৰিব যাত্ৰীসকলে৷
9. সাতগাঁও থানাৰ OC সন্দিপ কুমাৰ কানুৰ বিৰুদ্ধে এই অভিযোগ৷
ধন নিদিলে কাম নকৰে সাতগাঁও থানাৰ ভাৰপ্ৰাপ্ত বিষয়াই৷
চুৰি হোৱা গাড়ী উদ্ধাৰৰ নামতো আৰক্ষীয়ে কৰে ধন দাবী৷
10. ৰঙিয়াৰ হাইৱে’ চ’কত ভয়ংকৰ দুৰ্ঘটনা৷
ৰৈ থকা ট্ৰাকত খুন্দা আন এখন তীব্ৰবেগী ট্ৰাকৰ৷
দুৰ্ঘটনাটোত আহত হয় ট্ৰাকখনৰ চালক৷
11. যোৰাবাটত জব্দ কৰে চোৰাং গৰুভৰ্তি ট্ৰাক৷
ট্ৰাকখনৰ পৰা উদ্ধাৰ কৰে ৬১টাকৈ গৰু৷
মেঘালয়ৰ বৰ্ণিহাট গৰু বজাৰ অভিমুখী আছিল ট্ৰাকখন৷
ট্ৰাকখনৰ চালকক আটক কৰে যোৰাবাট আৰক্ষীয়ে
12. বিশ্বনাথৰ গহপুৰ থানাৰ SI ধীৰাজজ্যোতি নমঃশূদ্ৰক চাকৰিৰ পৰা বৰ্খাস্ত।
২০২২ চনৰ ৮ ডিচেম্বৰত উৎকোচ লৈ গ্ৰেপ্তাৰ হৈছিল আৰক্ষী বিষয়াগৰাকী।
টুইটযোগে SI ধীৰাজজ্যোতিক বৰ্খাস্ত কৰাৰ কথা ঘোষণা DGPৰ।
13. কৰিমগঞ্জ আৰক্ষীৰ সফল অভিযান।
২০ হাজাৰ য়াবা টেবলেটসহ ২ জনক গ্ৰেপ্তাৰ কৰে।
জব্দকৃত টেবলেটখিনিৰ বজাৰ মূল্য প্ৰায় ৬ লাখ টকা।
14. অসম আৰক্ষীৰ বিশেষ টাস্ক ফৰ্চৰ অভিযানত জালনোট সৰবৰাহৰে জড়িত মঃ বুবুল আলমক গ্ৰেপ্তাৰ।
গুৱাহাটীৰ হাতীগাঁৱৰ পৰা গ্ৰেপ্তাৰ কৰে বিশেষ টাস্ক ফৰ্চৰ অভিযানকাৰী দলে।
ব্যক্তিজনৰ পৰা আৰক্ষীয়ে জব্দ কৰে এখন মাৰুতি ব্ৰিজা, ৫০০টকীয়া জালনোটৰ বান্দিল, ফটোষ্টেট কৰা ৫০০টকীয়া নোট, ৫০০টকীয়া নোটৰ আকৃতিক বগা কাগজ, পিষ্টল আকৃতি এটা লাইটাৰ, ৮খন ৫০০ টকীয়া নোট আৰু ৪টা মোবাইল ফোন।
15. মহানগৰীৰ VIP ৰোডত আৰক্ষীৰ তালাচী অভিযানত হেৰ’ইনসহ সৰবৰাহকাৰীক গ্ৰেপ্তাৰ।
৯টা চাবোনৰ বাকচত ১০৯.৯১ গ্ৰাম হেৰ’ইন জব্দ কৰে আৰক্ষীয়ে।
সৰবৰাহকাৰী য়াহিয়া খানক গ্ৰেপ্তাৰ কৰে।
মণিপুৰৰ পৰা গুৱাহাটীলৈ আহিছিল সৰবৰাহকাৰীটো।
16. আৰক্ষীৰ জালত শিক্ষকৰূপী প্ৰৱঞ্চক।
হোজাইত ৰূপহী আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে প্ৰৱঞ্চক খাইৰুল ইছলামক ।
নিজকে পদুম পুখুৰী বিদ্যালয়ৰ অধ্যক্ষ বুলি চিনাকি টিউচন কৰাৰ ছলেৰে খাইৰুলে লুটিছিল ২৮ হাজাৰ টকা।
17. ১৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ ছয়গাঁও কাৱৈমাৰীৰ কলহী নৈৰ মৰা সুঁতিত পৰিল চেণ্ট্ৰ’ বাহন।
দুৰ্ঘটনাত কথমপি প্ৰাণৰক্ষা পৰিল ৩ শিশুসহ ৬ গৰাকী যাত্ৰী।
দুধনৈ-গুৱাহাটী অভিমুখী আছিল চেণ্ট্ৰ’ বাহনখন।
18. অনলাইন গেমক লৈ কলগাছিয়াৰ লাংলাত উত্তপ্ত পৰিস্থিতি।
খেলৰ বাবে দুটা ফৈদৰ মাজত প্ৰচণ্ড মাৰপিট।
দা, ডেগাৰ, ৰডেৰে দলবদ্ধ আক্ৰমণ এটা পৰিয়ালক।
মাৰপিটত ৮ জনকৈ লোক আহত, ৪ জন অৱস্থা সংকটজনক।
১৯ জনৰ বিৰুদ্ধে কলগাছিয়া থানাত এজাহাৰ দাখিল।
কলগাছিয়া আৰক্ষীৰ বিৰুদ্ধে তদন্তত গাফিলতিৰ অভিযোগ।
19. মানাহ ৰাষ্ট্ৰীয় উদ্যানৰ মুখ্য প্ৰৱেশদ্বাৰত মুণ্ডন কাৰ্যসূচী।
গঁড়-হাতী-বাঘ নিধন কাৰ্য ৰোধ, ক্ষেত্ৰ সঞ্চালকক বৰ্খাস্তৰ দাবী।
গ্ৰেটাৰ মানাহ কনজাৰ্ভেছন এণ্ড টুৰিজিম ডেভেলপমেণ্ট ছ’চাইটীয়ে প্ৰতিবাদ সাব্যস্ত কৰে।
20. কাকপথাৰৰ ডিৰাক সোণজানত ভয়ংকৰ দুৰ্ঘটনা।
দুৰ্ঘটনাত ১২ জন লোক গুৰুতৰভাৱে আহত হয়।