‘মোডী-মেক্ৰন নৈশভোজ’লৈ আমন্ত্ৰিত অসমৰ জী প্ৰিয়ংকা ৰাজকাকতী।
Rnewsindia24.com Assam July 14/2023:-
দুদিনীয়া কাৰ্যসূচীৰে ফ্ৰান্স ভ্ৰমণৰত ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ আতিথ্যৰ বাবে দেশখনৰ হৈ ৰাষ্ট্ৰপতি ইমানুৱেল মেক্ৰনে আয়োজন কৰা নৈশভোজলৈ বিশেষভাবে আমন্ত্ৰিত হৈছে এগৰাকী অসমীয়া এৰোস্পেচ অভিযন্তা প্ৰিয়ংকা ৰাজকাকতী ।
১৪ জুলাইৰ সন্ধ্যা ফ্ৰান্সৰ বিখ্যাত লুভাৰ সংগ্ৰহালয়ত অনুষ্ঠিত অনুষ্ঠিত হ’বলগীয়া এই নৈশভোজৰ বাবে আমন্ত্ৰিত ২৫০ গৰাকী বিশেষ অতিথিৰ মাজত প্ৰিয়ংকাও অন্যতম ।
উল্লেখযোগ্য যে , অসমৰ জীয়ৰী প্ৰিয়ংকাই নৈশভোজৰ উপলক্ষে এযোৰ অসমীয়া মেখেলা-চাদৰ পিন্ধাৰ কথা পৰিকল্পনা কৰিছে । ইয়াৰ লগতে আজি তেওঁ উপহাৰস্বৰূপে ভাৰতৰ প্ৰধানমন্ত্ৰীগৰাকীক স্বনিৰ্মিত এটি শিল্পকৰ্মৰ চানেকিও প্ৰদান কৰিব ।
বৰ্তমান পেৰিছৰ বাসিন্দা প্ৰিয়ংকাই ইয়াৰ পূৰ্বে ফ্ৰান্সৰ প্ৰাক্তন শিক্ষাৰ্থী সমাৰোহৰ এগৰাকী প্ৰাক্তন শিক্ষাৰ্থী ৰাষ্ট্ৰদূত হিচাপে বাচনি লাভ কৰিছিল।
কেৱল এয়ে নহয়, অসমৰ এইগৰাকী মেধাৱী কন্যাই ইতিপূৰ্বে ‘ফৰ্বছ ইণ্ডিয়া আণ্ডাৰ 30’ আৰু ‘ইণ্ডিয়া টুডে’ৰ ‘নেক্সট 100 ইনভেণ্টৰ’ত অন্তৰ্ভুক্ত হৈ অসম তথা ভাৰতৰ নাম উজ্বলোৱাৰ লগতে ‘কাৰমান ফেলোশ্বিপ’ৰ খ্যাতিও লাভ কৰিছে ।
এৰোস্পেচ ইঞ্জিনিয়াৰিঙৰ ক্ষেত্ৰখনত জড়িত থকাৰ লগতে প্ৰিয়ংকা এগৰাকী নিপুণ শিল্পী প্ৰিয়ংকাৰ এটি কলা-প্ৰযুক্তি প্ৰকল্প ‘ভেদাদিপীকা’ক আন্তৰ্জাতিক মহাকাশ কেন্দ্ৰৰ ২০২২ বৰ্ষৰ ‘মুন গেলেৰী প্ৰকল্প’ৰ এক গুৰুত্বপূৰ্ণ অংশ হিচাপে গ্ৰহণ কৰা হৈছিল ।
তাৰোপৰি, ২০১৯ চনত প্ৰিয়ংকাই মহিলা বিজ্ঞানীসকলৰ নেতৃত্বমূলক এণ্টাৰ্কটিকা অভিযানৰ দৰে এক বিশ্বজনীন তথা ঐতিহাসিক পদক্ষেপৰ বাবেও নিৰ্বাচিত হৈছিল ।
উল্লেখযোগ্য যে, অসমত জন্মগ্ৰহণ কৰি নতুন দিল্লীত স্কুলীয়া শিক্ষা লাভ কৰা প্ৰিয়ংকা হৈছে উত্তৰ-পূব উন্নয়ণ বিত্তীয় নিগম তথা উত্তৰ পূব আঞ্চলিক কৃষি বিপণন নিগমৰ এগৰাকী প্ৰাক্তন শীৰ্ষ বিষয়া মনোজ কুমাৰ দাস আৰু চিকিৎসক অজন্তা বৰুৱাৰ সুযোগ্যা সন্তান ।