৫ মিনিটত ২০টা গুৰুত্বপূৰ্ণ খবৰ। - RnewsIndia24
Skip to content
মিচিং স্বায়ত্বশসিত পৰিষদৰ বিজ্ঞাপনৰ সবিশেষ।
Rnewsindia24.com Assam July 18/2023:-
1. ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মূৰ পৰা ‘ভূমি সন্মান’ গ্ৰহণ দৰঙৰ জিলা আয়ুক্ত মুনীন্দ্ৰ নাথ ঙাটেৰ।
ডিজিটেল ইণ্ডিয়া লেণ্ড ৰেকৰ্ডছ মডৰ্নাইজেশ্বন প্ৰগেমত লাভ কৰা সফলতাৰ বাবে এই সন্মান লাভ কৰে।
অসমৰ পৰা কেৱল দৰং জিলাই লাভ কৰে এই বিশেষ বঁটাটি।
2. ৰাজ্যৰ নিবনুৱাৰ বাবে পুনৰ সুখবৰ।
৩২ হাজাৰৰো অধিক পদত হ’ব নিযুক্তি।
গৃহবিভাগত ৪ হাজাৰ ৯৭ টা পদত হ’ব নিযুক্তি।
স্বাস্থ্য, পৰিয়াল কল্যাণ বিভাগত ৫ হাজাৰ ১০৫ টা পদত নিযুক্তি।
শিক্ষা বিভাগত ১০ হাজাৰ ২৯৯ টা পদত নিযুক্তি।
পঞ্চায়ত, গ্ৰামোন্নয়ন বিভাগত ১ হাজাৰ ১৭৬ টা পদত নিযুক্তি।
তৃতীয় বৰ্গত ৭ হাজাৰ ৭৩ টা পদত হ’ব নিযুক্তি।
চতুৰ্থ বৰ্গত নিযুক্তি দিয়া হ’ব ৪ হাজাৰ ৯৩৯ জনক।
সৰ্বমুঠ ৩২ হাজাৰ ৬৮৯ টা পদত হ’ব নিযুক্তি।
3. সম্বলপুৰত নিৰ্মাণ হ’ব ১২ ফুট দৈৰ্ঘ্যৰ লক্ষ্মীনাথ বেজবৰুৱাৰ ব্ৰঞ্জৰ প্ৰতিমূৰ্তি।
আধাৰশিলা স্থাপন কৰে মন্ত্রী বিমল বৰাই।
4. NDA হৈছে নতুন শক্তিৰে ভৰা ‘ত্ৰিশক্তি’।
N মানে নৱ ভাৰত, D মানে উন্নত ৰাষ্ট্ৰ আৰু A মানে জনতা আৰু অঞ্চলৰ আশা।
NDAৰ বৈঠকত অংশ গ্ৰহণ কৰি এই মন্তব্য আগবঢ়ায় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে।
5. ভূপালত ছোনীয়া গান্ধী, ৰাহুল গান্ধী যোৱা বিমানৰ জৰুৰী অৱতৰণ।
প্ৰতিকূল বতৰৰ বাবে মধ্যপ্ৰদেশৰ ভূপালত জৰুৰী অৱতৰণ বিমানখনৰ।
বাংগালুৰুৰ বৈঠকৰ পৰা দিল্লীলৈ গৈ আছিল দুয়ো।
ভূপালৰ ৰাজা ভোজ বিমান বন্দৰত জৰুৰী অৱতৰণ কৰা হয় বিমানখনৰ।
6. সাংসদ এছ ফাংনন কন্যাক ৰাজ্যসভাৰ উপাধ্যক্ষ হিচাপে মনোনীত।
নাগালেণ্ডৰ প্ৰথমগৰাকী মহিলা সাংসদ এছ ফাংনন কন্যাক।
7. দীৰ্ঘদিন ধৰি জটিল ৰোগত আক্ৰান্ত হৈ মৃত্যু হ’ল খাপলাং কাইৰ ‘ভূতে’।
খাপলাং কাই ধাৰাবাহিকৰ ‘ভূত’ৰ চৰিত্ৰত অভিনয় কৰিছিল ৰঙিয়াৰ মুনিন্দ্ৰ দাসে।
8. ৰাজভৱনত ৰাজ্যপাল গুলাবচান্দ কাটাৰীয়া অধ্যক্ষতাত অনুষ্ঠিত জনস্বাস্থ্য কাৰিকৰী বিভাগৰ এখন পর্যালোচনা সভা।
ৰাজ্যখনৰ জলজীৱন মিছন আৰু স্বচ্ছ ভাৰত অভিযানৰ আঁচনিসমূহ ৰূপায়নৰ শেহতীয়া স্থিতি সন্দৰ্ভত আলোচনা কৰে।
সভাত উপস্থিত থাকে মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা আৰু বিভাগীয় বিষয়াসকল।
9. অসম সাহিত্য সভাৰ মুখ্য কাৰ্যালয় চৌহদত নিৰ্মাণ হ’ব নতুন ভৱন।
ভাষাৰ ওজা হেমচন্দ্ৰ বৰুৱাৰ নামেৰে নামাংকিত হ’ব ভৱনটো।
ভৱনত থাকিব দেউৰাম তাছাৰ স্মৃতিত বিশেষ সংগ্ৰহালয়।
ভৱনৰ দুটা মহলা নিৰ্মাণৰ দায়িত্ব ল’লে সাদিন-প্ৰতিদিন গোষ্ঠীৰ অধ্যক্ষ জয়ন্ত বৰুৱাই।
10. কাইলৈৰ পৰা পুনৰ আৰম্ভ হ’ব গুৱাহাটী – উত্তৰ গুৱাহাটী সংযোগী ফেৰী সেৱা।
ব্ৰহ্মপুত্ৰৰ জলপৃষ্ঠ বিপদ সীমাৰ তললৈ অহাৰ বাবে আভ্যন্তৰীণ জল পৰিবহন বিভাগৰ এই সিদ্ধান্ত।
এক জাননীযোগে জল পৰিবহন বিভাগে সদৰী কৰে এই তথ্য।
11. UPAৰ নতুন নাম ‘INDIA’৷ INDIA- অৰ্থাৎ Indian National Democratic Inclusive Alliance৷
বাংগালুৰুত অনুষ্ঠিত UPAৰ বৈঠকত এই সিদ্ধান্ত৷
12. ‘বিজেপিত কোন আছে নাজানো, কিন্তু AIUDFত বাংলাদেশী থকাতো ১০০ শতাংশই সচাঁ।
দেশ বিভাজন কিয় হৈছিল সকলোৱে জানে।
কোনোপধ্যেই বিজেপিত বাংলাদেশী থাকিব নোৱাৰে।
বাংলাদেশৰ পৰা অহা কোনো হিন্দু ভাৰতবৰ্ষত বিদেশী নহয়।
যিসকলে স্বাধীনতা লৈ ভাৰতৰ পৰা বাংলাদেশলৈ গৈছিল, পাছত আকৌ বাংলাদেশৰ পৰা আহি অসম দখল কৰিলে তেওঁলোকেই বাংলাদেশী।’
ভাৰতত থকা বিদেশী নাগৰিকৰ সন্দৰ্ভত মন্তব্য মন্ত্ৰী পীযূষ হাজৰিকাৰ।
13. ফাষ্টফুড খাই গোলাঘাতত মৃত্যু এগৰাকী মহিলা।
যোৰহাট চিকিৎসা মহাবিদ্যালয় হাস্পতালত মৃত্যু লাবণ্য তামুলীৰ।
14. কাছাৰৰ উধাৰবন্দৰ মহাদেৱবাড়ীত লোমহৰ্ষক হত্যাকাণ্ড।
ভাতৃয়ে চোকা অস্ত্ৰৰে ঘপিয়াই হত্যা কৰিলে ককায়েকক।
ঘটনাত আশিক উদ্দিন নামৰ এজন লোকৰ মৃত্যু ।
ঘৰ বনাবলৈ অনা ইটাক কেন্দ্ৰ কৰি দুয়োৰে মাজত কাজিয়াৰ সূত্ৰপাত।
15. কয়দীক গাঞ্জা সৰবৰাহৰ অভিযোগত কেন্দ্ৰীয় কাৰাগাৰৰ ২ নিৰাপত্তাৰক্ষীক নিলম্বন।
কনিষ্টবল ৰাজু ঠাকুৰ আৰু টংকেশ্বৰ দাসক নিলম্বন।
১ জুনত চাকৰিত যোগদান কৰিছিল দুয়োগৰাকী কনিষ্টবলে।
গুৱাহাটী কেন্দ্ৰীয় কাৰাগাৰৰ পৰা নিলম্বন কৰা হৈছে দুয়োকে।
16. দিন দুপৰতে ডকাইতে গুলী ফুটাই CSPৰ স্বত্বাধিকাৰীৰ পৰা লুটিলে ধন।
জুৰীয়াৰ আবুল বাছাৰৰ পৰা লুটিলে ২ লাখ ৮৭ হাজাৰ টকা।
SBIৰ CSPৰ স্বত্বাধিকাৰী আছিল ৰূপহীহাটৰ জুৰীয়াৰ আবুল বাছাৰ ।
17. ASIA & INDIA BOOK OF RECORDত নাম অন্তৰ্ভুক্ত অসম সন্তান ।
গোগামুখ লটাক গাঁৱৰ যুৱক মনোৰঞ্জন পেগু।
শামুকৰ খোলাত অসমীয়া ফুলাম গামোচাৰ ছবি অংকন কৰি নাম অন্তৰ্ভুক্ত কৰিলে মনোৰঞ্জনে।
18. যোৰাবাটৰ নাকা পইণ্টত যোৰাবাট OP আৰু বিশেষ টাস্ক ফ’ৰ্চৰ যুটীয়া অভিযান।
অভিযানত জব্দ কৰে ২৬ লাখ ৬৫ হাজাৰ ৫০০ টকা।
আৰক্ষীয়ে আটক কৰে দুজন ব্যক্তিক।
ধৃত ২ ব্যক্তি চোৰাং গৰু সৰবৰাহত জড়িত থকাৰ সন্দেহ কৰিছে আৰক্ষীয়ে।
19. মহানগৰীত পুনৰ ফুটিল পানীৰ পাইপ।
পানবজাৰৰ পানী টেংকীৰ সমীপতে পাইপ ফুটি প্লাৱিত হয় ৰাজপথ।
20. মহানগৰীৰ লালগণেশ বেটেলিয়ন গেটৰ OYO হোটেলৰ পৰা উদ্ধাৰ কৰে দুই কিশোৰী।
Assam Centre For Rural Development নামৰ স্বেচ্ছাসেৱী সংগঠনৰ অভিযানত উদ্ধাৰ কৰে দুয়োকে।
দুই কিশোৰীক শিলচৰৰ পৰা মূম্বাইলৈ নিয়াৰ পৰিকল্পনা আছিলি।
ফটাশিল আৰক্ষীয়ে আটক কৰে দুই কিশোৰী আৰু এজন যুৱকক।
Post navigation
Go Top