৫ মিনিটত ২০টা গুৰুত্বপূৰ্ণ খবৰ।

Spread the love

মিচিং স্বায়ত্বশসিত পৰিষদৰ বিজ্ঞাপনৰ সবিশেষ।
মিচিং স্বায়ত্বশসিত পৰিষদৰ বিজ্ঞাপনৰ সবিশেষ।

Rnewsindia24.com Assam July 22/2023:- 

1. কোকৰাঝাৰত ডুৰাণ্ড কাপ ফুটবল ট্ৰফীৰ শুভ উদ্বোধনী অনুষ্ঠান।
বডোফা কালচাৰেল কমপ্লেক্সত আয়োজন কৰে এই অনুষ্ঠান।
অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকে ক্ৰীড়ামন্ত্ৰী নন্দিতা গাৰ্লোছাৰ লগতে বি টি আৰ প্ৰধান প্ৰমোদ বড়ো।

2. এতিয়াৰে পৰা আৰক্ষীত কৰ্মৰত, অৱসৰপ্ৰাপ্ত কৰ্মচাৰী DGPক দিব পাৰিব অভিযোগ৷
হেল্পলাইন নম্বৰ 6026903429 ত দিব পাৰিব ওজৰ-আপত্তি, পৰামৰ্শ৷
DGPৰ সচিবালয়ে নিৰীক্ষণ কৰিব ওজৰ-আপত্তি, পৰামৰ্শ৷
আৰক্ষীত কৰ্মৰত, অৱসৰপ্ৰাপ্ত লোকে লিখিত ৰূপত দিব পাৰিব অভিযোগ৷
টুইটাৰযোগে এই কথা সদৰী কৰিছে DGP জি পি সিঙে৷

3. দেশৰ ভিন্ন প্ৰান্তৰ সমান্তৰালকৈ বশিষ্ঠৰ অসম ৱাটাৰ চেণ্টাৰত ৰোজগাৰ মেলাৰ আয়োজন৷
নিযুক্তি পত্ৰ প্ৰদান কৰে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে।

4. অভিযোগকাৰীৰ পৰা ঘোচ লৈ গ্ৰেপ্তাৰ হোৱা আৰক্ষী কনিষ্টবলক চাকৰিৰ পৰা বৰ্খাস্ত।
ধেমাজিৰ বৰদলনি আৰক্ষী চকীৰ কনিষ্টবল নিৰনধৰ পাৱে।
৬ জানুৱাৰীত অভিযোগকাৰীৰ পৰা ঘোচ লৈ প্ৰেপ্তাৰ হৈছিল দুৰ্নীতি নিবাৰকৰ হাতত।

5. কনিষ্টবল মৃদুল বৰালৈ জিপি সিঙৰ বিশেষ বঁটা ঘোষণা।
কহঁৰা আৰক্ষী চকীৰ যান-বাহন শাখাৰ কনিষ্টবল মৃদুল বৰা।
দুৰ্ঘটনাত পতিত তেজেৰে লুতুৰি-পুতুৰি অৱস্থাত এজনক ডেৰঘণ্টা ধৰি নিজৰ কান্ধত লৈ থিয় হৈ আছিল মৃদুল বৰাই।

6. জালনোট সৰবৰাহ কৰি গ্ৰেপ্তাৰ ধুবুৰী আগমনী গুৰুকুল বিদ্যালয়ৰ প্ৰধান শিক্ষক দিগম্বৰ ৰায়।
চিআৰপিএফ আৰু ছাগলীয়া আৰক্ষীৰ যৌথ অভিযানত গোলকগঞ্জৰ ভাইবজাৰত দিগম্বৰ পৰা জব্দ কৰে ৭৫০০ টকাৰ জালনোট।

7. চিৰদিনৰ বাবে বন্ধ হ’ব নামৰূপ সাৰ কাৰখানা।
নীতি আয়োগৰ পৰামৰ্শমৰ্মে সিদ্ধান্ত কেন্দ্ৰীয় চৰকাৰৰ।
লোকসভাত এই কথা সদৰী কৰে কেন্দ্ৰীয় ৰাসায়ন সাৰ ৰাজ্যমন্ত্ৰীয়ে।

8. ঘোচ লৈ গ্ৰেপ্তাৰ জিলা পৰিষদৰ চিইঅ’, এচিএছ বিশ্বজিৎ গোস্বামী।
বিষয়াগৰাকীৰ গৃহত অিভযান চলাই উদ্ধাৰ ২ কােটিতকৈ অধিক টকা।
ধুবুৰীৰ জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া তথা এচিএছ বিশ্বজিৎ গোস্বামী।
মৃণালকান্তি সৰকাৰৰ জৰিয়তে বিশ্বজিৎ গোস্বামীয়ে লৈছিল ৩০ হাজাৰ টকা উৎকোচ।

9. বিজেপি নেতা লাচিত গগৈক আটক।
ডিফুৰ আৰক্ষী অধীক্ষক সঞ্জীৱ শইকীয়াৰ গোচৰৰ ভিত্তিত মৰাণ আৰক্ষীৰ সহযোগত ডিফু আৰক্ষীয়ে আটক কৰে লাচিত গগৈক।

10. বৰ্তমানলৈকে মণিপুৰ কাণ্ডৰ সৈতে জড়িত ৫জনক গ্ৰেপ্তাৰ কৰা হৈছে৷
টুইটযোগে এই কথা জনাইছে মণিপুৰ আৰক্ষীয়ে৷
ভাইৰেল ভিডিঅ’ৰ ওপৰত ভিত্তি কৰি আজি এজনক গ্ৰেপ্তাৰ কৰা হয়৷

11. মহানগৰীৰ CJM আদালত চৌহদত গুৱাহাটী উকিল সন্থাৰ সংবাদমেল৷
কামৰূপ মহানগৰ জিলাৰ মুখ্য দণ্ডাধীশৰ আদালত অস্থায়ী স্থানান্তৰ সন্দৰ্ভত সংবাদমেল উকিল সন্থাৰ৷
চানমাৰীত অস্থায়ী আদালত হ’লে ৰাইজে দুৰ্ভোগ ভুগিব বুলি সংবাদমেলত উল্লেখ কৰে।

12. পল্টনবজাৰ আৰক্ষীৰ জালত ধর্ষণকাৰী সৃদম চন্দ্ৰ বিশ্বাস।
মহাৰাষ্ট্ৰ আৰক্ষীৰ সহযোগত মুম্বাইৰ পৰা গ্ৰেপ্তাৰ ধর্ষণকাৰীটোক।
মহানগৰীৰ বিৰুবাৰীত নাবালিকাক ধৰ্ষণ কৰি আত্মগোপন কৰি আছিল বহিঃৰাজ্যত।
POCSO আদালতত আজি হাজিৰ কৰোৱা হয় সৃদম চন্দ্ৰ বিশ্বাসক।

13. মহানগৰীৰ ৰাণীগেটস্থিত পেপছি কোম্পানীত অঘটন৷
কৰ্মৰত অৱস্থাত চকৰ্দৈৰ প্ৰণৱজ্যোতি হাজৰিকা নামৰ এজন যুৱকৰ মৃত্যু৷
যুৱকজনৰ ওপৰত বাগৰি পৰিছিল প্ৰায় ৩৫ কুইণ্টলৰ গধুৰ মোনা৷

14. মহানগৰীৰ মালিগাঁও চাটেল গেটত মহিলাৰ মৃতদেহ উদ্ধাৰ৷
ৰে’ল লাইনৰ দাঁতিত পৰি থকা অৱস্থাত উদ্ধাৰ হয় মৃতদেহটো৷
বৰ্তমানলৈ চিনাক্ত হোৱা নাই মৃত মহিলাগৰাকীৰ পৰিচয়৷

15. মহানগৰীত পুনৰ ফুটিল পানীৰ পাইপ।
দিছপুৰ লাষ্টগেটৰ হৰিজন কলনীত সংঘটিত হয় এই ঘটনা।

16. ডিগবৈত এজনৰ তাণ্ডৱ।
বন্দুকৰ নলীৰে মৰিয়াই আহত কৰে দুজনকৈ লোকক।
আহত লোক দুজন দীপেন ওৰাং আৰু বিনোদ ওৰাং।
হস্তনিৰ্মিত বন্দুকেৰে তাণ্ডৱ চলোৱা লোকজনৰ নাম ধনটি মৰাণ।
স্থানীয়ে ৰাইজে ধনটি মৰাণক আটক কৰি গতাই দিয়ে আৰক্ষীক।

17. খানাপাৰা উৰণ সেতুৰ তলত ড্ৰাগছৰ বিৰুদ্ধে বশিষ্ঠ আৰক্ষীৰ সফল অভিযান।
জব্দ কৰে ১ কেজি গাঞ্জা আৰু ৩টা ড্ৰাগছ ভৰ্তি কণ্টেইনাৰ।
সৰবৰাহকাৰী মেঘালয়ৰ সম্ৰাট মাৰাকক গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে।

18. আটাছুৰ সভাপতি পদৰ পৰা অপসাৰণ মিলন বুঢ়াগোহাঁইক।
মৰাণত অনুষ্ঠিত জৰুৰী কাৰ্যনিৰ্বাহকত এই সিদ্ধান্ত৷
বসন্ত গগৈক ভাৰপ্ৰাপ্ত সভাপতিৰ দায়িত্ব দিয়া হয়।

19. সু-খবৰ।
BCPLৰ পৰিচালন সঞ্চালকৰ পদত নিযুক্তি অসম সন্তান প্ৰাঞ্জল চাংমাই।
শীঘ্ৰেই MD পদৰ দায়িত্বভাৰ ল’ব ডিব্ৰুগড়ৰ প্ৰাঞ্জল চাংমাই।

20. মণিপুৰৰ বৰ্বৰ কাণ্ডক লৈ মহানগৰীৰ দীঘলীপুখুৰীৰ পাৰত ১২ বিৰোধী ঐক্যমঞ্চৰ প্ৰতিবাদী কাৰ্যসূচী।
প্ৰতিবাদত অংশগ্ৰহণ কৰে লুৰীণজ্যোতি গগৈ, অখিল গগৈ এ।

Leave a Reply

Your email address will not be published. Required fields are marked *