৫ মিনিটত ২০টা গুৰুত্বপূৰ্ণ খবৰ । - RnewsIndia24
Skip to content
Rnewsindia24.com Assam July 29/3023:-
1. আজি আন্তৰ্জাতিক ব্যাঘ্ৰ দিৱস ।
মানাহ ৰাষ্ট্ৰীয় উদ্যানত উদযাপন কৰা হয় ব্যাঘ্ৰ দিৱস।
অনুষ্ঠানত উপস্থিত থাকে ৰাজ্যপাল গুলাব চান্দ কাটাৰীয়া, মন্ত্ৰী উৰ্খাও গৌৰা ব্ৰহ্ম, চন্দ্ৰ মোহন পাটোৱাৰী, BTCLA ৰ অধ্যক্ষ কাতি ৰাম বড়ো, বিধায়ক জয়ন্ত বসুমতাৰী, EM ৰঞ্জিত বসুমতাৰী, গৌতম দাস আৰু বহু কেইগৰাকী বিশিষ্ট ব্যক্তি।
2. বঙাইগাঁৱত মুখ্যমন্ত্ৰীৰ আজি অন্তিম দিনৰ কাৰ্যসূচী।
নৱ নিৰ্মিত থীম পাৰ্ক, ৱাটাৰ পাৰ্ক মুকলি কৰে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই।
3. গোলাঘাটৰ ট্ৰিপল মাৰ্ডাৰ কাণ্ডৰ ভুক্তভোগী অংকিতা ঘোষক সাক্ষাৎ কৰে মন্ত্ৰী অতুল বৰাই।
দোষীক উপযুক্ত শাস্তি প্ৰদানৰ আশ্বাস দিয়ে যুৱতীগৰাকীক।
4. দিল্লীত অৰবিন্দ কেজৰিৱালক সাক্ষাৎ কৰে অজিত ভূঞাই৷
অসমত আপৰ দায়িত্ব লোৱাৰ সন্দৰ্ভত আলোচনাৰ সম্ভাৱনা৷
কিছুদিন পূৰ্বে আপৰ সাংসদ ৰাঘৱ ছাড্ডাকো সাক্ষাৎ কৰিছিল অজিত ভূঞাই৷
5. যান-বাহন শাখাৰ কনিষ্টবল নাজিমুদ্দিন আহমেদলৈ সাহসিকতাৰ বঁটা।
দুই চিলনী চোৰক কৰায়ত্ত কৰিছিল গুৱাহাটীৰ আৰক্ষী আয়ুক্তালয়ৰ যান-বাহন শাখাৰ কনিষ্টবল নাজিমুদ্দিন আহমেদ।
আৰক্ষী আয়ুক্ত দিগন্ত বৰাই প্ৰশংসাপত্ৰৰ লগতে প্ৰদান কৰে ৫,০০০ টকাৰ পুৰস্কাৰ।
6. দেশৰ ৭খন উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশৰ নিযুক্তি।
ৰাষ্ট্ৰপতিয়ে প্ৰদান কৰে নিযুক্তি।
হিমাচল প্ৰদেশ, তেলেংগানা, বম্বে, কলকাতা, গুৱাহাটী, কেৰালা আৰু ছত্তিশগড় উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ নিয়ুক্তি।
7. অসম ৰাজ্যিক বিজেপিত সালসলনি।
বিজেপিৰ নতুন ৰাষ্ট্ৰীয় কমিটী গঠন।
BJPৰ ৰাষ্ট্ৰীয় সমিতিত সম্পাদকৰ দায়িত্বত সাংসদ কামাখ্যা প্ৰসাদ তাছা।
নাগালেণ্ডৰ এম ছৌবা এওক ৰাষ্ট্রীয় উপাধ্যক্ষ নিযুক্তি।
8. টিংখাঙত মন্ত্রী বিমল বৰাৰ উদ্যোগত বিশেষ কার্যসূচী।
‘সাহস আৰু প্ৰত্যয় ভৰা এদিন’ শীর্ষক মননশীল অনুষ্ঠান।
ভদ্ৰেশ্বৰ গগৈ সোৱৰণি প্ৰেক্ষাগৃহত এই অনুষ্ঠানৰ আয়োজন কৰা হয়।
9. ৰাজ্য চৰকাৰৰ উদ্যোগত চাবুৱাত অনুষ্ঠিত গ্ৰীষ্মকালীন সাংস্কৃতিক কৰ্মশালা সম্পন্ন।
কৰ্মশালাৰ অন্তত ডি ডি আৰ মহাবিদ্যালয়ৰ প্ৰেক্ষাগৃহত আয়োজন কৰে নাট প্ৰদৰ্শন।
বিধায়ক পোনাকণ বৰুৱাই উদ্বোধন কৰে অনুষ্ঠান।
10. বন্ধুৰ সৈতে নৈত গা ধুবলৈ গৈ সন্ধানহীন এজন কিশোৰ।
সন্ধানহীন মাজুলী কলনিবাৰী গাঁৱৰ শংকৰ কৌশিক ভূঞা।
গায়নগাঁও নৱেজ্যাতি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অষ্টম শ্ৰেণীৰ ছাত্ৰ শংকৰ কৌশিক।
11. নাৰায়ণপুৰৰ বুঢ়াবুঢ়ী গাঁৱত অঘটন৷
মাহ-প্ৰসাদ খাই অসুস্থ হয় ১৫জনৰো অধিক লোক৷
লোকসকলৰ মাজত দেখা দিয়ে জ্বৰ, বমি, পেটচলা আদিয়ে৷
গাঁওখনৰ এজন লোকৰ ঘৰত আছিল সকাম৷
12. ধেমাজিত জীয়াঢলৰ কাংকু সুঁতিৰ তাণ্ডৱ অব্যাহত।
১৫ নং ৰাষ্ট্ৰীয় ঘাইপথৰ ওপৰেৰে আজিও বাগৰি আছে পানী।
বানত ক্ষতিগ্ৰস্ত হয় ৮,৮৯১জন লোক, ১৭,৬০২ হেক্টৰ কৃষিভূমি।
13. মহাৰাষ্ট্ৰৰ বুলধানাত ভয়ংকৰ পথ দুৰ্ঘটনা৷
৫৩ নং ৰাষ্ট্ৰীয় ঘাইপথৰ নানডুৰ নাকা উৰণ সেতুৰ সমীপত দুখন বাছৰ মুখামুখি সংঘৰ্ষ৷
ঘটনাস্থলীতে নিহত হয় ৬জনকৈ যাত্ৰী, আহত হয় ২১জন যাত্ৰী৷
দুৰ্ঘটনাত পতিত হোৱা এখন বাছত আছিল অমৰনাথ যাত্ৰাৰ তীৰ্থযাত্ৰী৷
14. বিলাসীপাৰাৰ নয়াহাটত ভয়ংকৰ পথ দুৰ্ঘটনা৷
দুৰ্ঘটনাত দুজন নিহত হয় আৰু কেইবাজনো আহত হয়।
15. পুনৰ মহানগৰীত জলবিস্ফোৰণ৷
জু-ৰোড তিনিআলিত ফুটিল পানীৰ পাইপ৷
পাইপ ফুটি অহৰহ নিৰ্গত হৈছে পানী৷
16. লখিমপুৰৰ বগলীজান গোৱৰীশালিত চাঞ্চল্যকৰ ঘটনা।
ছাগলী চোৰৰ হাতত প্ৰাণ গ’ল এজন যুৱকৰ।
মৃত যুৱকজনৰ নাম প্ৰণৱ শইকীয়া।
17. নগাঁৱৰ মেট্ৰিক্স জুনিয়ৰ কলেজত অগ্নিকাণ্ড।
ভস্মীভূত হয় শৈক্ষিক প্ৰতিষ্ঠানখনৰ ভিতৰৰ বহু সামগ্ৰী।
অগ্নিনিৰ্বাপক বাহিনী উপস্থিত হৈ জুই নিৰ্বাপন কৰে।
স্মাৰ্ট মিটাৰত শ্বৰ্ট চাৰ্কিটৰ ফলতে এই অগ্নিকাণ্ডৰ সূত্ৰপাত হয়।
18. যোৰহাট চিকিৎসা মহাবিদ্যালয়ত ভুৱা সাংবাদিকক আটক।
JMCHৰ প্ৰসূতি বিভাগত ৰোগী, আত্মীয়ক কৰিছিল হাৰাশাস্তি।
সংগ্ৰহ কৰিছিল প্রসূতি কক্ষৰ ৰোগীৰ নাম আৰু ফটো।
আটকাধীন ভুৱা সাংবাদিকৰ নায উজ্জ্বল বৰা।
19. অশান্তজৰ্জৰ মণিপুৰলৈ আজি বিৰোধী I.N.D.I.Aৰ সঁজাতী দল।
বুজ ল’ব ৰাজ্যখনৰ শেহতীয়া পৰিস্থিতিৰ।
১৬টা দলৰ ২০জন সাংসদ আহিব মণিপুৰলৈ।
দুদিন ধৰি মণিপুৰত থাকিব দলটো।
20. নিষিদ্ধ ড্ৰাগছৰ বিৰুদ্ধে নগাঁও আৰক্ষীৰ অভিযান।
কচুৱাৰ বিৰিঙাআটিৰ পৰা জব্দ কৰে বুজন পৰিমাণৰ ড্ৰাগছ।
৬০টা ড্ৰাগছ ভৰ্তি কন্টেনাৰসহ আটক কৰে এগৰাকী মহিলা।