৫ মিনিটত ২০টা গুৰুত্বপূৰ্ণ খবৰ। - RnewsIndia24
Skip to content
Rnewsindia24.com Assam August 2/2023:-
1. দিছপুৰত মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাৰ বিশেষ কাৰ্যসূচী।
অমৃত বৃক্ষ আন্দোলনৰ এপ মুকলি কৰে মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই।
‘প্রধানমন্ত্রী নৰেন্দ্র মোডীৰ নেতৃত্বত দেশ উন্নতি পথেৰে আগবাঢ়িছে’- বুলি মন্তব্য কৰে মুখ্যমন্ত্ৰী গৰাকীয়ে।
2. আজি ৰাষ্ট্ৰপতিক সাক্ষাৎ কৰে বিৰোধী মিত্ৰজোঁট I.N.D.I.Aৰ ৩১গৰাকী সদস্যই।
মণিপুৰৰ পৰিস্থিতি সন্দৰ্ভত অৱগত কৰে ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মূক।
ৰাষ্ট্ৰপতিক এখন স্মৰক পত্ৰও প্ৰদান কৰে মল্লিকাৰ্জুন খৰ্গেসহ ৩১গৰাকী সদস্যই।
3. অসমত দ্বিতীয়বাৰৰ বাবে ৩ আগষ্টৰ পৰা আৰম্ভ হ’ব ডুৰাণ্ড কাপ ফুটবল প্ৰতিযোগিতা।
৫ আগষ্টত ডুৰাণ্ড কাপৰ উদ্বোধন হ’ব কোকৰাঝাৰত।
উদ্বোধনী অনুষ্ঠানত উপস্থিত থাকিব দেশৰ প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং।
4. বৰঝাৰস্থিত লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰত অসামৰিক বিমান পৰিবহণৰ সুৰক্ষা সংস্কৃতি সপ্তাহ পালন।
বিমান নিৰাপত্তাৰ প্ৰসাৰৰ উদ্দেশ্যে ৩১ জুলাইৰ পৰা ৬ আগষ্টলৈ আয়োজন কৰে বিশেষ সুৰক্ষা সংস্কৃতি সপ্তাহ।
আজি ৫ কিঃমিঃ ৱাকাথনৰ আয়োজন কৰে বিমানবন্দৰ কৰ্তৃপক্ষই।
5. ৰাজ্যৰ CIDৰ অতিৰিক্ত সঞ্চালকপ্ৰধানক বদলি।
কেন্দ্ৰীয় গৃহ বিভাগৰ নিৰ্দেশত বদলি এ ৱাই ভি কৃষ্ণক।
CRPFলৈ ৫ বছৰৰ ডেপুটেশ্যনত প্ৰেৰণ IPS বিষয়াগৰাকীক।
CRPFৰ IG দায়িত্ব প্ৰদান এ ৱাই ভি কৃষ্ণক।
অসম-মেঘালয় কেডাৰৰ ১৯৯৫ বেটছৰ বিষয়া এ ৱাই ভি কৃষ্ণ।
6. মানাহ ৰাষ্ট্ৰীয় উদ্যানত পুনৰ গঁড়ৰ মৃত্যু।
বাঁহবাৰী ৰেঞ্জৰ কাহিটেমা বীটৰ অন্তৰ্গত এলেকাত উদ্ধাৰ হয় গঁড়টোৰ কংকাল।
কৰ্তৃপক্ষৰ গাফিলতিৰ ফলত গঁড়টোৰ মৃত্যুৰ অভিযোগ।
7. দুলীয়াজানৰ ৰজাআলি চাহ বাগিচাত উত্তপ্ত পৰিস্থিতি।
কৰ্মবিৰতি ঘোষণা কৰি ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰে বাগিচাৰ শ্ৰমিকে।
কৰ্তৃপক্ষই শীঘ্ৰে শ্ৰমিকৰ দাবীসমূহ কাৰ্যকৰী কৰাৰ দাবীৰে এই প্ৰতিবাদ সাব্যস্ত কৰে।
8. ধেমাজিত জাপানীজ এনকেফেলাইটিছৰ প্ৰাদুৰ্ভাৱ।
এইপৰ্যন্ত ৪জনকৈ লোকৰ মৃত্যু হয়।
ইতিমধ্যে সজাগতামূলক কাৰ্যসূচী গ্ৰহণ কৰিছে স্বাস্থ্য বিভাগে।
9. মিজোৰামৰ চাম্পাইত ১০ কোটি টকাৰ হেৰ’ইন জব্দ।
ড্ৰাগছসহ মিজো আৰক্ষীৰ জালত অসমৰ যুৱক।
ধৃত যুৱকজন কাছাৰৰ ধলাইৰ চন্নিঘাটৰ ৰফিক উদ্দিন লস্কৰ।
যুৱকজনৰ পৰা ৬২টা চাবোনৰ বাকচত ৭৬৫ গ্ৰাম হেৰ’ইন জব্দ কৰে আৰক্ষীয়ে।
এখন বাহনত অভিযান চলাই মিজো আৰক্ষীয়ে জব্দ কৰে ড্ৰাগছখিনি।
10. সোণাপুৰৰ ১৫ মাইলত নৃশংস হত্যাকাণ্ড।
ৰীতা বড়ো নামৰ এগৰাকী মহিলাৰ মৃতদেহ উদ্ধাৰ কৰে।
হাছমত নামৰ এজন লোকৰ বিৰুদ্ধে হত্যাৰ কৰাৰ অভিযোগ পৰিয়ালৰ লোকৰ।
11. চোৰাং গৰু সৰবৰাহৰ বিৰুদ্ধে ক্ষেত্ৰী আৰক্ষীৰ অভিযান।
অভিযানত জব্দ কৰে গৰুভৰ্তি এখন ট্ৰাক।
বৰ্ণিহাটলৈ নিয়া হৈছিল ৩৬টা চোৰাং গৰু।
চোৰাং গৰুসহ আৰক্ষীয়ে আটক কৰিছে সৰবৰাহকাৰী চিৰাজুদ্দিন আৰু আমীৰ ইছলাম নামৰ দুজনক।
12. অৰুণাচল প্ৰদেশৰ আপাৰ সোৱণশিৰিত ভাৰতীয় সেনাৰ ‘KNOW YOUR ARMY’ অনুষ্ঠান।
যুৱ প্ৰজন্মক ভাৰতীয় সেনাত যোগদান কৰিবলৈ প্ৰেৰণা যোগোৱাৰ উদ্দেশ্যে আয়োজন কৰা হয় এই অনুষ্ঠানৰ।
অনুষ্ঠানত সেনাই প্ৰদৰ্শন কৰে সেনাবাহিনীত ব্যৱহৃত অস্ত্ৰ-শস্ত্ৰ।
13. গোলাঘাটৰ চুপাৰি মাফিয়া বাবলুৰ বাসগৃহত আয়কৰ বিভাগৰ অভিযান।
আয়কৰৰ সমান্তৰালকৈ অভিযান EDৰো।
মঙলবাৰে পুৱা ৭ বজাৰ পৰা নিশা ১২ বজালৈ এক বৃহৎ দলৰ অভিযান চলাই।
14. মঙলদৈত বজৰংগ দলৰ অস্ত্ৰ প্ৰশিক্ষণৰে জড়িত আন এজনক আটক কৰা হৈছে।
ওদালগুৰিৰ ডিমাকুছিৰ গোপাল বড়ো আৰু বিজয় ঘোষ ।
15. গৰমৰ বাবে পুনৰ বিদ্যালয়ৰ পাঠদানৰ সময়ৰ সাল-সলনি।
কাইলৈৰ পৰা ৭.৩০ বজাৰ পৰাই হ’ব পাঠদান।
প্ৰাথমিক পৰ্যায়ত ৭.৩০ বজাৰ পৰা ১২ বজালৈ হ’ব পাঠদান।
মাধ্যমিক পৰ্যায়ত ৭.৩০ বজাৰ পৰা ১২.৩০ বজালৈ আৰু উচ্চতৰ মাধ্যমিকৰ ৭.৩০ বজাৰ পৰা ১ বজালৈ হ’ব পাঠদান।
কামৰূপ মহানগৰ জিলা প্ৰশাসনে জাৰি কৰে জাননী
16. গোলকগঞ্জৰ হালাকুৰাত বুজন পৰিমাণৰ ব্ৰাউন ছুগাৰ জব্দ।
হালাকুৰা আৰক্ষী আৰু CRPFৰ যৌথ অভিযানত জব্দ কৰেব্ৰাউন ছুগাৰভৰ্তি ২৮টা কণ্টেইনাৰ।
২ সৰবৰাহকাৰী সুমন সৰকাৰ, মাণিক শ্বেখক আটক কৰে আৰক্ষীয়ে।
17. ‘সুৰাৰ দাম বৃদ্ধি হোৱাটো ৰাইজেই বিচাৰিছে’।
সুৰা সেৱন কৰাসকলে দাম বৃদ্ধি হ’লেও খাব।
ৰাজ্যৰ সীমান্ত এলেকাত সুৰা বিপণিৰ অনুজ্ঞাপত্ৰ দিয়াৰ চিন্তা-চৰ্চা ৰাজ্য চৰকাৰৰ।
নলবাৰীত এই মন্তব্য আবকাৰী মন্ত্ৰী পৰিমল শুক্লবৈদ্যৰ।
18. হাজোৰ ৰামদিয়াৰ নামপাৰাত পথ দুৰ্ঘটনা।
দুখন বাহনৰ মুখামুখি সংঘৰ্ষ।
GMCHলৈ নিয়াৰ পথত মৃত্যু বাবুল কলিতাৰ নামৰ লোকজনৰ।
বৰহাৰদিয়াৰ বাবুল কলিতা বিশেষভাৱে সক্ষম ব্যক্তি।
দুৰ্ঘটনাত গুৰুতৰভাৱে আহত হয় আন দুজন লোক।
19. লখিমপুৰত চোৰাং কাঠৰ ৰমৰমীয়া বেহা।
বন বিভাগৰ অভিযানত জব্দ কৰে প্ৰায় ৪ লক্ষাধিক টকাৰ কাঠ।
বন বিভাগৰ চকুত ধূলি দি ভীমপৰা অঞ্চলৰ সৰবৰাহৰ চেষ্টা চলাইছিল কাঠখিনি।
20. নলবাৰীত এনকেফেলাইটিছ সদৃশ ৰোগত ৩জন আক্ৰান্তৰ মৃত্যু হয়।
৩ মাহত ১৪জন লোক আক্ৰান্ত হয় এই ৰোগত।