৫ মিনিটত ২০টা গুৰুত্বপূৰ্ণ খবৰ।
Rnewsindia24.com Assam August 11/2023:-
1. “সম্পূৰ্ণৰূপে প্ৰত্যাহাৰ হ’ব ৰাষ্ট্ৰদ্ৰোহৰ আইন”- লোকসভাত ঘোষণা কৰে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে।
2. দিল্লীৰ ৰাজপথত ‘হৰ ঘৰ তিৰংগা’ বাইক ৰেলী।
ৰেলীৰ ফ্লেগ অফ কৰে উপৰাষ্ট্ৰপতি জগদ্বীপ ধনখড়ে।
কেইবাজনো কেন্দ্ৰীয় মন্ত্ৰীয়ে অংশগ্ৰহণ কৰে এই ৰেলীত।
3. সু-খবৰ৷
আমিনগাঁৱত মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই মুকলি কৰে বিশ্বমানৰ বেডমিণ্টন ষ্টেডিয়াম৷
4. দিল্লীৰ চৰকাৰী, ব্যক্তিগত সকলো শিক্ষানুষ্ঠানত নিষিদ্ধ ম’বাইল ফোন৷
ছাত্ৰ-ছাত্ৰীয়ে বিদ্যালয়ত ব্যৱহাৰ কৰিব নোৱাৰিব ম’বাইল ফোন৷
শ্ৰেণীকোঠাত শিক্ষকেও ব্যৱহাৰ কৰিব নোৱাৰিব ম’বাইল ফোন৷
প্ৰতিখন বিদ্যালয়ত থাকিব লাগিব হেল্পলাইন নম্বৰ৷
জৰুৰী অৱস্থাত শিক্ষাৰ্থী, অভিভাৱকৰ সহায় হোৱাৰ বাবে বিশেষ নিৰ্দেশনা দিল্লী চৰকাৰৰ৷
5. মহানগৰীৰ মাছখোৱা সাংস্কৃতিক প্ৰকল্পত অসম জাতীয় পৰিষদৰ যোগদান কাৰ্যসূচী৷
দলৰ সভাপতি লুৰিণজ্যোতি গগৈৰ উপস্থিতিত আছুৰ সদ্যবিদায়ী উপদেষ্টা উদ্দীপজ্যোতি গগৈসহ প্ৰায় ১ হাজাৰ আছু কৰ্মীয়ে যোগদান কৰে AJPত৷
6. ‘অসম আৰক্ষী হায় হায়’ ধ্বনিৰে উত্তাল উৰিয়ামঘাট।
৬ দিনে সন্ধানহীন এগৰাকী মহিলাৰ সন্ধান উলিওৱাত ব্যৰ্থ আৰক্ষীৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰে।
উৰিয়ামঘাট থানা ঘেৰাও কৰে প্ৰতিবাদকাৰীয়ে।
7. ODI ক্ৰিকেট বিশ্বকাপৰ ট্ৰফী
গুৱাহাটীলৈ অনা হ’ব।
১৩ ছেপ্টেম্বৰত দৰ্শকৰ বাবে ৰখা হ’ব ট্ৰফীটো৷
ছাউথ পইণ্ট স্কুল, বৰ্ষাপাৰা ষ্টেডিয়াম, টাউন ক্লাবতো ৰখা হ’ব ট্ৰফীটো৷
২৫ ছেপ্টেম্বৰত প্ৰস্তুতি মেচসমূহৰ টিকট মুকলি কৰিব ICCয়ে৷
ন্যূনতম মূল্যত উপলব্ধ হ’ব মেচখনৰ টিকট৷
এই তথ্য সদৰী কৰে ACAৰ সভাপতি তৰংগ গগৈয়ে।
8. উৎকোচ লৈ গ্ৰেপ্তাৰ হয় সমবায় সমিতিৰ সহকাৰী পঞ্জীয়কৰ কাৰ্যালয়ৰ কৰ্মচাৰীক৷
নাম উচ্চবৰ্গৰ সহায়ক মুক্তাৰ আহমেদ।
অনুজ্ঞাপত্ৰ দিয়াৰ নামত বিচাৰিছিল উৎকোচ৷
9. SSBৰ উদ্যোগত বিজনীত নিচা মুক্ত ভাৰত অভিযানৰ সজাগতা সমদল আৰু ভলীবল প্ৰতিযোগিতা।
SSBৰ ১৫নং বেটেলিয়নৰ কুমাৰশালিস্থিত ফাইটাৰ কোম্পানীৰ উদ্যোগত এই অনুষ্ঠান।
উপস্থিত থাকে DIG অমিত কুমাৰ ঠাকুৰ আৰু বহু গণ্যমান্য ব্যক্তি।
10. “ৰিফৰ্ম, পাৰৰ্ফম, টেন্সৰ্ফমেৰে দেশক শক্তিশালি কৰা হ’ব।
যুৱ প্ৰজন্মক দুৰ্নীতিমুক্ত চৰকাৰ দিছে বিজেপিয়ে” – মন্তব্য প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ।
11. বাইহাটা চাৰিআলিত যান-বাহন আৰক্ষীৰ ৰূপত কলেজীয়া ছাত্ৰ৷
যান-জঁট নিয়ন্ত্ৰণত ব্যস্ত পূব কামৰূপ মহাবিদ্যালয়ৰ ছাত্ৰ।
প্ৰকল্প সু-পৰিবহণ আঁচনি ৰূপায়ণৰ চেষ্টা কৰে শিক্ষাৰ্থীসকলে।
12. দুলীয়াজানৰ জুটুলিবাৰী চাহ বাগিচাত শ্ৰমিকৰ উত্তাল প্ৰতিবাদ৷
ন্যূনতম মজুৰি ৩৫১ টকালৈ বৃদ্ধি কৰাৰ দাবী জনাই প্ৰতিবাদ সাব্যস্ত কৰে।
13. তিনিচুকীয়াৰ তালাপৰ টিপুক চাহ বাগিচাৰ চুলাইৰ ভাটিৰ টেংকিত পৰি ৪ জন মৃত্যু হয়।
লোকৰ৷
দুৰ্ঘটনা সংঘটিত হোৱা ঘটনাস্থলী পৰিদৰ্শন কৰি তদন্ত আৰম্ভ কৰিছে আৰক্ষীয়ে৷
14. জনতা ভৱনৰ ২য় গে’টত প্ৰতিবাদ কমলাক্ষ দে’ পুৰকায়স্থৰ৷
সংবিধান প্ৰণেতা বি আৰ আম্বেদকাৰৰ মূৰ্তি ৱাল দি ঢাকি দিয়াক লৈ প্ৰতিবাদ সাব্যস্ত কৰে।
15. যোৰহাটৰ বিশিষ্ট ব্যক্তি ড° প্ৰণৱজ্যোতি চেতিয়াৰ মৃত্যু৷
নিশা হৃদযন্ত্ৰৰ ক্ৰিয়া বন্ধ হৈ মৃত্যু হয় প্ৰণৱজ্যোতি চেতিয়া৷
যোৰহাট প্লেনেটৰিয়াম, বিজ্ঞান কেন্দ্ৰৰ কিউৰেটৰ আছিল চেতিয়া৷
16. ৰূপহীহাটৰ ৰাজপথত পিষ্টল দেখুৱাই আতাবুৰ ৰহমান নামৰ লোকজনৰ পৰা দুৰ্বৃত্তই কাঢ়ি নিয়ে ৫০ হাজাৰ টকা৷
17. আমেৰিকাৰ হাৱাই দ্বীপৰ লাহিনা চহৰত অগ্নিদগ্ধ হৈ ৫৩ জন লোকৰ মৃত্যু হয়।
লগতে অগ্নিকাণ্ডত ক্ষতিগ্ৰস্ত হয় ৩৫ হাজাৰৰো অধিক লোক বাসগৃহ, সা-সম্পত্তি।
18. খানাপাৰাত ৰহস্যজনক অৱস্থাত উদ্ধাৰ হয় এজন লোকৰ মৃতদেহ৷
জানিব পৰা নাই মৃত লোকজনৰ পৰিচয়৷
19. লাহৰীঘাটত দুৰ্নীতি নিবাৰক শাখাৰ অভিযান।
উৎকোচ লোৱাৰ সময়তে গ্ৰেপ্তাৰ হয় SI মুকুন্দ উপাধ্যায়, কনিষ্টবল মিজানুৰ ৰহমান আৰু কম্পিউটাৰ শাখাৰ কৰ্মচাৰী হিৰক জ্যোতি ডেকা৷
20. ব্ৰহ্মপুত্ৰৰ জলপৃষ্ঠ বৃদ্ধি হোৱাত আভ্যন্তৰীণ জল পৰিবহন বিভাগৰ জৰুৰী নিৰ্দেশনা।
আজি সন্ধিয়া ৬-৩০ বজাৰ পিছত পৰা চলাচল বন্ধ হয় গুৱাহাটী-উত্তৰ গুৱাহাটী ফেৰী সেৱা।
By : News Editor Sangita Dutta