৫ মিনিটত ২০টা গুৰুত্বপূৰ্ণ খবৰ।
Rnewsindia24.com Assam August 12/2023:-
1. স্বাধীনতা দিৱসৰ প্ৰাকক্ষণত অসম আৰক্ষীলৈ ভাৰত চৰকাৰৰ গৃহমন্ত্ৰীৰ বিশেষ সন্মান।
DCP সুৰজিৎ সিং পানেছৰ, পৰিদৰ্শক দুৰ্গা কিংকৰ কুমাৰ, আৰিফুল হক, উপ-পৰিদৰ্শক এম থাদৈ সিঙলৈ এই সন্মান।
২০২৩ বৰ্ষত উৎকৃষ্ট মানৰ তদন্তৰ বাবে মেডেল ৪ আৰক্ষীৰ বিষয়ালৈ।
2. সমষ্টি পুনৰ নিৰ্ধাৰণৰ তালিকাক অসংবিধানিক আখ্যা বিধায়ক অখিল গগৈৰ।
সংবিধানৰ কেইবাটাও ধাৰা উলংঘা কৰিছে নিৰ্বাচন আয়োগে।
যোৰহাটত সংবাদমেল পাতি অভিযোগ বিধায়ক অখিল গগৈৰ।
3. মহানগৰীত জালনোটসহ টকা বনোৱা মেচিন জব্দ কৰে।
লগতে জব্দ কৰে ৮ লাখ নকল টকা।
ঘটনা সন্দৰ্ভত গ্রেপ্তাৰ কৰে বৰপেটাৰ মান্নান মালিকক।
4. আজি বিশ্ব হস্তী দিৱস৷
বিশ্বৰ ভিন্ন প্ৰান্তত উলহ-মালহেৰে উদযাপন কৰে হস্তী দিৱস৷
চিৰাং জিলাৰ পাণবাৰী বনাঞ্চলিক কাৰ্যালয়ৰ অধীনৰ ৰাণীঘাটৰ হাকোৱা নৈৰ পাৰতো উদযাপন কৰা হয় হস্তী দিৱস৷
5. আজি ৰাজ্যত অৰেঞ্জ এলাৰ্ট জাৰি।
মেঘালয় আৰু অৰুণাচল প্ৰদেশতো বৰষুণৰ আংশকা।
ইতিমধ্যে প্ৰশাসনে জাৰি কৰিছে অৰেঞ্জ এলাৰ্ট।
6. পাকিস্তানৰ অন্তৱৰ্তীকালীন প্ৰধানমন্ত্ৰী হিচাপে মনোনীত আনৱাৰ উল হক কাকৰ।
প্ৰধানমন্ত্ৰী শ্বেহবাজ শ্বৰীফৰ পদত্যাগৰ পাছতে এই সিদ্ধান্ত।
7. আমগুৰিৰ বিধায়ক প্ৰদীপ হাজৰিকাৰ পদত্যাগ।
অগপৰ সভাপতি অতুল বৰালৈ প্ৰেৰণ পদত্যাগ পত্ৰ।
আমগুৰি সমষ্টি বিলুপ্তিৰ বাবেই পদত্যাগৰ সিদ্ধান্ত।
8. বাৰ্মিজ চুপাৰিৰ অবৈধ সৰবৰাহৰ বিৰুদ্ধে গুৱাহাটীত STF আৰু বশিষ্ঠ আৰক্ষীৰ যুটীয়া অভিযান।
১৪ কুইণ্টল বাৰ্মিজ চুপাৰিসহ জব্দ কৰে এখন ট্ৰাক।
আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে দীপক বসুমতাৰী আৰু ৰমেন বসুমতাৰী নামৰ দুজনক।
9. চচলত শিলসাঁকোৰ উচ্ছেদিত পৰিয়ালৰ অৱস্থান ধৰ্মঘট৷
উচ্ছেদিত পৰিয়ালক পুনৰ সংস্থাপনৰ দাবীত অৱস্থান ধৰ্মঘট৷
শতাধিক উচ্ছেদিত পৰিয়ালে প্ৰতিবাদ সাব্যস্ত কৰে।
10. মৰিগাঁৱত চোকা অস্ত্ৰ দেখুৱাই
তিনিজনীয়া ডকাইতৰ দলে ব্যৱসায়ীৰ পৰা লৈ যায় টকাভৰ্তি বেগ৷
বেগটোত নগদ ৬০ হাজাৰ টকা, এটা মোবাইল ফোন আছে।
11. STF আৰু অপৰাধ অনুসন্ধান সংস্থাৰ বিশেষ অভিযানত গুৱাহাটীত উদ্ধাৰ কৰে ৪৩টা LPG চিলিণ্ডাৰ।
আটক কৰে যোগেশ কলিতা নামৰ এগৰাকী ব্যক্তিক।
এখন গেলামালৰ দোকানত অবৈধভাৱে মজুত কৰি ৰাখিছিল চিলিণ্ডাৰসমূহ।
12. ছিপাঝাৰত খাদ্যত বিষক্ৰিয়াত শিশু-মহিলাসহ অৰ্ধশতাধিক আক্ৰান্ত।
সত্যনাৰায়ণ পূজাৰ ভোগত বিষক্ৰিয়া।
বিষক্ৰিয়াত আক্ৰান্তসকলক দেওমৰনৈ চিকিৎসালয়ত ভৰ্তি কৰোঁৱা হয়।
13. মহানগৰীৰ গড়চুকত জালনোট চক্ৰ উৎখাত।
৭ লাখ টকাৰ জালনোটসহ বৰপেটাৰ মান্নান মালিক নামৰ এজনক গ্ৰেপ্তাৰ কৰে।
14. কোকৰাঝাৰৰ সূতাৰপাৰত চাঞ্চল্যকৰ ঘটনা।
মাটিত পুতি থোৱা অৱস্থাত উদ্ধাৰ কৰে যুৱকৰ মৃতদেহ।
দুৰ্বৃত্তই হত্যা কৰি পুতি থৈছিল ৰাজা চোৰেণ নামৰ যুৱকজনক।
15. দামবৃদ্ধিক লৈ গোলাঘাটত প্ৰতিবাদ।
জাতীয় সংগ্ৰামী সেনাৰ প্ৰতিবাদত উত্তাল গোলাঘাটৰ ৰাজপথ।
হাতে হাতে প্লেকাৰ্ড লৈ চৰকাৰবিৰোধী শ্ল’গানেৰে প্ৰতিবাদ কৰে সাব্যস্ত।
16. ধুবুৰীৰ বালাজানত চোৰাং গৰুসহ জব্দ কৰে বাহন।
এখন বলেৰ’ পিকআপ ভানত জব্দ কৰে ১২টাকৈ গৰু।
ফল কঢ়িওৱা প্লাষ্টিকৰ পাচিৰ তলত লুকুৱাই আনিছিল গৰুকেইটা।
17. মাজুলী আৰক্ষীৰ জালত ভুৱা বিত্তীয় প্ৰতিষ্ঠানৰ CEO।
Yes Money ডিজিটেলৰ CEO বনমালি হাজৰিকাক আটক কৰে।
৬২টাকৈ একাউণ্ট জব্দ কৰে গড়মূড় আৰক্ষীয়ে।
18. ধুবুৰীৰ গোলকগঞ্জৰ পৰা সন্ধানহীন চাৰিগৰাকীকৈ কলেজীয়া ছাত্ৰী।
২ আগষ্টত ম’বাইল কিনিবলৈ ওলাই গৈছিল বজাৰলৈ।
১১ দিন ধৰি সন্ধানহীন ছাত্ৰী কেইগৰাকী।
19. বোকাজানত জব্দ কৰে ৭ কোটি টকাৰ মৰফিন।
আৰক্ষীৰ জালত মৰফিনসহ ৩টা সৰবৰাহকাৰী।
অসম-নাগালেণ্ড সীমান্তৱৰ্তী লাহৰিজান পি পিৰ সমীপত আৰক্ষীৰ অভিযান।
20. মৰাণ নাহৰণিত চোৰাং গেছৰ ঘাটিত আৰক্ষীৰ অভিযান।
ট্ৰাকসহ জব্দ কৰে শ শ ৰন্ধন গেছৰ চিলিণ্ডাৰ।
By : News Editor Sangita Dutta