স্বাধীনতাৰ অমৃত ।

Spread the love

 

পৰাধীনতাৰ শিকলি ছিঙি ভাৰতৰ লোকসকলক দাসত্বৰ বান্ধোনৰ পৰা মুকলি কৰি অমৃতসম সুখৰ সুধা পান কৰাওঁ‌তা হে’ বীৰ শ্বহীদ, তোমাক কোটি কোটি প্ৰণাম ।

আজি ইং ২০২৩ চনৰ আগষ্ট মাহৰ ১৫ তাৰিখ । এই অতি পবিত্ৰ আৰু আনন্দময় দিনত বীৰ শ্বহীদসকল আৰু স্বাধীনতা সংগ্ৰামীসকললৈ Rnewsindia 24ৰ তৰফৰ পৰা প্ৰণিপাত জনাইছোঁ‌ ।

সমগ্ৰ ভাৰতবাসীলৈ আন্তৰিক অভিনন্দন ।

ইং ১৮৫৭ চনতেই প্ৰথম স্বাধীনতা সংগ্ৰামৰ গঁ‌জালি মেলা ‘চিপাহী বিদ্ৰোহ’ৰ কথা আজি পাহৰণিৰ গৰ্ভত বিলীন হ’ব ধৰিছে ।

সেই তাহানিতেই সাত সাগৰ,তেৰ নদীৰ সিপাৰৰ পৰা ইংৰাজসকলে বণিজৰ চেলুৰে অনায়াসে চলে-বলে-কৌশলে ভাৰতলৈ আহি খোপনি পুতি দাসত্বৰ শিকলি পিন্ধালেহি আধুনিক শিক্ষা, আধুনিক চিকিৎসা আদি নানা ক্ষেত্ৰত অনগ্ৰসৰ ভাৰতীয়সকলক ।

‘স্বাধীনতা’ – এই মহান শব্দটো প্ৰত্যেক জীৱৰে প্ৰিয় ।

সেয়ে বাল গংগাধৰ তিলকে কৈছিল – ”স্বাধীনতা আমাৰ জন্মস্বত্ব , ইয়াক মই পাবই লাগিব”।

লাহে লাহে ইংৰাজৰ দমননীতি আৰু অত্যাচাৰ ভাৰতবৰ্ষৰ লোকসকলে উপলব্ধি কৰিবলৈ ধৰিলে আৰু নিজা ভাষা-সংস্কৃতি হেৰুৱাই এক দাসত্বৰ জীৱন যে কটাবলগীয়া হৈছে – এই কথা হাড়ে হিমজুৱে উপলব্ধি কৰিলে ।

যদিও ইংৰাজসকলে ভাৰতবৰ্ষত শিক্ষা, চিকিৎসা আৰু অন্যান্য দিশতো আধুনিক নতুন নতুন বিকাশৰ পথ মুকুলি কৰিবলৈ ধৰিলে, তথাপিও যেন ভাৰতীয় জনগণে পদে পদে দাসত্বৰ ক্ষোভ আৰু বেদনা লৈ ইংৰাজক সমৰ্থন কৰিব নোৱাৰিলে ।

তেতিয়াই জনগণৰ মনোজগতত গুমৰি থকা প্ৰতিবাদৰ ধ্বনিয়ে মূৰ্ত ৰূপ পালে মহাত্মা গান্ধীৰ নেতৃত্বত ।

পাছলৈ জাতিৰ পিতা বাপুজীৰ আহ্বানত সমগ্ৰ ভাৰতবৰ্ষৰ লগতে আমাৰ অসমৰ স্বাধীনতাপিয়াসী সমগ্ৰ জনগণে ইংৰাজৰ বিৰূদ্ধে এই আন্দোলনত জঁ‌পিয়াই পৰিল ।

ইংৰাজৰ বিৰুদ্ধে এই দীঘলীয়া অহিংস আন্দোলনৰ প্ৰতি সঁ‌হাৰি জনাই অসমীয়াৰ লগতে আন বহু ভাৰতীয় সংগ্ৰামীয়ে কাৰাবাস খাটিলে, মৃত্যুবৰণ কৰিবলগীয়া হ’ল ।

আমাৰ জন্মভূমি এই অসমৰ হাজাৰ হাজাৰ আন্দোলনকাৰীয়ে মৃত্যুভয় নেওচি বুকু পাতি ল’লে ইংৰাজৰ গুলী ।

বীৰ প্ৰসৱিনী আই অসমীৰ ফুলকুমলীয়া সন্তান কনকলতা বৰুৱা,মুকুন্দ কাকতি,ভোগেশ্বৰী ফুকননী,কমলা মিৰি, কলাই কোচ, গমধৰ কোঁ‌ৱৰ আৰু বহুজনে ভাৰতৰ এই স্বাধীনতা সংগ্ৰামত নিজৰ শিৰ আগবঢ়াই দি শ্বহীদ হ’ল ।

চতুৰ ইংৰাজৰ চকুত অপৰাধী কুশল কোঁ‌ৱৰ, পিয়লি ফুকন, পিয়লি বৰুৱা,মণিৰাম দেৱান আদি সংগ্ৰামীকলে ফাঁ‌চীকাঠত ওলমিবলগীয়া হ’ল ।

হিয়াধুনি কন্দা শত শত শ্বহীদ পৰিয়ালৰ এই বেদনাত আজিও আমি মৰ্মাহত হওঁ‌ ।

শেষত, শ্বহীদৰ ৰক্ত আহুতিৰে ইংৰাজ সাম্ৰাজ্যবাদ নিঃশেষ কৰিবলৈ সমৰ্থ হয় ভাৰতীয়সকল ।

চন ইং ১৯৪৭ ; ১৫ আগষ্ট ! সনাতন সভ্যতাৰ ধ্বজা উৰুওৱা ভাৰতত জাতি-বৰ্ণ-ধৰ্ম-লিংগ নিৰ্বিশেষে বসবাস কৰি অহা জনগন ইংৰাজ শাসনৰ পৰা মুক্ত হ’ল ।

আজি এই ঐতিহাসিক পৰিঘটনাৰ ৭৬ বছৰ পূৰ্ণ হ’ল ।

আজি ভাৰতৰ ৭৭ সংখ্যক স্বাধীনতা দিৱস ।
এই পবিত্ৰ দিনত ভাৰতৰ স্বাধীনতা সংগ্ৰামী আৰু বীৰ শ্বহীদসকলৰ প্ৰতি শিৰনত কৰি আমি কৰপুতে প্ৰণাম জনাওঁ‌ ।

সংকল্প লওঁ‌ – ”জীৱনৰ প্ৰতিটো ক্ষণকেই উছৰ্গিম দেশ-মাতৃৰ বাবে ।”

হে’ মহান ভাৰতীয় জনগণ, আমি সমস্বৰে কওঁ‌ আহক – ”জয় হিন্দ – অমৰ হৈ ৰওক বীৰ শ্বহীদ “।

স্বাধীন ভাৰতৰ প্ৰতীক স্বৰূপ আমাৰ ত্ৰিৰংগ পতাকাৰ তলত সগৌৰৱেৰে গাওঁ‌ –

”মোৰ ভাৰতৰ, আই ভাৰতীৰ
এক জাতি, এক প্ৰাণ, এক কল্পনা
তিনিটি ৰঙৰ জাতীয় পতাকা মোৰ উৰিছে,
একতাৰ সুৰত তাৰেই তলত বুকু ভৰিছে ,
জাতীয় প্ৰেমেৰেই আঁ‌কো আল্পনা,
জাতীয় প্ৰেমেৰেই আঁ‌কো আল্পনা”।

অণিমা দেৱী

 

By : অণিমা দেৱী

One thought on “স্বাধীনতাৰ অমৃত ।

Leave a Reply

Your email address will not be published. Required fields are marked *