সাহিত্যিক, গীতিকাৰ, কবি, সুৰকাৰ, নাট্যকাৰ, চলচ্চিত্ৰ নিৰ্মাতা গীতিকবি পাৰ্ৱতি প্ৰসাদ বৰুৱা ।
আজি অসমৰ বৰেণ্য সাহিত্যিক, গীতিকাৰ, কবি, সুৰকাৰ, নাট্যকাৰ, চলচ্চিত্ৰ নিৰ্মাতা গীতিকবি পাৰ্ৱতি প্ৰসাদ বৰুৱাৰ ওপজা দিন ।
বৰ বাৰভূঞাৰ লহকৰ ভূঞাৰ বংশৰ এক সম্ভ্ৰান্ত পৰিয়ালত ১৯০৪ চনৰ ১৯ আগষ্ট তাৰিখে পাৰ্ৱতি প্ৰসাদ বৰুৱাৰ জন্ম হয় ।
শিৱসাগৰ জিলাত ওপজা পাৰ্ৱতিপ্ৰসাদ বৰুৱাৰ পিতাক আছিল – ৰায়চাহাব ৰাধিকাপ্ৰসাদ বৰুৱা আৰু আয়েক হিমলা বৰুৱা ।
শিৱসাগৰত ল’ৰাৰ বাবে থকা ফুলেশ্বৰী উঃ মাঃ বিদ্যালয়ত হাইস্কুলীয়া শিক্ষা সাং কৰি পাৰ্ৱতিপ্ৰসাদে কটন কলেজত পঢ়িবলৈ যায় । কটন কলেজৰ পৰা সুখ্যাতিৰে উত্তীৰ্ণ হৈ ১৯২৫ চনত তেখেতে কলিকতাৰ স্কটিছ চাৰ্চ কলেজত বি এ পঢ়েগৈ ।
এক চহকী চাহ-খেতিয়কৰ পৰিয়ালত জন্ম হোৱাৰ সুবাদতে পাৰ্ৱতিপ্ৰসাদ বৰুৱাই উপৰিপুৰুষ আৰু পৰিয়ালৰ ব্যৱসায়তে বৃত্তিমূখী হৈ মনোনিৱেশ কৰে । পাছলৈ ৰাইডাং আৰু সোণালী চাহ-বাগিচা দুখন তেখেতে নিজেই ক্ৰয় কৰে ।
শিল্পীমনৰ পাৰ্ৱতিপ্ৰসাদ বৰুৱাৰ মনত ঢৌ তুলিছিল নৈ-জান-জুৰি-জোনাক-ৰ’দ আৰু বাগিছাৰ প্ৰাকৃতিক নৈসৰ্গই ; অগা-দেৱা কৰা বিভিন্ন মানুহৰ সুখ-দুখ-শোক-তাপ-ভোক-অনুভূতি আৰু জীৱনৰ বৈচিত্ৰই যোগাইছিল তেখেতক বহু সাহিত্যিক আৰু শৈল্পিক সমল !
সৰুচৰাই বাগিচাত কৰ্মৰত থাকোঁতেই পাৰ্ৱতিপ্ৰসাদ বৰুৱাই সেয়ে জোনৰ পোহৰতে পূৰ্ণিমাৰ এদিন ‘জোনাকী মেল’ নামৰ এক সাহিত্য আৰু সংস্কৃতি চৰ্চাৰ অনুষ্ঠান মুকলি কৰে ।
এই অনুষ্ঠান পাছলৈ অসম সাহিত্য সভাৰ এক অবিচ্ছেদ্য অংগত পৰিণত হয়গৈ । পাৰ্ৱতিপ্ৰসাদ বৰুৱাৰ আৰ্থিক সাহায্যতে অসম সাহিত্য সভাৰ এক নতুন ভৱন তেখেতৰ ককায়েক ভগৱতীপ্ৰসাদ বৰুৱাৰ নামেৰে নিৰ্মিত হয় ।
গীত-নাট-কবিতা আটাইবোৰ সামৰি – পাৰ্ৱতি প্ৰসাদৰ গীতত গীতিসাহিত্যই এক উচ্চতৰ চিন্তাৰ পৰ্যায়ত আৰোহণ কৰিলেগৈ ।
‘শাৰদী সন্ধিয়াৰ জোনাকী মেল-নিৰলা জীৱনৰ ক্ষণিক খেল’ , ‘কিনো পক্ষীয়ে পুৱতি গালে , নিচিনিলোঁ তাৰ মাত’, নাইবা ‘আহিনমহীয়া শেৱালি সৰিলে, নিয়ৰত তিতিলে বন’ আদি গীতত যদি প্ৰকৃতিৰ বিনন্দীয়া ৰূপৰ বৰ্ণনাৰ সৈতে সংযুক্ত হৈ আছে মানুহৰ জীৱনচৰ্যা আৰু সূক্ষ্মতম আৱেগৰ বৰ্হিঃপ্ৰকাশ , তেনেকৈ ‘মানুহৰ দেহতে জীৱই কমেমলাই’ৰ দৰে গীতত আছে, সমাজৰ ভিন্ন স্তৰৰ মানুহৰ মৰ্মস্পৰ্শী জীৱন গাঁথা, বহু নৱ চিন্তাৰ খোৰাক !
আনহাতে দেশপ্ৰেম !
‘পূজোঁ আহা আই মাতৃৰ চৰণ কমল,
উঠক বাজি জয়ধ্বনি পৰম-মংগল’ – আদিৰ দৰে গীতৰ কলিয়ে কলিয়ে ভাঁহি থাকে দেশমাতৃৰ অকৃত্ৰিম বন্দনা ।
প্ৰকৃতিৰ মনোমোহা ৰূপেই হওক বা সমাজ , দেশমাতৃ আৰু মানৱীয় জীৱনৰ আন আন দিশ তথা দৰ্শনক কেন্দ্ৰ কৰি লিখা গীতেই নহওক – আশ্চৰ্য প্ৰতীক আৰু চিত্ৰকল্পৰ প্ৰয়োগ ; সাৱলীল , লালিল্যভৰা ভাষাৰ ব্যৱহাৰ , চাক্ষুস অনুভূতিৰ মনোৰম চিত্ৰণ আৰু সুৰৰ মাধুৰ্যই এই গীতসমূহক যি এক স্থায়িত্ব , গাম্ভীৰ্য আৰু সুধাময় মিঠা কোমলতা দিলে – সি চিৰকাললৈ পাৰ্ৱতি-সংগীতক যাউতি-যুগীয়া কৰিলে ।
জীৱনকালত বহুতো গীতৰ লগতে বহু কবিতা, গদ্য আৰু সুৰীয়া নাট ৰচনা কৰা পাৰ্ৱতিপ্ৰসাদ বৰুৱা আছিল এজন প্ৰকৃততেই বহুমুখী প্ৰতিভাধৰ ব্যক্তি ।
মাত্ৰ ৯ বছৰ বয়সতেই জয়সাগৰ পুখুৰীৰ পাৰত অনুষ্ঠিত জয়মতী স্মৃতি উৎসৱত ‘লাই কোঁৱৰৰ’ অভিনয় কৰাৰ লগতে পাছৰ পৰ্যায়ত জ্যোতিপ্ৰসাদ আগৰৱালাৰ ‘শোণিত কুঁৱৰী’ নাটত চিত্ৰলেখাৰ অভিনয় আৰু নৃত্যৰে, লগতে আন আন নাটত লাচিত বৰফুকন, ৰামচন্দ্ৰ আৰু আন আন বহু উল্লেখযোগ্য চৰিত্ৰত অভিনয় কৰি ৰাইজৰ ভূয়সী প্ৰশংসা বুটলিবলৈ সক্ষম হয় ।
১৯৪০ চনত তেখেতে নিৰ্মাণ কৰিৱলৈ লয় চতুৰ্থখন অসমীয়া চলচ্চিত্ৰ -‘ৰূপহী’ । সাতোটিকৈ গীত সন্নিৱিষ্ট এই ছবিখনৰ কেওটি গীতেই লিখিছিল পাৰ্ৱতিপ্ৰসাদে নিজেই ।
আনহাতে এজন নৃত্যশিল্পী হিচাপেও তেখেতৰ প্ৰতিভা আছিল চমকপ্ৰদ । পাৰ্ৱতিপ্ৰসাদে ”১৯২৬ চনত সত্ৰীয়া নৃত্যৰ আৰ্হিত প্ৰাচ্য নৃত্য, নিজৰী নাচ (লাস্য) আৰু সৃষ্টি নাচ (তাণ্ডৱ) প্ৰৱৰ্তন কৰি অসমীয়া নৃত্য-জগতত এটি নতুন ধাৰাৰ সৃষ্টি কৰিছিল” বুলি সাহিত্যাচাৰ্য অতুল চন্দ্ৰ হাজৰিকাই লিখি থৈ গৈছে । মুঠতে, সত্ৰীয়া নৃত্যক ভিত্তি কৰি পাৰ্ৱতিপ্ৰসাদ বৰুৱাই সৃষ্টি কৰা আধুনিক নৃত্যই অসমীয়া নৃত্যক এক নতুন দিশ প্ৰদান কৰিলে ।
জীৱনৰ অন্তিম কালচোৱা সোণাৰিৰ সোণালীপামৰ নিৰ্মল পৰিৱেশত কটাই এইজনা মহান যুগদ্ৰষ্টাই ১৯৬৪ চনৰ ৭ জুন তাৰিখে ইহলীলা সম্বৰণ কৰিলে ।
অসমৰ কলা-সাহিত্য-সংস্কৃতিৰ বৰপেৰাটো নিজ অনবদ্য অৱদানৰ মেটমৰা সম্ভাৰেৰে চিৰকাললৈ চহকী কৰি যোৱা এইজনা মহান, প্ৰতিভাধৰ , প্ৰাতঃস্মৰণীয় ব্যক্তিলৈ ওপজাদিনত যাচিছোঁ শতকোটি প্ৰণিপাত ।
তেখেতে উত্তৰ-প্ৰজন্মলৈ এৰি যোৱা তেখেতৰ গীত-মাত-সাহিত্যকৰ্ম সমূহৰ উপযুক্ত চৰ্চাইহে তেখেতৰ প্ৰতি আমাৰ শ্ৰদ্ধাৰ প্ৰকৃত মূল্যায়ন কৰিব ।
By: Rituparna Sarma