৫ মিনিটত ২০টা গুৰুত্বপূৰ্ণ খবৰ।
Rnewsindia24.com Assam August 19/2023:-
1. বিশিষ্ট উদ্যোগপতি ৰতন টাটালৈ মহাৰাষ্ট্ৰ চৰকাৰে “উদ্যোগ ৰত্ন” সন্মান।
মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী একনাথ সিন্দে ৰতন টাটাৰ বাসগৃহত উপস্থিত হৈ এই বিশেষ সন্মানটি প্ৰদান কৰে।
2. ডিব্ৰুগড়ত বিশ্ব আলোকচিত্ৰ দিৱস উদযাপন।
ফটোগ্ৰাফী ছ’চাইটী অৱ ডিব্ৰুগড়ৰ উদ্যোগত আয়োজিত আলোকচিত্ৰ প্ৰদৰ্শনী মুকলি কৰে মন্ত্ৰী বিমল বৰাই।
3. ডিব্ৰুগড়ৰ বিধায়ক প্ৰশান্ত ফুকনৰ বাহনত আক্ৰমণকাৰীক গ্ৰেপ্তাৰ।
ডিব্ৰুগড় আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিলে গুণ্ডা মদন শ্বাহক।
পৌৰসভাৰ কাৰ্যালয়ত বৈঠক চলি থকাৰ সময়তে আক্ৰমণ কৰিছিল বিধায়ক প্ৰশান্ত ফুকনৰ বাহনত।
4. মানাহ ৰাষ্ট্ৰীয় উদ্যানত পুনৰ গঁড়ৰ মৃতদেহ উদ্ধাৰ।
উদ্যানখনৰ ভূঞাপাৰা ৰেঞ্জৰ কালঝাৰ কেম্পৰ সমীপত উদ্ধাৰ এটা মতা গঁড়ৰ মৃতদেহ।
আজি পুৱা বনকৰ্মীয়ে উদ্ধাৰ কৰে গঁড়টোৰ খৰ্গ, দাঁত, নখ আদি।
৫ দিন পূৰ্বে স্বাভাৱিকভাৱে গঁড়টোৰ মৃত্যু হোৱা বুলি জানিবলৈ দিয়ে ৰাষ্ট্ৰীয় উদ্যানৰ ক্ষেত্ৰ সঞ্চালক বৈভৱ চি মাথুৰ আৰু চি এইচ ডি সুমন মহাপাত্ৰই।
5. উৎকোচ লৈ হাতে-লোটে গ্ৰেপ্তাৰ হয় লাট মণ্ডল অচ্যুৎ দাস৷
দুৰ্নীতি নিবাৰক শাখাই গুৱাহাটী ৰাজহ চক্ৰৰ কাৰ্যালয়ৰ পৰা গ্ৰেপ্তাৰ কৰে লাট মণ্ডল অচ্যুৎ দাসক৷
6. আজি পবিত্ৰ ভাদ মাহৰ উপলক্ষ্যে মহাপুৰুষ শ্ৰীশ্ৰীমাধৱদেৱ গুৰুজনাৰ জন্মস্থান লেটেকুপুখুৰীত মাহজোৰা নাম সমাৰোহৰ আয়োজন কৰে।
পুৱাৰে পৰা লেটেকুপুখুৰীত ভিৰ কৰে অগণন ভক্তই।
7. ICC ক্ৰিকেট বিশ্বকাপলৈ ক্ৰিকেটপ্ৰেমীসকল৷
ICC ক্ৰিকেট বিশ্বকাপলৈ মাজত ৫০টা দিন বাকী থকাৰ সময়তে বুধবাৰে তাজমহলৰ সন্মুখত পৰ্যটকসকলৰ বাবে ৰখা হয় ICC ক্ৰিকেট বিশ্বকাপৰ ট্ৰফী৷
8. কোকৰাঝাৰত বড়ো সাহিত্য সভাৰ প্ৰাক্তন সভাপতি বীনেশ্বৰ ব্ৰহ্মৰ ২৩ সংখ্যক মৃত্যু বাৰ্ষিকী।
কোকৰাঝাৰত আয়োজন কৰা বিশেষ কাৰ্যসূচীত অংশগ্ৰহন কৰে BTR ৰ প্ৰধান প্ৰমোদ বড়োৱে।
9. মাৰ্ঘেৰিটাত শিলাদিত্য দেৱৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ।
নতুনকৈ সংগঠন কৰিবলৈ ওলোৱাত অসম বাঙালী যুৱ ছাত্ৰ ফেডাৰেচনে সাব্যস্ত কৰে প্ৰতিবাদ।
10. ডিব্রুগড়ৰ খামটিঘাটত অঘটন।
দলঙৰ পৰা জঁপিয়াই যুৱকৰ আত্মহনন।
মৃত যুৱকজনৰ নাম কনক গগৈ।
11. ন-দুৱাৰ সমষ্টিৰ ৰাষ্ট্ৰীয় ঘাইপথৰ ডিভাইদাৰত গছপুলি ৰোপণ।
বিধায়ক পদ্ম হাজৰিকাৰ নেতৃত্বত এই কাৰ্যসূচী ৰূপায়ন কৰে।
12. যোৰাবাটৰ নৰ্থ-ইষ্ট কেন্সাৰ হাস্পতালৰ ১৫ সংখ্যক বৰ্ষপূৰ্তি।
দিনজোৰা কাৰ্যসূচীৰে উদযাপন কৰা হয় প্ৰতিষ্ঠা দিৱস।
অনুষ্ঠানত অংশগ্ৰহণ কৰে বহু গণ্য মান্য ব্যক্তিয়ে।
13. ধেমাজি বাণিজ্য মহাবিদ্যালয়ৰ প্রৱেশদ্বাৰত ছাত্র একতা সভা আৰু ABVPৰ প্রতিবাদ।
মহাবিদ্যালয়খনৰ অধ্যক্ষসহ মুঠ ৫গৰাকীৰ বিৰুদ্ধে এই প্রতিবাদ।
আটাইকেইগৰাকীৰ বিৰুদ্ধে মহাবিদ্যালয়ৰ ভিতৰতে মদ্যপান কৰাৰ অভিযোগ।
14. বজালী ডুবি মালিপাৰাত জঘন্য ঘটনা।
পাষাণ পিতৃয়ে হত্যা কৰিলে নিজৰেই কন্যাক।
নিজৰ দেৱ শিশুক বিক্রী কৰাৰ যো-যা চলাইছিল পিতৃয়ে।
বিক্রী কৰিব নোৱাৰি দেৱ শিশুটিক হত্যা কৰি পুতি থোৱাৰ অভিযোগ।
বৰ্তমান পলাতক হৈ আছে পিতৃ নিৰঞ্জন মালাকাৰ।
15. শিলসাঁকোৰ পাছত উচ্ছেদ চলিব বৰবাৰী টিলাত৷
অহা ১৪ দিনৰ ভিতৰত বৰবাৰী টিলা বেদখলমুক্ত কৰাৰ নিৰ্দেশ ৷
১৪ দিনৰ ভিতৰত ভূমি খালী নকৰিলে সা-সম্পত্তি বাজেয়াপ্ত কৰিব৷
16. মহানগৰীত পুনৰ প্ৰৱঞ্চকৰ জাল৷
বেলতলাৰ এজন ব্যক্তিৰ পৰা ২ প্ৰৱঞ্চক ATM কাৰ্ড সলনি কৰি লুটি নিলে ৮০ হাজাৰ টকা৷
17. ডিফুত ডেংগীত ২,০৪১ গৰাকী লোক আক্ৰান্ত হৈছে।
মৃত্যু হৈছে ৪ জন লোকৰ৷
18. “আগন্তুক লোকসভা নিৰ্বাচনত ইউপিপিএল দলে কোকৰাঝাৰ সমষ্টিত প্ৰতিদ্বন্দিতা আগবঢ়াব, বিপৰীতে দৰং-ওদালগুৰি বিজেপিক এৰি দিব”- বুলি সংবাদ মাধ্যমক জনালে প্ৰমোদ বড়োৱে।
19. মুকালমুৱাৰ সমীপৰ নপ্তিপাৰাত আৰক্ষীৰ অভিযান।
জব্দ কৰে ৫টা কন্টেইনাৰসহ ৭.৪৬ গ্ৰাম হেৰ’ইন।
ড্ৰাগছ সৰবৰাহকাৰী পল্লৱ তালুকদাৰক আটক।
20. সোণাৰিত পথ দুৰ্ঘটনা।
নিয়ন্ত্ৰণ হেৰুৱাই পথৰ ওপৰত বাগৰি পৰে চাহপাত ভৰ্তি বাহন।
টিমনৰ পৰা সোণাৰিলৈ কঢ়িয়াইছিল কেঁচা চাহপাত খিনি।
By : Sangita Dutta