৫ মিনিটত ২০টা গুৰুত্বপূৰ্ণ খবৰ।
Rnewsindia24.com Assam August 22/2023:-
1. ধুবুৰীৰ বগৰীবাৰীস্থিত শক্তিপীঠ মা মহামায়া মন্দিৰত পূজা-অৰ্চনা কৰে ৰাজ্যপাল গুলাব চান্দ কাটাৰীয়াই।
দুদিনীয়া কাৰ্যসূচীৰে ধুবুৰীত উপস্থিত হয় ৰাজ্যপালগৰাকী।
2. একেলগে ৭০০ মাদ্ৰাছাক চৰকাৰী স্বীকৃতি প্ৰদান কৰা হ’ব।
৪ মাহৰ ভিতৰত মাদ্ৰাছাসমূহে লাভ কৰিব চৰকাৰী স্বীকৃতি।
পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীৰ ৰাজহুৱা ঘোষণা কৰে।
3. ৪ দিনীয়া ভ্ৰমণসূচীৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী দক্ষিণ আফ্ৰিকা, গ্ৰীছলৈ ৰাওনা।
জোহান্সবাৰ্গত ১৫সংখ্যক BRICS সন্মিলনত অংশ ল’ব মোদীয়ে।
আজিৰে পৰা ২৪ আগষ্ট পৰ্যন্ত অনুষ্ঠিত হ’ব সন্মিলন।
4. কাইলৈ সন্ধিয়া ৬ বাজি ৪ মিনিটত চন্দ্ৰপৃষ্ঠত অৱতৰণ কৰিব চন্দ্ৰযান-৩।
চন্দ্ৰত অৱতৰণৰ বাবে কঠিন পৰীক্ষাৰ সন্মুখীন হ’ব লাগিব চন্দ্ৰযান-৩।
চন্দ্ৰযান-৩ৰ অৱতৰণৰ শেষ সময়চোৱাক ‘TERROR OF 15 MINUTES’ আখ্যা।
এই সময়ছোৱাৰ ভিতৰতে বিক্ৰম লেণ্ডাৰে অৱতৰণৰ কৰিব চন্দ্ৰত।
সফলতাৰে অৱতৰণ কৰাৰ পাছত চন্দ্ৰৰ দক্ষিণ মেৰুত অৱতৰণ কৰা লেণ্ডাৰ বিক্ৰমে হ’ব বিশ্বৰ প্ৰথমখন মহাকাশ যান।
5. ৰাজ্যৰ বিদ্যালয়সমূহলৈ স্কুল শিক্ষা বিভাগৰ বিশেষ নিৰ্দেশনা।
২৩ আগষ্টৰ বিয়লি ৬ বজালৈ বিদ্যালয় খোলা ৰখাৰ আহ্বান।
ছাত্ৰ-ছাত্ৰীক দেখুৱাব লাগিব চন্দ্ৰযান-৩ অভিযানৰ পোনপটীয়া সম্প্ৰচাৰ।
বিয়লি ৫.২০ বজাৰ পৰা পোনপটীয়া সম্প্ৰচাৰ দেখুওৱাৰ নিৰ্দেশ।
ISROৱে সম্প্ৰচাৰ কৰিব চন্দ্ৰযান-৩ৰ SOFT LANDINGৰ সমগ্ৰ প্ৰক্ৰিয়া।
6. লখিমপুৰৰ পহুমৰাত ভয়ংকৰ পথ দুৰ্ঘটনা৷
নিয়ন্ত্ৰণ হেৰুৱাই ঘৰৰ চৌহদত সোমাল বাহন৷
অৰুণাচলৰ পৰা লখিমপুৰ অভিমুখী আছিল বাহনখন৷
7. মহানগৰীত পুনৰ ফুটিল জাইকাৰ পাইপ।
গীতানগৰ দক্ষিণপাট সত্ৰৰ সমীপত ফুটিল পাইপ।
পাইপ ফুটি অহৰহ নিৰ্গত হৈছে খোৱাপানী।
8. কামাখ্যা ৰে’ল জংচনত হাতীৰ দাঁত জব্দ কৰে।
লাচিত এক্সপ্ৰেছত ২ কেজি ওজনৰ দাঁতসহ সন্দীপ যোশী নামৰ এজনক আটক৷
9. শোণিতপুৰৰ লাখোপাৰা গাঁৱত বিদ্যুত্স্পৃষ্ট হৈ এজনৰ মৃত্যু৷
পথত ছিগি পৰি থকা বিদ্যুৎ পৰিবাহী তাঁৰত লাগি মৃত্যু হয় লোকজন।
প্ৰাতঃভ্ৰমণলৈ যোৱাৰ সময়তে সংঘটিত হয় এই ঘটনা৷
10. ছিপাঝাৰৰ কালপানীত ভয়ংকৰ দুৰ্ঘটনা৷
নদীত পৰে চাৰিচকীয়া বাহন৷
কথমপি ৰক্ষা পৰে যাত্ৰীসকলৰ প্ৰাণ৷
11. বজালী উচ্চতৰ মাধ্যমিক বিদ্যালয় খেলপথাৰত অষ্টম বৰ্ষৰ ৰাজমুকুট থিয়েটাৰৰ শুভাৰম্ভণি কৰে মন্ত্ৰী ৰণজিৎ কুমাৰ দাসে৷
12. কৰিমগঞ্জত ডেৰ কোটি টকা মূল্যৰ নিচাজাতীয় টেবলেট জব্দ কৰে ৷
আৰক্ষীৰ আটক কৰে নিচাজাতীয় টেবলেটসহ ২ ড্ৰাগছ সৰবৰাহকাৰী৷
13. বঙাইগাঁৱৰ গোলাপাৰা পঞ্চায়ত বজাৰত অগ্নিকাণ্ড৷
অগ্নিকাণ্ডত দুখনকৈ ব্যৱসায়িক প্ৰতিষ্ঠান ভস্মীভূত হয়৷
অগ্নিকাণ্ডত ২০ লক্ষাধিক টকাৰ ক্ষতিসাধন হয়।
14. ক্ষেত্ৰীত চোৰাং গৰু ভৰ্তি বাহন জব্দ।
১২টা চোৰাং গৰুসহ 2 সৰবৰাহকাৰী আটক কৰে।
নগাঁৱৰ পৰা মেঘালয়লৈ সৰবৰাহ কৰিছিল গৰুকেইটা।
15. শোণিতপুৰৰ অসম-অৰুণাচল সীমান্তৰ চতাইত শোকাৱহ দুৰ্ঘটনা।
অচিনাক্ত বাহনৰ খুন্দাত নিহত হয় এজন।
16. হোজাইৰ নীলবাগানত নকল সোণৰ নাওসহ এজনক গ্ৰেপ্তাৰ।
মোৰাঝাৰ আৰক্ষীৰ অভিযানত জব্দ কৰে জালনোট, কফ চিৰাপ।
17. ঢকুৱাখনাত ভয়ংকৰ পথ দুৰ্ঘটনা।
দুখন বাইকৰ মুখামুখি সংঘৰ্ষত থিতাতে নিহত হয় ৩জন ব্যক্তি।
ঢকুৱাখনা-ঘিলামৰা সংযোগী ৪২নং ৰাজ্যিক ঘাইপথত এই দুৰ্ঘটনা।
দুৰ্ঘটনাত আহত হয় এটি শিশু আৰু এজন যুৱক।
18. ডিগবৈৰ খেৰজানত অঘটন৷
অইলৰ পাইপ লাইনৰ নলাত পৰি মৃত্যু হয় এজনৰ৷
বৰ্তমানলৈ উদ্ধাৰ হোৱা নাই লোকজনৰ পৰিচয়৷
19. মালিগাঁৱৰ কামাখ্যা ৰে’ল জংচনত বাংলাদেশীক আটক।
ভুৱা নথি-পত্ৰৰে ভাৰতত প্ৰৱেশ কৰিছিল বাংলাদেশীজনে।
ধৃত ৩০ বছৰীয়া লোকজন বাংলাদেশৰ চিলেটৰ কাচিম আহমেদ।
20. গোলকগঞ্জৰ বিৰাট নগৰ চাৰিআলিত পথ দুৰ্ঘটনা।
চোৰাং গৰু সৰবৰাহ কৰা তীব্ৰবেগী বাহনে খুন্দা মাৰে এখন অটোত।
থিতাতে নিহত হয় এজন, আন দুজনৰ অৱস্থা সংকটজনক।
সংকটজনক অৱস্থাত আহত দুয়োকে চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয়।
By: Sangita Dutta