৫ মিনিটত ২০টা গুৰুত্বপূৰ্ণ খবৰ।
Rnewsindia24.com Assam August 23/2023:-
1. ভাৰতে ৰচিলে ইতিহাস।
চন্দ্ৰযান-৩ য়ে সফলতাৰে অৱতৰণ কৰিলে চন্দ্ৰৰ দক্ষিণ মেৰুত।
চন্দ্ৰৰ দক্ষিণ মেৰুত সফলতাৰে অৱতৰণ কৰা ভাৰত পৃথিৱীৰ প্ৰথমখন দেশ।
2. ‘ভাৰত আমেৰিকাৰ বাবে সবাতোকৈ মহত্বপূৰ্ণ দেশ’।
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক প্ৰশংসা কৰি ক’লে আমেৰিকাৰ ৰাষ্ট্ৰপতি জ’ বাইডেনে।
3. তিনিদিনীয়া ভ্ৰমণসূচীৰে ভাৰতলৈ আহিব আমেৰিকাৰ ৰাষ্ট্ৰপতি জ’ বাইডেন।
G-20 শিখৰ সন্মিলনত অংশ ল’ব ৰাষ্ট্ৰপতিগৰাকীয়ে।
৭-১০ ছেপ্টেম্বৰলৈ ভাৰতত থাকিব ৰাষ্ট্ৰপতি বাইডেন।
কেইবাটাও গুৰুত্বপূৰ্ণ বিষয়ত বাইডেনৰ উপস্থিতিত হ’ব চৰ্চা।
4. সন্ধিয়া ৬.০৪ বজাত চন্দ্ৰপৃষ্ঠত অৱতৰণ কৰে চন্দ্ৰযান-৩-এ।
মহানগৰীৰ আজাৰাস্থিত ৰাজধৰ বড়া উচ্চতৰ মাধ্যমিক বিদ্যালয়ত উপস্থিত থাকে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা, শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগু, বিদ্যালয়খনৰ ছাত্ৰ-ছাত্ৰী।
5. SI জোনমণি ৰাভাৰ মৃত্যুৰ প্ৰথমটো গোচৰৰ অভিযোগনামা দাখিল।
CBI-এ দাখিল কৰে প্ৰথমটো গোচৰৰ অভিযোগনামা।
লখিমপুৰত ৰুজু হোৱা ৯৬/২০২৩ গোচৰৰ অভিযোগনামা দাখিল।
অভিযোগনামাত ৪টা অভিযুক্তৰ নাম উল্লেখ CBIৰ।
6. মিজোৰামৰ আইজলত ভয়ংকৰ দুৰ্ঘটনা।
নিৰ্মীয়মাণ ৰে’লৱে দলং খহি ১৭জন শ্ৰমিকৰ মৃত্যু হয়।
১৯৬ নং ৰে’লৱে দলঙত সংঘটিত হৈছে এই ঘটনা।
7. মণিপুৰত চৰকাৰী নিৰ্দেশনা অমান্য কৰি নিলম্বন হ’ল IAS বিষয়া।
জিৰিবামৰ উপায়ুক্ত পদত যোগদান নকৰি নিলম্বিত এন জি ৰবেন সিং। নিৰাপত্তাহীনতাত ভুগি অমান্য কৰিছিল চৰকাৰী নিৰ্দেশনা।
8. দুৰ্নীতি নিবাৰক শাখাৰ জালত ধুবুৰী জিলাৰ সাপটগ্ৰাম আঞ্চলিক বন বিষয়া কাৰ্যালয়ৰ ৰেঞ্জাৰ বাবলু দে’।
বালিৰ অবৈধ ব্যৱসায়ীৰ পৰা ২৫ হেজাৰ টকা উৎকোচ লৈ গ্ৰেপ্তাৰ হয় বিষয়াগৰাকী।
9. ডিফু ৩,২৫২ গৰাকীলৈ বৃদ্ধি ডেংগীত আক্ৰান্তৰ সংখ্যা।
আজিৰ পৰা ২৭ আগষ্টলৈ বন্ধ থাকিব শিক্ষানুষ্ঠানসমূহ।
10. সোণাপুৰৰ চামতা পথাৰত চিমেণ্ট কাৰখানা স্থাপনৰ প্ৰস্তুতি।
২৫ আগষ্টৰ দিনৰ ১২ বজাত ৰাজহুৱা শুনানিৰ আয়োজন প্ৰদূষণ নিয়ন্ত্ৰণ ব’ৰ্ডৰ।
11. চাৰিদুৱাৰৰ বিভিন্ন স্থানত গৰাখহনীয়া পৰিদৰ্শন কৰে বিধায়ক পদ্ম হাজৰিকাই।
শীঘ্ৰেই খহনীয়া ৰোধৰ বাবে প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণৰ প্ৰতিশ্ৰুতি দিয়ে স্থানীয় ৰাইজক।
12. ‘মই কিহৰ বিধায়ক হ’লো, যদিহে এটা চকীদাৰ চাকৰি দিব নোৱাৰো’।
গাওঁবুঢ়াৰ চাকৰি এটা দিব নোৱাৰিলে মই কিহৰ বিধায়ক।
এই বিষ্ফোৰক মন্তব্য বিধায়ক ৰমাকান্ত দেউৰীৰ।
13. মানাহ ৰাষ্ট্ৰীয় উদ্যানৰ ক্ষেত্র সঞ্চালক ড° বৈভৱ চি মাথুৰক পুনৰ বদলি।
মানাহ ব্যাঘ্ৰ প্ৰকল্পৰ নতুন ক্ষেত্র সঞ্চালক হিচাপে ৰাজেন চৌধুৰীক দায়িত্ব প্ৰদান কৰা হয়।
14. আজিৰে পৰা আৰম্ভ হৈছে Start-up মহোৎসৱ ২০২৩।
মহানগৰীৰ আমবাৰীস্থিত ষ্টার্ট আপ নেষ্টত আয়োজন কৰা এই মহোৎসৱৰ শুভ উদ্বোধন কৰে উদ্যোগমন্ত্রী বিমল বৰাই।
মহোৎসৱৰ উদ্বোধন কৰি মন্ত্রী বৰাই কয় যে উদ্যমীসকলক চৰকাৰে ৫ৰ পৰা ৫০ লাখ টকা পর্যন্ত সাহায্য আগবঢ়োৱাৰ সিদ্ধান্তগ্রহণ কৰিছে।
15. নিশা জখলাবন্ধাত STFৰ অভিযান।
অভিযানত উদ্ধাৰ কৰে
হাতীৰ দাঁত, গঁড়ৰ নখ, হৰিণাৰ শিঙসহ লাওখোলা।
জখলাবন্ধাৰ এটা ঘৰৰ পৰা উদ্ধাৰ কৰে সামগ্ৰীসমূহ।
অভিযানত আটক কৰে ৫জনক।
16. মণিপুৰৰ দুৰ্গম এলেকাত নিৰাপত্তা বাহিনীৰ অভিযান।
অভিযানত উদ্ধাৰ কৰে ৫বিধ অস্ত্ৰ, ৭টা গুলী আৰু ৬টা বাৰুদ।
পূব ইম্ফল আৰু পশ্চিম ইম্ফলৰ পৰা উদ্ধাৰ কৰে বোমা।
17. মহানগৰীৰ লালমাটিত নৃশংস হত্যাকাণ্ড।
বৰদেউতাক আৰু বৰমাকৰ বিৰুদ্ধে অত্যাচাৰৰ অভিযোগ।
ঘটনা সন্দৰ্ভত গোপেশ মেধি নামৰ এজনক আটক কৰি তদন্ত আৰম্ভ কৰে বশিষ্ঠ আৰক্ষীয়ে।
18. ‘আজি এক গৌৰৱৰ ক্ষণ।
মহাকাশ বিজ্ঞানী, ISRO-ক অভিনন্দন।
ৰাজ্যৰ ৩১৫০০ বিদ্যালয়ত চন্দ্ৰযান-৩ অৱতৰণৰ দৃশ্য দেখুওৱা হৈছিল।
প্ৰায় ১৪ লাখ শিক্ষাৰ্থীয়ে এই গৌৰৱৰ মূহুৰ্তৰ সাক্ষী হ’ল।
ৰাজ্যত চন্দ্ৰযান-৩ৰ ওপৰত ৩খনকৈ ৰচনা প্ৰতিযোগিতা হ’ব।
চন্দ্ৰযান-৩ৰ সফলতাৰ পাছতে এই মন্তব্য মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ।
19. ‘চন্দ্ৰযান-৩ৰ চন্দ্ৰৰ দক্ষিণ মেৰুত অৱতৰণ কৰা প্ৰথমখন দেশ হিচাপে সৃষ্টি কৰা ইতিহাসৰ সাক্ষী হৈ অত্যন্ত গৌৰৱান্বিত।’
চন্দ্ৰযান-৩ৰ সফলতাৰ পাছত কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ প্ৰতিক্ৰিয়া।
20. ধুবুৰীত NPS কৰ্মচাৰীৰ প্ৰতিবাদ।
হাতে হাতে প্লে-কাৰ্ড, বেনাৰ লৈ জিলা আয়ুক্তৰ কাৰ্যালয়লৈ ৰেলী প্ৰতিবাদকাৰীৰ।
আনহাতে, পুৰণি পেঞ্চন নীতি বাহাল ৰখাৰ দাবীৰে যোগীঘোপাতো NPS কৰ্মচাৰীৰ প্ৰতিবাদ।
By Sangita Dutta