৫ মিনিটত ২০টা গুৰুত্বপূৰ্ণ খবৰ।

Spread the love
Mising Autonomous Council
Mising Autonomous Council

Rnewsindia24.com Assam August 25/2023:- 

১/ মহানগৰীৰ ভিভাণ্টাত আয়ুষ মন্ত্ৰালয়ৰ উত্তৰ-পূব খণ্ডৰ পৰ্যালোচনা সভা৷
সভাত উপস্থিত থাকে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা, কেন্দ্ৰীয় আয়ুষ মন্ত্ৰী সৰ্বানন্দ সোণোৱাল, কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী ড° মুঞ্জপাৰা মহেন্দ্ৰভাই কালুভাই, স্বাস্থ্য মন্ত্ৰী কেশৱ মহন্ত আৰু বহু গণ্যমাণ্য ব্যক্তি।

২/ তামিলনাডুত মুখ্যমন্ত্ৰীৰ ব্ৰেকফাষ্ট আঁচনিৰ শুভ উদ্বোধন৷
মুখ্যমন্ত্ৰী এম কে ষ্টেলিনে কণ কণ শিশুক খাদ্য বিতৰণ কৰি আঁচনিখন উদ্বোধন কৰে৷

৩/ ৰাজ্যৰ কেইবাগৰাকী আৰক্ষী বিষয়াক পদোন্নতি, বদলি৷
নলবাৰীৰ ASP অলিন্দিতা গগৈক দুৰ্নীতি নিবাৰক শাখাৰ SPৰ দায়িত্ব৷
ডিব্ৰুগড়ৰ ASP ড০ দেৱজিৎ নাথক 25th AP(ONGC)Bn.ৰ অধিনায়কৰ দায়িত্ব৷
25th AP(ONGC)Bn.ৰ অধিনায়ক অমৰ চৌধুৰীক লখিমপুৰৰ 3rd AFPF Bn.ৰ অধিনায়কৰ দায়িত্ব অৰ্পণ৷
লক্ষীপুৰৰ SDPO দিনেশ কুমাৰক নলবাৰীৰ ASPৰ দায়িত্ব৷
অসম আৰক্ষীৰ মুখ্য কাৰ্যালয়ৰ পৰা নাহিদ কৰিস্মাক
শিৱসাগৰৰ ASP (সীমান্ত)ৰ দায়িত্ব অৰ্পণ।
গুৱাহাটী মহিলা আৰক্ষীৰ ACP ভনিতা নাথক BI (EO-1)ৰ SPৰ দায়িত্ব৷

৪/ আমেৰিকাৰ প্ৰাক্তন ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পক গ্ৰেপ্তাৰ৷
প্ৰৱঞ্চনাৰ গোচৰত গ্ৰেপ্তাৰ কৰে ৰাষ্ট্ৰপতি গৰাকীক।

৫/ “ডিব্ৰুগড়ত হ’ব ১০০খন বিছনাযুক্ত নেচাৰ’পেথী হাস্পতাল”- ঘোষণা সৰ্বানন্দ সোণোৱালৰ।

৬/ ‘মধ্যপ্ৰদেশ, চত্তীশগড়, ৰাজস্থান, তেলেংগানাত কংগ্ৰেছৰ জয় সুনিশ্চিত’৷
লাডাখত এই দাবী কংগ্ৰেছ নেতা ৰাহুল গান্ধীৰ৷

৭/ মহানগৰীৰ বেলতলা বজাৰৰ সমীপৰ এটা ভাৰাঘৰত উদ্ধাৰ বিহাৰৰ শ্বাহনাৱাজ মালিকৰ মৃতদেহ৷

৮/ সাতগাঁও আৰক্ষী আৰু ১২৮ নং CRPFৰ এটা দলৰ সাতগাঁও ৰে’ল লাইনৰ সমীপত অভিযান ।
আৰক্ষীয়ে জব্দ কৰে ৩৫ গ্ৰাম নিষিদ্ধ ড্ৰাগছ আৰু ৪টাকৈ ম’বাইল ফোন।
লগতে চাৰিটাকৈ ড্ৰাগছ সৰবৰাকাৰীক আটক কৰে।

৯/ গুৱাহাটী GRP এ জব্দ কৰে ২৪ কেজি গাঞ্জা।
গ্ৰেপ্তাৰ কৰে সহ দুই মহিলাক।
দুয়োগৰাকী মহিলাৰ ঘৰ বিহাৰৰ পাটনাত৷
ব্ৰহ্মপুত্ৰ মেইলযোগে গাঞ্জাখিনি বিহাৰলৈ নিয়াৰ চেষ্টা চলাইছিল মহিলা দুগৰাকীয়ে৷

১০/ সোণাপুৰৰ চামতা পথাৰত স্থাপন হ’ব চিমেণ্ট উদ্যোগ৷
উদ্যোগ স্থাপনক লৈ প্ৰদূষণ নিয়ন্ত্ৰণ পৰিষদৰ উদ্যোগত ৰাজহুৱা শুনানি৷
সোণাপুৰৰ চামতা পথাৰত অনুষ্ঠিত হৈছে এই শুনানি৷

১১/ ৬ দিন ধৰি সন্ধানহীন দুলীয়াজান লাল বাহাদুৰ শাস্ত্ৰী বিদ্যালয়ৰ বিশাল চান্দ নামৰ ছাত্ৰজন৷

১২/ অৰুণাচল প্রদেশৰ পৰশুৰামকুণ্ডত অঘটন
পৰশুৰামকুণ্ডত গা ধুবলৈ গৈ সন্ধানহীন তিনিগৰাকী লোক।
গা ধুবলৈ গৈ পানীত ডুব যোৱাৰ সন্দেহ পৰিয়ালৰ লোকৰ।

১৩/ প্ৰকৃতিৰ তাণ্ডৱত বিধ্বস্ত হিমাচল প্ৰদেশ ।
ছিমলা আৰু মণ্ডিত ভয়ানক ভূমিস্খলন ।
বিগত ২৪ ঘণ্টাত ভূমিস্খলনত ১৩ জনতকৈয়ো অধিক লোকৰ মৃত্যু হয়।

১৪/ গহপুৰৰ ৰাজগড়ত ড্রাগছসহ আটক সৰবৰাহকাৰী।
ধৃত সৰবৰাহকাৰীজনৰ নাম চম্পক চাহু।
চম্পকৰ পৰা ১৬টা কণ্টেইনাৰভৰ্তি ড্রাগছ জব্দ কৰে।

১৫/ ৰহাৰ চাপৰমুখত বাৰ্মিজ চুপাৰি জব্দ।
চাপৰমুখ আৰক্ষীয়ে জব্দ কৰে ৮ বেগ বাৰ্মিজ চুপাৰি।

১৬/ শুৱালকুছিৰ ৰাজপথত চাঞ্চল্যকৰ ঘটনা।
৩ যুৱকৰ আক্রমণত গুৰুতৰভাৱে আহত হয় এজন যুৱক
তিনি যুৱকে মিলি হত্যাৰ চেষ্টা কৰিছিল যুৱকজনক।
সংকটজনক অৱস্থাত উদ্ধাৰ কৰে হৰজ্যোতি নামৰ যুৱকজনক।

১৭/ কাজিৰঙাৰ বাগৰি আৰক্ষীৰ চোৰাং গৰু সৰবৰাহৰ বিৰুদ্ধে অভিযান ।
অভিযানত উদ্ধাৰ কৰে প্ৰায় ৫০ টা চোৰাং গৰু ।
এখন ট্ৰাকৰ পৰা উদ্ধাৰ কৰে গৰুকেইটা।

১৮/ কামৰূপৰ গৰৈমাৰীত ৰহস্যজনক অৱস্থাত উদ্ধাৰ যুৱকৰ মৃতদেহ।
মৃতদেহটো ঘোঁৰামাৰা গাঁৱৰ ফখৰুদ্দিন আলী নামৰ লোকজনৰ বুলি চিনাক্ত কৰা হয়।

১৯/ লামডিং ৰে’ল ষ্টেচনত বুজন পৰিমাণৰ বাৰ্মিজ চুপাৰি জব্দ।
আগৰতলা-শিয়ালদহ কাঞ্চনজংঘা এক্সপ্ৰেছৰ পৰা জব্দ কৰে চুপাৰিখিনি।
এটা দবাৰ পৰা ১৮০ বস্তা চুপাৰি জব্দ কৰে ৰে’ল আৰক্ষীয়ে।

২০/ কোকৰাঝাৰ জিলাৰ চিথিলাত বোৱাৰী হত্যাক লৈ চাঞ্চল্য৷
বোৱাৰীক হত্যা কৰি আত্মহত্যাৰ ৰূপ দিয়াৰ চেষ্টা পৰিয়ালৰ৷
থানা ঘেৰাও কৰি দোষীক শাস্তিৰ দাবী জনাই স্থানীয় লোকে।

 

News Editor Sangita Dutta

Leave a Reply

Your email address will not be published. Required fields are marked *