Mising Autonomous Council
কণীৰ বগা অংশ খিনি আমাৰ স্বাস্থ্যৰ বাবে অতি উপকাৰী।
কণীৰ বগা অংশ খিনিক ইংৰাজীত Albumen বুলি কোৱা হয়।
কণীত প্ৰ’টিন, কাৰ্ব’হাইড্ৰেট, সম্পৃক্ত চৰ্বি, অসম্পৃক্ত চৰ্বি, কলেষ্টেৰল, ভিটামিন এ, ভিটামিন ই, ভিটামিন ডি, ভিটামিন বি১, ভিটামিন বি২, ভিটামিন বি১২, কলিন, আইৰণ, মেগনেছিয়াম, কপাৰ, আয়’ডিন, জিংক,
ছ’ডিয়াম আৰু মেংগানিজ, লিনোলিক, অলিক এচিড, এমিনো এচিড আদি পুষ্টিতত্বৰে ভৰপূৰ।

আপুনি বাৰু কণীৰ কুহুম নে বগা অংশ খিনি খায় ভাল পাই ? কমেণ্ট বক্সত জনাবলৈ নাপাহৰিব।
জানো আহক কণীৰ বগা অংশত কি কি ঔষধী গুণ আছে :-
ক) কণীৰ বগা অংশই ছালৰ বাবে অতি উপকাৰী।
খ) কণীৰ বগা অংশ খালে শৰীৰৰ পেশীসমূহ মজবুত কৰে।
গ) দেহত কেলছিয়ামৰ অভাৱ হ’লে কণীৰ বগা অংশ খাব লাগে।
কণীৰ এই বগা অংশই হাড়ৰ বিভিন্ন সমস্যা দূৰ কৰাত সহায় কৰে।
ঘ) কণীত চালফাৰ অধিক পৰিমাণে পোৱা যায় যাৰ ফলত চুলি ধুনীয়া আৰু অধিক সুস্থ হয় ।
ঙ) কণীৰ বগা অংশত প্ৰচুৰ পৰিমানে ভিটামিন আৰু খনিজ পদাৰ্থ থাকে যিয়ে ৰক্ত সঞ্চালন বৃদ্ধিত সহায় কৰে।
চ) উচ্চ ৰক্তচাপ থাকিলে কণীৰ বগা অংশ খালে সুফল পোৱা যায়।
ছ) কণীৰ বগা অংশ খালে শৰীৰত আইৰণ বৃদ্ধি হয় ।
গতিকে, আপুনি যদি এই সমূহ সমস্যাত ভুগি আছে কণীৰ বগা অংশ খাওঁক আৰু নিৰোগী হৈ থাকক।
বিঃদ্ৰঃ- এই তথ্যখিনি বিভিন্ন উৎসৰ পৰা সংগৃহীত। অধিক তথ্য জানিবৰ বাবে চিকিৎসকৰ পৰামৰ্শ গ্ৰহণ কৰিব।

সংগীতা দত্তৰ প্ৰতিবেদন Rnewdindia24.com