৫ মিনিটত ২০টা গুৰুত্বপূৰ্ণ খবৰ।

Spread the love
Mising Autonomous Council
Mising Autonomous Council

Rnewsindia24.com Assam Sept 2/2023:- 

1. আজি প্ৰথমটো সূৰ্যমুখী যাত্ৰা আৰম্ভ কৰে ISROৰ Aditya-L1–এ।
PSLV-C57 ৰকেটৰ দ্বাৰা দিনৰ ১১ বাজি ৫০ মিনিটত উৎ‍‍ক্ষেপণ কৰে Aditya-L1 যানখন।
আজি দুপৰীয়া ১২:১০ বজাত PSLV-C57 ৰকেটটোৰ কাউণ্টডাউনৰ কামাণ্ড আৰম্ভ কৰে ISRO–এ।

2. গুৱাহাটী বিশ্ববিদ্যালয়ৰ দূৰ আৰু অনলাইন শিক্ষা কেন্দ্ৰৰ নতুন নিৰ্দেশনা।
এতিয়াৰে পৰা চাকৰিয়ালৰ ক্ষেত্ৰত নামভৰ্তিৰ বাবে প্ৰয়োজন নহ’ব NOCৰ।
সঞ্চালক ড° দেৱহৰি তালুকদাৰে জাৰি কৰে নিৰ্দেশনা।

3. আজি তিনিচুকীয়াত মিত্ৰজোঁটৰ বিধায়ক-সাংসদৰ বৈঠক৷
বৈঠকত উপস্থিত থাকে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা, মন্ত্ৰী পীযুষ হাজৰিকা, ৰঞ্জিত কুমাৰ দাস, সভাপতি ভৱেশ কলিতা, অতুল বৰা, BTR ৰ প্ৰধান প্ৰমোদ বড়ো আৰু বহু গণ্যমান্য ব্যক্তি।

4. শ্বিলঙত ABVPৰ কেন্দ্ৰীয় অনুষ্ঠান৷
ইউ তিৰৎ সিং শ্ৰেষ্ঠ শিক্ষাৰ্থী বঁটা প্ৰদান অনুষ্ঠানত অংশগ্ৰহণ কৰে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে।

5. সামাজিক মাধ্যমত মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্য- “ৰাজ্য চৰকাৰে বহুবিৱাহ সন্দৰ্ভত বিভিন্ন দল-সংগঠন আৰু সাধাৰণ ৰাইজৰ পৰা লাভ কৰিছে ১৪৯টা পৰামৰ্শ ।
ইয়াৰে ১৪৬টা পৰামৰ্শ বহুবিৱাহ বন্ধ কৰাৰ সপক্ষে।
আগন্তুক ৪৫দিনৰ ভিতৰত বহুবিৱাহ বন্ধ কৰিবৰ বাবে ৰাজ্য চৰকাৰে প্ৰস্তুত কৰিব বিধেয়কৰ চূড়ান্ত খচৰা”।

6. প্ৰকৃতিৰ তাণ্ডৱ হিমাচল প্ৰদেশত।
মুষলধাৰ বৰষুণ, ভূমিস্খলনত ৪০০জন লোকৰ মৃত্যু হয়।
আহত হয় ৪০০ৰো অধিক লোক।
২,৫০০তকৈও অধিক বাসগৃহ সম্পূৰ্ণৰূপে ক্ষতিগ্ৰস্ত।
১১,০০০তকৈও অধিক ঘৰ আংশিকভাৱে ক্ষতিগ্ৰস্ত।
এই কথা জনালে হিমাচল প্ৰদেশৰ ৰাজহ মন্ত্ৰী জগত সিং নেগীয়ে।

7. গুৱাহাটীৰ শিলপুখুৰীৰ এপাৰ্টমেণ্টত অঘটন৷
প্ৰাকৃতিক নিবাসৰ ছাদৰ পৰা পৰি বনকৰা যুৱতীৰ মৃত্যু হয়।
যুৱতী গৰাকী ঘৰ ঢেকীয়াজুলিৰ।

8. বৰষুণৰ বাবে স্থগিত ভাৰত-পাকিস্তানৰ মেচ।
টছত জিকি প্ৰথমে বেটিং আৰম্ভ কৰিছিল ভাৰতে।
শ্ৰীলংকাৰ পাল্লিকেলত অনুষ্ঠিত হয় মেচ।

9. বাক্সাত বনৰীয়া হাতীৰ আক্ৰমণত নিহত হয় এজন৷
মৃত লোকজন দক্ষিণকুছিৰ গড়বস্তিৰ হৰেণ বড়ো৷

10. বুঢ়ীদিহিং নৈত মাছ মাৰিবলৈ গৈ সন্ধানহীন এজন৷
সন্ধানহীন লোকজন কোটোহাৰ নাওজানৰ চন্দ্ৰ সোণোৱাল৷
শুকুৰবাৰে পুৱাৰে পৰা সন্ধানহীন লোকজন৷

11. নগাঁৱৰ বিশেষ কাৰাগাৰৰ আচামীৰ পলায়ন।
চিকিৎসালয়লৈ নিয়াৰ পথৰ পৰাই পলায়ন মনোৱাৰ হুছেইন নামৰ আচামীটোৰ।
POCSO আইনৰ অধীনত ২০ আগষ্টত গ্ৰেপ্তাৰ হৈছিল মনোৱাৰ।

12. খাৰুপেটীয়াৰ ৭নং ওজাগাঁৱত শোকাৱহ দুৰ্ঘটনা।
বালি কঢ়িওৱা ট্ৰেক্টৰৰ খুন্দাত থিতাতে নিহত হয় এটি শিশু।
মৃত শিশুটিৰ নাম মহিন আলম।

13. ৫ ছেপ্টেম্বৰৰ পৰিৱৰ্তে ২ ছেপ্টেম্বৰত শিক্ষক দিৱস পালন গহপুৰৰ পুৰুববাৰীস্থিত St. Josephs বিদ্যালয়ত৷
বিদ্যালয়ৰ অধ্যক্ষৰ ব্যক্তিগত অসুবিধাৰ বাবে গ্ৰহণ কৰা এই সিদ্ধান্তক লৈ সচেতন মহলত প্ৰতিক্ৰিয়া৷
ড° সর্বপল্লী ৰাধাকৃষ্ণণক চূড়ান্ত অপমানৰ অভিযোগ স্থানীয় ৰাইজৰ৷

14. GMCHত নিৰাপত্তাৰক্ষীৰ প্ৰতিবাদ৷
দৰমহা কৰ্তনৰ বাবে দায়িত্বৰ পৰা বিৰত নিৰাপত্তাৰক্ষী৷
অতিৰিক্ত দায়িত্ব পালনৰ পাছতো প্ৰাপ্যৰ পৰা বঞ্চিতৰ অভিযোগ উত্থাপন কৰি সাব্যস্ত কৰে প্ৰতিবাদ৷

15. অসম বিধানসভাৰ নতুন ভৱনৰ সন্মুখত দুৰ্ঘটনা৷
দুৰ্ঘটনাত গুৰুতৰভাৱে আহত হয় দুজনকৈ লোক৷
নিয়ন্ত্ৰণ হেৰুওৱাই বিদ্যুতৰ খুঁটাত খুন্দা মাৰে মটৰচাইকেল খনে।

16. জামুগুৰিহাটৰ কুসুমটোলাত অগ্নিকাণ্ড।
কুসুমটোলাৰ দুৰ্গেশ্বৰ ভাগৱতীৰ বাসগৃহত সংঘটিত হয়।
অগ্নিকাণ্ডত জাহ যায় লক্ষাধিক টকাৰ সা-সম্পত্তি৷

17. যোৰহাটত ম’বাইল টাৱাৰৰ ওপৰত উঠিল এজন যুৱক।
SDRF ৰ তৎপৰতাত উদ্ধাৰ কৰে যুৱকজনক।

18. পশ্চিম কাৰ্বি আংলঙৰ হাজাগাফাৰত বন বিভাগৰ অভিযান।
অভিযানত জব্দ কৰে কাঠভৰ্তি টাটা ম’বাইল বাহন।

19. সোণাপুৰৰ লালমাটিত ৩৭নং ৰাষ্ট্রীয় ঘাইপথত দুৰ্ঘটনা।
অচিনাক্ত বাহনৰ খুন্দাত আহত হয় স্কুটী আৰোহী।

20. প্ৰকাশ পালে ৰাজ্যিক কৃতী শিক্ষকৰ তালিকা।
মাধ্যমিক পৰ্যায়ৰ ২১গৰাকীলৈ কৃতী শিক্ষকৰ বঁটা।
উচ্চ প্ৰাথমিক পৰ্যায়ৰ দুগৰাকীলৈ কৃতী শিক্ষকৰ বঁটা।
নিম্ন প্ৰাথমিক পৰ্যায়ৰ ১৩গৰাকীলৈ কৃতী শিক্ষকৰ বঁটা।
সমাগত শিক্ষক দিৱসত ৩৬ গৰাকী কৃতী শিক্ষকক প্ৰদান কৰা হ’ব বঁটা।

 

Sangita Dutta

সংগীতা দত্তৰ প্ৰতিবেদন Rnewsindia24.com

Leave a Reply

Your email address will not be published. Required fields are marked *