৫ মিনিটত ২০টা গুৰুত্বপূৰ্ণ খবৰ।
Rnewsindia24.com Assam Sept 3/2023:-
১/ কলাক্ষেত্ৰত ৰাজ্য চৰকাৰৰ নিযুক্তি পত্ৰ বিতৰণ অনুষ্ঠান।
উক্ত অনুষ্ঠানত ৩৫টা বিভাগত ৫১৪গৰাকী প্ৰাৰ্থীক নিযুক্তি পত্ৰ বিতৰণ কৰে মু্খ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই৷
তৃতীয়, চতুৰ্থ বৰ্গৰ পদৰ বাবে বিতৰণ কৰে নিযুক্তি পত্ৰ৷
২/ সু- খবৰ।
এছিয়ান গেমছত খেলিব অম্লান বুঢ়াগোহাঁয়ে।
১১ ছেপ্টেম্বৰৰ পূৰ্বে দ্বিতীয় তালিকাত অম্লান নাম সন্নিবিষ্ট হ’ব।
৩/ কংগ্ৰেছ নেত্ৰী ছোনীয়া গান্ধী অসুস্থ।
দিল্লীৰ গংগৰাম হাস্পতালত ভৰ্তি কৰোৱা হয়।
৪/ শিৱসাগৰৰ দিখৌ,দিচাং,দৰিকা নৈৰ খহনীয়া পৰিদৰ্শন কৰে মন্ত্ৰী পীয়ুষ হাজৰিকা আৰু স্থানীয় বিধায়ক অখিল গগৈয়ে।
৫/ তিনিচুকীয়াৰ টিংৰাইৰ আৱৰ্জনা নিষ্কাশনস্থলী পৰিদৰ্শন কৰে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই।
অত্যাধুনিক প্ৰযুক্তিৰে নিৰ্মাণ কৰা হৈছে এই জাবৰ নিষ্কাশন প্ৰকল্প।
৬/ আজি ৪০ সংখ্যক অভিৰুচি ক্ৰীড়া দিৱস।
নেহৰু ষ্টেডিয়ামত আয়োজিত অনুষ্ঠানত অংশগ্ৰহণ কৰে DGP জি পি সিঙে।
৭/ জিম্বাৱৱেৰ প্ৰাক্তন ক্ৰিকেটাৰ হিথ ষ্ট্ৰীকৰ দেহাৱসান।
৪৯ বছৰ বয়সত শেষ নিশ্বাস ত্যাগ কৰে ক্ৰিকেটাৰ গৰাকীয়ে।
তেওঁৰ মৃত্যুৰ কথা ছ’চিয়েল মিডিয়াত নিশ্চিত কৰে পত্নীয়ে।
৮/ আজি CIDৰ কাৰ্যালয়ত উপস্থিত DGP জি পি সিং।
বজালী কাণ্ডৰ বুজ ল’বলৈ উপস্থিত হয় DGPগৰাকী।
ইতিমধ্যে গ্ৰেপ্তাৰ হোৱা কেইবাজনকো হাজিৰ কৰোৱা হৈছিল CIDৰ কাৰ্যালয়ত।
৯/ ‘অসম চৰকাৰৰ সবাতোকৈ সক্ৰিয় মন্ত্ৰী পীয়ূষ হাজৰিকা। ক’ৰবাত কিবা হ’লেই তৎক্ষণাত উপস্থিত হয়গৈ তেওঁ’- অখিল গগৈ।
১০/ গহপুৰৰ শিক্ষা নিকেতনত গুৰুজনাৰ প্ৰতিচ্ছবি অংকন।
চিত্ৰশিল্পী নীলিম মহন্তই অংকন কৰে এই প্ৰতিচ্ছবি।
উন্মোচন কৰে ‘কৰতল কমল’ শীৰ্ষক এখন আলোচনী।
শিক্ষকসকলৰ বাবে উচৰ্গিত এটি বিশেষ গীতো মুকলি কৰে।
১১/ ওড়িশাত শোকাৱহ ঘটনা।
বজ্ৰপাতত ১০জনকৈ লোকৰ মৃত্যু হয়।
গুৰুতৰভাৱে আহত হয় ৩ গৰাকী।
৬খন জিলাত সংঘটিত হৈছে এই শোকাৱহ ঘটনা।
১২/ বশিষ্ঠ মন্দিৰ প্ৰাংগণত নিচাযুক্ত সামগ্ৰী দহন।
দাহ কৰে বুজন পৰিমাণৰ গাঞ্জা।
১০ দিনৰ ব’লব’মত জব্দ হৈছিল এই সুৰা আৰু গাঞ্জা।
১৩/ তিনিচুকীয়া আৰক্ষীৰ জালত পৰে আটছাৰ জিলা সভাপতি।
সভাপতি জগত নায়কক খেদি খেদি আটক কৰে আৰক্ষীয়ে।
১৪/ নলবাৰীৰ কয়াকুছিত নিশা নৃশংস হত্যাকাণ্ড।
পুত্ৰৰ হাতত প্ৰাণ গ’ল মাতৃৰ।
মাতৃহন্তা পুত্ৰ ৰূপম কলিতাক গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে।
১৫/ অসম-ত্ৰিপুৰা সীমান্তৱৰ্তী চুড়াইবাড়ীত আৰক্ষীৰ অভিযানত জব্দ কৰে প্ৰায় ডেৰ কোটি টকাৰ গাঞ্জা।
টেংকাৰৰ গোপন চেম্বাৰত ৭১টা পেকেটত আনিছিল প্ৰায় ১৫০০ কেজি গাঞ্জা।
NL01-AG-5508 নম্বৰৰ তেলৰ টেংকাৰত আনিছিল গাঞ্জাখিনি।
ঘটনা সন্দৰ্ভত টেংকাৰ চালকক আটক কৰে আৰক্ষীয়ে।
১৬/ জামুগুৰিহাটত ডাইনী সন্দেহত এজনক হত্যা।
নিশা চোকা অস্ত্ৰৰে হানি-খুঁচি হত্যা কৰে ব্যক্তি গৰাকীক।
মংগলবৰীয়া ৪নং জয়পুৰত সংঘটিত হয় এই ঘটনা। হত্যাকাৰী বাবলু মুণ্ডাক গ্ৰেপ্তাৰ কৰে আৰক্ষীৰ।
১৭/ ২৯ ছেপ্তেম্বৰৰ পৰা ১ অক্টোবৰলৈ ‘প্ৰাগজ্যোতিষপুৰ সাহিত্য উৎসৱ’।
প্ৰাগজ্যোতিষপুৰ বিশ্ববিদ্যালয়ৰ উদ্যোগত অনুষ্ঠিত হ’ব এই উৎসৱ।
সংবাদমেলযোগে সদৰী কৰে আয়োজকে।
১৮/ তিতাবৰ আৰক্ষীৰ অভিযান।
ৰংদৈ তিনিআলিৰ পৰা ড্ৰাগছসহ গ্ৰেপ্তাৰ কৰে দুই যুৱকক।
১৯/ ত্ৰিপুৰাত ১০ কোটি টকাৰ হেৰ’ইন জব্দ কৰে।
মিজোৰামৰ পৰা কৰিমগঞ্জলৈ সৰবৰাহৰ সময়তে আৰক্ষীয়ে জব্দ কৰে হেৰ’ইন খিনি।
২০/ কানাডাৰ টৰণ্ট’ত অনুষ্ঠিত হয় প্ৰৱাসী অসমীয়াৰ বিশেষ অনুষ্ঠান৷
উক্ত অনুষ্ঠানত মিতা বৰুৱাৰ সুমধুৰ কণ্ঠই আপ্লুত কৰে সকলোকে৷
হাৰ্বাৰফ্ৰণ্ট চেণ্টাৰত সংগীত পৰিৱেশন কৰে অসমৰ জীয়ৰীয়ে৷
অসমীয়া গীতৰ লহৰত মতলীয়া হৈ নাচে টৰণ্ট’ৰ স্থানীয় লোকেও৷
সংগীতা দত্তৰ প্ৰতিবেদন Rnewsindia24.com