শিক্ষক দিৱস

৫ মিনিটত ২০টা গুৰুত্বপূৰ্ণ খবৰ।

Spread the love
Mising Autonomous Council
Mising Autonomous Council

Rnewsindia24.com Assam Sept 5/2023:- 

১/ নতুন দিল্লীত প্রধানমন্ত্ৰীৰ চৰকাৰী আবাসগৃহত মত-বিনিময় অনুষ্ঠান।
ৰাষ্ট্ৰীয় পুৰস্কাৰপ্ৰাপ্ত শিক্ষকৰ সৈতে মত-বিনিময় কৰে প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে।
শিক্ষকসকলৰ মহান ত্যাগৰ প্ৰতি কৃতজ্ঞতা প্রকাশ কৰে প্ৰধানমন্ত্ৰী গৰাকীয়ে।

২/ অসম চৰকাৰৰ দ্বাৰা আয়োজিত ৬২ সংখ্যক শিক্ষক দিৱস উদযাপন।
উক্ত অনুষ্ঠানত ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ ৩৬ গৰাকী শিক্ষকক ‘ৰাজ্যিক বঁটা’ৰে সন্মানিত কৰা হয়।
লগতে, গৱেষণা কাৰ্যত উৎকৃষ্ট প্ৰদৰ্শন কৰা ৯ গৰাকী গৱেষক আৰু ৰাষ্ট্ৰীয় মূল্যাংকন আৰু প্ৰত্যাৰ্পন পৰিষদ (NAAC)ৰদ্বাৰা A+ গ্ৰেড লাভ কৰা মহাবিদ্যালয়ৰ অধ্যক্ষসকলক সম্বৰ্ধনা জ্ঞাপন কৰা হয়।
অনুষ্ঠানত উপস্থিত থাকে শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগু, শিক্ষা উপদেষ্টা ননী গোপাল মহন্ত, সমগ্ৰ শিক্ষা অসমৰ পৰিচালন সঞ্চালক ড° ওম প্ৰকাশ, বিদ্যালয় শিক্ষা সচিব নাৰায়ণ কোঁৱৰ, কামৰূপৰ জিলা আয়ুক্ত পল্লৱ গোপাল ঝাৰ আৰু বহু গণ্যমান্য ব্যক্তি।

৩/ ফটাশিল আৰক্ষীৰ জালত ভুৱা চিকিৎসক৷
জ্যোতিকুছিৰ পৰা চিকিৎসক পৰমেশ চক্ৰৱৰ্তীক গ্ৰেপ্তাৰ কৰে।
‘চাৰুলক্ষ্মী আয়ুষ’ নামৰ ফাৰ্মাচীত আছিল চেম্বাৰ৷
চিকিৎসক সন্থাৰ অভিযোগৰ ভিত্তিত গ্ৰেপ্তাৰ হয় পৰমেশ চক্ৰৱৰ্তীক৷

৪/ এছিয়া কাপত পুনৰ পাকিস্তানৰ মুখামুখি হ’ব টীম ইণ্ডিয়া৷
১০ ছেপ্টেম্বৰৰ বিয়লি ৩বজাত অনুষ্ঠিত হ’ব মেচখন৷

৫/ সফলতাৰে সম্পন্ন
ADITYA L1ৰ দ্বিতীয় Earth-bound maneuvre ।
পৃথিৱীৰ পূৰ্বৰ কক্ষপথৰ পৰা আৰু অধিক দূৰলৈ প্ৰক্ষেপ ADITYA L1ক৷
প্ৰক্ষেপণৰ তৃতীয় পৰ্যায় আৰম্ভ হ’ব ১০ ছেপ্টেম্বৰত৷
১০ ছেপ্টেম্বৰৰ পুৱতিনিশা ২.৩০ বজাত আৰম্ভ হ’ব এই প্ৰক্ৰিয়া৷

৬/ ‘অমৃত কালৰ দিশে আগবাঢ়িছে সভ্যতা’।
G20ৰ নিমন্ত্ৰণী পত্ৰত ‘ইণ্ডিয়া’ৰ সলনি ‘ভাৰত’।
‘ইণ্ডিয়া’ৰ সলনি ‘ভাৰত’ শব্দৰ ব্যৱহাৰ কৰাক লৈ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ প্ৰতিক্ৰিয়া।

৭/ পুনৰ আৰম্ভ গুৱাহাটী-উত্তৰ গুৱাহাটী ফেৰীৰ যাতায়ত।
২৯ আগষ্টৰ পৰা বন্ধ হৈ আছিল ফেৰীৰ চলাচল।
আজিৰে পৰা নিশা ৮.৩০ বজালৈ চলিব ফেৰী সমূহ।

৮/ ডিগবৈ মহাবিদ্যালয়লৈ ৰাজ্যিক উৎকৃষ্টতা বঁটা ২০২৩ ।
অসম চৰকাৰে আগবঢ়াইছে এই সন্মান।

৯/ নাজিৰাত ৩ কিশোৰৰ সন্ধানত অব্যাহত উদ্ধাৰ অভিযান৷
দুটাকৈ উদ্ধাৰকাৰী দলে দিখৌ নৈত চলাইছে অভিযান৷
নৈত গা ধুবলৈ গৈ সন্ধানহীন হৈছিল ৩ কিশোৰ৷
আজি অভিযানস্থলীত উপস্থিত হয় নাজিৰাৰ বিধায়ক দেৱব্ৰত শইকীয়া৷

১০/ ক’ভিডত আক্ৰান্ত আমেৰিকাৰ ফাৰ্ষ্ট লেডী জিল বাইডেন৷
নতুন দিল্লীত অনুষ্ঠিত হ’বলগীয়া G20 সন্মিলনৰ বাবে ভাৰতলৈ অহাৰ কথা আছিল জিল বাইডেন৷

১১/ ৭ ছেপ্টেম্বৰত বৰাকলৈ যাব মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা৷
হাইলাকান্দিত প্ৰাক্তন প্ৰধানমন্ত্ৰী অটল বিহাৰী বাজপেয়ীৰ প্ৰতিমূৰ্তি উন্মোচন কৰিব মুখ্যমন্ত্ৰীগৰাকীয়ে৷
ইয়াৰ বাবে জিলা প্ৰশাসনে আৰম্ভ কৰিছে প্ৰস্তুতি৷

১২/ বিশিষ্ট অভিনেত্ৰী পাকিজা বেগমলৈ প্ৰজন্ম বঁ‌টা-২০২৩।
সামাজিক-সাংস্কৃতিক অনুষ্ঠান প্ৰজন্ম নলবাৰীয়ে প্ৰদান কৰিব এই বঁ‌টা৷
অহা ১০,১১ নবেম্বৰত প্ৰজন্ম সদৌ অসম একাংক নাট প্ৰতিযোগিতাত প্ৰদান কৰা হ’ব এই বঁ‌টা।

১৩/ সু-খবৰ।
কলিয়াবৰৰ শিলঘাটত নিৰ্মাণ হ’ব পৰ্যটন আৱাস।
অসম পৰ্যটন উন্নয়ন নিগমৰ অধীনত ৯ কোটি টকা ব্যয়সাপেক্ষে নিৰ্মাণ হ’ব অত্যাধুনিক পৰ্যটন আৱাস।

১৪/ গোসাইগাঁৱৰ শিমুলটাপুৰ হত্যাকাণ্ডৰ মূল অভিযুক্তক আটক৷
আৰক্ষীৰ জালত অজিত বসাকৰ হত্যাকাৰী মহেন্দ্ৰ দাস৷

১৫/ পবিতৰা অভয়াৰণ্যত গঁড়ৰ মৃত্যু৷
হাডুক বিলৰ দলঙৰ কাষত মৃত অৱস্থাত উদ্ধাৰ কৰে এটা গঁড়৷
বানত ডুবি গঁড়টোৰ মৃত্যু হোৱাৰ সন্দেহ কৰিছে।

১৬/ গুৱাহাটী ৰে’লৱে ষ্টেচনত বাৰ্মিজ চুপাৰি জব্দ।
অবধ এক্সপ্ৰেছৰ পৰা জব্দ কৰে বাৰ্মিজ চুপাৰিখিনি।
RPFৰ সহযোগত GRPএ জব্দ কৰে চুপাৰিখিনি।
জব্দকৃত চুপাৰিখিনিৰ মূল্য প্ৰায় ৫০ লাখ টকা।
ডিমাপুৰৰ পৰা অনা হৈছিল বাৰ্মিজ চুপাৰিখিনি।

১৭/ মৰিগাঁৱত ২ ভুৱা আৰক্ষী অধীক্ষকক আটক।
মৰিগাঁৱৰ লোচনাবৰীৰ পৰা দুয়োকে আটক কৰে আৰক্ষীয়ে।
‘ৰচীদুল ইলেক্ট্ৰনিকছ ষ্ট’ৰ’ নামৰ এখন দোকানত আৰক্ষীৰ অভিযান।
দোকানখনত ভুৱা ছীল-মোহৰ, আৰক্ষীৰ ভুৱা প্ৰমাণ-পত্ৰ বিক্ৰী কৰিছিল।
দোকানত এটা লেপটপ, স্কেনাৰ, প্ৰিণ্টাৰ, SWIPE মেচিন জব্দ কৰে।

১৮/ খটখটীৰ ৩৯ নং ৰাষ্ট্ৰীয় ঘাইপথত বুজন পৰিমাণৰ বাৰ্মিজ চুপাৰি জব্দ।
এখন ট্ৰাকৰ পৰা ৩,৭৪৪ কেজি বাৰ্মিজ চুপাৰি জব্দ কৰে।
ঘটনা সন্দৰ্ভত মৰিগাঁৱৰ দুজন লোকক আটক কৰে।

১৯/ পল্টনবজাৰ থানাৰ মহিলা কনিষ্টবল গায়ত্ৰী হাজৰিকাৰ সন্ধানহীন।
ব্ৰহ্মপুত্ৰত SDRFৰ অভিযান অব্যাহত৷
শৰাইঘাট দলঙত গায়ত্ৰীৰ মোবাইল ফোন আৰু চেণ্ডেল উদ্ধাৰ কৰা হয়।

২০/ আটছাৰ তিনিচুকীয়া জিলা সমিতিৰ সভাপতিক নিলম্বন৷
সংগঠনটোৰ পৰা নিলম্বন কৰে জগত নায়কক ৷
উপ-সভাপতি কাৰ্তিক তাঁতীক ভাৰপ্ৰাপ্ত সভাপতিৰ দায়িত্ব প্ৰদান কৰে।
কেন্দ্ৰীয় সভাপতি ধীৰাজ গোৱালাই প্ৰেৰণ কৰিছে এই নিৰ্দেশনা৷

 

Sangita Dutta

সংগীতা দত্তৰ প্ৰতিবেদন Rnewsindia24.com

Leave a Reply

Your email address will not be published. Required fields are marked *