৫ মিনিটত ২০টা গুৰুত্বপূৰ্ণ খবৰ।

Spread the love
Mising Autonomous Council
Mising Autonomous Council

Rnewsindia24.com Assam Sept 16/2023:- 

1. গোলাঘাটৰ বগৰিজেংস্থিত অভিযান্ত্ৰিক মহাবিদ্যালয়ত উপস্থিত শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগু আৰু বিত্তমন্ত্ৰী অজন্তা নেওগ।
মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলৰ লগত মত বিনিময় কৰে শিক্ষামন্ত্ৰী আৰু বিত্তমন্ত্ৰী গৰাকীয়ে।

2. মধ্যপ্ৰদেশৰ BJPৰ জন আশীৰ্বাদ যাত্ৰাত অংশগ্ৰহন কৰে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই। Himanta Biswa Sarma

3. আজিৰে পৰা আৰম্ভ হয় তুলসী ৰাম কলিতা সোঁৱৰণী আমন্ত্ৰণমূলক প্ৰাইজমানী ফুটবল প্ৰতিযোগিতা।
ছয়গাঁও মিনি ষ্টেডিয়ামত অনুষ্ঠিত হয় এই প্ৰতিযোগিতা।
অনুষ্ঠানত উপস্থিত থাকে মন্ত্ৰী জয়ন্ত মল্লবৰুৱা আৰু বহু গণ্যমান্য ব্যক্তি।

4. হায়দৰাবাদত চি ডব্লিউ চিৰ বৈঠক।
উক্ত বৈঠকত উপস্থিত থাকে মল্লিকাৰ্জুন খৰ্গে, ছোনিয়া গান্ধী, ৰাহুল গান্ধী, প্ৰিয়ংকা গান্ধীসহ কংগ্ৰেছৰ শীৰ্ষ নেতাসকল।

5. ‘৫টা লৰা-ছোৱালী হলেও বিধায়ক-সাংসদ হ’ব পাৰিব কিন্তু পঞ্চায়তত ৱাৰ্ড মেম্বাৰ হব নোৱাৰে।
বিধায়ক-সাংসদৰ বাবে শিক্ষাগত অৰ্হতা আনিব লাগে’- মন্তব্য বিধায়ক ৰকিবুল হুছেইন।

6. ফকিৰগঞ্জত গৰাখহনীয়াত ক্ষতিগ্ৰস্ত অঞ্চল পৰিদৰ্শন কৰে বদৰুদ্দিন আজমলে।
ৰাইজৰ সৈতে মত-বিনিময় কৰাৰ লগতে ক্ষতিগ্ৰস্ত পৰিয়ালসমূহলৈ আৰ্থিক সাহায্য আগবঢ়াই সাংসদগৰাকীয়ে।

7. চিৰাঙৰ আউজাৰ দুনাবাৰীত BPFৰ বৃহৎ যোগদান কাৰ্যসূচী।
৮ শতাধিক লোকে যোগদান কৰে BPF দলত।
যোগদান কাৰ্যসূচীত উপস্থিত থাকে হাগ্ৰামা মহিলাৰী আৰু বহু গণ্যমান্য ব্যক্তি।

8. মহানগৰ আৰক্ষীৰ চাইবাৰ অপৰাধীৰ বিৰুদ্ধে অভিযান অব্যাহত।
৬গৰাকীলৈ বৃদ্ধি চাইবাৰ অপৰাধী গ্ৰেপ্তাৰৰ সংখ্যা।
টুইটযোগে সদৰী কৰে DGP জিপি সিঙে।
লগতে CP দিগন্ত বৰাসহ মহানগৰ আৰক্ষী আৰু ক্ৰাইম ব্ৰাঞ্চক প্ৰশংসা DGPগৰাকীৰ।

9. ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতাৰ মাতৃৰ দেহাৱসান।
বাৰ্ধক্যজনিত কাৰণত শেষ নিশ্বাস ত্যাগ কৰে যমুনা বালা কলিতাই।

10. জামুগুৰিহাটৰ ২নং বৰপথাৰত এখন গৰু ভৰ্তি ট্ৰাকক লৈ সৃষ্টি হয় উত্তেজনাৰ।
উল্লেখ্যে যে চোৰাং গৰু ভৰ্তি ট্ৰাকখনত নাছিল চালক।
ট্ৰাকখনত কঢ়িয়াই আনিছিল প্ৰায় ১৮টাকৈ গৰু ।
স্থানীয় ৰাইজে আবদ্ধ কৰে ট্ৰাকখন।
ঘটনাস্থলীত জামুগুৰিহাট আৰক্ষী উপস্থিত হৈ আৰম্ভ কৰে তদন্ত প্ৰক্ৰিয়া।

11. পল্টনবজাৰত আৰক্ষীৰ গুণ্ডাগিৰি।
থানাৰ সমীপতে থকা পদপথৰ পাণদোকান ভাঙিলে আৰক্ষীয়ে।
গুণ্ডাৰূপী আৰক্ষীয়ে লণ্ডভণ্ড কৰে ৫খনকৈ দোকান।
পল্টনবজাৰ আৰক্ষী থানাৰ এটা দলৰ বিৰুদ্ধে অভিযোগ ব্যৱসায়ীৰ।
বন্ধ থকা অৱস্থাত দোকান ভাঙি লণ্ডভণ্ড কৰাৰ অভিযোগ।

12. কৰিমগঞ্জৰ চুৰাইবাড়ীত বুজন পৰিমাণৰ কফ ছিৰাপ জব্দ।
৩৮,২০০টা বটল নিচাযুক্ত কফ ছিৰাপ জব্দ কৰে চুৰাইবাড়ী আৰক্ষীয়ে।
এখন ট্ৰাকত অভিযান চলাই উদ্ধাৰ কৰে কফ ছিৰাপখিনি।
২১৫টা পেকেটত এই কফ ছিৰাপখিনি সৰবৰাহৰ চেষ্টা চলাইছিল।

13. গোলাঘাটৰ শালিকীহাটৰ বকতিয়ালত অঘটন
খাদ্যত বিষক্রিয়া হৈ শিশুসহ ১০গৰাকী লোক অসুস্থ।
জানিব পৰা মতে আদ্যশ্রাদ্ধৰ জলপান খাই শৌচ-বমিত আক্রান্ত হয় লোকসকল।

14. গুৱাহাটী প্রেছ ক্লাৱত শিলসাঁকো পাৰৰ উচ্ছেদ প্রতিৰোধী ৰাইজৰ সংবাদমেল।
উচ্ছেদ সম্পৰ্কত বিধানসভাত ভুৱা তথ্য দিয়াৰ অভিযোগ।
লগতে ক্ষতিপূৰণৰ নামত বিভাজনৰ ৰাজনীতি কৰাৰ অভিযোগ।

15. যোৰহাটত এগৰাকী মহিলাৰ মৃতদেহ উদ্ধাৰক লৈ চাঞ্চল্য।
অৰ্ধগলিত অৱস্থাত উদ্ধাৰ কৰে মিনু ঘোষ নামৰ মহিলাগৰাকীৰ মৃতদেহ।
বাঁহবাৰীৰ বাসগৃহত উদ্ধাৰ হয় মহিলাগৰাকীৰ মৃতদেহ।

16. নিপা ভাইৰাছক লৈ জাৰি কৰা হৈছে এলাৰ্ট ।
দেশবাসীক সতৰ্ক কৰি দিছে ICMR এ ।
নিপা ভাইৰাছত আক্ৰান্ত ১০০ জনৰ ভিতৰত ৭০ জনৰে হ’ব পাৰে মৃত্যু।

17. আজি তিনিচুকীয়াৰ মাৰ্ঘেৰিটাত প্ৰশাসনৰ উদ্যোগত অমৃত বৃক্ষ আন্দোলন।
৩.৫ লাখ বৃক্ষ ৰোপণ কৰাৰ লক্ষ্য প্ৰশাসনৰ।

18. কল চেণ্টাৰৰ জৰিয়তে কোটি কোটি টকা আত্মসাৎ চাইবাৰ অপৰাধীৰ।
৬ মাষ্টাৰ মাইণ্ডসহ ক্ৰাইম ব্ৰান্সৰ জালত পৰে ৫০ৰো অধিক চাইবাৰ অপৰাধী।
৮টাকৈ ভুৱা কল চেণ্টাৰ উত্খাত মহানগৰ আৰক্ষী আৰু ক্ৰাইম ব্ৰান্সে।

19. মঙলদৈত আৰক্ষীৰ ড্ৰাগছ বিৰোধী অভিযান।
জব্দ কৰে ৩৭টা ড্ৰাগছ কণ্টেনাৰসহ ম’বাইল, নগদ ধন।
আটক কৰে ২ ড্ৰাগছ ব্যৱসায়ী নগৰবাহীৰ জিয়াৰুদ্দিন আহমেদ, ২নং ৱাৰ্ডৰ জিয়াৰুল হক।
সম্প্ৰতি দুয়োজনকে জেল হাজোতলৈ প্ৰেৰণ কৰে আৰক্ষীয়ে।

20. গোংগেয়া নদীত গা ধুবলৈ গৈ কিশোৰৰ সলিল সমাধি।
মৃত কিশোৰগৰাকী কোকৰাঝাৰৰ চৌতাৰা গাঁৱৰ মানব বৰ্মন।
আৰক্ষীৰ লগতে স্থানীয় লোকে নৈৰ পৰা উদ্ধাৰ কৰে কিশোৰজনৰ মৃতদেহ।

Sangita Dutta

Sangita Dutta News Editor Rnewsindia24.com

Leave a Reply

Your email address will not be published. Required fields are marked *