৫ মিনিটত ২০টা গুৰুত্বপূৰ্ণ খবৰ।

Spread the love
Mising Autonomous Council
Mising Autonomous Council

Rnewsindia24.com Assam Sept 28/2023:- 

1. দেৰগাঁও লাচিত বৰফুকন আৰক্ষী প্ৰশিক্ষণ মহাবিদ্যালয়ত দীক্ষান্ত সমাৰোহ।
সমাৰোহত অংশগ্ৰহণ কৰে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই।
“অসম আৰক্ষীত নিযুক্তি দিয়া হ’ব ৫ হাজাৰ যুৱক-যুৱতীক ।
৭ অক্টোবৰত প্ৰকাশ পাব নতুন নিযুক্তিৰ বিজ্ঞাপন”-
দেৰগাঁৱত এই ঘোষণা মুখ্যমন্ত্ৰী গৰাকীৰ।

2. নৱনিৰ্মিত বোন্দাজান পাম্পিং ষ্টেচনৰ শুভ উদ্বোধন কৰে মন্ত্ৰী অশোক সিংঘালে। গুৱাহাটীক বানমুক্ত কৰাৰ বাবে GMDAএ গ্ৰহণ কৰিছে এই পদক্ষেপ।

3. ভাৰতৰ সেউজ বিপ্লৱৰ জনক তথা ভাৰতীয় কৃষি বিজ্ঞানী এম এছ স্বামীনাথনৰ দেহাৱসান।
৯৮ বছৰ বয়সত শেষ নিশ্বাস ত্যাগ কৰে বিজ্ঞানীগৰাকীয়ে।

4. গুৱাহাটীত এছিয়ান কাৰ ৰেলীৰ ফ্লেগ অফ কৰে মন্ত্ৰী পীযূষ হাজৰিকাই।
উপস্থিত থাকে সাংসদ কুইন ওজা, বিধায়ক দিগন্ত কলিতা, অভিনেতা যতীন বৰা আৰু বহু গণ্যমান্য ব্যক্তি।

5. পঞ্জাৱৰ কংগ্ৰেছী বিধায়ক সুখপাল সিং খেৰাক গ্ৰেপ্তাৰ।
পঞ্জাৱ আৰক্ষীয়ে চত্তীশগড়ৰ পৰা গ্ৰেপ্তাৰ কৰে সুখপাল খেৰাক।

6. উৎকোচ লৈ হাতে-লোটে গ্ৰেপ্তাৰ হয় ধুবুৰীৰ DFO বিনোদ কুমাৰ পায়েং, ফৰেষ্টাৰ জিয়াউৰ ইছলাম, শ্বাহবাজ চুলতান।
দুৰ্নীতি নিবাৰকৰ অভিযানত গ্ৰেপ্তাৰ কৰে বিষয়াকেইগৰাকীক।

7. শিলচৰ আৰু ডিব্ৰুগড় চৰকাৰী দন্ত চিকিৎসা মহাবিদ্যালয়লৈ স্বীকৃতি কেন্দ্ৰৰ।
ইয়াৰ লগে লগে দন্ত চিকিৎসা বিজ্ঞান পাঠ্যক্ৰমত বৃদ্ধি পায় নতুনকৈ ১০০খন আসন।

8. ছীল কৰা হ’ল পল্টনবজাৰ মা কালী হোটেল।
গুৱাহাটী পৌৰ নিগমে ছীল কৰে হোটেলখন।
জানিব পৰা মতে, খাদ্যত জেঠী ওলাই গ্ৰাহকৰ সৈতে বাক-বিতণ্ডাত লিপ্ত হৈছিল হোটেলৰ কৰ্মচাৰী।

9. এছিয়ান গেমছত ভাৰতলৈ ষষ্ঠটো সোণৰ পদক।
১০ মিটাৰ এয়াৰ পিষ্টল টীম ইভেণ্টত সোণৰ পদক লাভ।
মহিলা উশ্বুৰ ৬০ কেজি শাখাত মণিপুৰৰ ৰছিবিনা দেৱীয়ে ৰূপৰ পদক জয় কৰে।

10. চৰাইদেউত চাঞ্চল্যকৰ ঘটনা।
মৰাণৰ বটামৰাত উদ্ধাৰ হৈছে গ্ৰেণেড।
ব্যৱসায়ী কনক গগৈৰ বাসগৃহ চৌহদত উদ্ধাৰ হয়।
গগৈৰ ঘৰত কামকৰা লোকে প্ৰত্যক্ষ কৰে গ্ৰেণেডটো।
ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ আৰম্ভ তদন্ত আৰম্ভ কৰে।

11. জোনাই সদৰৰ দৈনিক বজাৰৰ মাজমজিয়াত অগ্নিকাণ্ড।
অগ্নিকাণ্ডত সম্পূৰ্ণৰূপে জাহ যায় ৭খন ব্যৱসায়িক প্ৰতিষ্ঠান।
অগ্নিকাণ্ডত কোটি টকাৰ সম্পত্তি ভস্মীভূত হোৱাৰ দাবী ব্যৱসায়ীসকলৰ।

12. বজালীৰ সাদেৰীৰ শ্বহীদ ৰাউতা মদন উঃ মাঃ বিদ্যালয়ত অঘটন।
হঠাতে বিদ্যালয়ত অসুস্থ হয় কেইবাগৰাকী ছাত্ৰী।
অসুস্থ ছাত্ৰীসকলক সাদেৰীৰ ৰাজ্যিক চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়।
কেইবাগৰাকী ছাত্ৰ-ছাত্ৰীক পাঠশালাৰ চিকিৎসাললৈ প্ৰেৰণ কৰে।

13. কৃষ্ণাইৰ আশুডুবিত আৰক্ষীৰ ড্ৰাগছবিৰোধী অভিযান।
অভিযানত ৮টা হেৰ’ইন কণ্টেইনাৰসহ নগদ টকা জব্দ কৰে।
আটক কৰে এটা সৰবৰাহকাৰীক।

14. জাগীৰোডৰ আমলিঘাট, আজুৰিত জিলা ঔষধ পৰিদৰ্শকৰ অভিযান।
অকৰ্তৃত্বশীলভাৱে চলাই থকা দুখন ফাৰ্মাচী ছীল কৰে ঔষধ পৰিদৰ্শকে।
অনুজ্ঞাপত্ৰ নথকাৰ বাবে বন্ধ কৰা হয় ফাৰ্মাচী দুখন।

15. লংকা-লামডিং সংযোগী ৫৪ নং ৰাষ্ট্ৰীয় ঘাইপথত দুৰ্ঘটনা।
নিয়ন্ত্ৰণ হেৰুৱাই কালভাৰ্টত খুন্দা টাটা নেস্কন বাহনৰ।
দুৰ্ঘটনাটোত ৪জনকৈ লোক আহত, দুজন সংকটজনক অৱস্থাত আছে।

16. যদি ভূপেন বৰাই মোক হৰুৱাব পাৰে বুলি ভাবে তেন্তে মোৰ সমষ্টিত প্ৰচাৰ কৰক।
কংগ্ৰেছে পাহাৰৰ পৰিৱৰ্তে চৰত অভিযান চলাওক।
AJP-এ ‘এক অসম যাত্ৰা’ নহয় ছেটেলাইট যাত্ৰা কৰিছে – মন্তব্য পীযূষ হাজৰিকাৰ।

17. লখিমপুৰত বন বিভাগৰ অভিযান।
চোৰাংকৈ সৰবৰাহ কৰা খয়েৰৰ কুণ্ডা জব্দ।
পথালিপাম বন খণ্ডৰ অধীনৰ ধৰ্মপুৰ গাঁৱৰ পৰা জব্দ কৰে ২০ টা কুণ্ডা ।

18. বৰপেটাৰ হাউলীত বিধ্বংসী অগ্নিকাণ্ড।
অগ্নিদগ্ধ হৈ এটি তিনিবছৰীয়া শিশুৰ মৃত্যু হয়।
ঘৰৰ ভিতৰত শুই থকা অৱস্থাত অগ্নিদগ্ধ হৈ মৃত্যু হয় শিশুটো৷

19. যোৰহাটৰ তৰাজানত ভয়ংকৰ ঘটনা।
তেলৰ ড্ৰাম ৱেল্ডিং কৰাৰ সময়তে অগ্নিদগ্ধ এজন কৰ্মচাৰী।
অগ্নিদগ্ধ যুৱকজন নাওশলীয়াৰ পংকজ বৰা।
দুখনকৈ অগ্নিনিৰ্বাপক বাহনৰ তত্পৰতাত নিৰ্বাপিত হয় জুই।

20. বোকাজানৰ খটখটিত জব্দ কৰে বুজন পৰিমাণৰ ড্ৰাগছ।
খটখটি আৰক্ষীৰ অভিযানত জব্দ হয় ৫৭৫ গ্ৰাম হেৰ’ইন।
এখন i20 বাহনৰ পৰা জব্দ কৰে হেৰ’ইনভৰ্তি ৪৫টা চাবোনৰ বাকচ।
নগাঁৱৰ দুই সৰবৰাহকাৰীক আটক কৰে।
হেৰ’ইনখিনিৰ বজাৰ মূল্য প্ৰায় ৩ কোটি টকা।

 

Sangita Dutta

Sangita Dutta News Editor Rnewsindia24.com

Leave a Reply

Your email address will not be published. Required fields are marked *