বিশ্ব ডাক দিৱস।

Spread the love

এসময়ত পদূলি মূৰত আপোনজনৰ চিঠিৰ বাবে ডাকোৱাল জনৰ অপেক্ষাত আছিল নে আপুনি ?

মনত পৰে নে ডাকোৱালৰ টিলিঙাৰ টিলিং টিলিং শব্দ ?

এতিয়া খবৰ আহে সামাজিক মাধ্যম অৰ্থাৎ ফেচবুক, হোৱাটচেপ, ইনষ্ট্ৰাগ্ৰাম, টুইটাৰ আদিৰ যোগেদি।

আজি বিশ্ব ডাক দিৱস।

১৮৭৪ চনৰ আজিৰ দিনটোতে চুইটজাৰলেণ্ডৰ বাৰ্নত বিশ্ব ডাক সন্থাৰ জন্ম হৈছিল।
পিছলৈ এই সন্থা ৰাষ্ট্ৰসংঘৰ লগত চামিল হয়।
বিশ্ব ডাক সন্থায়ে তথ্যৰ আদান-প্ৰদান আৰু দূৰসংযোগৰ মাধ্যমেৰে ডাক বিভাগৰ এক গোলকীয় বিপ্লৱৰ সূচনা কৰে।
ডাক সেৱাৰ প্ৰচাৰ আৰু প্ৰসাৰ এই সন্থাৰ মূল উদ্দেশ্য আছিল।

১৯৬৯ চনৰ জাপানৰ টকিঅ চহৰত অনুষ্ঠিত বিশ্ব ডাক সন্থা কংগ্ৰেছে ৯ অক্টোবৰ দিনটো বিশ্ব ডাক দিৱস হিচাপে ঘোষণা কৰে।
তেতিয়াৰ পৰা ডাক সেৱাৰ গুৰুত্বৰ ওপৰত আলোকপাত কৰি গোটেই বিশ্বজুৰি এই দিৱস পালন কৰে।

চিঠি মানেই আমাৰ আৱেগ।
বৰ্তমান সময়ত বিভিন্ন যোগাযোগ মাধ্যম উপলব্ধ হোৱাত চিঠিৰ ব্যৱহাৰ কমিছে।
কিন্তু ব্যৱহাৰ কমিলেও চিঠিৰ প্ৰতি থকা মানুহৰ আৱেগ কমা নাই।
সময় সলনিৰ লগে লগে ডাক ব্যৱস্থাত বহু উন্নত হৈছে লগতে বহু সা-সুবিধা সংযোজন কৰা হৈছে।

ডাক সেৱাৰ সৈতে জড়িত সমূহ বিষয়া কৰ্মচাৰীক Rnewsindia24.com ৰ তৰফৰ পৰা বিশ্ব ডাক দিৱসৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলোঁ।

ধন্যবাদ।

 

Sangita Dutta

Sangita Dutta News Editor Rnewsindia24.com

Leave a Reply

Your email address will not be published. Required fields are marked *