৫ মিনিটত ২০টা গুৰুত্বপূৰ্ণ খবৰ।
Rnewsindia24.com Assam Oct 26/2023:-
১/ আজি শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত ‘মোৰ মাটি মোৰ দেশ’ শীৰ্ষক কাৰ্যসূচীৰ অন্তৰ্গত ‘অমৃত কলহ’ যাত্ৰাৰ ৰাজ্যিক সভা।
সভাত উপস্থিত থাকে ৰাজ্যপাল গুলাব চান্দ কাটাৰিয়া, মন্ত্ৰী বিমল বৰা, ড’ হিমন্ত বিশ্ব শৰ্মা, অতুল বৰা আৰু বহু গণ্য মান্য ব্যক্তি।
২/ চলিত বৰ্ষৰ প্ৰথম ৮টা মাহত ৰাজ্যত ১,৪০০টা হত্যা, ধৰ্ষণ, ডকাইতিৰ গোচৰ ৰুজু হৈছে – এই তথ্য সদৰি কৰে
মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই।
৩/ ৰাজ্যৰ চৰকাৰী কৰ্মচাৰীলৈ বিশেষ নিৰ্দেশনা চৰকাৰৰ।
এতিয়াৰে পৰা দিছপুৰৰ অনুমতি অবিহনে কৰিব নোৱাৰিব দ্বিতীয় বিৱাহ।
ৰাজ্য চৰকাৰৰ কৰ্মচাৰী বিভাগৰ অতিৰিক্ত মুখ্য সচিবৰ কঠোৰ নিৰ্দেশনা।
নীতি উলংঘা কৰিলে ভৰিব লাগিব বৃহৎ পৰিমাণৰ জৰিমনা।
বিভাগীয় তদন্তৰো সন্মুখীন হ’ব লাগিব এনে চৰকাৰী কৰ্মচাৰীয়ে।
প্ৰয়োজনত বাধ্যতামূলক অৱসৰৰ বিধিও হ’ব প্ৰযোজ্য।
অতিৰিক্ত মুখ্য সচিব নীৰজ বাৰ্মাই জাৰি কৰে এই নিৰ্দেশনা।
৪/ সু-খবৰ।
উৎসৱৰ বতৰত হ্ৰাস পালে হীৰাৰ দাম।
৩৫ শতাংশলৈ হ্ৰাস কৰা হ’ল হীৰাৰ দাম।
৫/ প্ৰখ্যাত অভিনেতা ৰাজকুমাৰ ৰাওক নেচনেল আইকন হিচাপে নিযুক্তি।
ভাৰতীয় নিৰ্বাচন আয়োগে দিয়ে এই নিযুক্তি।
ভোটাৰক সজাগতাৰ বাবে নিযুক্তি প্ৰদান।
৬/ ব্ৰিটিছ অহাৰ পিছতহে ব্যৱহাৰ হৈছে ইণ্ডিয়া, ভাৰত আগৰেপৰা আছে ,ই এক চিৰন্তন সত্য ।
NCERTয়ে সঠিক সিদ্ধান্ত গ্ৰহণ কৰিছে -ডাঃ ৰণোজ পেগু
৭/ অযোধ্যাৰ ৰাম মন্দিৰত উপস্থিত অভিনেত্ৰী কংগনা ৰাণাৱট।
আহিবলগীয়া ছবি ‘তেজস’ মুক্তিৰ পূৰ্বে ৰাম মন্দিৰ দৰ্শন কৰে অভিনেত্ৰীগৰাকীয়ে।
৮/ ২২ জানুৱাৰীত ভক্তৰ বাবে মুকলি হ’ব অযোধ্যাৰ ৰাম মন্দিৰ।
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মুকলি কৰিব মন্দিৰটো।
৯/ কাইলৈ ছবিগৃহলৈ আহিব ‘ৰাঘৱ’।
এমাহজোৰা প্রচাৰৰ পিছত কাইলৈ মুকলি হ’ব ছবিখন।
‘ৰত্নাকৰ’ৰ পিছত জে বি প্রডাকচনৰ দ্বিতীয়খন ছবি ‘ৰাঘৱ’।
‘ৰাঘৱ’ক লৈ যথেষ্ট আশাবাদী ছবিখনৰ সৈতে জড়িত কলা-কুশলী।
১০/ “লোকসভা নিৰ্বাচনত আমি ১১খন আসনত জিকিমেই।
ৰাইজ আমাৰ লগত আছে। নির্বাচনলৈকে বিৰোধী ঐক্য নাথাকে”- মন্তব্য পীযূষ হাজৰিকাৰ।
১১/ AIUDF প্ৰধান বদৰুদ্দিন আজমলৰ বিৰুদ্ধে এজাহাৰ।
তেজপুৰ থানাত এজাহাৰ দাখিল কৰে অসম জাতীয় পৰিষদে।
সাংসদগৰাকীৰ বিৰুদ্ধে ভাতৃঘাতী সংঘৰ্ষৰ চেষ্টা চলোৱাৰ অভিযোগ।
কিছুদিন পূৰ্বে মুছলমান লোকসকল নানা অপৰাধত জড়িত বুলি উল্লেখ কৰিছিল সাংসদগৰাকীয়ে।
ধৰ্ষণকাৰী, লুণ্ঠনকাৰী, চোৰ-ডকাইতি আদি কাণ্ডত লিপ্ত বুলি কৈছিল মুছলমানসকলক।
লগতে মুছলমান ছোৱালীয়ে ল’ৰা দেখিলে সুহুৰি বজায় বুলি উল্লেখ কৰিছিল।
আজমলৰ এনে মন্তব্যৰে মুছলমান নাৰীক অপমান কৰাৰো অভিযোগ দলটোৰ।
অসম বিধানসভাৰ বিৰোধী দলপতিকো সাম্প্ৰদায়িক মন্তব্যৰে অপমান কৰাৰ অভিযোগ।
১২/ প্ৰতিমা বিসৰ্জনৰ পাছতেই মহানগৰীৰ ঘাটত GMCৰ চাফাই অভিযান।
পুৱাৰে পৰা পাণ্ডু পʼৰ্টতো চলে গুৱাহাটী পৌৰ নিগমৰ চাফাই কাৰ্য ।
GMCৰ শীৰ্ষ বিষয়াৰ উপস্থিতিত ৰূপায়ণ কৰা হয় এই কাৰ্যসূচী।
১৩/ গোৱা নেচনেল গেমছত ভাৰোত্তোলনত মহিলাৰ ৫৯ কেজি শাখাত পপী হাজৰিকাই সোণৰ পদক লাভ কৰে।
১৪/ লখিমপুৰৰ বঙালমৰাত উত্তাল প্ৰতিবাদ।
লালুক-বিহপুৰীয়া সংযোগী পথ অৱৰোধ কৰে প্ৰতিবাদকাৰীয়ে।
ৰাজ্যিক গড়কাপ্টানী পথ অৱৰোধ কৰি প্ৰতিবাদ সাব্যস্ত কৰে আমছুয়ে।
১৫/ অভয়াপুৰীৰ কাছাৰীপেটীত বিধ্বংসী অগ্নিকাণ্ড।
জুইত ভস্মীভূত হয় লক্ষাধিক টকাৰ সা-সম্পত্তি।
শ্বৰ্ট চাৰ্কিটৰ ফলত সংঘটিত হয় এই ঘটনা।
১৬/ আমেৰিকাত নৰসংহাৰৰ আন এক ঘটনা।
আমেৰিকাৰ লেৱিষ্টন, মেইনত দুৰ্বৃত্তৰ ধাৰাসাৰ গুলীবৰ্ষণ।
ঘটনাত ২২জন লোকৰ মৃত্যু হয়।
গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয় ২০জনৰো অধিক লোক।
১৭/ “মুখ্যমন্ত্ৰীয়ে আজিলৈ মোৰ কোনো খবৰ লোৱা নাই, কোনো কথাও পতা নাই।
জোনমনিৰ মৃত্যুৰ প্ৰমাণ পত্ৰ আজিলৈ নাপালো।
সত্য বিচাৰ আজিলৈ নাপালো।
আশা নোহোৱা হ’ল, ৪/৫ মাহৰ পিছত ম’বাইল ওলাল।
চিবিআই তদন্ত আশা কৰি আছো।
কিন্তু কি হয় নাজানো।
মানুহে মোক সুধে মুখ্যমন্ত্ৰীয়ে কথা পাতিছে নেকি বুলি।
মাতৃ সৈতে আছোঁ বুলি কলে, কিন্তু আজিলৈ ফোন নকৰিলে”-
সংবাদমেলযোগে এই মন্তব্য জোনমনি ৰাভাৰ মাতৃৰ।
১৮/ ধেমাজিত ভয়ংকৰ ঘটনা।
জোনাইৰ চহবাৰীত বাঁহৰ দলং ভাঙি তলত পৰে ছাত্ৰ-ছাত্ৰী।
দুৰ্ঘটনাত ২০গৰাকী ছাত্ৰ-ছাত্ৰী আহত হয়।
৫গৰাকীৰ অৱস্থা সংকটজনক বুলি জানিব পৰা গৈছে।
১৯/ কৰ্ণাটকৰ চিক্কাবাল্লাপুৰত ভয়ংকৰ পথ দুৰ্ঘটনা।
দুৰ্ঘটনাত ১২জনকৈ লোক মৃত্যু হয় ।
গুৰুতৰভাৱে আহত হয় ৫জন লোক।
৪৪নং ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত হয় এই ঘটনা।
বাগেপল্লীৰ পৰা চিক্কাবাল্লাপুৰলৈ গৈ থকাৰ সময়তে দুৰ্ঘটনাত পতিত হয়।
২০/ মণিপুৰত পুনৰ উদ্ধাৰ বুজন পৰিমাণৰ মাৰণাস্ত্ৰ।
দুষ্কৃতিকাৰীয়ে লুটি নিয়া মাৰণাস্ত্ৰ উদ্ধাৰ কৰে নিৰাপত্তাৰক্ষীয়ে।
উদ্ধাৰ AK47 দুটা, M-16 ৰাইফল এটা, M-Q ৰাইফল এটা।
A-1 ৰাইফল এটা, G-3 ৰাইফল এটা, 9mm পিষ্টল তিনিটা।
INSAS ৰাইফল চাৰিটা, 7.62mm SLR সাতটা, 40mm Lethod Gun এটা,
৩০৩ ৰাইফল চাৰিটা, UBGL দুটা, হেণ্ড গ্ৰেণেড ৪৪ টা,
HELMET MINE BOMB ১১টা, টিউব লান্সাৰ ২০টা, গ্ৰেণেড লান্সাৰ টিউব ১৫ টা, MORTER SHELL চাৰিটা ।
লগতে উদ্ধাৰ সক্ৰিয় গুলী, মেগজিনসহ বহু বিস্ফোৰক সামগ্ৰী।
Sangita Dutta News Editor Rnewsindia24.com