“মনোৰঞ্জন”
Rnewsindia24.com Assam December 8/2023:-
ডবল এক্স এলঃ
সকলো আকৃতিতেই শৰীৰ সুন্দৰ।
আমাৰ সমাজত যিমানেই আধুনিকতা বৃদ্ধি পাবলৈ ধৰিছে, সিমানেই সলনি হৈছে সৌন্দৰ্যৰ পৰিভাষা।
বৰ্তমান সমাজত যদি আপোনাৰ ওচৰত এক ধুনী্যা শৰীৰ নাথাকে, তেনেহ’লে আপুনি ব্যক্তিগত জীৱনৰ লগতে সামাজিক জীৱনত আনকি চাকৰিৰ ক্ষেত্ৰটো নিজৰ স্থান হেৰুৱাবলৈ ধৰে।
এনে এক ঘ্টনাই হৈছে মীৰাটৰ ৰাজশ্ৰী ত্ৰিৱেদীৰ লগতো।
সকলোফালৰ পৰাই গুণসম্পন্না হোৱাৰ পাছতো তেওঁৰ শাৰীৰিক অৱয়ৱৰ কাৰণে তেওঁ কোনো ক্ষেত্ৰতে সফলতা লাভ কৰিব পৰা নাই।
সৰুৰে পৰাই ক্ৰিকেটৰ ধাৰাভাষ্যকাৰ হোৱাৰ সপোন দেখা ৰাজশ্ৰীয়ে তেওঁৰ সপোন পুৰ কৰিবলৈ দিব যোৱা সাক্ষাৎকাৰৰ পৰাও তেওঁক শাৰিৰীক অৱয়ৱৰ দোহাই দি বঞ্চিত কৰা হয়।
একেই ঘটনা দিল্লীৰ চাইৰা খান্নাৰ লগতো।
তেওঁ নিজৰ শাৰীৰিক অৱয়ৱৰ কাৰণে সকলো ক্ষেত্ৰতে বিফলতাৰে মুখ দেখিবলগীয়া হৈছে।
আনকি তেওঁৰ প্ৰেমিক বীৰেণেও তেওঁক অকল নিজৰ সফলতাৰ বাবে ব্যৱহাৰ কৰা দেখিবলৈ পোৱা যায়।
পেচাত এগৰাকী সফল ফেশ্বন ডিজাইনাৰ হোৱাৰ পাছতো তেওঁ নিজৰ শাৰীৰিক অৱয়ৱক লৈ হীনমন্যতাত ভোগা দেখিবলৈ পোৱা যায়।
এই দুই যুবতীয়ে কিদৰে একেলগ হৈ নিজৰ নিজৰ ক্ষেত্ৰ খনত আগবাঢ়ি যাবলৈ সক্ষম হ’ল তাৰ কাহিনীৰে নিৰ্মাণ হৈছে সতৰাম ৰামানীৰ চিনেমা “ ডবল এক্স এল”।
চিনেমা খনত অভিনয় কৰিছে সোণাক্ষী সিন্হা, হোমা কুৰেশী জিমি শেৰগীল প্ৰমুখ্যে বহুতো বিখ্যাত অভিনেতা- অভিনেত্ৰীয়ে।
চিনেমাখনৰ উচ্চ মানৰ সংগীত পৰিচালনাই চিনেমাখনৰ কাহিনীক এক নতুন দিশ দিবলৈ সক্ষম হৈছে।
ৰঙাটাপুঃ
এক শিহৰণকাৰী সত্য।
যোৱাকালি নতুন অসমীয়া চিনেমা “ৰঙাটাপু ১৯৮২” ৰ প্ৰিমিয়াৰ শ্ব’ অনুষ্ঠিত হৈ যায়।
উদীয়্মান পৰিচালক আদিত্যম শইকীয়াৰ পৰিচালনাৰে সমৃদ্ধ এই চিনেমা খনত প্ৰায় সকলো অভিনেতা- অভিনেত্ৰীয়ে প্ৰাণধালি অভিনয় কৰা দেখিব্লৈ পোৱা গৈছে।
জামুগুৰিহাটৰ এক চৰ অঞ্চল লালেটাপু।
সেই ঠাইতে ১৯৮২ চনত হোৱা গণহত্যাৰ এক শিহৰণকাৰী বৰ্ণনা এই ছবি খনত দেখিবলৈ পোৱা যায়।
মুলতঃ চাৰিটা মুখ্য নাৰী চৰিত্ৰক লৈ কাহিনী ভাগ আগবাঢ়ি গৈছে।
জামুগুৰিহাটৰ চহা জীৱনৰ এক ধুনীয়া আভাস চিনেমা খনত দেখিবলৈ পোৱা যায়।
ছবি খনত অভিনয় কৰিছে অসমী্যা ছবি জগতৰ বহুকেইজন ন- পুৰণি অভিনেতা- অভিনেত্ৰীয়ে।
সৰু পৰ্দাত অভিনয় কৰা বহুকেইজন অভিনেতা- অভিনেত্ৰীয়েও চিনেমা খনত স্থান লাভ কৰিবলৈ সক্ষম হৈছে।
প্ৰিমিয়াৰ শ্ব’ ত উপস্থিত থকা বহুকেইজন বিশিষ্ট সমালোচকৰ দ্বাৰ উচ্চ প্ৰশংসিত হৈছে ছবি খন।
অসমীয়া ছবিত পৰিৱৰ্তনৰ এই সুন্দৰ ক্ষণত সকলোকে ইয়াৰ ভাগীদাৰ হ’বলৈ অনুৰোধ জনালো।
সুকন্যা শইকীয়া : Rnewsindia24.com