৫ মিনিটত ২০টা গুৰুত্বপূৰ্ণ খবৰ।
Rnewsindia24.com Assam December 7/2023:-
1. আগন্তুক শিক্ষাবৰ্ষৰ পৰা পাঠ্যপুথিত সন্নিবিষ্ট হ’ব জনজাতীয় ভাষা’।
পাঠ্যপুথিত সন্নিবিষ্ট কৰিব মিচিং, দেউৰী, ডিমাছা, তিৱা ভাষা।
এই তথ্য সদৰী কৰে শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৱে।
2. উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ সময়সূচী ঘোষণা।
১২ ফেব্ৰুৱাৰীৰ পৰা আৰম্ভ হ’ব পৰীক্ষা।
3. গুৱাহাটীত ব্ৰহ্মপুত্ৰ ভেলী ফিল্ম ফেষ্টিভেল।
চলচ্চিত্ৰ মহোৎসৱৰ অষ্টম সংস্কৰণৰ ৰোমাঞ্চকৰ লাইনআপ উন্মোচন।
১৪ ডিচেম্বৰ- ১৭ ডিচেম্বৰলৈ অনুষ্ঠিত হ’ব ফিল্ম ফেষ্টিভেল।
4. হায়দৰাবাদৰ এল বি ষ্টেডিয়ামত তেলেংগানাৰ মুখ্যমন্ত্ৰী হিচাপে শপত ল’লে ৰেৱন্ত ৰেড্ডীয়ে ।
মুখ্যমন্ত্ৰীসহ ১১গৰাকী মন্ত্ৰীয়ে শপত গ্ৰহণ কৰে।
5. SIPRDৰ অধীনত পুনৰ নিযুক্তি।
কাইলৈ কলাক্ষেত্ৰত ৫৯৯টা পদত প্ৰদান কৰা হ’ব নিযুক্তি।
এই তথ্য সদৰি কৰে মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে।
6. শিৱসাগৰৰ ভাৰপ্ৰাপ্ত কোষাগাৰ প্ৰাধিকাৰী সঞ্জীৱ বৰাক নিলম্বন।
অসম চৰকাৰৰ বিত্তীয় বিভাগে নিলম্বন কৰে সঞ্জীৱ বৰাক।
7. হেলিকপ্তাৰেৰে চেন্নাইৰ বান পৰিদৰ্শন কৰে প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে।
8. জনতা ভৱনত ২০২৩ বৰ্ষৰ সাহিত্য বঁটা প্ৰদানৰ বিশেষ অনুষ্ঠান।
২৩গৰাকী সাহিত্যিকক এই বঁটা প্ৰদান কৰে মুখ্যমন্ত্ৰী ড’ হিমন্ত বিশ্ব শৰ্মাই।
উপস্থিত থাকে শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগু, মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা আৰু বহু গণ্যমান্য ব্যক্তি।
9. ‘এতিয়াৰে পৰা IASৰ দৰে হ’ব লাগিব প্ৰতিগৰাকী শিক্ষক’।
NEP অনুসৰি নাথাকিব কলা, বিজ্ঞান, বাণিজ্য, কাৰিকৰী শাখা।
‘ডিপাৰ্টমেণ্টেলিজম’ৰ পৰা ওলাই আহিব লাগিব শিক্ষক সমাজ।
শিক্ষক সমাজক উদ্দেশ্যি এই মন্তব্য কৰে শিক্ষামন্ত্ৰী ৰণোজ পেগুৱে।
10. মহিলা বায়ুসেনা বিষয়া মনীষা পাধিক দেশৰ প্ৰথমগৰাকী মহিলা ADC (Aide-De-Camp) হিচাপে নিযুক্তি।
মিজোৰামৰ ৰাজ্যপাল ড° হৰিবাবু কম্ভমপতিৰ ADC হিচাপে নিযুক্তি দিয়ে মনীষা পাধিক ।
11. বিশিষ্ট লেখিকা, সাংবাদিক ড০ গীতালি শইকীয়ালৈ ২০২২-২৩ বৰ্ষৰ ‘হোমেন বৰগোহাঞি সাহিত্য বঁটা’।
‘বগলী সূতাৰ চাদৰখন’ প্ৰৱন্ধ সংকলনৰ বাবে আগবঢ়োৱা হৈছে এই বঁটা।
12. ওড়িশাৰ কটকত চলন্ত ৰে’লত অগ্নিকাণ্ড।
ভুবনেশ্বৰ-হাওৰা জনশতাব্দী এক্সপ্ৰেছৰ এটা দবাত জুই লাগে।
অগ্নিকাণ্ডত হতাহত হোৱা নাই কোনো লোক ।
13. আমেৰিকাত পুনৰ নৰসংহাৰৰ ঘটনা।
লাছ ভেগাছৰ নেভাডা বিশ্ববিদ্যালয়ত দুৰ্বৃত্তৰ ধাৰাসাৰ গুলীবৰ্ষণ।
গুলীবৰ্ষণত ঘটনাস্থলীতে ৩জন লোকৰ মৃত্যু হয়।
আন এজন গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয়।
নিৰাপত্তাৰক্ষীৰ গুলীত নিহত হয় আক্ৰমণকাৰী।
14. পুৱা ৫.৪২ বজাত ৰাজ্যজুৰি অনুভূত কম্পন।
ভূমিকম্পৰ অভিকেন্দ্ৰ আছিল দৰং জিলা।
ৰিখটাৰ স্কেলত ভূমিকম্পৰ মাত্ৰা ৩.৫।
17. ওড়িশা আৰু ঝাৰখণ্ডত আয়কৰ বিভাগৰ অভিযান।
অভিযানত জব্দ কৰে নগদ ৫০ কোটি টকা।
বৌধ ডিষ্টিলৰিজ প্ৰাইভেট লিমিটেডত চলাইছিল অভিযান।
কোম্পানীটোৰ চৌহদৰ পৰা উদ্ধাৰ বুজন পৰিমাণৰ টকাখিনি।
ওড়িশাৰ বালাংগীৰ আৰু সম্বলপুৰত চলে অভিযান।
ঝাৰখণ্ডৰ লোহাৰডাগাতো চলিছিল আয়কৰ বিভাগৰ অভিযান।
18. কোকৰাঝাৰত অপৰাধীলৈ আৰক্ষীৰ গুলীচালনা।
শম্ভু কাহাৰ নামৰ এটা হত্যাকাৰীলৈ আৰক্ষীৰ গুলীচালনা।
পলায়নৰ চেষ্টা কৰোঁতে শম্ভু কাহাৰলৈ আৰক্ষীৰ গুলীচালনা।
কোকৰাঝাৰ তিনিআলি আমগুৰিত সংঘটিত হয় এই ঘটনা।
২৯ অক্টোবৰত সংঘটিত হত্যাকাণ্ডত জড়িত আছিল শম্ভু কাহাৰ।
19. গোৱালপাৰাৰ লক্ষীপুৰত আৰক্ষীৰ ড্ৰাগছ বিৰোধী অভিযান।
অভিযানত বুজন পৰিমাণৰ ড্ৰাগছসহ আটক কৰে এটা সৰবৰাহকাৰীক।
20. APSC কেলেংকাৰিত অভিযুক্ত ACS ৰাকেশ দাসক পুনৰ SITৰ জিম্মালৈ প্ৰেৰণ।
৪ দিনৰ বাবে SIT জিম্মালৈ প্ৰেৰণ কৰে আদালতে।
পূৰ্বে ৭ দিনৰ SITৰ জিম্মাত আছিল নিয়োগ বিষয়া ৰাকেশ দাস।
Sangita Dutta News Editor Rnewsindia24.com