Sarbananda Sonowal

৫ মিনিটত ২০টা গুৰুত্বপূৰ্ণ খবৰ।

Spread the love
Mising Autonomous Council
Mising Autonomous Council / মিচিং স্বায়ত্বশসিত পৰিষদ।

Rnewsindia24.com Assam December 17/2023:- 

১/ আজি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে উদ্বোধন কৰে বিশ্বৰ সৰ্ববৃহৎ হীৰা আৰু গহনা ব্যৱসায়ৰ কেন্দ্ৰ ছুৰাট ডায়মণ্ড ব’ৰ্ছ।
৩ হাজাৰ ৫০০ কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰা হয় সৰ্ববৃহৎ কেন্দ্ৰটো।
য’ত উপলব্ধ হ’ব ইণ্টাৰনেশ্যনেল বেংকিং ব্যৱস্থা।

২/ মহানগৰীৰ লংকেশ্বৰ ধামত উপস্থিত মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মা।
লংকেশ্বৰ ধামৰ নৱ-নিৰ্মিত শিৱ মন্দিৰ উদ্বোধন কৰে মুখ্যমন্ত্ৰী গৰাকীয়ে।

৩/ যোৰহাটত উপস্থিত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা।
যোৰহাট আৱৰ্ত ভৱনত জিলা প্ৰশাসনৰে বৈঠক মুখ্যমন্ত্ৰী গৰাকীৰ।

৪/ ২৯ ডিচেম্বৰৰ পৰা চানমাৰিত তৃতীয় অসম গ্ৰন্থমেলা।
অসম অভিযান্ত্ৰিক প্ৰতিষ্ঠানৰ খেলপথাৰত আজি স্থাপন কৰা‌ হয় গ্ৰন্থমেলাৰ লাইখুঁটা।
লাইখুঁটা স্থাপন কৰে অসম চৰকাৰৰ শিক্ষা‌ বিভাগৰ সচিব নাৰায়ণ কোঁৱৰে।

৫/ মহানগৰীৰ জু-নাৰেংগী পথ পূজা মণ্ডপত গ্ৰন্থ উন্মোচনী সভা।
উক্ত সভাত উপস্থিত থাকে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু বহু কেইগৰাকী গণ্য মান্য ব্যক্তি।
প্ৰয়াত সুৰেন্দ্ৰ নাৰায়ণ গোস্বামীৰ ‘মেঘদূত’, ডাঃ নাৰায়ণ গোস্বামীৰ ‘সুৰৰ পানচৈ’, হৃষিকেশ গোস্বামীৰ ‘মানুহৰ মৃত্যুত’ আৰু ‘নেতৃত্ব এক কলা’ নামৰ দুখনকৈ গ্ৰন্থ মুকলি কৰে কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে।

৬/ তেজপুৰত অসম নাট্য সন্মিলনৰ ৬২ সংখ্যক অধিৱেশন।
অধিৱেশনৰ লাইখুঁটা স্থাপন কৰে তেপুৰৰ বিধায়ক পৃথ্বীৰাজ ৰাভাই।

৭/ ডবকাত বিকশিত ভাৰত সংকল্প যাত্ৰা কাৰ্যসূচী ।
কাৰ্যসূচীত অংশগ্ৰহণ কৰে মন্ত্ৰী পৰিমল শুক্লবৈদ্যই।
উপস্থিত থাকে লামডিঙৰ বিধায়ক শিবু মিশ্ৰ, হোজাই জিলাৰ আয়ুক্ত লাচিত কুমাৰ দাস আৰু বহু কেইগৰাকী গণ্য মান্য ব্যক্তি।

৮/ নাহৰকটীয়াত অসম জাতীয় পৰিষদৰ প্ৰতিষ্ঠা দিৱস।
প্ৰতিষ্ঠা দিৱসৰ অনুষ্ঠানত অংশগ্ৰহণ কৰে সভাপতি লুৰীণজ্যোতি গগৈ আৰু বহু গণ্য মান্য ব্যক্তিয়ে।

৯/ জালুকবাৰী সমষ্টিৰ কৃতী ছাত্ৰ-ছাত্ৰীক সম্বৰ্ধনা জনাই
মুখ্যমন্ত্ৰী ড’ হিমন্ত বিশ্ব শৰ্মাই।
অনুষ্ঠানত ১,৯৮৬গৰাকী মেট্ৰিক পৰীক্ষাত উত্তীৰ্ণ শিক্ষাৰ্থীক সম্বৰ্ধনা জনাই মুখ্যমন্ত্ৰী গৰাকীয়ে।
উপস্থিত থাকে বহু গণ্য মান্য ব্যক্তি।

১০/ কোকৰাঝাৰত বিপিএফৰ যোগদান আৰু ৰাজহুৱা সভা।
সহস্ৰাধিক ইউপিপিএল আৰু বিজেপি কৰ্মীয়ে যোগদান কৰে বিপিএফত।

১১/ সৰভোগ-জনীয়া জলসিঞ্চন সংমণ্ডলৰ কাৰ্যবাহী অভিযন্তা সঞ্জীৱ দাসক গ্ৰেপ্তাৰ ।
ঘোচ লোৱাৰ বাবে গ্ৰেপ্তাৰ হয় কাৰ্যবাহী অভিযন্তা গৰাকী।

১২/ লিবিয়া উপকূলত ভয়ংকৰ নাও দুৰ্ঘটনা।
দুৰ্ঘটনাত শিশু, মহিলাসহ ৬০গৰাকী প্ৰব্ৰজনকাৰীৰ মৃত্যু হয়।
নাওখনত আছিল প্ৰায় ৮৬গৰাকী প্ৰব্ৰজনকাৰী।

১৩/ ধৰ্ষণৰ অভিযোগত কেৰালাত অসমৰ এজন লোকক গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে।
শনিবাৰে কেৰালা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে ধৃত ফিৰদৌছক।
এগৰাকী ৫২ বছৰীয়া মহিলাক ধৰ্ষণৰ অভিযোগত গ্ৰেপ্তাৰ হয় ব্যক্তিজন।

১৪/ মহাৰাষ্ট্ৰত সৌৰ কোম্পানীত বিস্ফোৰণ।
বিস্ফোৰণত ৯গৰাকীকৈ লোকৰ মৃত্যু হয়।
নাগপুৰৰ বাজাৰগাঁৱত সংঘটিত হয় এই ঘটনা।

১৫/ যোৰহাটৰ ৰে’লৱে জংচনৰ ভিতৰৰ ৰে’লৱে গুডছত পথ দুৰ্ঘটনা।
চিমেণ্ট কঢ়িওৱা তীব্ৰবেগী ট্ৰাকৰ খুন্দাত থিতাতে নিহত হয় এজন।
নিহত লোকজন পানীচকুৱাৰ নীল দাস।

১৬/ কাছাৰৰ কাটিগড়াত বাৰ্মিজ চুপাৰিৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান।
অভিযানত জব্দ কৰে ২৩০০ কেজি বাৰ্মিজ চুপাৰি।
লগতে জব্দ কৰা হয় এখন বলেৰ’ পিক আপ বাহন।

১৭/ দেশত পুনৰ আৰম্ভ হৈছে ক’ভিড-১৯ৰ সংক্ৰমণ।
কেৰালাত চিনাক্ত ক’ভিডৰ চাব-ভেৰিয়েণ্ট JN.1ত আক্ৰান্ত ৰোগী।
এগৰাকী মহিলাৰ দেহত ধৰা পৰিছে JN.1ৰ অৱস্থিতি।
ক’ভিডৰ চাব-ভেৰিয়েণ্টত আক্ৰান্ত দেশৰ প্ৰথমগৰাকী ৰোগী চিনাক্ত।

১৮/ জালুকবাৰী আৰক্ষীৰ জালত তিনিটা বাইক চোৰ৷
ভঙাগড়ৰ সুমন দাস, সোণাইঘুলিৰ বাবু নেওগক, নালাপাৰাৰ পদুম বাহাদুৰ চেত্ৰী নামৰ বাইক চোৰক আটক কৰে আৰক্ষীয়ে ৷
শৰাইঘাট দলঙত তালাচীৰ সময়তে আটক হয় চোৰকেইটাক৷

১৯/ মহানগৰীৰ লালগণেশত বিধ্বংসী অগ্নিকাণ্ড।
ফাৰ্ণিচাৰ আৰু বিদ্যুতৰ কেবলৰ গুদামত অগ্নিকাণ্ডৰ সূত্ৰপাত হয়।
জুইত ভস্মীভূত হয় কেইবা কোটি টকাৰ সম্পত্তি।

২০/ হাজোত উদ্ধাৰ দুষ্প্ৰাপ্য গংগা কাছ।
হাজো থানাৰ আৰক্ষী বিষয়া নৱজিৎ নাথে উদ্ধাৰ কৰে কাছটো।
বৈদিক প্ৰথাৰে পূজা-অৰ্চনা কৰি হয়গ্ৰীৱ মাধৱ মন্দিৰৰ পুখুৰীত এৰি দিয়া হয় কাছটো।

 

 

 

Sangita Dutta News Editor Rnewsindia24.com

Sangita Dutta News Editor Rnewsindia24.com

Leave a Reply

Your email address will not be published. Required fields are marked *