৫ মিনিটত ২০টা গুৰুত্বপূৰ্ণ খবৰ।
Rnewsindia24.com Assam December 18/2023:-
১/ উত্তৰ প্ৰদেশৰ বাৰাণসীৰ স্বৰবেদ মহামন্দিৰ মুকলি কৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে।
৩৫ কোটি টকা ব্যয়ৰে নিৰ্মাণ কৰা হৈছে মন্দিৰটো।
এই মন্দিৰটো হ’ব বিশ্বৰ সৰ্ববৃহৎ ধ্যানকেন্দ্ৰ।
২/ নতুন দিল্লীত উপস্থিত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা৷
বিশেষ বৈঠকত অংশগ্ৰহণ কৰে মুখ্যমন্ত্ৰী গৰাকীয়ে।
৩/ ১ জানুৱাৰীৰ পৰা তিনিদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হ’ব নাজিৰাটিং পৰ্যটন উৎসৱ।
পৰ্যটন উৎসৱ উপলক্ষ্যে শুভ উদ্বোধন কৰে ডিব্ৰু নৈৰ ওপৰৰ ওলমা দলং, এখনি শিশু উদ্যানকে ধৰি ১০টাকৈ নতুন প্ৰকল্পৰ।
উদ্বোধনী অনুষ্ঠানত উপস্থিত থাকে কেন্দ্ৰীয় মন্ত্ৰী ৰামেশ্বৰ তেলী আৰু কেইবাগৰাকী গণ্য মান্য ব্যক্তি।
৪/ কাইলৈ দিল্লীত I.N.D.I. এলায়েন্সৰ বৈঠক।
বৈঠকত অংশগ্ৰহণ কৰিব মমতা বেনাৰ্জীয়ে।
৫/ দুৰ্ঘটনাত পতিত হয় আমেৰিকাৰ ৰাষ্ট্ৰপতি জো বাইডেনৰ কনভয়ৰ বাহন।
পাৰ্কিঙত থকা অৱস্থাতে বাইডেনৰ SUV কাৰত খুন্দা মাৰে এখন বাহনে।
ঘটনাত আঘাতপ্ৰাপ্ত হোৱা নাই ৰাষ্ট্ৰপতি গৰাকী।
৬/ ডিব্ৰুগড়ত বিজেপিৰ ‘আমাৰ সংকল্প বিকশিত ভাৰত’ কাৰ্যসূচী।
অনুষ্ঠানত অংশগ্ৰহণ কৰে মন্ত্ৰী জয়ন্তমল্ল বৰুৱা আৰু মন্ত্ৰী পীযুষ হাজৰিকাই।
৭/ বিশ্বনাথত বিকশিত ‘ভাৰত সংকল্প যাত্ৰা’।
অংশগ্ৰহণ কৰে মন্ত্ৰী অশোক সিংহলে।
অনুষ্ঠানত কেইবাখনো আঁচনিৰ সুবিধা হিতাধীকাৰীসকলক আনুষ্ঠানিকভাৱে প্ৰদান কৰে মন্ত্ৰীগৰাকীয়ে।
অনুষ্ঠানত উপস্থিত থাকে বিধায়ক প্ৰমোদ বৰঠাকুৰ, বিহালী সমষ্টিৰ বিধায়ক ৰঞ্জিত দত্ত আৰু বহু গণ্যমান্য ব্যক্তি।
৮/ ডিমা হাছাও নিৰ্বাচন সন্দৰ্ভত মন্ত্ৰী অজন্তা নেওগৰে মুখ্যমন্ত্ৰীৰ বৈঠক।
দিল্লীৰ পৰা ভাৰ্চুৱেলী বৈঠকত অংশ লয় মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই।
৯/ অৰবিন্দ কেজৰিৱাললৈ পুনৰ EDৰ চমন৷
২১ ডিচেম্বৰত হাজিৰ হ’ব লাগিব EDৰ কাৰ্যালয়ত৷
২ নৱেম্বৰতো জেৰাৰ বাবে জাননী প্ৰেৰণ কৰিছিল ED-এ৷
চমন ওভতাই লোৱাৰ আহ্বান জনাইছিল কেজৰিৱালে৷
১০/ নতুন দিল্লীৰ যন্তৰ মন্তৰত মহিলা কংগ্ৰেছৰ প্ৰতিবাদী কাৰ্যসূচী।
মহিলা সুৰক্ষা, মূল্যবৃদ্ধিৰ লগতে বিভিন্ন দাবীৰে প্ৰতিবাদ সাব্যস্ত কৰে মহিলা কংগ্ৰেছে।
প্ৰতিবাদত অংশগ্ৰহণ কৰে অসম মহিলা কংগ্ৰেছৰ সভানেত্ৰী মীৰা বৰঠাকুৰে।
১১/ মেক্সিকোৰ গুয়ানাজুয়াটোত দুৰ্বৃত্তৰ গুলীবৰ্ষণ।
গুলীচালনাত নিহত হয় ১৬জন আৰু আহত হয় কেইবাজনো লোক।
১২/ তামিলনাডুত ধাৰাসাৰ বৰষুণ।
১৮ ডিচেম্বৰত ৪খনকৈ জিলাত বিদ্যালয়-মহাবিদ্যালয় বন্ধ ঘোষণা।
প্ৰতিকূল পৰিস্থিতিৰ বাবে জিলা আয়ুক্তই জাৰি কৰে এই নিৰ্দেশনা।
১৩/ কাৰ্বি আংলঙৰ হলৌখোৱাত ভয়ংকৰ পথ দুৰ্ঘটনা।
দুৰ্ঘটনাত এগৰাকী মহিলাসহ ৪জনৰ মৃত্যু হয়।
নিহত হয় নিয়াংমেই বি কন্যাক, এন লাংফং কন্যাক, ন্যামছান, নাপ্যা।
১৪/ জয়সাগৰৰ CRPFৰ কেম্পৰ সন্মুখত আলফাৰ বোমা বিস্ফোৰণৰ সন্দৰ্ভত ৪ জনক গ্ৰেপ্তাৰ কৰে শিৱসাগৰ আৰক্ষীয়ে।
ৰাহুল মোহন, দিব্যজ্যোতি চেতিয়া, মিণ্টু চেতিয়া, ৰিণ্টু নাথক গ্ৰেপ্তাৰ।
আলফা (স্বাঃ)ৰ যোগাযোগ ৰখাৰ অভিযোগত গ্ৰেপ্তাৰ কৰে চাৰিওকে।
১৫/ মহাৰাষ্ট্ৰৰ পুনেত ভয়ংকৰ পথ দুৰ্ঘটনা।
৩খন বাহনৰ সংঘৰ্ষত ৮জন লোকৰ মৃত্যু হয়।
পুণেৰ ডিংগোৰ অঞ্চলত সংঘটিত হয় এই দুৰ্ঘটনা।
মৃত ৮জনৰ ভিতৰত আছে দুটা শিশু, এগৰাকী মহিলা।
নিয়ন্ত্ৰণ হেৰুৱাই ট্ৰাক আৰু ৰিক্সাত খুন্দা মাৰে পিকআপ ভানে।
১৬/ দুলীয়াজানৰ টেঙাখাতৰ ৰংচঙীত পথ দুৰ্ঘটনা।
স্কুটাৰ আৰু মটৰচাইকেলৰ মুখামুখি সংঘৰ্ষ।
দুৰ্ঘটনাত থিতাতে মৃত্যু হয় এজন যুৱক।
মৃত যুৱকজন চাবুৱাৰ ৰবীন গগৈ।
মটৰচাইকেলখনৰ দুজন আৰোহী গুৰুতৰভাৱে আহত হয়।
১৭/ মাৰ্ঘেৰিটাৰ চেগুনবাৰীত ভয়ংকৰ অগ্নিকাণ্ড৷
জ্বলি ভস্মীভূত হয় ১৪টাকৈ ভাড়াঘৰ৷
চিলিণ্ডাৰ বিস্ফোৰণৰ ফলত জুইৰ সূত্ৰপাতৰ সন্দেহ কৰা হয়।
১৮/ হিমাচল প্ৰদেশত অসমৰ SSB জোৱানৰ মৃত্যু।
কৰ্মস্থলীতে গুলীবিদ্ধ হৈ মৃত্যু হয় জোৱানজনৰ।
মৃত জোৱানজন বজালীৰ বৰবাং কুমাৰপাৰাৰ ধনজিৎ দাস।
১৯/ গোলাঘাটৰ ৩৯ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথত ভয়ংকৰ দুৰ্ঘটনা।
থাৰ আৰ্ৰু জিপছীৰ মুখামুখী সংঘৰ্ষত ৪জন নিহত হয়।
গুৰুতৰভাৱে আহত হয় ৪জনকৈ লোক।
২০/ দেশত পুনৰ ক’ভিডৰ সংক্ৰমণ।
ক’ভিডৰ নতুন ভেৰিয়েণ্ট JN.1ত আক্ৰান্ত হয় কেৰালাৰ প্ৰথমগৰাকী ৰোগী চিনাক্ত।
এই তথ্যক লৈ উদ্বিগ্ন বিশ্ব স্বাস্থ্য সংস্থা।
ৰাজ্যসমূহক ক’ভিড সচেতনতা অৱলম্বন কৰিবলৈ আহ্বান জনায় কেন্দ্ৰই ।
Sangita Dutta News Editor Rnewsindia24.com