Himanta Biswa Sarma

৫ মিনিটত ২০টা গুৰুত্বপূৰ্ণ খবৰ।

Spread the love
Mising Autonomous Council
Mising Autonomous Council / মিচিং স্বায়ত্বশসিত পৰিষদ।

Rnewsindia24.com Assam Jan 1 / 2023:-

1. আজি গুৱাহাটীৰ দীঘলীপুখুৰীৰ পৰা নুনমাটি ৪ লেনযুক্ত উৰণসেতু শিলান্যাস কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।
৮৫২.৬৮ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব সেতুখন।

2. ডিব্ৰুগড়ৰ প্ৰত্যাৱৰ্তন আশ্ৰয়গৃহত আৱাসীৰে মত বিনিময় কৰে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে।
আৱাসীসকলৰ মাজত কম্বল আৰু খাদ্য সামগ্ৰী বিতৰণ কৰে কেন্দ্ৰীয় মন্ত্ৰী গৰাকীয়ে।

3. আজিৰে পৰা মহানগৰীত ২০০খন E-BUSৰ চলাচল আৰম্ভ।
ৰূপনগৰত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মুকলি কৰে নতুন E-BUS।
ASTCৰ অধীনত চলাচল নতুনকৈ সংযোজিত এই বাছসমূহ।

4. মানাহ ৰাষ্ট্ৰীয় উদ্যানত উপস্থিত ৰাজ্যপাল গুলাব চান্দ কাটাৰিয়া।
দুদিনীয়া ভ্ৰমণসূচীৰে ৰাষ্ট্ৰীয় উদ্যানখনত উপস্থিত হয় ৰাজ্যপালগৰাকী।
মানাহৰ পৰাই অসমবাসীলৈ ইংৰাজী নৱবৰ্ষৰ শুভেচ্ছা জ্ঞাপন কৰে ৰাজ্যপাল গৰাকীয়ে।

5. নতুন বছৰত ২ লাখ ৩০ হাজাৰ লোকক দিব ভূমিপট্টা।
ফেব্ৰুৱাৰী মাহত আনুষ্ঠানিকভাৱে মুখ্যমন্ত্ৰীয়ে প্ৰদান কৰিব ভূমিপট্টা।
খাজনা দিয়াৰ অন্তিম দিন ৩১ ডিচেম্বৰৰ পৰা ৩১ জানুৱাৰীলৈ বৃদ্ধি।
ৰাজহ বিভাগৰ এই ঘোষণা কৰে মন্ত্ৰী যোগেন মহনে।

6. জাপানত প্ৰবল ভূমিকম্প।
৭.৫ প্ৰাবল্যৰ ভূমিকম্পই জোকাৰি যোৱাৰ পাছতেই চুনামিৰ আশংকা।
জাৰি কৰা হয় সতৰ্কবাণী।

7. হ্ৰাস পালে বাণিজ্যিক চিলিণ্ডাৰৰ দাম।
দিল্লীত ১৯ কিলোগ্ৰাম বাণিজ্যিক এলপিজি চিলিণ্ডাৰৰ মূল্য বৰ্তমান ১,৭৫৫.৫০ টকা।
মুম্বাইত ১৭০৮.৫০ টকা আৰু চেন্নাইত ১৯২৪.৫০ টকা।

8. গুৱাহাটীৰ ভিন্নপ্ৰান্তত নিয়ম ভংগকাৰী চালকৰ বিৰুদ্ধে অভিযান।
পথত পৰিবহণ মন্ত্ৰী পৰিমল শুক্লবৈদ্যৰ নেতৃত্বত চলে অভিযান।
পথচাৰীক নীতি-নিয়ম মানি চলিবলৈ আহ্বান জনাই মন্ত্ৰীগৰাকীয়ে।

9. দেশত অব্যাহত ক’ভিড-১৯ৰ নতুন ভেৰিয়েণ্ট JN1ৰ আতংক।
মুঠ ৪৩৯৪লৈ বৃদ্ধি হয় ক’ভিড আক্ৰান্তৰ সংখ্যা।
বিগত ২৪ ঘণ্টাত নতুনকৈ আক্ৰান্ত হৈছে ৬৩৬গৰাকী।

10. আন্তঃৰাষ্ট্ৰীয় ছবি মহোৎসৱলৈ নিৰ্বাচিত হয় The Missing Boy।
ছবিখনৰ পৰিচালনা কৰে মলয় কুমাৰ ৰয় এ।

11. গুজৰাটৰ ১০৮টা স্থানত একেলগে শ শ লোকে সূৰ্য্য নমস্কাৰেৰে গিনিজ ৱৰ্ল্ড ৰেকৰ্ড গঢ়ি নৱবৰ্ষক আদৰণি জনায়।
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে টুইইযোগে জনালে এই কথা।

12. এদিনীয়া ক্ৰিকেটৰ লগতে টেষ্টৰ পৰাও অৱসৰ ল’ব ডেভিদ ৱাৰ্নাৰে।
৩ জানুৱাৰীত পাকিস্তানৰ বিৰুদ্ধে অন্তিমখন টেষ্টত অংশ ল’ব ৱাৰ্নাৰে।
অৱসৰৰ কথা ঘোষণা কৰে অষ্ট্ৰেলিয়ান খেলুৱৈ গৰাকীয়ে।

13. ৩১ ডিচেম্বৰত গুৱাহাটীত বিক্ৰী হ’ল ৮.৫ কোটি টকাৰ সুৰা।

14. ২০২৩ বৰ্ষৰ ডিচেম্বৰ মাহত ৩১ শতাংশ দুৰ্ঘটনা সংঘটিত হৈছে – মন্তব্য মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ।

15. শৰাইঘাট দলঙত CCTV কেমেৰা লগোৱাৰ নিৰ্দেশ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ।

16. দলগাঁৱত জীৱশ্ৰেষ্ঠ মানৱৰ নিকৃষ্ট কাণ্ড।
পানীৰ ডোঙত কাৰ্টনৰ ভিতৰত উদ্ধাৰ কৰে এটি মৃত নৱজাতক।
কোনোবাই কাৰ্টনত ভৰাই পেলাই থৈ যায় মৃত নৱজাতকটো।
মৃত নৱজাতকৰ পিতৃ-মাতৃৰ পৰিচয় উদ্ধাৰ হোৱা নাই।

16. ৪ জানুৱাৰীৰ পৰা পণ্ডিচেৰীত হ’বলগা BCCI Senior Women’s One Day Tournamentৰ অসমৰ মহিলা ক্ৰিকেট দলত স্থান লাভ কৰে ধেমাজিৰ জীয়ৰী মৌচুমী নৰহে।

17. গোলাঘাটৰ মুৰফুলনীত অগ্নিকাণ্ড।
এখন হাৰ্ডৱেৰ দোকানত লাগে জুই।
জুইত জাহ যায় প্ৰায় ১০ লাখ টকাৰ সামগ্ৰী।

18. ঝাৰখণ্ডৰ জামছেদপুৰত ভয়ংকৰ পথ দুৰ্ঘটনা।
নিয়ন্ত্ৰণ হেৰুৱাই বাগৰি পৰে বনভোজ দলৰ বাহন।
দুৰ্ঘটনাত প্ৰাণ গ’ল ৬জনৰ, দুজনৰ অৱস্থা সংকটজনক আছে।
বনভোজলৈ গৈছিল ৮জনীয়া যুৱকৰ এটা দল।

19. হৃদৰোগত আক্ৰান্ত জনপ্ৰিয় অভিনেতা দ্বীপজ্যোতি কেওঁট(মোহন)।
মহানগৰীৰ হেল্থ চিটি হাস্পতালত চিকিৎসাধীন হৈ আছে অভিনেতা গৰাকী।

20. ধুবুৰী জিলাতো পৰিবহণ বিভাগৰ কটকটীয়া নিৰাপত্তা ব্যৱস্থা।
গৌৰীপুৰত মদ্যপান কৰি গাড়ী চালোৱা চালকৰ বিৰুদ্ধে কঠোৰ হৈছে ধুবুৰী জিলা প্ৰশাসন।

 

 

Sangita Dutta News Editor Rnewsindia24.com

Sangita Dutta News Editor Rnewsindia24.com

Leave a Reply

Your email address will not be published. Required fields are marked *