Droupadi Murmu

৫ মিনিটত ২০টা গুৰুত্বপূৰ্ণ খবৰ।

Spread the love
Mising Autonomous Council
Mising Autonomous Council / মিচিং স্বায়ত্বশসিত পৰিষদ।

Rnewsindia24.com Assam Jan 9/2024:- 

1. অযোধ্যাৰ ৰাম মন্দিৰত প্ৰথমখন সোণৰ দুৱাৰ স্থাপন।
৩ দিনৰ ভিতৰত স্থাপন কৰা হ’ব আৰু ১৩খনকৈ সোণৰ দুৱাৰ।

2. ৰাষ্ট্ৰপতি ভৱনত অৰ্জুন বঁটা প্ৰদান অনুষ্ঠান।
উক্ত অনুষ্ঠানত ৰাষ্ট্ৰপতি দ্ৰৌপদী মূৰ্মুৰ পৰা অৰ্জুন বঁটা গ্ৰহণ কৰে ক্ৰিকেটাৰ মহম্মদ চামী এ।

3. আজি প্ৰৱাসী ভাৰতীয় দিৱস।
১৯১৫ চনৰ ৯ জানুৱাৰীত মহান প্ৰৱাসী ভাৰতীয় মহাত্মা গান্ধী ভাৰতলৈ উভতি আহিছিল।
সেই উপলক্ষে আজিৰ দিনটো প্ৰৱাসী ভাৰতীয় দিৱস হিচাপে উদযাপন কৰা হয়।

4. অসম বিধানসভাৰ বাজেট অধিৱেশনৰ দিন নিৰ্ধাৰণ কৰা হয়।
৫ ফেব্রুৱাৰীৰ পৰা ২৮ ফেব্রুৱাৰীলৈ চলিব অধিৱেশন।

5. নগৰবেৰা চমৰিয়া উন্নয়ন খণ্ডত CMVৰ অভিযান।
CMVৰ জালত পৰে খণ্ড উন্নয়ন বিষয়াসহ এজন কৰ্মচাৰী।
ঘোচ লৈ হাতে-লোটে আটক হয় বিষয়াসহ কৰ্মচাৰীজন।
খণ্ড উন্নয়ন বিষয়া দ্বীপ্তকান্ত চমোৱা আৰু কম্পিউটাৰ অপাৰেটৰ ভাস্কৰ জ্যোতি দত্ত।

6. শীঘ্ৰে বিজেপিত যোগদান কৰিব দুজনকৈ কংগ্ৰেছ নেতাই।
বিজেপিলৈ আহিব কংগ্ৰেছ নেতা শংকৰ প্ৰসাদ ৰায় আৰু
কংগ্ৰেছ নেতা কুলদীপ বৰুৱা।

আনহাতে, কংগ্ৰেছ ত্যাগ কৰিব অপূৰ্ব কুমাৰ ভট্টাচাৰ্যই।
কংগ্ৰেছ এৰি পুনৰ অগপত যোগদান কৰিব অপূৰ্ব কুমাৰ ভট্টাচাৰ্যই।

7. বজালীৰ খাৰাধাৰাত উপস্থিত হয় জলসিঞ্চন মন্ত্ৰী অশোক সিংহল।
৩০ কোটিটকীয়া আঁচনিৰ আধাৰশিলা স্থাপন কৰে মন্ত্ৰীগৰাকীয়ে।

8. ACAৰ উপ-সভাপতি ৰাজদ্বীপ ওজাক ভাৰত-আফগানিস্তানৰ প্ৰথম T20 মেচৰ পৰ্যৱেক্ষক নিযুক্তি প্ৰদান।
১১ জানুৱাৰীত ম’হালীত অনুষ্ঠিত হ’ব মেচ।

9. ৩১ জানুৱাৰী পৰ্যন্ত কৰিব নোৱাৰিব সমূহীয়া মৎস্য চিকাৰ।
৫ জনতকৈ অধিক লোক সমবেত হৈ মাছ মাৰিব নোৱাৰিব দীপৰ বিলত।
পশ্চিম গুৱাহাটী আৰক্ষী আয়ুক্তৰ কাৰ্যালয়ৰ পৰা জাৰি কৰা হয় এই নিৰ্দেশনা।

10. সংগীত শিল্পী ৰছিদ খানৰ দেহাৱসান।
৫৫ বছৰ বয়সত শেষ নিশ্বাস ত্যাগ কৰে।
কৰ্কট ৰোগত আক্ৰান্ত হৈ কলকাতাৰ এখন চিকিৎসালয়ত চিকিৎসাধীন হৈ আছিল শিল্পীগৰাকী।

11. কাছাৰত BSFৰ ড্রাগছ বিৰোধী অভিযান।
অভিযানত নিচাজাতীয় টেবলেটসহ আটক কৰে সৰবৰাহকাৰী।

12. “বোকাখাতত ২৩ কোটি টকাৰ ব্যয়েৰে NHMৰ জৰিয়তে নিৰ্মাণ হ’ব’ ক্ৰিটিকেল কেয়াৰ ‘হাস্পতাল”- ঘোষণা মন্ত্ৰী অতুল বৰাৰ।

13. ডুমডুমাত বুজন পৰিমাণৰ চুলাই মদ, বিলাতী সুৰা জব্দ।
ৰূপাই দুটাকৈ স্থানত আৰক্ষীয়ে অভিযান চলাই জব্দ কৰে সুৰা খিনি।
লগতে ধ্বংস কৰে কেইবাখনো সুৰাৰ বিপনী।

14. গুৱাহাটী গণেশমন্দিৰ ইনড’ৰ ষ্টেডিয়ামত দ্বিতীয় সংখ্যক “অসম সমবায় মেলা ২০২৪”।
অসম চৰকাৰৰ উদ্যোগত তিনিদিনীয়াকৈ আয়োজন কৰা মেলা উদ্বোধন কৰে মন্ত্ৰী নন্দিতা গালোচাই।

15. কৰিমগঞ্জৰ ঝৰায়ালা গাঁৱত যুৱকৰ মৃতদেহ উদ্ধাৰ কৰা হয়।
মৃত যুৱকজনৰ নাম শেৰপুৰ গাঁৱৰ তজমুল হুছেইন।
কোনো দুষ্কৃতিকাৰীয়ে হত্যা কৰি পেলাই থৈ যোৱা বুলি সন্দেহ কৰা হৈছে।

16. ওদালগুৰিৰ মাজবাটৰ ওৰাং-ৰূপা পথত ভয়ংকৰ দুৰ্ঘটনা ।
নিয়ন্ত্ৰণ হেৰুৱাই চাহ বাগিচাৰ ফেনচিঙত খুন্দা বাইকে।
দুৰ্ঘটনাত থিতাতে নিহত হয় দুই বাইক আৰোহী।
নিহত যুৱকদ্বয় মাজবাট বাহিপুখুৰী চাহ বাগিচাৰ গনেশ পাইক, ৰে’লৱে কলনিৰ চাহিল নাগ।

17. গুৱাহাটী ৰে’ল ষ্টেচনত ৪ ডাল কেঁকো সাপ জব্দ কৰা হয়।
তেজস্ব এক্সপ্ৰেছযোগে সৰবৰাহ কৰিছিল কেঁকো সাপকেইডাল।
আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে দুই সৰবৰাহকাৰীক ।
ৰে’ল আৰক্ষীৰ অভিযানত জব্দ হয় কেঁকো সাপকেইডাল।
একেখন ৰে’লতে ৫৩ কেজি গাঞ্জাও জব্দ কৰা হয়।
গাঞ্জাসহ ৪ সৰবৰাহকাৰীক গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে।

18. নিজৰ ৪ বছৰীয়া পুত্ৰ সন্তানক হত্যা মাতৃৰ।
গোৱাৰ হোটেলত হত্যা কৰি বেংগালুৰুলৈ পলায়নৰ চেষ্টা কৰে মাতৃয়ে।
হত্যাৰ অভিযোগত বেংগালুৰুৰ AI ষ্টাৰ্ট-আপৰ CEO সুচানা শেঠক গ্ৰেপ্তাৰ কৰে কৰ্ণাটক আৰক্ষীয়ে।

19. মৰিগাঁৱত মৌ মাখিৰ সন্ত্ৰাস।
মৌৰ আক্ৰমণত নিহত হয় মধু ওৰফে দীপক নন্দি নামৰ এজন লোক।
মৌৰ আক্ৰমণত বর্তমানলৈ আহত হয় অৰ্ধশতাধিক লোক।

20. বিলাসীপাৰাত চাঞ্চল্যকৰ ঘটনা।
ৰাণীগঞ্জ বজাৰত মাৰণাস্ত্ৰসহ এজনক আটক কৰে আৰক্ষীয়ে।
ধৃত অস্ত্ৰধাৰী যুৱকজন আজৰা শালমাৰাৰ আতিকুৰ আলী।
আতিকুৰ আলীৰ পৰা উদ্ধাৰ কৰে এটা পিষ্টলসহ দুটা মেগজিন।

 

 

Sangita Dutta News Editor Rnewsindia24.com

Sangita Dutta Editor in Chief Rnewsindia24.com

Leave a Reply

Your email address will not be published. Required fields are marked *