৫ মিনিটত ২০টা গুৰুত্বপূৰ্ণ খবৰ।
Rnewsindia24.com Assam 26 February 2024:-
1. ধেমাজি জিলাৰ চিলাপথাৰস্থিত দঞি-পঃল কমপ্লেক্সত মিছন বসুন্ধৰা ২.০ৰ অধীনত ভূমি পট্টা বিতৰণ অনুষ্ঠান।
চিচিবৰগাঁও বিধানসভা সমষ্টিৰ ১২,১৪৩ পৰিয়ালক ভূমি পট্টা প্ৰদান কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।
জিলাখনৰ প্ৰায় ৯৬.৫৮ কোটি টকা ব্যয় সাপেক্ষ কেইবাটাও অভিলাষী প্ৰকল্পৰ শুভ উদ্বোধন আৰু শিলান্যাস কৰে মুখ্যমন্ত্ৰী গৰাকীয়ে।
অনুষ্ঠানত উপস্থিত থাকে সাংসদ প্ৰদান বৰুৱা, বিধায়ক ভূৱন পেগু, মিচিং স্বায়ত্ব শাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য পৰমানন্দ চায়েঙীয়া, ধেমাজিৰ জিলা আয়ুক্ত অংকুৰ ভৰালী, প্ৰশাসনৰ বিষয়ববীয়াসকল আৰু বহু গণ্য মান্য ব্যক্তি।
2. অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰালৈ CIDৰ চমন।
২ মাৰ্চত CIDৰ কাৰ্যালয়ত হাজিৰ হোৱাৰ নিৰ্দেশ ভূপেন বৰাক।
ন্যায় যাত্ৰাত খানাপাৰাত সৃষ্টি হোৱা পৰিস্থিতিক লৈ জাৰি কৰে এই চমন।
ৰাজহুৱা সম্পত্তি ধ্বংস, আইন উলংঘাকে ধৰি কেইবাটাও অভিযোগত ৰুজু হৈছিল গোচৰ।
3. অৰুণাচলত বিজেপিৰ যোগদান কাৰ্যসূচী।
কংগ্ৰেছী বিধায়ক নিনং এৰিং, ৱানলিং লাৱাংদং আৰু বহু ব্যক্তিয়ে বিজেপিত যোগদান কৰে।
উক্ত কাৰ্যসূচীত উপস্থিত থাকে মন্ত্ৰী অশোক সিংহল আৰু বহু কেইগৰাকী গণ্য মান্য ব্যক্তি।
4. গুৱাহাটীৰ গণেশগুৰিৰ চাহ নিলাম কেন্দ্ৰত আম আদমী পাৰ্টি আৰু কংগ্ৰেছৰ বৈঠক।
বৈঠকত উপস্থিত থাকে APCCৰ সভাপতি ভূপেন বৰা, কাৰ্যকৰী সভাপতি জাকিৰ হুছেইন শিকদাৰ, AAPৰ ৰাষ্ট্ৰীয় নেতা ৰাজেশ শৰ্মা, AAP অসমৰ সভাপতি ভবেন চৌধুৰী আৰু বহু কেইগৰাকী বিশিষ্ট ব্যক্তি।
5. “বিশ্ববিদ্যালয়লৈ উন্নীত হ’ব কোকৰাঝাৰ চৰকাৰী মহাবিদ্যালয়”।
‘স্বায়ত্বশাসিত পৰিষদৰ অধীনস্থ এলেকাৰ পৰা প্ৰত্যাহাৰ হ’ব গাওঁ পৰ্যায়ৰ পৰিষদ’।
সদনত এই তথ্য দাখিল মন্ত্ৰী ডাঃ ৰণোজ পেগুৰ।
6. ডিব্ৰুগড়ৰ SPৰ দায়িত্ব অৰ্পণ কৰা হয় ৰাকেশ ৰেড্ডীক৷
7. আজিৰে পৰা নতুন দিল্লীৰ প্ৰগতি ময়দানত অনুষ্ঠিত হৈছে BHARAT TEX 2024।
এই আন্তঃৰাষ্ট্ৰীয় এক্সপ’ত অংশগ্ৰহণ কৰে প্ৰাইড ইষ্টৰ CMD ৰিণিকি ভূঞা শৰ্মাই।
GOLDEN THREADS OF ASSAMৰ উদ্যোগত প্ৰদৰ্শন কৰা হৈছে মুগা, এড়ি আৰু পাটৰ কাপোৰৰ লগতে বিভিন্ন সামগ্ৰী।
8. ২৯ ফেব্ৰুৱাৰীত মুখ্যমন্ত্ৰীয়ে মুকলি কৰিব বৰপেটা ৰোডৰ উৰণসেতু।
উৰণসেতুখনৰ নিৰ্মাণ কাৰ্য পৰিদৰ্শন কৰি এই ঘোষণা কৰে মন্ত্ৰী ৰঞ্জিত দাসে।
9. শদিয়াৰ মোগলপুৰৰ ITIৰ সন্মুখত পথ দুৰ্ঘটনা।
ডাম্পাৰ-বলেৰ’ বাহনৰ মাজত মুখামুখি সংঘৰ্ষৰ ফলত থিতাতে নিহত হয় ১৪ বছৰীয়া এটি কিশোৰ।
নিহত কিশোৰটিৰ নাম অংশুমান চিৰিং।
10. চচলত টাই আহোম ছাত্ৰ সন্থাৰ প্ৰতিবাদ৷
জনজাতিকৰণৰ আৰু স্বায়ত্তশাসন প্ৰৱৰ্তনৰ দাবীৰে সংগঠনটোৱে সাব্যস্ত কৰে প্ৰতিবাদ।
আনহাতে, অংগনৱাড়ী কৰ্মী-সহায়িকাৰো উত্তাল প্ৰতিবাদ।
মাননি বৃদ্ধিৰ দাবী, চৰকাৰী শোষণৰ বিৰুদ্ধে সহস্ৰাধিক কৰ্মী-সহায়িকাই সাব্যস্ত কৰে প্ৰতিবাদ৷
11. তামুলপুৰত বন বিভাগৰ অভিযান।
অভিযানত হাতীৰ দাঁতসহ আটক কৰে এটা সৰবৰাহকাৰী৷
আটকাধীন সৰবৰাহকাৰীটোৰ নাম সোণেশ্বৰ সূত্ৰধৰ৷
12. মহানগৰীত ভয়ংকৰ ঘটনা৷
অচিনাক্ত বাহনৰ খুন্দাত মৃত্যু হয় এগৰাকী মহিলাৰ৷
জালুকবাৰীৰ পৰা লখৰামুখী পথত সংঘটিত হয় এই দুৰ্ঘটনা৷
13. ৰঙিয়াৰ ঢেপাৰগাঁৱত অগ্নিকাণ্ড।
জ্বলি ভস্মীভূত হয় প্ৰায় ৫ লক্ষাধিক টকাৰ সা-সম্পত্তি।
জুইত জাহ যায় এখন ব্যক্তিগত বিদ্যালয়ৰ লগতে বহুকেইখন ব্যৱসায়িক প্ৰতিষ্ঠান।
14. মুম্বাই এয়াৰপ’ৰ্টত শুল্ক বিভাগৰ অভিযান।
জব্দ কৰে ৪ কোটিৰো অধিক টকাৰ ৭.৫৭ কেজি সোণ ।
ঘটনা সন্দৰ্ভত এজনক গ্ৰেপ্তাৰ কৰে ৷
কাপোৰৰ মাজত লুকুৱাই আনিছিল সোণখিনি৷
15. যোৰহাটৰ নাওবৈচাত অগ্নিকাণ্ড।
জুইত সম্পূৰ্ণৰূপে জাহ যায় এটা বাসগৃহৰ লগতে কেইবা লক্ষাধিক টকাৰ সা-সামগ্ৰী।
16. মণিপুৰত জব্দ ড্ৰাগছ৷
আৰক্ষীয়ে ১৫ কোটিৰো অধিক টকাৰ ড্ৰাগছ জব্দ কৰে।
লগতে আটক ড্ৰাগছ ব্যৱসায়ী স্বামী-স্ত্ৰী৷
17. টিংখাঙত নিৰুদ্দেশ এজন যুৱক৷
১১ দিনে সন্ধান নাই কল্যাণ গগৈ নামৰ যুৱকজনৰ৷
যুৱকজনৰ সন্ধান পালে 96789-97608 নম্বৰত যোগাযোগৰ আহ্বান জনায় পৰিয়ালৰ লোকে।
18. প্ৰখ্যাত গজল গায়ক পংকজ উধাছৰ দেহাৱসান।
৭২ বছৰ বয়সত শেষ নিশ্বাস ত্যাগ কৰে পংকজ উধাছে।
দীৰ্ঘদিন ধৰি বেমাৰত ভুগি আছিল।
19. ন-শদিয়াৰ হলৌ গাঁৱত বিদ্যুৎস্পৃষ্ট হৈ ছাত্ৰৰ মৃত্যু।
২৫ ফেব্ৰুৱাৰীৰ পৰা সন্ধানহীন হৈ আছিল ছাত্ৰ জন।
এটা নলাৰ পৰা উদ্ধাৰ হৈছে কিশোৰ টি।
নাম যুগ গোৱালা।
20. মঙলদৈৰ ভেবাৰঘাটত পথ দুৰ্ঘটনা।
মটৰ চাইকেল আৰু ই-ৰিক্সাৰ মাজত সংঘৰ্ষত থিতাতে নিহত এজন যুৱক।
মৃত যুৱকজন ৰাজদ্বীপ দাস।