বিশিষ্ট লেখক, দাৰ্শনিক, সংগীতজ্ঞ, ন’বেল বঁটা বিজয়ীমৃণালিনী দেৱীৰ জীৱনযাত্ৰাঃ
মৃণালিনী দেৱীৰ জন্ম হৈছিল ব্ৰিটিছ ভাৰতৰ বেংগল প্ৰেচিডেন্সিৰ জেছৰ জিলাৰ ফুলতলা গাঁৱত (বৰ্তমান বাংলাদেশত)।
তেওঁ স্থানীয় গাঁৱৰ বিদ্যালয়ত দ্বিতীয় শ্ৰেণীলৈকে পঢ়িছিল।
তেওঁৰ দেউতাকে টেগোৰ ইষ্টেটত কাম কৰিছিল।
তেখেত এগৰাকী অনুবাদক আৰু ন’বেল বঁটা বিজয়ী কবি, দাৰ্শনিক, লেখক আৰু সংগীতজ্ঞ ৰবীন্দ্ৰনাথ ঠাকুৰৰ পত্নী আছিল।
১৮৮৩ চনত, ন/এঘাৰ বছৰ বয়সত ৰবীন্দ্ৰনাথ ঠাকুৰৰ লগত বিবাহ পাশত আবদ্ধ হয়।
বিয়াখন ব্ৰহ্ম সমাজৰ ৰীতি-নীতি অনুসৰি হৈছিল।
তেওঁৰ বিয়াৰ পিছত, ৰবীন্দ্ৰনাথে তেওঁক “মৃণালিনী” নাম দিছিল।
বিয়াৰ পূৰ্বে মৃণালিনী দেৱীক ভবাতাৰিণী নামেৰে জনা গৈছিল।
মৃণালিনি দেৱীয়ে মহাভাৰতৰ শান্তি পৰ্ব আৰু কথা উপনিষদ অনুবাদ কৰিছিল।
কথা উপনিষদ বৰ্তমান বিশ্ব-ভাৰতী বিশ্ববিদ্যালয়ত ৰখা হৈছে।
ইয়াৰ উপৰিও, তেওঁ ঠাকুৰ বাৰীত অনুষ্ঠিত হোৱা নাটকসমূহতো অংশগ্ৰহণ কৰিছিল।
ৰাজা অ ৰাণীৰ প্ৰথম নাটকীয়তাত, তেওঁ নাৰায়ণীৰ চৰিত্ৰত অভিনয় কৰিছিল।
১৯০২ চনত ৰবীন্দ্ৰনাথে শান্তিনিকেতনৰ এখন বিদ্যালয় ব্ৰহ্মচৰ্য আশ্ৰম স্থাপন কৰে।
মৃণালিনি দেৱীয়ে এই বিদ্যালয়খনক পুঁজি যোগান ধৰিবলৈ তেওঁৰ বিবাহৰ বেছিভাগ গহনা বিক্ৰী কৰিছিল।
১৯০২ চনৰ ২৩ নৱেম্বৰৰ মৃণালিনি দেৱীৰ মৃত্যু হয়।
এনে মহান ব্যক্তিসকলৰ জীৱনযাত্ৰাৰ বিষয়ে জানি থাকিবৰ বাবে Visit কৰিব Rnewsindia24.com
Sangita Dutta Editor in Chief Rnewsindia24.com