১ মিনিটত ২০টা গুৰুত্বপূৰ্ণ খবৰ।
Rnewsindia24.com Assam 8 March 2024:-
1. দুদিনীয়া ভ্ৰমণসূচীৰে অসমত উপস্থিত হয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী।
প্ৰধানমন্ত্ৰীক উষ্ম আদৰণি জনাই মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা, কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল, মন্ত্ৰী অতুল বৰা আৰু চন্দ্ৰ মোহন পাটোৱাৰী এ।
2. কাইলৈ টীয়কত লাচিত বৰফুকনৰ প্ৰতিমূৰ্তি উন্মোচন কৰিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে।
যোৰহাটৰ মেলেং মেটেলী খেলপথাৰত জনসভা সম্বোধন কৰিব মোদীয়ে।
জনসভাৰ প্ৰস্তুতিৰ বুজ লয় মন্ত্ৰী পীযূষ হাজৰিকাই।
3. হ্ৰাস পালে ঘৰুৱা ৰন্ধন গেছৰ চিলিণ্ডাৰৰ দাম।
প্ৰতিটো চিলিণ্ডাৰত ১০০টকাকৈ ৰেহাই।
টুইটাৰযোগে ঘোষণা কৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে।
4. মেৰাপানীত উৎকোচ লৈ গ্ৰেপ্তাৰ হয় বন বিষয়া৷
জামুগুৰি আঞ্চলিক বন বিষয়া গোবিন্দ্ৰ টাইদ।
শিল কঢ়িওৱা ডাম্পাৰৰ পৰা ভাবুকিৰে ধন লোৱাত গ্ৰেপ্তাৰ হয় বন বিষয়া গৰাকী।
5. ১০০ খন বিচনাযুক্ত ESIC চিকিৎসালয়ৰ আধাৰশিলা স্থাপন।
আধাৰশিলা স্থাপন কৰে কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী ৰামেশ্বৰ তেলীয়ে।
6. বাইহাটাৰ বেজেৰাৰ শালমাৰাত ৰাজ্যৰ শিক্ষা বিভাগৰ উদ্যোগত প্ৰাথমিক বিদ্যালয়ললৈ ডেস্ক-বেঞ্চ বিতৰণ অনুষ্ঠান।
প্ৰায় ৩৯১৭ খন প্ৰাথমিক বিদ্যালয়লৈ আগবঢ়োৱা হৈছে ডেস্ক বেঞ্চ।
উক্ত অনুষ্ঠানৰ শুভাৰম্ভনি কৰে শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৱে।
7. আজি আন্তঃৰাষ্ট্ৰীয় নাৰী দিৱস।
এই দিৱসৰ লগত সংগতি ৰাখি গুৱাহাটীত উলিওৱা হয় অসম নাৰী সবলীকৰণ দৌৰ।
ছাত্ৰ আৰু যুৱ কল্যাণ অসমৰ উদ্যোগত এই নাৰী সবলীকৰণ দৌৰ।
অসম নাৰী সবলীকৰণ দৌৰৰ ফ্লেগঅফ কৰে মন্ত্ৰী নন্দিতা গাৰ্লোছাই।
8. নিৰ্বাচনৰ প্ৰাকক্ষণত মোদী কেবিনেটৰ বিশেষ সিদ্ধান্ত।
উত্তৰ-পূবৰ বাবে ‘উন্নতি ২০২৪’ উদ্যোগীকৰণৰ আঁচনিত অনুমোদন।
উত্তৰ-পূব ৰূপান্তকৰণ ঔদ্যোগিক আঁচনি-২০২৪ৰ অধীনত ব্যয় কৰা হ’ব ১০,০৩৭ কোটি টকা।
9. কাইলৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মুকলি কৰিব ছেলা সুৰংগ।
ছেলা সুৰংগই সুচল কৰিব চীন সীমান্তলৈ ভাৰতীয় সেনাৰ যাতায়াত।
10. প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মুকলি কৰিব তিনিচুকীয়া চিকিৎসা মহাবিদ্যালয় হাস্পতাল।
যোৰহাটৰ জনসভাৰ পৰাই ভাৰ্চুৱেলী মুকলি কৰিব মহাবিদ্যালয় হাস্পতালখন।
কাইলৈৰ পৰা ৰোগীৰ বাবে মুকলি হ’ব জৰুৰীকালীন চিকিৎসা সেৱা।
11. কাছাৰৰ ৰাণীঘাটত হিট এণ্ড ৰানৰ ঘটনা।
অচিনাক্ত বাহনৰ খুন্দাত মৃত্যু জোৱানৰ।
মৃত জোৱান গৰাকী হৈছে মুজ্জাকিৰ হুছেইন চৌধুৰী।
12. ডিব্ৰুগড় কেন্দ্ৰীয় কাৰাগাৰৰ অধীক্ষক নৃপেন দাসক গ্ৰেপ্তাৰ।
কেন্দ্ৰীয় কাৰাগাৰাত খালীস্তানী নেটৱৰ্কৰ সৈতে যোগাযোগৰ বিস্ফোৰক অভিযোগত গ্ৰেপ্তাৰ কৰা হয় দাসক।
13. ৰাজস্থানত শিৱৰাত্ৰি মেলাত অঘটন৷
কোটাৰ কুনহাড়ীত ১৪টা শিশু বিদ্যুৎস্পৃষ্ট৷
আহত শিশুসকলক কোটাৰ MBBS হাস্পতালত ভৰ্তি কৰোৱা হয়।
চিকিৎসালয়ত উপস্থিত হয় লোকসভাৰ অধ্যক্ষ ওম বিৰলা৷
14. আজি মহাশিৱৰাত্ৰি৷
ভক্তি আৰাধনাৰে মুখৰ শিৱমন্দিৰসমূহ৷
তেজপুৰৰ ঐতিহাসিক মহাভৈৰৱ মন্দিৰটো দুদিনীয়া কাৰ্যসূচীৰে আয়োজন কৰা হয় মহাশিৱৰাত্রি।
15. গুৱাহাটীৰ বামুণীমৈদামত ক্রাইম ব্রাঞ্চৰ অভিযান।
অভিযানত ছৰিফউদ্দিন আহমেদ নামৰ এগৰাকী অৱসৰপ্রাপ্ত বিষয়াক গ্রেপ্তাৰ কৰে।
কামৰূপ মহানগৰ উপায়ুক্ত কাৰ্যালয়ৰ অৱসৰপ্রাপ্ত বিষয়া ছৰিফউদ্দিন।
মাটিৰ নাম জাৰিৰ নামত কেলেংকাৰি সংঘটিত কৰিছিল লোকজনে।
16. কলিয়াবৰৰ বিৰোধী ঐক্য মঞ্চৰ কা বিৰোধী প্রতিবাদ।
কা প্রত্যাহাৰৰ দাবীত অৱস্থান ধৰ্মঘট কাৰ্যসূচী।
ধৰ্মঘট ১৬টা ৰাজনৈতিক দলৰ শীৰ্ষ নেতৃত্বই প্রধানমন্ত্রীৰ অসম ভ্রমণৰ প্রাকক্ষণতে প্রতিবাদ সাব্যস্ত কৰে।
17. শিৱসাগৰ নগৰৰ পুৰণি দিখৌ দলঙত মৃতদেহ উদ্ধাৰ।
দিখৌ দলঙত চিপ লোৱা অৱস্থাত উদ্ধাৰ হয় মৃতদেহটো।
মৃতদেহটো মেটেকাৰ জিতেন দাসৰ বুলি চিনাক্ত কৰা হৈছে।
18. মহানগৰীত শ্ৰম বিভাগ, ভৰলু আৰক্ষীৰ অভিযান।
ভৰলু, শান্তিপুৰ, ভূতনাথ, মাছখোৱাত শ্ৰম বিভাগৰ অভিযান।
অভিযানত উদ্ধাৰ কৰে বহুকেইটা শিশু শ্ৰমিক।
বহু দিন ধৰি শিশু শ্ৰমিক ব্যৱহাৰ কৰা মহিলা সকলক তলব ভৰলু আৰক্ষীয়ে।
19. চৰাইদেউৰ মথুৰাপুৰত চাঞ্চল্যকৰ ঘটনা।
পথাৰত পুতি থোৱা অৱস্থাত উদ্ধাৰ হয় মৃতদেহ।
মৃতদেহটো মথুৰাপুৰৰ ৰাঙলী চুকৰ নীৰেশ্বৰ গগৈৰ বুলি চিনাক্ত কৰা হয়।
20. কামৰূপৰ বাইহাটা চাৰিআলিত বিধ্বংসী অগ্নিকাণ্ড৷
দাওদাওকৈ জ্বলি উঠে ১১ টাকৈ বাসগৃহ৷
টেঙাবাৰীত সংঘটিত এই ভয়ংকৰ অগ্নিকাণ্ড৷
Sangita Dutta Editor in Chief Rnewsindia24.com