Mira Borthakur Goswami

১ মিনিটত ২০টা গুৰুত্বপূৰ্ণ খবৰ।

Spread the love

Rnewsindia24.com Assam 7 April 2024:- 

১/ ৯ এপ্রিলত অসমলৈ আহিব কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ।
ৰঞ্জিত দত্তৰ হৈ নিৰ্বাচনী প্রচাৰ চলাব গৃহমন্ত্রীগৰাকীয়ে।
গহপুৰৰ ঘাহিগাঁও ষ্টেডিয়ামত পৰিস্থিতিৰ বুজ ল’লে মন্ত্ৰী অশোক সিংহলে।

২/ হোজাইত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শর্মাৰ বিশেষ কার্যসূচী।
শংকৰদেৱ নগৰত অনুষ্ঠিত হোৱা বিজয় সংকল্প সমাৱেশত উপস্থিত থাকে মুখ্যমন্ত্ৰী, কেইবাগৰাকী মন্ত্ৰী, বিধায়কৰ লগতে বহু গণ্য মান্য ব্যক্তি।

৩/ ধেমাজিত মন্ত্ৰী জয়ন্ত মল্লবৰুৱাৰ নিৰ্বাচনী প্ৰচাৰ।
লখিমপুৰ সমষ্টিৰ প্ৰাৰ্থী প্ৰদান বৰুৱাৰ হৈ প্ৰচাৰ চলাই মন্ত্ৰী গৰাকীয়ে।
উপস্থিত থাকে বিজেপিৰ নেতা কৰ্মীৰ লগতে বহু গণ্য মান্য ব্যক্তি।

৪/ আজি অসম বিধানসভাৰ ৮৭ সংখ্যক প্ৰতিষ্ঠা দিৱস।
প্ৰতিষ্ঠা দিৱস উপলক্ষে বিশেষ কাৰ্যসূচীত আয়োজন কৰে।
উপস্থিত থাকে বিধানসভাৰ উপাধ্যক্ষ ডাঃ নোমল মমিন, প্ৰাক্তন অধ্যক্ষ পৃথ্বী মাঝি, প্ৰাক্তন DGP ভাস্কৰজ্যোতি মহন্ত, কেইগৰাকী মন্ত্ৰী বিধায়কৰ লগতে বহু গণ্য মান্য ব্যক্তি।

৫/ কাইলৈ বছৰৰ প্ৰথমটো সূৰ্যগ্ৰহণ।
নিশা ৯:১২ বজাত আৰম্ভ হ’ব সূৰ্যগ্ৰহণ আৰু অন্ত পৰিব নিশা ২:২২ বজাত।
৫৪ বছৰৰ পাছত বিৰল সূৰ্যগ্ৰহণৰ সাক্ষী হ’ব বিশ্ববাসী।
ভাৰতত দৃশ্যমান নহ’ব এই সূৰ্যগ্ৰহণ।
সূৰ্যগ্ৰহণক লৈ NASAৰ সতৰ্কবাণী।
সূৰ্যগ্ৰহণৰ দৃশ্য মোবাইলত আবদ্ধ কৰিলে ক্ষতি হ’ব পাৰে মোবাইল।

৬/ ৩টা লোকসভা সমষ্টিত নিৰ্বাচনী প্ৰচাৰ ড’ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ।
ডিব্ৰুগড়, কাজিৰঙা, নগাঁও সমষ্টিত প্ৰচাৰ চলাই মুখ্যমন্ত্ৰী গৰাকীয়ে।
আনহাতে, দেৰগাঁৱত এখন বিশাল জনসভাত অংশগ্ৰহণ কৰে মুখ্যমন্ত্ৰী ড’ শৰ্মাই।

৭/ সৰ্বানন্দ সোণোৱালৰ প্ৰচাৰ তিনিচুকীয়া বিধানসভা সমষ্টিত।
গায়ন-বায়নেৰে আদৰণি জনায় সোণোৱালক।
এখন বিশেষ সভাত অংশগ্ৰহণ কৰে প্ৰাৰ্থী গৰাকীয়ে।

৮/ যোৰহাট সদৰ থানাৰ সহকাৰী উপ-পৰিদৰ্শকক ৰিজাৰ্ভ ক্ল’জড।
কুমুদ গন্ধিয়া ফুকনৰ বিৰুদ্ধে গোচৰ ৰুজু কৰি যোৰহাট সদৰ আৰক্ষীক তদন্তৰ নিৰ্দেশ জিলা আৰক্ষী অধীক্ষকৰ।

৯/ বিশিষ্ট সাহিত্যিক ৰংবং তেৰাং অসুস্থ।
ডিফু চিকিৎসা মহাবিদ্যালয় হাস্পতালৰ ICUত ভৰ্তি কৰোৱা হয় সাহিত্যিকগৰাকীক।

১০/ গুৱাহাটীৰ দীঘলীপুখুৰীপাৰত নাগৰিকত্ব সংশোধনী আইন বিৰোধী সমন্বয় সমিতিৰ প্রতিবাদ।
CAA বাতিল আৰু স্বচ্ছ নিৰ্বাচন অনুষ্ঠিত কৰাৰ দাবীত ৰূপায়ণ কৰে এই প্ৰতিবাদী কাৰ্যসূচী।
প্রতিবাদত বিশিষ্ট চিন্তাবিদ ড০ হীৰেন গোঁহায়ৰ লগতে বহু গণ্য মান্য ব্যক্তিয়ে অংশগ্রহণ কৰে।

১১/ আজি AAPৰ সমূহীয়া অনশন কাৰ্যসূচী।
কাৰ্যসূচীত অংশগ্ৰহণ কৰে AAPৰ মন্ত্ৰী-বিধায়ক, সাংসদে।
দেশৰ ২৫খন ৰাজ্যৰ ৰাজধানী, জিলা, ব্লকত সাব্যস্ত কৰে প্ৰতিবাদ।
উপবাসে থাকি অৰবিন্দ কেজৰিৱালক আশীৰ্বাদ দিয়ে AAPৰ কৰ্মী-সমৰ্থকে ।
দিল্লীৰ মুখ্যমন্ত্ৰীৰ সমৰ্থনত EDৰ তদন্তৰ বিৰোধিতাৰে সাব্যস্ত কৰে প্ৰতিবাদী কাৰ্যসূচী।

১২/ আজি কংগ্ৰেছৰ গেৰাণ্টী কাৰ্ড বিতৰণ কাৰ্যসূচী।
৫টা বিষয়ত ন্যায়ৰ প্ৰতিশ্ৰুতিৰে কংগ্ৰেছৰ গেৰাণ্টী কাৰ্ড।
কংগ্ৰেছ প্ৰাৰ্থী মীৰা বৰঠাকুৰৰ প্ৰচাৰ অভিযানত গেৰাণ্টী কাৰ্ড বিতৰণ কৰা হয়।

১৩/ আজি আলফাৰ ৪৫সংখ্যক প্ৰতিষ্ঠা দিৱস।
প্ৰতিষ্ঠা দিৱস উপলক্ষে অসমৰ থলগিৰি জনগণলৈ সশ্ৰদ্ধ প্ৰণাম আৰু অভিনন্দন আলফা স্বাধীনৰ।
সংবাদ মাধ্যমলৈ প্ৰেৰণ কৰা ভিডিঅ’ ভিডিঅ’ বার্তাত কংগ্ৰেছ আৰু বিজেপি দুয়োটা ৰাজনৈতিক দলকে সমালোচনা কৰে পৰেশ বৰুৱাই।
চৰকাৰৰ সৈতে সন্মানজনক আলোচনাক লৈ আগ্ৰহী বুলিও মত প্ৰকাশ কৰে পৰেশ বৰুৱাই।

১৪/ শিলচৰত বিজেপি প্ৰাৰ্থী পৰিমল শুক্লবৈদ্যৰ নিৰ্বাচনী প্ৰচাৰ।
লক্ষীপুৰ আৰু বৰখলাত নিৰ্বাচনী প্ৰচাৰ চলাই মন্ত্ৰী গৰাকীয়ে।

১৫/ বড়ো জনগোষ্ঠীৰ ১৩ বিধ সামগ্ৰীলৈ GI টেগ।
কোকৰাঝাৰত আনুষ্ঠানিকভাৱে আনন্দ উৎসৱ উদযাপন কৰে।
উপস্থিত থাকে BTR প্ৰধান প্ৰমোদ বড়ো আৰু বড়ো জনগোষ্ঠীৰ বহু কেইগৰাকী গণ্য মান্য ব্যক্তিৰ লগতে সাধাৰণ ৰাইজ।

১৬/ মেঘালয়ৰ পূব খাচী পাহাৰ জিলাৰ লামশিয়াত ভয়ংকৰ অগ্নিকাণ্ড৷
জনস্বাস্থ্য কাৰিকৰী বিভাগৰ গুদামত লাগে জুই৷
অগ্নিকাণ্ডত ভস্মীভূত হয় গুদামত থকা ৮৫ লাখ টকাৰ JJM আঁচনিৰ পাইপ৷

১৭/ চেন্নাইত নগদ ৪ কোটি টকা জব্দ।
তাম্বাৰাম ৰে’লৱে ষ্টেচনৰ পৰা জব্দ হয় ধনখিনি।
ঘটনা সন্দৰ্ভত বিজেপি কৰ্মীসহ ৩জন লোকক আটক কৰে আৰক্ষীয়ে।

১৮/ খটখটিত আৰক্ষীৰ অভিযানত জব্দ অবৈধ মাৰণাস্ত্র।
বালিজানত কাৰ্বি আংলং আৰক্ষীৰ তালাচীৰ সময়তে জব্দ কৰে মাৰণাস্ত্র খিনি।

১৯/ ১০০ দিনৰ ভিতৰত মুখ্যমন্ত্ৰীৰ চকী নোহোৱা হ’ব, কাগজে-কলমে লিখি দিম- মন্তব্য APPCC ৰ সভাপতি ভূপেন বৰাৰ।

২০/ বঙাইগাঁৱৰ মাণিকপুৰৰ মানাহ নৈত সলিল সমাধি দুই শিশুৰ৷
দুপৰীয়া গা ধুবলৈ গৈছিল ৫টা শিশু৷
স্থানীয় লোকে পানীৰ পৰা উদ্ধাৰ কৰে ৩টি শিশুক।

 

 

 

Sangita Dutta Editor in Chief Rnewsindia24.com

Leave a Reply

Your email address will not be published. Required fields are marked *