১ মিনিটত ২০টা গুৰুত্বপূৰ্ণ খবৰ।

Spread the love

Rnewsindia24.com Assam 10 April 2024:- 

১/ তামিলনাডুত নিৰ্বাচনী প্ৰচাৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ।
তামিলনাডুৰ চেন্নাইত বিশাল জনসভা সম্বোধন কৰি ৰোড শ্ব’ত অংশগ্ৰহণ কৰে মোডীয়ে।

২/ যোৰহাটৰ টিয়কৰ কল্যাণী খেলপথাৰত আগন্তুক লোকসভা নিৰ্বাচনৰ বাবে বিশাল জনসভা অনুষ্ঠিত কৰা হয়।
উক্ত সভাত উপস্থিত থাকে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু বহু কেইগৰাকী মন্ত্ৰী বিধায়ক, দলীয় নেতা কৰ্মীৰ লগতে স্থানীয় ৰাইজ।

৩/ পশ্চিমবংগৰ দীনাজপুৰত গৃহমন্ত্ৰী অমিত শ্বাহৰ নিৰ্বাচনী প্ৰচাৰ।
প্ৰচাৰ কালতেই গৃহমন্ত্ৰী গৰাকীয়ে CAAক লৈ মমতা বেনাৰ্জীক তীব্ৰ সমালচনা কৰে।

৪/ চৰাইদেউৰ মাহমৰাৰ পাটসাঁকোত উপস্থিত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা।
পাটসাঁকো কেন্দ্ৰীয় ৰঙালী বিহু সন্মিলনৰ লাইখুঁটা স্থাপন কৰে মুখ্যমন্ত্ৰী ড’ শৰ্মাই।
লগতে পাটসাঁকোত তপন কুমাৰ গগৈৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলাই মুখ্যমন্ত্ৰী গৰাকীয়ে।

৫/ ডিব্ৰুগড় লোকসভা সমষ্টিৰ প্ৰাৰ্থী সৰ্বানন্দ সোণোৱাল মাৰাথন নিৰ্বাচনী প্ৰচাৰত ব্যস্ত ।
আজি চাবুৱা, লাহোৱাল বিধানসভা সমষ্টিৰ ৩খনকৈ বিশাল জনসভাত অংশগ্ৰহণ কৰে প্ৰাৰ্থী গৰাকীয়ে।

৬/ বিহাৰত আনন্দ মিশ্ৰৰ নিৰ্বাচনী প্ৰচাৰ।
বক্সাৰ সমষ্টিৰ পৰা নিৰ্দলীয় প্ৰাৰ্থী হিচাপে প্ৰতিদ্বন্দ্বিতা কৰিব আনন্দ মিশ্ৰই।

৭/ শোণিতপুৰত নিৰ্বাচনী প্ৰচাৰ আতিশী মাৰ্লেনাৰ।
বিশাল জনসভাত সম্বোধন কৰাৰ লগতে ৰোড শ্ব’ত অংশগ্ৰহণ কৰে আপৰ নেত্ৰীগৰাকীয়ে।

৮/ দৰমহা অবিহনে অসম আৰক্ষীত সেৱা আগবঢ়াই আছে ৰাজ্যৰ ৫৯ গৰাকী পৰিদর্শক-উপপৰিদর্শক পর্যায়ৰ বিষয়াই।
২ৰ পৰা ৮ বছৰ পর্যন্ত দৰমহা অবিহনে কেনেকৈ সেৱা আগবঢ়াই আছে ৫৯ গৰাকী আৰক্ষীয়ে।
এইসকল আৰক্ষীৰ বিৰুদ্ধে দুর্নীতি নিবাৰক শাখাক তদন্তৰ নির্দেশ দিয়ে ৰাজ্যৰ গৃহ বিভাগে।

৯/ ১৭ এপ্ৰিলত অসমলৈ আহিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী।
নিৰ্বাচনী প্ৰচাৰ অভিযান চলাব প্ৰধানমন্ত্ৰী গৰাকীয়ে।

১০/ আগন্তুক নিৰ্বাচনৰ বাবে তিতাবৰত কেইবাখনো জনসভাত অংশগ্ৰহণ কৰি প্ৰচাৰ চলাই মন্ত্ৰী পীযূষ হাজৰিকাই।
উক্ত সভাত কংগ্ৰেছ দলক তীব্ৰ সমালোচনা কৰি মন্ত্ৰী গৰাকীয়ে কয় যে, কংগ্ৰেছে ৫৯ বছৰত অসমত ৭খন বিশ্ববিদ্যালয়, বিজেপিয়ে ৮ বছৰত ১৫খন বিশ্ববিদ্যালয় স্থাপন কৰিলে।
কংগ্ৰেছৰ দিনত অসমত মাত্ৰ ৬খন মেডিকেল কলেজ, বিজেপিয়ে ৭ বছৰ ১০ মাহত কৰিলে ১৮খন মেডিকেল কলেজ স্থাপন কৰিলে।

১১/ শিৱসাগৰত গৌৰৱ গগৈৰ সভা বৰ্জন আহোম জনগোষ্ঠীয় সংগঠনৰ।
পৰ্যটন ভৱনত বৈঠকৰ অন্তত ১১টা সংগঠনৰ নেতৃত্বই ঘোষণা কৰে এই কথা।
বৈঠকত উপস্থিত থাকে আটাছু, টাইপা, আহোম সভা আদিৰ নেতৃত্ব।
কাইলৈ আহোম জনগোষ্ঠীয় সংগঠনৰে বৈঠক আহ্বান কৰিছিল গৌৰৱে গগৈয়ে। ৰাজনৈতিক দলৰ বৈঠকলৈ আমন্ত্ৰণ কৰাৰ বাবে ক্ষোভিত সংগঠনকেইটা।
আহোম সম্প্ৰদায়ৰ তিনি প্ৰাৰ্থীক জনজাতিকৰণ সন্দৰ্ভত স্থিতি স্পষ্ট কৰিবলৈ দাবী।
স্থিতি স্পষ্ট নকৰিলে ১২ এপ্ৰিলত সিদ্ধান্ত ঘোষণা কৰিব আহোম সংগঠনে।

১২/ ডুমডুমাত ৰোডশ্ব’ত অংশগ্ৰহণ কৰে ভোজপুৰী ছুপাৰষ্টাৰ মনোজ তিৱাৰীয়ে।
সহস্ৰাধিক ৰাইজৰ উপস্থিতিত নিৰ্বাচনী প্ৰচাৰ চলাই মনোজ তিৱাৰীয়ে।

১৩/ নগাঁৱৰ যান-বাহন শাখাৰ আৰক্ষী বিষয়াক ৰিজাৰ্ভ ক্ল’জ।
ৰিজাৰ্ভ ক্ল’জ জিতুমণি হাজৰিকা নামৰ বিষয়াগৰাকীক।
কৰ্তব্যৰত অৱস্থাত হাজৰিকাই প্রহাৰ কৰিছিল এজন ই-ৰিক্সাচালকক।

১৪/ ডুমডুমাত বিজেপি সাংসদ মনোজ তিৱাৰীৰ ৰোড শ্ব’।
নিৰ্বাচনী প্ৰচাৰৰ বাবে অসমলৈ আহিছে সাংসদ গৰাকী।
তিনিচুকীয়া চহৰ, ডুমডুমাত প্ৰচাৰ চলাই সাংসদগৰাকীয়ে।

১৫/ শিলচৰত উপস্থিত হয় অসম আৰক্ষী প্ৰধান জি পি সিং।
আৰক্ষী অধীক্ষকৰ কাৰ্য্যালয়ত নিৰ্বাচনী প্ৰস্তুতি সন্দৰ্ভত বুজ লয় ডিজিপি গৰাকীয়ে।

১৬/ দেৰগাঁৱৰ ৰঙামাটিত পুৱাই পথ দুৰ্ঘটনা।
দুৰ্ঘটনাত পতিত হয় ব্ৰহ্মপুত্ৰ নামৰ নৈশ বাছখন।
গুৱাহাটীৰ পৰা ডিব্ৰুগড় অভিমুখী আছিল বাছখন।
ৰঙামাটিৰ টোলগেটৰ সমীপতে সংঘটিত হয় পথ দুৰ্ঘটনা।

১৭/ ছত্তীশগড়ৰ দুৰ্গ জিলাত ভয়ংকৰ বাছ দুৰ্ঘটনা।
থিতাতে নিহত হয় ১২ জন লোক আৰু আহত হয় ১৬ জন।
বাছখনত আছিল কেডিয়া ডিষ্টলৰী নামৰ এটা প্ৰতিষ্ঠানৰ ৪০জন কৰ্মচাৰী।

১৮/ মহানগৰীৰ খানাপাৰাত STFৰ ড্ৰাগছবিৰোধী অভিযান।
উৰণসেতুৰ সমীপত জব্দ কৰা হয় হেৰ’ইনভৰ্তি ৫৫টা কণ্টেইনাৰৰ লগতে নিচাযুক্ত টেবলেট।
গ্ৰেপ্তাৰ কৰে ৩টা ড্ৰাগছ ব্যৱসায়ীক।
ধৃত ছানিদুল আলী, শুকুৰ আলী, সুনীতা বসুমতাৰী ওৰফে এঞ্জেল।

১৯/ SPৰ চহী জাল কৰি গ্ৰেপ্তাৰ হয় গৃহৰক্ষী জোৱান চন্দ্ৰ বৰগোহাঁই।
বেংকৰ ঋণ ল’বৰ বাবে জাল কৰিছিল SPৰ চহী ।
শদিয়াৰ তদানীন্তন SP মৃণাল ডেকাৰ জাল কৰিছিল চহী ।
চহী জাল প্ৰসংগত বশিষ্ঠ আৰক্ষীয়ে ৰুণু হাজৰিকা নামৰ এজনকো আটক কৰে।
SBIৰ এজন RECOVERY এজেণ্ট আছিল ৰুণু হাজৰিকা।

২০/ শিৱসাগৰত ড্ৰাগছ বিৰোধী অভিযান।
টেক্সি মঠাদাঙৰ কল্পজ্যোতি গগৈ নামৰ যুৱকজনৰ বাসগৃহৰ জব্দ কৰে ৫০ গ্ৰাম ড্ৰাগছ।
এটা প্ৰিণ্টাৰৰ ভিতৰত উদ্ধাৰ কৰে ড্ৰাগছখিনি।
যুৱকজনে নিজে সেৱন কৰিবৰ বাবে ৰাখিছিল ড্ৰাগছখিনি।

 

 

 

Sangita Dutta Editor in Chief Rnewsindia24.com

Leave a Reply

Your email address will not be published. Required fields are marked *