গৰু বিহুৰ পৰম্পৰা

গৰু বিহুৰ পৰম্পৰা আৰু ১০১ বিধ শাকৰ ঔষধি গুণ ।

Spread the love

অসমীয়াৰ হেপাঁহৰ বাপতিসাহোন ৰঙালী বিহুক লৈ ব্যস্ততাৰ সীমা নােহােৱা হৈছে গাঁৱৰ জীয়ৰী-বােৱাৰী, ডেকা গাভৰুসকলৰ।
ঢােল -পেঁপাৰ শব্দই ৰজনজনাইছে সমগ্ৰ ৰাজ্য।

আজি গৰু বিহু।
চ’ত আৰু ব’হাগ মাহৰ সংক্ৰান্তিৰ দিনা এই বিহু পালন কৰা হয়।
এই বিহু সৈতে জড়িত হোৱা বিভিন্ন লোকবিশ্বাস তথা পৰম্পৰা সমূহ-

🛑 পুৱাই গৰুৰ খোৰা আৰু শিঙত মিঠাতেল দি মাহ-হালধিৰে নোৱাই ওচৰৰ নৈ, বিল, পুখুৰী, পথাৰ আদিলৈ গা-ধুৱাবলৈ নিওঁতে দীঘলতি-মাখিয়তী পাতেৰে গাত কোবাই নিলে গৰুৰ স্বাস্থ্য ভালে থাকে লগতে গৰুৰ গাত ঘাঁ নহয়।
গা ধোৱাই
“লাও খা, বেঙেনা খা,
বছৰে বছৰে বাঢ়ি যা।
মাৰ সৰু বাপেৰ সৰু
তই হবি বৰ বৰ গৰু”। বুলি গাই গাই গৰুৰ
গাত চাক মৰা হয়।
আনফালে আকৌ যদি আগমৰা বাঁহেৰে চাক সাজিলে গোহালিত গৰুৰ সংখ্যা বৃদ্ধি নহয়।
চাক আৰু দীঘলতি বেলেগ এঘৰৰ লগত সলনি কৰি আনি পুনৰ গোহালিত সাঁচি থয়।
পুৰণী পঘা এডাল গৰুৰ ঠেঙৰ তলেদি সৰকাই অন্য এঘৰৰ গৰুৰ পঘাৰ লগত সলনি কৰি গোহালিত সাঁচি থোৱা হয়।

🛑 গৰুৰ চাকত দিয়া লাও, বেঙেনা, হালধি, থেকেৰা আদি মিলাই এশ এবিধ শাক বুটলি আঞ্জা বা ভাজি খোৱা হয়।
ঠাইভেদে উৰুকা দিনা বা ব’হাগৰ সাতবিহুতে খায়।
এনে শাক-পাচলিয়ে মানুহৰ দেহক সতেজতা প্ৰদান কৰে, বল-শক্তি বৃদ্ধি কৰে।
লগতে বিভিন্ন ধৰণৰ ৰোগ জ্বৰ , কাহ , চর্দি আদিৰ উপশম ঘটায়।
উজনি অসমৰ লগতে নামনি অসমত এনে এশ এবিধ শাক খােৱাৰ প্ৰচলন বিদ্যমান ।

🛑 গৰু বিহুৰ দিনা জেতুকা লগোৱা হয়।
নখ, হাত, ভৰি আদিত জেতুকা লগালে চালৰ ৰোগ, বসন্ত আদি ৰোগৰ নহয়।

🛑 গৰু বিহুৰ দিনা নাহৰ পাতত মন্ত্ৰ লিখি ঘৰৰ দুৱাৰ-খিৰিকীৰ কোণত লগালে ধুমুহা, ঢেৰেকণি, বজ্ৰপাত আদিৰ পৰা ঘৰখন ৰক্ষা পৰে।

🛑 পুঠি মাছৰ পানীৰে গৰুৰ ভৰি ধোৱাই দিয়া হয়।

🛑 পিঠাগুৰি খুন্দি পিঠা প্ৰস্তুত কৰি গৰুক খাবলৈ দিয়া হয়।

🛑 পদূলি মূৰত, চোতালত আৰু গোহালিৰ মুখত তুঁহগুড়ি, বিহলঙনি, জেটুলীপকা, ধানখেৰ আদিৰে জাগ দি বিচনীৰে বিচা হয়।
মাখিয়তীৰে গৰুৰ গাত লাহে লাহে কোবোৱা হয় যাতে গৰুকেইটা মহ, দাঁহ, মাখি আদিৰপৰা বছৰটোলৈ ৰক্ষা পৰে।

🛑 মৰাপাটেৰে তৈয়াৰ কৰা পঘাক মাহ-হালধিৰে নোৱাই গৰুক বান্ধি আদৰণি জনোৱা হয়।

এনেধৰণৰ বহু পৰম্পৰা আছে।
কিন্তু সময়ৰ গতিত তথা আধুনিকতাৰ ধামখুমীয়াত এনেবােৰ পৰম্পৰা চকুৰ সন্মুখতে হেৰাই যাবলৈ ধৰিছে।

গৰু বিহুৰ পৰম্পৰা

জানো আহক ১০১ বিধ শাকৰ নাম-

 

মানিমুনি, মাটিকাদুৰি, ভেদাইলতা,
পদিনা, ধনীয়া, পালেং, মানধনীয়া, নৰসিংহ, মচন্দৰী, কেঞা বন, দুবৰি বন, ববছা বন, সৰু টেঙেচি, ডাঙৰ টেঙেচি, মধুসোলেং, কেঁহাৰাজ, বনজালুক, শোহনি বন, লাইজাবৰি, কণা শিমলু, দোৰোণ শাক, ঢেঁকীয়া, বিহলঙনি, পনৌনৱা, বৰালিবকুৱা, বিয়নীসাবত,
চুকা শাক, নলটেঙা, খুঁতৰা, হাতীখুঁতৰা, মালভোগ খুঁতৰা,
কচুশাক, ক’লা কচুৰ থুৰি, দহিকচু, লাইশাক, পালেং, তিতকচি, লাচকচি, কাঁচিদৰিয়া, চেংমৰা,
দুপৰটেঙা, পিৰালি পালেং, পূৰৈ শাক, শুকলতি, মৰলীয়া বা থোঠনি শাক, বনকপাহ, সোনবৰিয়াল, বনআমলখি বা ভূঁই আমলখি, ব্ৰাহ্মী, কলমৌ শাক, গাখীৰতী বন, কপৌঢেঁকীয়া, লেহেতি শাক, হেলঞ্চি শাক, জিলমিল শাক, মহাভৃঙ্গৰাজ, মেথিশাক, লফাশাক, সৰিয়হ শাক, পিয়াজ পাত, নহৰু পাত, মূলা শাক, শতমুলৰ আগ, মেজেঙা, ধঁপাত তিতাৰ আগ, টুবুকি লতা, বাবৰি শাক, আউনিপাণৰ আগ, মৰিছা শাক, তুলসী, ৰাম তুলসী, কলা তুলসী, হাৰজোৰা লতা, গোন্ধোৱা বন, বিশল্যকৰণী, মধুমেহাৰী বা চেনিবন, ৰঙালাওৰ আগ, মটৰমাহৰ আগ, পাণৰ আগ, মিঠা আলু বা গৰীয়া আলুৰ আগ, আম আদা, বগা বাহক, চিৰতা, ভেকুৰি তিতা, ভাতকেৰেলা আগ, নয়নতৰাৰ আগ, নাৰ্জিফুলৰ আগ, তৰা গছৰ আগ, নেফাফু পাত, লাজুকীলতাৰ আগ, পকমৌ আদাৰ আগ, গৰুখিছ, লিহিৰিপতীয়া, ভাং, মেটেকা, টিকণিবৰুৱা, টেঙামৰা, মিঠামৰা, তিতামৰা।

গতিকে, সকলোৱে সেউজীয়া সতেজ শাক পাচলি খায় স্বাস্থ্যটো সুস্থ-সবল কৰি ৰাখক।

 

প্ৰিয় পাঠক, এনে ধৰণৰ খাদ্য বিষয়ক বাৰ্তা পাই থাকিবৰ বাবে নিয়মীয়াকৈ Visit কৰক Rnewsindia24.com

 

 

Sangita Dutta Editor in Chief Rnewsindia24.com

Leave a Reply

Your email address will not be published. Required fields are marked *