“সাতবিহুৰ তাৎপৰ্য”
অসমীয়াৰ হেঁপাহৰ বাপতিসাহোন ৰঙালী বিহু অথবা ব’হাগ বিহু সাতদিনীয়াকৈ উদযাপন কৰা হয়।
সাতবিহুৰ প্ৰতিটো দিনৰে সুকীয়া নাম আৰু তাৎপৰ্য আছে।
এই সাতবিহু হ’ল – গৰু বিহু, মানুহ বিহু, গোসাঁই বিহু অথবা কুটুম বিহু, তাঁতৰ বিহু, নাঙলৰ বিহু, জীয়ৰী বিহু বা চেনেহী বিহু আৰু চেৰা বিহু ৷
“জানো আহক সাতবিহুৰ তাৎপৰ্য”
(ক) গৰু বিহু- চ’ত আৰু ব’হাগ মাহৰ সংক্ৰান্তিৰ দিনা গৰু বিহু পালন কৰা হয়।
অসমৰ গ্ৰাম্য সমাজৰ অন্যতম উৎসৱ এই গৰু বিহু।
গাঁৱৰ কৃষিজীৱি সকলে ঘৰৰ গৰুকেইটাক ওচৰৰ নৈ অথবা জান-জুৰিৰ ঘাটলৈ লৈ গৈ নোৱায়-ধুৱাই।
দীঘলতি, মাখিয়তি পাতেৰে গৰুৰ গাত কোবাই, লাও-বেঙেনা খুৱাই ঘৰৰ গৰুকেইটাৰ দীৰ্ঘায়ু আৰু ন-শক্তি কামনা কৰে।
(খ) মানুহ বিহু- ৰঙালী বিহুৰ দ্বিতীয় দিন অৰ্থাৎ পহিলা বহাগত উদযাপন কৰা হয় মানুহ বিহু।
পুৱাই মাহ-হালধিৰে গা ধুই পৰিয়ালৰ কনিষ্ঠজনে জ্যেষ্ঠজনৰ পৰা বছৰটো যাতে সুকলমে পাৰ হয় তাৰ বাবে আশীৰ্বাদ লয়।
লগতে আপোনজনে বিহুৱান দি চেনেহ জনাই ।
অসমীয়া বছৰটোৰ প্ৰথমটো দিনত ৰাতিপুৱাৰ জলপান সাজ পৰিয়ালৰ সকলোৱে একেলগে খাই ।
তাৰ পিছত ডেকা-গাভৰু, বৃদ্ধ সকলোৱে বিহু মাৰিবলৈ অথবা হুচৰি গাবলৈ যায়।
(গ) গোসাঁই বিহু- সাতবিহুৰ তৃতীয়টো দিন গোসাঁই বিহু হিচাবে পালন কৰা হয় ।
অৱশ্যে ঠাই ভেদে কুটুম বিহু বুলিও কোৱা হয় ৷
এই দিনটোত গাঁৱৰ ৰাজহুৱা ধৰ্মীয় স্থানত নাম-প্ৰসংগ কৰা হয় ৷
বছৰটো কুশলে যাবলৈ নেদেখাজনৰ পৰা আশীষ গ্ৰহণ কৰে।এই দিনটোতে পুত্ৰ-বোৱাৰী ঘৰলৈ আহে।
(ঘ) তাঁতৰ বিহু- বিহুৰ চতুৰ্থ দিনা ‘তাঁতৰ বিহু’ হিচাপে উদযাপন কৰা হয়।
অসমীয়া সমাজ জীৱনৰ প্ৰয়োজনীয় সকলোৰে আদৰ সম্পদ ‘তাঁতশাল’।
কিয়নো অসমীয়া শিপিনীয়ে তাঁতশালত সপোন ৰচে।
সেইদিনা বোৱনীসকলে তাঁতশালৰ সজুঁলি সমূহ ভালকৈ ধুই বান্ধি ওপৰত উঠাই থয়।
চাকি-বন্তি, ধূপ-ধূনা, তামোল-পান, নৈবেদ্য আগবঢ়ায় ভক্তি ভাৱেৰে তাঁতশালখনলৈ সেৱা আগবঢ়ায় ।
কাৰণ সেই তাঁতশালখনেই বহু লোকৰ বাবে জীৱিকাৰ একমাত্র সম্বল ।
এই তাঁতখনৰ লগত অসমৰ মহিলাসকলৰ জীৱন অতি নিবিড় ভাৱে সংপৃক্ত হৈ আছে।
তাঁতশালখনত নিজহাতে বৈ উলিওৱা বিহুৱানখনৰ প্ৰতিডাল সুতাৰ আহে আহে যেন মিহলি হৈ থাকে শিপিনী গাভৰু-বোৱাৰী গৰাকীৰ দেহৰ শ্ৰম আৰু অন্তৰৰ প্রেম-ভালপোৱা ।
তাঁতশালখন যেন তেঁওলোকৰ বাবে হিয়াৰ আমঠু ।
(ঙ) নাঙলৰ বিহু- পঞ্চম দিনা ‘নাঙলৰ বিহু’ হিচাপে উদযাপন কৰা হয়।
জনবিশ্বাস অনুসৰি আজিৰ দিনটোতে মহাদেৱ শিৱই প্ৰথম হাল জুৰিছিল।
চহা কৃষিজীৱি ৰাইজে নিজৰ অসমীয়া জাতিৰ পৰম্পৰা ৰক্ষা কৰি নাঙলৰ বিহু পালন কৰে ৷
নাঙল, যুঁৱলি, জাপি, মৈ আদি কৃষিকৰ্মৰ লগত জড়িত সজুঁলি সমূহ ধুই চাকি-ধূপ জ্বলাই সেৱা জনাই বছৰটোৰ খেতি যেন ভাল হয় তাৰ কামনা কৰে।
যান্ত্ৰিকতাৰ পৃথিৱীত নাঙলৰ ব্যৱহাৰ অৱশ্যে হ্ৰাস পাইছে ৷
তথাপিও নিজৰ পৰম্পৰা নৱ প্ৰজন্মক চিনাকি কৰি দিয়াৰ উদ্দেশ্যেৰে নাঙল বিহু উদযাপন কৰে।
(চ) জীয়ৰী বা চেনেহী বিহু-
ষষ্ঠ দিনাটো চেনেহী বিহু হিচাপে পালন কৰা হয়।
বিয়া দিয়া জীয়ৰী পিতৃ-মাতৃ গৃহলৈ আহে , সেয়ে এই দিনটো ‘জীয়ৰী বা চেনেহী বিহু’ হিচাপে উদযাপন কৰা হয়।
(ছ) চেৰা বিহু- সাতবিহুৰ অন্তিমটো দিন চেৰা বিহু হিচাবে পালন কৰা হয় ।
কোনো কোনো ঠাইত এই বিহুক এৰা বিহু বুলিও কোৱা হয় ৷
চেৰা বিহুৰ দিনটোত দৈ আৰু পঁইতা ভাত খোৱাৰ পৰম্পৰা আছে।
এই দিনটোতে বিচনীৰ বা লৈ গোৱা হয়- “নতুন কাপোৰ-পুৰণি কাপোৰে দিন যাওক; ন-ভাতে পুৰণি-ভাতে জীণ যাওক।”
এইদৰে বিচনীৰ বা ল’লে গোটেই বছৰটো গা শাঁত পৰি থাকে বুলি লোকবিশ্বাস আছে।
এয়ে হৈছে সাঁত বিহু।
প্ৰিয় পাঠক, এনে ধৰণৰ তথ্য অথবা বাৰ্তা পাই থাকিবৰ বাবে নিয়মীয়াকৈ Visit কৰক Rnewsindia24.com
Sangita Dutta Editor in Chief Rnewsindia24.com