১ মিনিটত ২০টা গুৰুত্বপূৰ্ণ খবৰ।
Rnewsindia24.com Assam 15 May 2024:-
১/ CAAৰ জৰিয়তে ১৪গৰাকী বিদেশী লোকক প্ৰদান কৰা হয় ভাৰতীয় নাগৰিকত্ব।
নতুন দিল্লীত কেন্দ্ৰীয় গৃহ সচিব অজয় কুমাৰ ভাল্লাই ডিজিটেলী স্বক্ষৰযুক্ত প্ৰমাণ পত্ৰ প্ৰদান কৰে।
২/ কাৰাগাৰৰ পৰাই নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিব অমৃতপাল সিঙে।
পঞ্জাবৰ খাদুৰ চাহিব সমষ্টিৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰিব অমৃতপালে।
ইতিমধ্যে অমৃতপালে দাখিল কৰে মনোনয়ন পত্ৰ।
বৰ্তমান ডিব্ৰুগড় কাৰাগাৰত বন্দী হৈ আছে অমৃতপাল সিং৷
৩/ দিল্লীৰ লক্ষ্মীনগৰত অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্বাচনী প্ৰচাৰ অভিযান।
পূব দিল্লীৰ বিজেপি প্ৰাৰ্থী হৰ্ষ মালহোট্ৰাৰ হকে প্ৰচাৰ চলাই মুখ্যমন্ত্ৰী গৰাকীয়ে।
৪/ কণ্ঠশিল্পী জুবিন গাৰ্গক সাবটি ধৰি নিলম্বিত হয় মহিলা গৃহৰক্ষী জোৱান।
জোৱান গৰাকী চাবুৱা থানাৰ মিলিপ্ৰভা চুতীয়া।
আৰক্ষী বিভাগে নিলম্বন কৰে চুতীয়াক।
৫/ আজি আধ্যাত্মিক গুৰু কৃষ্ণগুৰু প্ৰভুৰ ৯০ সংখ্যক আবিৰ্ভাৱ মহোৎসৱ।
আবিৰ্ভাৱ মহোৎসৱত উপস্থিত থাকে সৰ্বানন্দ সোণোৱাল আৰু বহু গণ্য মান্য ব্যক্তি।
৬/ কটন বিশ্ববিদ্যালয়ৰ ভূমি আৱন্তনৰ সিদ্ধান্ত বাতিল।
এক জাননী যোগে সদৰী কৰে বিশ্ববিদ্যালয়খনৰ পঞ্জীয়ক অৰিন্দম গাৰ্গে।
৭/ ওদালগুৰি জিলাৰ চৈবাৰী অঞ্চলত খহনীয়া পৰিদৰ্শন কৰে মন্ত্ৰী পীযুষ হাজৰিকাই।
মন্ত্ৰী গৰাকীক সংগ দিয়ে অসম বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰি, জলসম্পদ বিভাগৰ মুখ্য অভিযন্তা ভাস্কৰ শৰ্মা, আন বিভাগীয় অভিযন্তা আৰু বিষয়াসকলৰ লগতে স্থানীয় ৰাইজ।
অঞ্চলটোৰ বহু সমস্যা সমাধানৰ আস্থা দিয়ে মন্ত্ৰী গৰাকীয়ে।
৮/ গংগা নৈত উদ্ধাৰ অসমৰ নিৰুদ্দিষ্ট জোৱানৰ মৃতদেহ৷
মৃত জোৱানজন প্ৰথম অসম আৰক্ষী বাহিনীৰ মিণ্টু ৰয়৷
নিৰ্বাচনৰ কৰ্তব্যৰ বাবে বিহাৰ লৈ গৈছিল মিণ্টু।
৯/ ফেডাৰেচন কাপ ২০২৪ত নীৰজ চোপ্ৰাৰ স্বৰ্ণ জয়।
পুৰুষৰ জেভেলিন থ্ৰ’ৰ ফাইনেল স্বৰ্ণ লাভ কৰে নীৰজ চোপ্ৰাই।
১০/ গুৱাহাটীত আন্তঃৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন ক্ৰিকেট আম্পায়াৰ অনিল চৌধুৰীক সাক্ষাৎ কৰে মন্ত্ৰী অতুল বৰাই।
১১/ ঝাৰখণ্ডৰ মন্ত্ৰী তথা কংগ্ৰেছ নেতা আলমগীৰ আলমক গ্ৰেপ্তাৰ কৰে ED এ।
১২/ ৪ জুনত চৰকাৰ গঠন কৰিব ইণ্ডিয়া মৰ্চাই।
বিজেপি ২০০ আসনৰ ভিতৰতে সীমাবদ্ধ থাকিব।
লক্ষ্ণৌত সমাজবাদী পাৰ্টী মুৰব্বী অখিলেশ যাদৱৰ সৈতে যুটীয়াভাৱে সংবাদমেল সম্বোধন কৰি এই দাবী জনাই কংগ্ৰেছৰ ৰাষ্ট্ৰীয় অধ্যক্ষ মল্লিকাৰ্জুন খাৰ্গেই।
১৩/ মাজুলীৰ বিহু মঞ্চত উদ্যোক্তাৰ ওপৰত ক্ষোভ কণ্ঠশিল্পী মানস ৰবীনৰ।
চুক্তিমতে টকা দিব নোৱাৰাত মঞ্চতে ক্ষোভ উজাৰিলে শিল্পীগৰাকীয়ে।
ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ মাজুলী জিলা সমিতিৰ উদ্যোগত অনুষ্ঠিত কৰা হৈছিল বিহুৰ অনুষ্ঠান।
১৪/ গুৱাহাটীত নিয়ম উলংঘা কৰা স্কুল বাছৰ বিৰুদ্ধে ধাৰাবাহিক অভিযান পৰিবহণ বিভাগৰ।
মহানগৰীৰ গণেশগুৰিত অভিযান চলাই বহুকেইখন নিয়ম উলংঘা কৰা স্কুল বাছক জৰিমনা বিহে পৰিবহণ বিভাগে।
১৫/ ৩০০খন আসন পাই আমি ৰাম মন্দিৰ নিৰ্মাণ কৰিছোঁ।
৪০০খন আসন পালে মথুৰাত কৃষ্ণ জন্মভূমি, জ্ঞানৱাপী মছজিদৰ ঠাইত বাবা বিশ্বনাথৰ মন্দিৰ নিৰ্মাণ হ’ব – মন্তব্য মুখ্যমন্ত্ৰী ড’ হিমন্ত বিশ্ব শৰ্মা।
১৬/ ৰাজ্যৰ ফুটবল খেলুৱৈসকলৰ বাবে সু-খবৰ।
“নৰ্থ ইষ্ট ইউনাইটেড ফুটবল ক্লাব”ৰ উদ্যোগত অসমৰ চাৰিখন জিলাত অনুষ্ঠিত হ’ব টেলেন্ট হান্ট প্ৰতিযোগিতা।
ডিব্ৰুগড়ৰ চৌকিডিঙী খেলপথাৰত অহা ২৫, ২৬ আৰু ২৭ মে’ত অনুষ্ঠিত হ’ব এই টেলেন্ট হান্ট প্ৰতিযোগিতা৷
১৭/ ৰাজ্যৰ ভিন্ন প্ৰান্তত আছুৰ প্ৰতিবাদ৷
দাম বৃদ্ধিৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰে আছুৱে। মহানগৰীৰ ছহিদ ন্যাসৰ সন্মুখত আছুৰ প্ৰতিবাদ সাব্যস্ত কৰে।
১৮/ বৰঝাৰ বিমানবন্দৰত কোকেইনসহ বিদেশী নাগৰিকক গ্ৰেপ্তাৰ৷
কোকেইনসহ জাকাৰ্টাৰ এজন যুৱকক গ্ৰেপ্তাৰ কৰে শুল্ক বিভাগে।
অস্ত্ৰোপচাৰ কৰি পেটৰ ভিতৰত আনিছিল কোকেইন খিনি।
১৯/ মৰিগাঁও আৰক্ষীৰ জালত ১০গৰাকী চাইবাৰ অপৰাধী৷ গুৱাহাটী, লাহৰীঘাট, মৈৰাবাৰীৰ পৰা অপৰাধীকেইটাক গ্ৰেপ্তাৰ কৰা হয়।
অপৰাধীকেইটাৰ পৰা ম’বাইল, পান কাৰ্ড, আধাৰ কাৰ্ড, লেপটপ, পাচবুক জব্দ কৰে আৰক্ষীয়ে।
২০/ মেৰাপানীত পিষ্টলসহ দুই যুৱকক আটক।
ধৃত বলীন গগৈ আৰু গোপাল কছাৰীৰ পৰা জব্দ কৰে এটা 22 পিষ্টল, সক্ৰিয় গুলী।
অসম নাগালেণ্ড সীমান্তৰ ক’লাজানৰ পৰা আটক কৰে দুয়োকে।
Sangita Dutta Editor in Chief Rnewsindia24.com